প্ৰশ্ন কৰিমেই ডাঙৰীয়া, প্ৰশ্ন কৰাই যে আমাৰ কাম...

সাংবাদিকৰ কাম সংবাদ যোগান ধৰা। সংবাদ যোগান ধৰিবলৈ সাংবাদিকে সংবাদ সংগ্ৰহ কৰে। সংবাদ সংগ্ৰহ কৰিবলৈ সাংবাদিকে প্ৰশ্ন কৰে। প্ৰশ্ন কৰাই সাংবাদিকৰ কাম। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ruuss

সাংবাদিক দিলোৱাৰ হুছেইনৰ সৈতে হোৱা ঘটনাই ৰাজ্যৰ লগতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কৰ্তব্য সম্পাদন কৰিবলৈ যোৱা সাংবাদিকগৰাকীক অনৈতিকভাৱে গ্ৰেপ্তাৰ কৰা কাৰ্যক লৈ উত্তপ্ত হৈ পৰিল গুৱাহাটী। চৰকাৰৰ এই হঠকাৰী নীতিক সকলোৱে দিলে গৰিহণা। এই সমগ্ৰ ঘটনাৰাজিক লৈ অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন...

Advertisment

সাংবাদিকৰ কাম সংবাদ সংগ্ৰহ কৰি পৰিবেশন কৰা। সংবাদ যোগান ধৰিবলৈ সাংবাদিকে সংবাদ সংগ্ৰহ কৰে। সংবাদ সংগ্ৰহ কৰিবলৈ সাংবাদিকে প্ৰশ্ন কৰে। প্ৰশ্ন কৰাই সাংবাদিকৰ কাম। গণতন্ত্ৰৰ সুৰক্ষাৰ স্বাৰ্থতে সংবাদ মাধ্যমে এই দায়িত্ব পালন কৰি আহিছে। 

কিন্তু দেশৰ লগতে অসমতো এনে এক পৰিবেশৰ সূচনা কৰিবলৈ চেষ্টা কৰা হৈছে যত সাংবাদিকে প্ৰশ্ন কৰিব নোৱাৰিব। সংবাদিকৰ মুখ বন্ধ কৰিবলৈকে এনে এক পৰিস্থিতি গঢ়ি তোলাৰ চেষ্টা কৰা হৈছে যত প্ৰশ্ন কৰিলেই সাংবাদিক হব লাগিব ক্ষমতাশালীসকলৰ ৰোষৰ বলি। সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ তাৰেই এক উদাহৰণ।

মঙলবাৰে অসম কো-অপাৰেটিভ এপেক্স বেংকত সংঘটিত হোৱা বিত্তীয় কেলেংকাৰীৰ দুৰ্নীতিৰ সন্দৰ্ভত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক দিলৱাৰক এগৰাকী জনজাতীয় লোকক অপমানজনক মন্তব্য কৰাৰ অভিযোগ তুলি গ্ৰেপ্তাৰ কৰিলে পাণবজাৰ আৰক্ষীয়ে। মঙলবাৰে দিনৰ ১১ বজাৰ পৰা আৰক্ষী থানাত বহুৱাই ৰখা আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰৰ কাৰণ জনাবলৈ সময় ললে ৯ ৰ পৰা ১০ ঘণ্টা।

দুৰ্নীতিৰ বিৰুদ্ধে প্ৰশ্ন কৰাৰ বাবেই প্ৰথমে আটক কৰি ৰখা দিলৱাৰক গ্ৰেপ্তাৰ কৰি হাৰাশাস্তি কৰিবলৈকে এই গোটেই সময়ছোৱাত নেপথ্যত আন কোনো শক্তিয়ে এক চিত্ৰনাট্য ৰচনা কৰাৰ সন্দেহ কৰা হৈছিল।সেই চিত্ৰনাট্যৰে এক অংশ আছিল সাংবাদিক দিলৱাৰে জনজাতীয় এজন লোকক অপমানজনক মন্তব্য কৰাৰ অভিযোগ।

