চৰকাৰৰ হাতত আপোনাৰ 'ব্যক্তিগত অধিকাৰ' !

চৰকাৰৰ হাতত আপোনাৰ 'ব্যক্তিগত অধিকাৰ' !

দেশৰ বা বিশ্বৰ ইতিহাসৰ বহু ক'লা অধ্যায়ৰ বিষয়ে আমি শুনি আহিছো । সেয়া লাগিলে হিটলাৰৰ শাসনেই হওক বা তালিবানৰ শাসনেই নহওক। সেই শাসনৰ সংজ্ঞা যিয়েই নহয়, তাৰ মূল আছিল প্ৰজাক দমন কৰি ৰখা। প্ৰজাই কৰি কৰিব, কি নকৰিব সেয়া নিৰূপন কৰা।

চীনৰ মাও জেদঙৰ কথাও ক'ব পাৰি য'ত সাধাৰণ নাগৰিকসকলে কমিউনিষ্ট পাৰ্টিয়ে বিচৰা ধৰণে বাস কৰিবলৈ বাধ্য হৈছিল। আৰু শেহতীয়া উদাহৰণ তালিবানৰ একনায়কত্ববাদ।

একনায়ত্ববাদত মানুহক ঠিক কৰি দিয়া হয় আপুনি কাৰ লগত থাকিব, কি কৰিব, কেনেদৰে জীৱন ধাৰণ কৰিব, কি খাব, কাক কেনেদৰে ভাল পাব, কি পিন্ধিব ইত্যাদি। ই ৰাজনৈতিক অধিকাৰৰ বাহিৰত দৈনন্দিন জীৱন-যাপন, ৰাজহুৱা অভিব্যক্তিৰ পৰা শোৱা কোঠা, ব্যক্তিৰ আচৰণলৈকে ঠিক কৰা হয়।

কিন্তু আমি হয়তো এখন গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে ভাগ্যবান। কিছুমান অধিকাৰ আমি জন্মৰ পৰাই লাভ কৰো। তাৰোপৰি কিছুমান এনে অধিকাৰ আমাৰ আছে যি আমাক এটা সুখী জীৱন লাভ কৰাত সহায় কৰে।

বিবাহো তাৰ ভিতৰত এক। নিয়ম অনুসৰি ছোৱালীৰ বিয়াৰ বয়স ১৮, ল'ৰাৰ ২১। আমি কাক জীৱন সংগী হিচাপে গ্ৰহণ কৰিব বিচাৰিম সেয়া ঠিক কৰাৰ অধিকাৰো আমাৰ হাতত থাকে।

সময়ে সময়ে সমাজত সংস্কৰণ হয়। বিবাহৰ ক্ষেত্ৰতো সংস্কৰণ হৈছে। বাল্য বিবাহ বন্ধ হোৱাৰ পৰা নিজৰ জীৱন সংগী নিৰূপন কৰাৰ অধিকাৰলৈ এক দীঘলীয়া যাত্ৰা। এতিয়া বহুতে নিজৰ জীৱন সংগী নিজে বিচাৰি উলিয়ায়।

কিন্তু উত্তৰাখণ্ডত এতিয়া বিবাহৰ ক্ষেত্ৰত আহিব পাৰে কিছু সমস্যা। বিবাহ কৰাৰ আগত বা নিজৰ সংগী নিৰ্বাচন কৰাৰ আগতে ভাবিব লাগিব এশবাৰ। কিয়নো কিছুদিন পূৰ্বে উত্তৰাখণ্ডত গৃহীত হ'ল ইউনিফৰ্ম চিভিল কোড অৰ্থাৎ এক দেশ এক আইন নিয়ম। ইয়াক শীঘ্ৰেই বলবৎ কৰাৰ দিশে চৰকাৰ। এই আইন বলবৎ হোৱাৰ পাছতেই এতিয়া বিবাহকে ধৰি বিভিন্ন দিশত আহিব বহু পৰিবৰ্তন।

