ছাৰ, এইখন নহয় বাৰ...

ছাৰ, এইখন নহয় বাৰ...
ছাৰ, এইখন নহয় বাৰ...

মৃদুল কুমাৰ সন্দিকৈ

''খুব জমেগা ৰং, জৱ মিল বেথেংগে হম তিন য়াৰ, আপ, মে' অৰ বেগপাইপাৰ''- এই বিজ্ঞাপনটো মনত আছেনে? প্ৰায় ১১ মিনিটৰ এটা ভিডিঅ' চাই সেই সুৰাৰ বিজ্ঞাপনটোলৈ মনত পৰি গ'ল।

বিজ্ঞাপনটোৰ সেই টেগ লাইন কেইটাৰ দৰেই ক'ব পাৰি- খুব আনন্দ লাগিব যেতিয়া সুৰাৰ বটল লৈ প্ৰিঞ্চিপাল ছাৰ, পলিটিকেল চায়েঞ্চৰ ছাৰ আমি এনেদৰে কলেজ কেম্পাছত বহিলে।

ধেমাজি শিক্ষাৰ ক্ষেত্ৰত নাম থকা এখন জিলা। ১৯৮২ চনত ধেমাজিত বহুজন সমাজহিতৈষী লোকৰ পৃষ্ঠপোষকতাত স্থাপিত হৈছিল ধেমাজি বাণিজ্য মহাবিদ্যালয়। এই মহাবিদ্যালয়খনতেই ১৯৮৯ চনত খোলা হৈছিল কলা শাখাও।

উচ্চতৰ মাধ্যমিক বাণিজ্য শাখাৰ চূড়ান্ত শাখাত যথেষ্ট ভাল ফলাফল দেখুৱাইছিল এইখন মহাবিদ্যালয়ে। আনকি অসমৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল এই মহাবিদ্যালয়খনৰ মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে।

বৰ্তমান ২০০০ ৰো অধিক ছাত্ৰ-ছাত্ৰী আছে এই মহাবিদ্যালয়খনত। কিন্তু মহাবিদ্যালয়খনত নাই ২০১৪ চনৰ পৰাই স্থায়ী অধ্যক্ষ। শৰৎ বৰাই এই মহাবিদ্যালয়খনৰ অন্তিমজন স্থায়ী অধ্যক্ষ আছিল।

মহাবিদ্যালয়খনত তাৰ পাছত স্থায়ী অধ্যক্ষৰ নিযুক্তিৰ নামত যিবোৰ ঘটি আছে সেই ঘটনাবোৰে মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ স্খলিত কৰি পেলাইছে। বৰ্তমান মহাবিদ্যালয়খনত ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্বত আছে বীৰেন চন্দ্ৰ কোঁৱৰ।

সেইজন অধ্যক্ষৰ উপস্থিতিত ১১ আগষ্ট ২০২৩ ত মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহৰ সংলগ্ন এটা কোঠাত সুৰাৰ এক আড্ডা হৈছিল। ভাইৰেল হৈছিল খোদ অধ্যক্ষ কোঁৱৰ, তেওঁৰ দুজন আন দুই সহ শিক্ষকে বেঞ্চ, ডেস্কত বহি দিন দোপৰতে সুৰা সেৱন কৰি থকাৰ দৃশ্য।

কোনোবা এজনে সেই দৃশ্যসমূহৰ লগতে তেওঁলোকৰ মাজত হোৱা কথোপকথনো মোবাইলত বন্দী কৰি লৈছিল। এখন শিক্ষানুষ্ঠানত এনে এক পৰিৱেশ তাতে ভাৰপ্ৰাপ্ত অধ্যক্ষজনৰ পৃষ্ঠপোষকতাত কল্পনাই কৰিব নোৱাৰি।