দিলৱাৰ হুছেইন মজুমদাৰে অসম কো-অপাৰেটিভ এপেক্স বেংকৰ পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াক বেংকটোত সংঘটিত হোৱা বিত্তীয় কেলেংকাৰীৰ সন্দৰ্ভত প্ৰশ্ন কৰিছিল। মন কৰিবলগীয়া যে, অসম কো-অপাৰেটিভ এপেক্স বেংকত সংঘটিত হোৱা বিত্তীয় কেলেংকাৰীৰ সন্দৰ্ভত BIEO ত এক গোচৰ ৰুজু কৰা হৈছে।  এই গোচৰৰ সন্দৰ্ভতে ইডিয়ে তদন্ত অব্যাহত ৰখা বুলি মত প্ৰকাশ কৰিছে স্বয়ং বেংকটোৰ অধ্যক্ষগৰাকীয়ে।

সাংবাদিকতাৰ নীতি অনুসৰণ কৰিয়েই দিলৱাৰ হুছেইন মজুমদাৰে দুৰ্নীতিত অভিযুক্ত পক্ষৰো মন্তব্য লোৱাৰ চেষ্টাৰেই ডম্বৰু শইকীয়াক প্ৰশ্ন কৰিছিল। এয়াই আছিল তেওঁৰ মাৰাত্মক ভুল। দুৰ্নীতিৰ বিৰুদ্ধে তেওঁ প্ৰশ্ন কৰাৰ সাহস কৰাৰ বাবেই মানসিক হাৰাশাস্তিৰে তেওঁক গ্ৰেপ্তাৰ কৰা হল।

ষড়যন্ত্ৰকাৰীসকলে ধাৰণা কৰিছিল ইতিমধ্যে পৰিবেশ, পৰিস্থিতিত পৰি প্ৰশ্ন কৰিবলৈ পাহৰি যোৱা সাংবাদিকে দিলৱাৰৰ গ্ৰেপ্তাৰক সহজভাৱেই লব। তেওঁলোকৰ বাবে কল্পনাৰো অগোচৰ আছিল দিলৱাৰৰ গ্ৰেপ্তাৰেই যে অসমৰ বহুধা বিভক্ত সাংবাদিক, সংবাদ কৰ্মী, সংবাদিক সংগঠনসমূহক ঐক্যবদ্ধ কৰি তুলিব।

দিলৱাৰৰ গ্ৰেপ্তাৰে যেন বহু সাংবাদিক, সংবাদকৰ্মীৰেই চকু মুকলাই দিলে। বালিলৈ যিপাত সুগ্ৰীবলৈয়ো একে পাত বুলি কোৱা কথাষাৰৰ মৰ্ম উপলব্ধি কৰিলে। সেয়ে মঙলবাৰে নিশা ১ বজাৰ পাছতো পাণবজাৰ আৰক্ষী থানাৰ বাহিৰত একত্ৰিত হৈ থাকিল প্ৰণয় বৰদলৈ, সুশান্ত তালুকদাৰ, আফ্ৰিদা হুছেইন আদিৰ দৰে জ্যেষ্ঠ সাংবাদিকৰ পৰা আৰম্ভ কৰি কনিষ্ঠ সাংবাদিকলৈ।

বুধবাৰেও পুৱা গুৱাহাটী প্ৰেছ ক্লাবৰ আহ্বানত, প্ৰেছ ক্লাবৰ বিষয়ববীয়াৰ উপস্থিতিত প্ৰতিবাদ কৰিবলৈ ওলাই আহিল প্ৰশান্ত ৰাজগুৰুৰ দৰে সম্পাদকৰ পৰা আৰম্ভ কৰি মৃণাল তালুকদাৰ, প্ৰণয় বৰদলৈ, প্ৰাণজি শকীয়া, খগেন কলিতা, জিষ্ণু মেধি, আফ্ৰিদা হুছেইন,ছেমিম আখটাৰৰ দৰে জ্যেষ্ঠ সাংবাদিকৰ পৰা সাংবাদিকতাৰ অ, আ, ক, খ শিকি থকা কনিষ্ঠ সাংবাদকৰ্মীলৈ। চৰকাৰী পক্ষৰ ফেচিষ্ট আচৰণত ক্ষোভ প্ৰকাশ কৰি অসুস্থ দেহাৰেই গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদস্থলীত আহি উপস্থিত হল বিশিষ্ট শিক্ষাবিদ, বুদ্ধীজীৱি অপূৰ্ব বৰুৱা।