ইউচিচি অনুসৰি বিবাহৰ পঞ্জীয়ন হ'ব বাধ্যতামূলক। যদি এই বিবাহৰ পঞ্জীয়ন নহয় তেন্তে ২৫ হাজাৰ টকা জৰিমণাৰ লগতে কাৰাগাৰো খাটিব লাগিব পাৰে। কেৱল ইমানেই নহয়, কাক বিয়া কৰাব, তেওঁলোকৰ অন্য জীৱিত জীৱন সংগী যে নাই সকলো প্ৰমাণ দিব লাগিব।

বিবাহ মানুহৰ একান্ত ব্যক্তিগত বিষয়। কিছুমান বিবাহ ইমান সহজ নহয়। যদি সঁচাকৈয়ে বিবাহৰ ক্ষেত্ৰত পঞ্জীয়ন বাধ্যতামূলক হয় তেন্তে সমস্যাত পৰিব পাৰে বহুতো। যিকোনো মানুহেই জানিব পাৰিব কোনে কাক বিয়া কৰাইছে। এই ধৰণৰ বিবাহৰ বাবে ইন্টাৰ কাষ্ট আৰু ইন্টাৰ ফেইথ মেৰেজৰ ক্ষেত্ৰত বহু সমস্যা আহিব পাৰে।

এয়া এজন ব্যক্তি বা এগৰাকী মহিলাৰ জীৱনৰ ওপৰত বিৰূপ প্ৰভাৱো পেলাব পাৰে। এক কথাত ক'বলৈ গ'লে এয়া ব্যক্তিৰ স্বাধীনতাৰ ওপৰত কৰা হস্তক্ষেপ। কিন্তু চৰকাৰৰ যুক্তি, এই ব্যৱস্থা বহু বিবাহ প্ৰথা বন্ধ কৰিবলৈ লোৱা হৈছে।

কেৱল ইমানেই নহয়, লিভ-ইন-ৰিলেছনশিপৰ ক্ষেত্ৰতো আহিব সমস্যা। এতিয়াৰে পৰা উত্তৰাখণ্ডত লিভ-ইনত থাকিলে সেয়া অপৰাধ বুলি গন্য কৰা হ'ব ।

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কৈছে, ''যদি প্ৰাপ্ত বসস্ক দুজন ব্যক্তিয়ে একেলগে থাকিবলৈ বিচাৰে বা থাকে তেন্তে সেয়া অপৰাধৰ ভিতৰত নপৰে। অৰ্থাৎ কোনো ব্যক্তিক তেওঁৰ ব্যক্তিগত স্বাধীনতাৰ পৰা বঞ্চিত কৰিব নোৱাৰি''।

কিন্তু উত্তৰাখণ্ডত লিভ-ইন সম্পৰ্কৰ বাবে পঞ্জীয়ন হ'ব বাধ্যতামূলক। কেৱল ইমানেই নহয়, ২১ বছৰতকৈ কম বয়সৰ ল'ৰা-ছোৱালীসকলৰ বাবে পিতৃ-মাতৃৰ সমৰ্থন আৱশ্যক হ'ব। লগতে বিধায়কখনত কোৱা হৈছে যে যদিহে কোনো লোক উত্তৰাখণ্ডৰ বাসিন্দা নহয় কিন্তু উত্তৰাখণ্ডত লিভ-ইন সম্পৰ্কত আছে তেতিয়াও পঞ্জীয়ন কৰিব লাগিব।

বিধেয়কখনে লগতে প্ৰস্তাৱ দিছে যে "নৈতিকতাৰ বিৰোধী" ক্ষেত্ৰত লিভ-ইন সম্পৰ্ক পঞ্জীয়ন কৰা নহ'ব। যদি এজন সঙ্গী বিবাহিত বা আন এটা সম্পৰ্কত থাকে, যদি এজন সঙ্গী নাবালক হয়, দুয়োৰে মাজত যদি পাৰিবাৰিক সম্পৰ্ক থাকে তেন্তে পঞ্জীয়ন নহয়।

