কিয় আপোনাকে প্ৰশ্ন কৰে জানে..

author-image
Asomiya Pratidin
New Update
কিয় আপোনাকে প্ৰশ্ন কৰে জানে..

himanta biswa sarma

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

সকলো প্ৰশ্নৰ উত্তৰ তেওঁৰ হাততেই থাকে। সকলো বিভাগৰ অভিলাষী ঘোষণাবোৰ তেওঁৱেই কৰে। সেয়েহে প্ৰশ্নও সাংবাদিকে তেওঁকেই সুধে। নামত মন্ত্ৰী আছে। কিন্তু সেইসকল মন্ত্ৰীয়ে সিদ্ধান্ত দিব পৰাকৈ বা প্ৰত্যয় যাবপৰাকৈ উত্তৰ দিব নোৱাৰে।

কোনটো বিষয় সন্দৰ্ভত তেওঁৰ হাতত উত্তৰ নাথাকে? স্বাস্থ্য, শিক্ষা, উদ্যোগ , শক্তি, পৰিবহণ আদি আটাইবোৰ বিভাগ তেওঁৰ নখ দৰ্পণত। বিভাগীয় মন্ত্ৰীসকলে কওঁ বুলিও বহু কথা ক'বলৈ সংকোচ কৰে।

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই অতি শেহতীয়াকৈ ৫ হাজাৰ ২০০ আৰক্ষী নিযুক্তি চূড়ান্ত ফলাফল ঘোষণা কৰি ২২ ছেপ্টেম্বৰত তেওঁলোকক খানাপাৰাত নিযুক্তি পত্ৰ বিতৰণ হ'ব বুলি কৈছিল। সংবাদ মেল পাতি আনুষ্ঠানিক ভাৱে এই কথা কৈছিল যদিও পিছদিনাই পুনৰ বিবৃতিৰ জৰিয়তে ক'বলগীয়া হ'ল ২২ নহয় ২৩ ছেপ্টেম্বৰত হে বিতৰণ হ'ব নিযুক্তি পত্ৰ।

উদাহৰণ আৰু বহু আছে। সমাজকল্যাণ বিভাগৰ মন্ত্ৰীৰ কাম যদি তেওঁ কৰে, স্বাস্থ্য় বিভাগৰ ঘোষণা কৰিবলৈ যদি তেওঁ আছে বিদ্যুতৰ বৰ্ধিত বিলৰ কথা তেওঁৱেই ক'ব লাগে তেনেহ'লে সাংবাদিকে গুৱাহাটীত ব্যক্তিগত কোম্পানীয়ে সম্পত্তি কৰ সংগ্ৰহ কৰাৰ প্ৰসংগত প্ৰশ্ন তেওঁকেই কৰাৰ যুক্তি আছে।

বিধানসভাৰ শেহতীয়া অধিৱেশনত শিক্ষা বিভাগৰ বিৰুদ্ধে সৰৱ হৈছিল অখিল গগৈ। বিধানসভাত সৰৱ বক্তব্য ৰাখি এক প্ৰকাৰৰ উত্তেজিত হৈ পৰিছিল এই চৰকাৰৰ শিক্ষা নীতিক লৈ। মূলতঃ মাধ্যম বিতৰ্কক লৈ অন্তিম দিনা অখিল গগৈয়ে বিধানসভাত শিক্ষা মন্ত্ৰীক সমালোচনাৰে থকাসৰকা কৰিছিল।

অধ্যক্ষৰ আসনৰ পৰা অখিল গগৈক বক্তব্য ৰাখিবলৈ অতিৰিক্ত সময় নিদিয়াত উত্তেজিত হৈ অখিল গগৈ ওলাই যাব লৈছিল সদনৰ পৰা। সেই সময়ত উত্তৰ দিবলৈ উঠি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে অখিল গগৈক উদ্দেশ্যি কৰি কৈছিল, যেতিয়া মানুহৰ হাতত যুক্তি নাথাকে তেতিয়া মানুহ এনেদৰে উত্তেজিত হৈ পৰে।

আৰু এই কথা শুনি যাবলৈ শিক্ষামন্ত্ৰীগৰাকীয়ে অখিল গগৈক আহ্বান জনাইছিল- শুনি যাওক বুলি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো ৰণোজ পেগুৰ এই মন্তব্য হয়তো শুনিছে। হঠাৎ মুখ্যমন্ত্ৰীৰ খং উঠে।

প্ৰশ্ন কৰা সাংবাদিককে মুখ্যমন্ত্ৰীয়ে উভতি ধৰে। বাকপটু মুখ্যমন্ত্ৰীগৰাকীয়ে এনে সকলো প্ৰশ্ন কিয় বাৰে বাৰে কৰি থাকে বুলি সাংবাদিকক তুলাধুনা দিয়ে। প্ৰসংগ উঠিলেই সংবাদ প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষলৈ চিঠি লিখাৰ কথা দোহাৰে।