তেওঁলোকৰ মাজত হোৱা বাৰ্তালাপ যে কেৱল অধ্যক্ষ পদৰ খামখেয়ালি, লবীবাজতে সীমাবদ্ধ সেয়া কথাবোৰ ভালকৈ শুনিলেই উপলব্ধি কৰিব পাৰি। এখন মহাবিদ্যালয়ত কৰ্মৰত শিক্ষকে, দায়িত্ব প্ৰাপ্ত অধ্যক্ষই এনে আচৰণ কৰাৰ নজিৰ অতি বিৰল।

সেই সুৰাৰ আড্ডা হেনো অনুষ্ঠিত হৈছিল মহাবিদ্যালয়ৰ পৰিচালনা কমিটীৰ এখন বৈঠকৰ পাছত। মহাবিদ্যালয়খনত সম্ভৱতঃ পাঠদানো চলি আছিল। অধ্যক্ষ কোঁৱৰে কোনোবা পাটোৱাৰী নামৰ শিক্ষক এজনৰ নাম লৈ তুচ্ছ তাচ্ছিল্য কৰিছিল।

ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ এজন বিশেষ মন্ত্ৰীৰ কথাও আড্ডাত ওলাইছিল। কৈৱৰ্ত্য সম্প্ৰদায়ৰ হোৱাৰ বাবে তেওঁক উপহাস কৰা হৈছিল মহাবিদ্যালয়খনৰে আন এগৰাকী কৰ্মৰত কৰ্মচাৰীৰ সৈতে তুলনা কৰি।

এনে পৰ্যায় পাইছিলগৈ সুৰাৰ ৰাগীত, ক্ষমতাৰ আশাত তেওঁলোকে কি কৈছে, কি পাতিছে নিজেই গম পোৱা নাই। মহাবিদ্যালয়খনৰ চতুৰ্থবৰ্গৰ এজন কৰ্মচাৰীয়ে তেওঁলোকক সুৰা সেৱনৰ বাবে পানী, আন পৰ্যাপ্ত ব্যৱস্থা কৰি দিছিল।

যিটো কোঠাত তেওঁলোকে সুৰা সেৱন কৰিছিল সেই কোঠাটোত হেনো প্ৰায়ে এইধৰণৰ কাৰবাৰ চলে। কোঠাটোৰ ভিতৰচৰাত খাদ্য প্ৰস্তুতৰ বাবে কিছু সামগ্ৰীও থৈ দিয়া আছে। বুজা যায় মহাবিদ্যালয়খনত যেতিয়া সুৰা সেৱন কৰিবলৈও পৃথক কোঠাৰ ব্যৱস্থা কৰিব পাৰিছে তেওঁলোক কিমান মহান আৰু ছাত্ৰ-ছাত্ৰীৰ প্ৰতি কিমান দায়বদ্ধ।

মহাবিদ্যালয়ৰ অধ্যক্ষ সমূহৰ সৈতে বিভিন্ন সময়ত যোগাযোগ কৰোঁতে তেওঁলোকৰ ব্যস্ততা, মহাবিদ্যালয়খনৰ সৰ্বাংগীন উন্নতিৰ প্ৰতি উৎসৰ্গিত সেয়া বোধ হয়। কিন্তু এই দৃশ্য দেখাৰ পিছত এনে লাগিল ছাত্ৰৰ শৈক্ষিক ভৱিষ্যতত কৈ তেওঁলোক নিজৰ ক্ষমতা আৰু পদবীৰ প্ৰতি অধিক সজাগ, সচেতন।

এই ভিডিঅ'টোতেই সুৰা সেৱন কৰি থকা দেখা পোৱা গৈছিল দীপেন কুমাৰ দত্ত নামৰ এজন শিক্ষকক। তেওঁহেনো মহাবিদ্যালয়খনৰ শিক্ষক গোটৰ প্ৰতিনিধি। পৰিচালনা কমিটীৰ সদস্য।