মাত্ৰ কেইজনমান সাংবাদিকে নিয়ম মাফিক প্লেকাৰ্ড প্ৰদৰ্শন কৰিয়েই প্ৰতিবাদ সামৰিব বুলি ধাৰণা কৰা প্ৰশাসন, চৰকাৰী পক্ষৰ সেই ধাৰণাক অসত্য প্ৰমাণ কৰি সম্পাদকৰ পৰা সংবাদকৰ্মীলৈ শতাধিক সাংবাদিক একত্ৰিত হৈ যি শক্তিশালী প্ৰতিবাদ গঢ়ি তুলিলে সেই প্ৰতিবাদে মুহূৰ্তৰ বাবে কিংকৰ্তব্যবিমূঢ় কৰি তুলিলে প্ৰশাসনক। জোকাৰি গল দিছপুৰক।

দিলৱাৰ হুছেইন মজুমদাৰক যে ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে সেয়া অসমৰ ৰাইজেও সহজেই বুজি পাইছে। সেয়ে সৰ্বত্ৰে ইয়াৰ প্ৰতিবাদ, প্ৰতিক্ৰিয়া হৈছে। বিভিন্ন সাংবাদি সংগঠন, ছাত্ৰ সংগঠন, খিলঞ্জীয়া জাতি, জনজাতীয় সংগঠন আদিয়ে প্ৰতিবাদ সাব্যস্ত কৰি বিবৃতি প্ৰেৰণ কৰিছে।

তাৰ মাজতেই কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদলতত আজি দিলৱাৰ হুছেইন মজুমদাৰক হাজিৰ কৰে পাণবজাৰ আৰক্ষীয়ে। আদলতত তেওঁৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত আজি পাণবজাৰ আৰক্ষীয়ে যি যুক্তি দিলে সেই যুক্তিত পতিয়ন নগৈ আদালতে দিলৱাৰ হুছেইন মজুমদাৰক জামিন মঞ্জুৰ কৰিলে। অৱশ্যে তেওঁ কালিলৈহে মুকলি হ'ব।

দেশত এতিয়া যেন এক অঘোষিত জৰুৰী অৱস্থা। শাসক পক্ষৰ বিৰুদ্ধে, দুৰ্নীতি, অনিয়ম, কেলেংকাৰীৰ বিৰুদ্ধে মুখ খুলিলেই, বাতৰি কৰিলেই সাংবাদিক, সংবাদ প্ৰতিষ্ঠান, সংগঠনৰ নেতাৰ কণ্ঠৰোধ কৰাৰ অপচেষ্টা চলিছে। এনে ধৰণৰ এক পৰিস্থিতিৰ সূচনা কৰা হৈছে যত শাসকীয় চৰকাৰৰ পৰিবৰ্তে শাসক পক্ষৰ স্তাৱক বাহিনীয়ে সাংবাদিক, সংবাদ প্ৰতিষ্ঠানকহে জবাবদিহি কৰাৰ চেষ্টা কৰিছে।

সকলো সমস্যাৰ বাবে কেৱল সংবাদ মাধ্যমকেই জগৰীয়া কৰাৰ ষড়যন্ত্ৰ চলিছে। সামাজিক মাধ্যমত এনে এচাম মানুহ এৰি দিয়া হৈছে যিয়ে এই নেৰেটিভ প্ৰচাৰত জোৰ দিছে। অসমত আন্দোলন বৰ্জিত এক পৰিবেশ গঢ়িবলৈ পাৰ্যমানে চেষ্টা কৰা হৈছে।

প্ৰতিবাদে উন্নয়নত হেঙাৰ সৃষ্টি কৰাৰ দোহাই দি মানুহৰ কণ্ঠ ৰোধ কৰাৰ অপচেষ্টা চলাই কোনোবাখিনিত শাসক পক্ষ সফলো হৈছে। সমালোচনা সহ্য নকৰা ৰজাঘৰে সমালোচকক দেশদ্ৰোহী সজাবলৈ, উন্নয়নৰ পৰিপন্থী বুলি পতিয়মান কৰিবলৈ চেষ্টা চলাইছে। অথচ এইসকলৰ নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েই সকলোকে আচৰিত কৰি ‘’সমালোচনাক গণতন্ত্ৰৰ আত্মা’’ আখ্যা দিছে।