গণতান্ত্ৰিক দেশ বা এখন ৰাজ্যত এগৰাকী মুখ্যমন্ত্ৰীক জ্বলন্ত আৰু প্ৰাসংগিক বিষয়বোৰক লৈ প্ৰশ্ন সোধাৰ অধিকাৰ মুখ্যমন্ত্ৰীয়ে কি যুক্তিত কাঢ়ি ল'ব পাৰে? মুখ্যমন্ত্ৰীয়ে সেই প্ৰশ্ন বোৰৰ উত্তৰ নিদিব পাৰে। কিন্তু কিয় এনে প্ৰশ্ন কৰিব বুলি প্ৰায়েই সাংবাদিকক উভতি ধৰাৰ পৰম্পৰা দেশত হয়তো নাছিল বা নাই।

কেইদিনমানৰ পূৰ্বে দুটা ৰাষ্ট্ৰীয় চেনেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাতকাৰ মূলক অনুষ্ঠান সম্প্ৰচাৰ হৈছিল। সামাজিক মাধ্যমত সেই অনুষ্ঠানৰ সৰু সৰু ভিডিঅ' ক্লিপ এৰি দিয়া হৈছিল। তাৰে কিছু ভিডিঅ' ক্লিপত তিনিজন সাংবাদিকে মিলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জেৰা কৰিছিল।

সুধিছিল বহু প্ৰশ্ন। যেনে, ৰাহুল গান্ধীৰ কুকুৰে বিস্কুট খোৱা প্ৰসংগ, গোৱাৰ কংগ্ৰেছী বিধায়ক বিজেপিলৈ অনাৰ কথা, কংগ্ৰেছে ভাৰত জোড়ো কাৰ্যসূচী চলাই থকাৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ ভঙা অভিযান চলাই থকাৰ প্ৰসংগ আদি বহু কথা।

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত হিমন্ত বিশ্ব শৰ্মাৰ আধিপত্য প্ৰতিফলন ঘটিব পৰা কৈ কথাবোৰ সুধা হৈছিল। সেই ভাৱমূৰ্তিত প্ৰতিশ্ৰুতিৰ সলনি নৈতিকতাহীন ভাৱে সকলো কৰিব পৰা এজন ৰাজনীতিবিদক তুলি ধৰাৰ প্ৰয়াসো বুলিব পাৰি।

তেতিয়াতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেই কেইগৰাকী সাংবাদিকৰ ওপৰত খং উঠা নাছিল। অসমৰ সংবাদ মাধ্যমৰ ওপৰত তেওঁৰ খং আন ক'ৰবাত নেকি? ভিক্টৰ দাসৰ প্ৰসংগত অস্বস্তিত পৰিছিল নেকি চৰকাৰ ?

আৰ্থিক সংকটৰ বোজাও নিশ্চয় আছে। ৰাজহ সংগ্ৰহ বৃদ্ধি নহ'লে হিতাধিকাৰী আঁচনি ৰূপায়ণেৰে ৰাজ্যৰ উন্নতি নহয়। ৫ হাজাৰ আৰক্ষীৰ স্বচ্ছ নিযুক্তিয়ে ভৱিষ্যতৰ সকলো নিযুক্তি স্বচ্ছতাৰে হ'ব বুলি ভৰসা কৰিব নোৱাৰি।

কিন্তু ইয়াৰ বাবে উদ্যোগ লাগিব, সংবাদ মাধ্যম, সাধাৰণ লোক বিৰোধী সকলোৰে সহযোগিতাতহে ৰাজ্যখনক উন্নয়নৰ পথত আগুৱাই নিব পাৰিব। মই কৰিছো সকলো বুলি সফলতাৰ জয়গান গোৱাৰ সমান্তৰালকৈ বিফলতাৰো স্বীকাৰ কৰিব পৰাৰ মানসিকতাৰ প্ৰয়োজন হয় এজন নেতাৰ।

তেওঁ ৰাজ্যৰ মুৰব্বী। তেওঁকেই এতিয়া প্ৰশ্ন সুধাৰ পৰিৱেশ। সম্পত্তিৰ কৰ উঠাবলৈ ব্যক্তিগত প্ৰতিষ্ঠানক দিয়া, ১ লাখ নিযুক্তি কেতিয়া সম্পন্ন হ'ব সেই কথা, বিদ্যুতৰ বিল হঠাৎ কিয় বাঢ়িল, লখিমপুৰ কলেজৰ নিযুক্তিৰ নামত পোহৰলৈ অহা খেলিমেলিৰ কথা, জনজাতি কৰণৰ প্ৰসংগ, অসম চুক্তিৰ ৬ নং দফা কেতিয়াকৈ ৰূপায়ণ আদিৰ প্ৰসংগ সাংবাদিকে তেওঁকেই সুধিব লাগিব।

প্ৰশ্ন সুধিলে তেওঁ বেয়া পালে নহ'ব। মেয়ৰ আছে, মন্ত্ৰী আছে। কিন্তু সকলোৰে ওপৰত ৰাজ্যখনত তেওঁ আছে।কাৰণ তেওঁ অসমৰ 'চুপাৰ চি এম' !

himanta biswa sarma