অৰ্থাৎ আপুনি কাৰ লগত থাকিব সেয়াও চৰকাৰে এক প্ৰকাৰ নিৰ্ধাৰণ কৰিব। ইয়াত যে আপোনাৰ ব্যক্তিগত স্বাধীনতা খৰ্ব হৈছে তাত কোনো সন্দেহ নাই। কেৱল ইমানেই নহয়, এয়া মানুহৰ ব্যক্তিগত জীৱনৰ ওপৰত চৰকাৰৰ নজৰ ৰখাৰ এক কৌশল বুলিহে ক'ব পাৰি।

সম্পৰ্ক বিচ্ছেদো নহ'ব সহজ। ইয়াৰ বাবে এক লিখিত বিবৃতি দাখিল কৰিব লাগিব। যদি পঞ্জীয়কে অনুভৱ কৰে যে সম্পৰ্কটো শেষ কৰাৰ কাৰণবোৰ "মিছা" বা "সন্দেহজনক" তেন্তে ইয়াৰ তদন্তও হ'ব পাৰে। ২১ বছৰৰ তলৰ যুৱক-যুৱতীসকলৰ অভিভাৱক বা অভিভাৱকসকলকো এই বিষয়ে অৱগত কৰা হ'ব।

স্বাধীন দেশত এয়া কেনেধৰণৰ নিয়ম? লিভ-ইনৰ অৰ্থ কেৱল প্ৰেমিক-প্ৰেমিক প্ৰেমিকাহে নেকি? লিভ-ইনত থকা দুুুই যুৱক-যুৱতী প্ৰেমিক প্ৰেমিকা নহ'বও পাৰে। প্ৰশাসনে এয়া কেনধৰণৰ তদন্ত কৰিব যাৰ দ্বাৰা দুজনৰ মাজৰ সম্পৰ্ক নিৰূপন হ'ব?সমকামী সম্পৰ্কত থকাসকলৰ ক্ষেত্ৰত কেনেদৰে প্ৰযোজ্য হ'ব এই নিয়ম?

উত্তৰাখণ্ডৰ এই আইনৰ অনুচ্ছেদে মনত পেলাই দিছে একনায়ত্ববাদৰ কথা। আমি যেন গতি কৰি আছো এক অন্ধকাৰ ভৱিষ্যতৰ পিনে। য'ত ব্যক্তিৰ অধিকাৰ কেৱল লিখা থাকিব সংবিধানত।

চৰকাৰৰ কিছুমান এনে ধৰণৰ একপক্ষীয় পদক্ষেপৰ বিৰোধিতা কৰাৰ বাবে ভাল বিৰোধীৰ প্ৰয়োজন। কিন্তু দেশত এতিয়া বিৰোধীৰ স্থিতি অতিকে দুৰ্বল। আনহাতে চৰকাৰে এক বৃহৎ পৰিমাণৰ হিতাধিকাৰী সৃষ্টি কৰি থৈছে যাৰ বাবে বেছি সংখ্যক জনতাই 'চৰকাৰে যি কৰে কৰি থাকক' বুলি এটা ধাৰণ লৈ থাকে।

যেতিয়াই আমাৰ জীৱনৰ অধিকাৰসমূহ এখন চৰকাৰে নিয়ন্ত্ৰণ কৰিব বিচাৰে বা আমি পৰোক্ষভাৱে হ'লেও তাৰ অনুমতি দিও তেতিয়া এয়া মাও জেদাং বা তালিবানৰ শাসন অনুকৰণ কৰাৰ দৰে হয়।

যদি এয়া হয়, তেন্তে আহবিলগীয়া সময় হ'ব ভয়ংকৰ। আমিও হয়তো বুকু ফিন্দাই ক'ব নোৱাৰিম গণতান্ত্ৰিক দেশৰ নাগৰিক বুলি...

চৰকাৰৰ হাতত আপোনাৰ 'ব্যক্তিগত অধিকাৰ' !
উচ্চ সদনত মোডীৰ ভাষণঃ গণতন্ত্ৰ ৰক্ষা কৰিলে মনমোহন সিঙে

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in