সেই দায়িত্ব তেওঁ ম্যাদ উকলি যোৱাৰ পাছতো দখল কৰি আছে। তাৰ কাৰণ হ'ল ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকীৰ নিজৰ মানুহ তেওঁ। মহাবিদ্যালয়খনত ২০১৮ চনত স্থায়ী অধ্যক্ষৰ নিযুক্তিৰ বাবে সাক্ষাৎকাৰ হৈছিল।

সেই পদৰ বাবে মহাবিদ্যালয়ৰে এজন অধ্যাপক ড০ শংকৰ পাটোৱাৰীয়ে আৱেদন জনাইছিল। কিন্তু তেওঁক ৰহস্যজনক ভাৱে সাক্ষাৎকাৰলৈ মতা নহ'ল। গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁ গোচৰ তৰিছিল।

কছাৰী নামৰ আন এজনৰ সৈতেও অধ্যক্ষ পদৰ বাবে যুঁজ চলিছিল। এনেকৈয়ে যুঁজবাগৰৰ মাজতে ভাৰপ্ৰাপ্ত অধ্যক্ষৰ পৰম্পৰাৰেই এই গুৰুত্বপূৰ্ণ মহাবিদ্যালয়খন চলি আছে।

মহাবিদ্যালয়খনৰ ভিতৰচৰাত সংঘটিত এনে দুৰ্ভাগ্যজনক কাণ্ডৰ বিভিন্ন কাৰণ থাকিব পাৰে। পদবীৰ লোভ আৰু ঈৰ্ষা এতিয়া মহাবিদ্যালয়সমূহৰ ভিতৰত শিক্ষকসকলৰ মাজতেই বৰ বেয়া ধৰণে গঢ়লৈ উঠিছে।

কেতিয়াবা দুষ্ট প্ৰকৃতিৰ লোকে এনে ষড়যন্ত্ৰ ৰচি মহাবিদ্যালয়ৰ সুনামত বা ভালদৰে মহাবিদ্যালয়খন পৰিচালনা কৰি থকা লোকৰ বিৰুদ্ধে জাল ৰচে। কিন্তু এই ঘটনাত তেনে দৃষ্টিভংগীৰ আভাস পোৱা নাযায়। বৰঞ্চ এয়া এক উদণ্ড ল'ৰামতীয়া কাৰবাৰ এজন ভাৰপ্ৰাপ্ত অধ্যক্ষই কৰা বুলি পতিয়ন যাব পাৰি।

এনে অপৰাধী কলেজ শিক্ষক বা ভাৰপ্ৰাপ্ত অধ্যক্ষৰ বিৰুদ্ধে চকু মুদিয়েই শিক্ষামন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব লাগিছিল। তেওঁৰ গৃহসমষ্টিৰ এখন মহাবিদ্যালয়ৰ ভিতৰচৰাত সংঘটিত এই ঘটনাই তেওঁক কিমান অস্বস্তিত পেলাইছে সেয়া তেওঁৰ কামত স্পষ্ট হ'ব।

ৰাইজ, ছাত্ৰসমাজ, দল, সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। এইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। কলেজ শিক্ষক সন্থা, কলেজৰ অধ্যক্ষসকলৰ ফৰামে হয়তো এইবোৰ দেখিও নেদেখাৰ ভাও জুৰিব। তেওঁলোকেও কিন্তু এনে কাণ্ড সংঘটিত কৰাসকলৰ পক্ষত মৌন হৈ থিয় দিয়াৰ সলনি ছাত্ৰৰ ভৱিষ্যতৰ স্বাৰ্থত সৰৱ হোৱাৰ সময় এয়া।

এতিয়া অপেক্ষা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ স্থিতিলৈ, অপেক্ষা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশলৈ। ধেমাজিৰ ৰাইজে কিন্তু বিচাৰে এইসকল শিক্ষকৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থাই নহয় তেওঁলোকৰ বিৰুদ্ধে ৰুজু হ'ব লাগে থানাত গোচৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in