ৰাজ্যৰ জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকায়ো সৌ সিদিনা কোনো এক অনুষ্ঠানত সাংবাদিকে একপক্ষীয় বাতৰি পৰিবেশন কৰাৰ পৰিবৰ্তে দুয়ো পক্ষৰ মতামত লৈহে বাতৰি কৰাৰ বাবে সাংবাদিকক অনুৰোধ জনাইছিল। সাংবাদিক দিলৱাৰ হুছেইনে মজুমদাৰে সেয়াই কৰিছিল। তথাপিও তেওঁ শাসকৰ ৰোষৰ হবলগীয়া হল।

চূড়ান্ত অমানৱীয়ভাৱে তেওঁক আনকি সময়মতে ঔষধ সেৱনৰো সুযোগ দিয়া নহল। যিদৰে তেওঁক দিনৰ পৰা নিশা প্ৰায় ১২ বজা পৰ্যন্ত গ্ৰেপ্তাৰৰ পূৰ্বলৈকে কোনো কাৰণ নজনোৱাকৈ বহুৱাই ৰাখিলে সেয়া মানৱ অধিকাৰৰ উলংঘন। 

তাৰোপৰি মাজ নিশা পৰ্যন্ত থানাত বহুৱাই ৰাখি তেওঁৰ আইনী অধিকাৰৰ পৰাও বঞ্চিত কৰি ৰখা হল। তেওঁৰ অধিবক্তাকো মাজনিশা পৰ্যন্ত থানাৰ বাহিৰত থাকিবলৈ বাধ্য কৰালে। কণমানি সন্তানৰ পত্নীকো মাজনিশালৈ থানাৰ বাহিৰত ৰাখিলে। অসম আৰক্ষীয়ে এইদৰে মানৱ অধিকাৰ ভংগ কৰাৰ বিৰুদ্ধে অসম মানৱ অধিকাৰ আয়োগত গোচৰ দাখিল কৰিছে মানৱ অধিকাৰ কৰ্মী প্ৰণৱ জ্যোতি চেতিয়া আৰু সংবাদিক ঋত্বিক শইকীয়াই।

লক্ষ্যণীয়ভাৱে যোৱা সময়ছোৱাত ৰাজ্যত জনগোষ্ঠীয় পৰিচয়ক সন্মুখলৈ আনি এনে এক পৰিবেশৰ সূচনা কৰিবলৈ চেষ্টা কৰা হৈছে যিয়ে ভৱিষ্যতে অসমত এক ভয়ংকৰ পৰিস্থিতিৰ সূচনা কৰাৰ ইংগিত বহন কৰিছে। অসম বিধানসভাত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অভব্য আচৰণ কৰাৰ পাছত তেওঁক ৰক্ষণা বেক্ষণ দিবলৈ গৈ তেওঁ প্ৰতিনিধিত্ব কৰা জনগোষ্ঠীয় পৰিচয়ক সন্মুখলৈ লৈ অনা হল।

উপাধ্যক্ষ ডাঃ নোমল মমিনক প্ৰতিবাদৰ সময়তে বিধানসভাত প্ৰবেশৰ সময়ত কংগ্ৰেছ বিধায়ক নুৰুল হুডাই প্ৰহাৰ কৰাৰ অভিযোগ উঠাৰ সময়তো তেওঁৰ জনগোষ্ঠীয় পৰিচয়ক সন্মুখলৈ লৈ অনা হৈছিল। সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ ক্ষেত্ৰতো এনে এক অভিযোগ উত্থাপন কৰা হ,ত তেওঁ জনজাতীয় এজন লোকক তেওঁৰ সম্প্ৰদায়ৰ কথা উল্লেখ কৰি অপমানজনক মন্তব্য কৰা হৈছে বুলি কোৱা হৈছে।

সাম্প্ৰদায়িকতাবাদৰ পৃষ্ঠপোষকতাৰে অসমত হিন্দু-মুছলমানৰ নামত বিভাজনৰ ৰাজনীতি কৰাসকলে হয়তো এইবাৰ এই নতুন সমীকৰণেৰে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি, জনগোষ্ঠীৰ মাজত সংঘাতেৰে ৰাজনৈতিক মুনাফা আদায়ৰ চেষ্টাত ব্ৰতী হৈছে। যদি অনুমান কৰাৰ দৰেই এয়া সত্য হয় তেন্তে সাৱধান, জুই লৈ ধেমালি নকৰাই ভাল।

ধুমুহা, বৰষুণৰ পূৰ্বে গোমা হৈ পৰা আকাশৰ দৰেই অসমত যি এক পৰিবেশৰ সূচনা হৈছে, সেই পৰিবেশত বিৰোধী ৰাজনৈতিক দলসমূহৰ ভূমিকা কিমান শক্তিশালী হোৱাৰ প্ৰয়োজন আছিল সেয়া তেওঁলোকে আজিও অনুভৱ কৰিব পৰা নাই। সাংবাদিক, সংবাদ মাধ্যমে এক ৰাজনৈতিক পট পৰিবৰ্তনৰ পৰিবেশ গঢ় দিয়াৰ অপেক্ষাত থকা বিৰোধীয়ে সংবাদ মাধ্যমৰ ওপৰত ভেজা দি ফুটেজ লোৱাৰ চেষ্টা কৰাতকৈ তেওঁলোকৰ কণ্ঠ শক্তিশালী কৰাৰ চেষ্টাত ব্ৰতী হোৱাটো সময়ৰ দাবী।

আজি দিল্লীত অসমৰ তিনিওগৰাকী কংগ্ৰেছ সাংসদ ক্ৰমে গৌৰৱ গগৈ, ৰকিবুল হুছেইন আৰু প্ৰদ্যু বৰদলৈয়ে সাংবাদিকৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদ কৰাই নহয়, প্ৰণালীবদ্ধভাৱে অসম বিধানসভাৰ মজিয়াৰ পৰাই সংবাদ মাধ্যমক মুখ্যমন্ত্ৰীয়ে আক্ৰমণৰ লক্ষ্য কৰি লোৱা বিষয়টোৰ কথাও উল্লেখ কৰিছে। কিন্তু তেওঁলোকে কেৱল সংবাদ মাধ্যমৰ আগত বিবৃতি অথবা বাইট দিয়েই দায়িত্ব সামৰাৰ পৰিবৰ্তে তৃ্ণমূল পৰ্যায়ত এই বিষয়বোৰ লৈ যাব পাৰিব লাগিব।

সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰে ৰাজ্যৰ বহু মানুহৰে চকু মেল খোৱালে। তেওঁৰ গ্ৰেপ্তাৰে তাৎক্ষণিকভাৱে যি এক প্ৰভাৱ পেলালে সেই প্ৰভাৱে শাসক পক্ষক বেকফুটলৈ লৈ গ'ল। ৰাজ্যত মুহূৰ্ততে এক জনমত গঠন হ'ল।

সাংবাদিক দিলৱাৰে আদালতৰ চৌহদৰ পৰা আজি অসমৰ ৰাইজক উদ্দেশ্যি চিঞঁৰি কলে- এয়া গণতন্ত্ৰৰ জয়, সকলো সাংবাদিকৰ জয়, সংবাদ প্ৰতিষ্ঠানৰ জয়। দুৰ্নীতিৰ বিৰুদ্ধে সংবাদ প্ৰতিষ্ঠানৰ যুঁজ অব্যাহত থাকিব। 

আমাৰো সেয়াই কথা। দুৰ্নীতি, অনিয়ম, সমাজ, সংস্কৃতি সৰ্বোপৰি জাতীয় স্বাৰ্থত আমাৰো সংবাদ পৰিবেশনৰ যি ধাৰা সেয়া অব্যাহত থাকিব। সংবাদ মাধ্যমৰ, সাংবাদিকৰ মুখ বন্ধ কৰিবলৈ অপচেষ্টা কৰাসকলৰ ধৃষ্টতা এইদৰেই ধূলিৰ লগত মিহলি হৈ যাব। 

গণতন্ত্ৰ সাংবাদিক গুৱাহাটী প্ৰেছ ক্লাব