/asomiyapratidin/media/media_files/2025/01/19/nV2ePJnDPIQ9i8P87RpN.png)
তুষাৰ প্ৰতিম
সকলোৰে দাড়ি-চুলি পকা’- অসমীয়া সমাজত বহুল‘কাকনো বুলিবা ককা, প্ৰচলিত এই আপ্ত বাক্যশাৰীৰ প্ৰাসংগিকতা দেশৰ ৰাজনৈতিক দলসমূহৰ ক্ষেত্ৰত আজিৰ তাৰিখত বৰ সুন্দৰকৈ মিলি যায়। ক্ষমতাত থকাসকলে কৰা কামবোৰ বিৰোধী দলসমূহে বছৰ বছৰ ধৰি সমালোচনা কৰিলেও নিৰ্বাচনৰ সময়ত সেই সকলো পাহৰি এটা দলে আন দলতকৈ এখোজ আগুৱাই গৈ তেনে কামৰ প্ৰতিশ্ৰুতি দিয়াৰেই যেন এতিয়া প্ৰতিযোগিতা চলিছে।
দিল্লী বিধানসভা নিৰ্বাচনো তাৰ ব্যক্তিক্ৰম নহয়। দিল্লীত শাসকীয় আম আদমি পাৰ্টিয়ে জনতাৰ মাজত নিজৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰিবলৈ চমক লগাকৈ এটাৰ পিছত এটাকৈ বিনামূলীয়া আঁচনিৰ প্ৰতিশ্ৰুতি দিছে। আপকে দেখি আকৌ বিৰোধী বিজেপি, কংগ্ৰেছেও আপতকৈ এখোজ আগবাঢ়ি অনুৰূপ প্ৰতিশ্ৰুতি দিয়াৰ প্ৰতিযোগিতাত নামিছে।
দেশৰ ৰাজনীতিত আজিৰ তাৰিখত বিনামূলীয়া আঁচনি অবিহনে যেন অচল। দেশৰ সকলো ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলত জনতাৰ মন জয় কৰিবলৈ ৰাজনৈতিক দলৰ ব্ৰহ্মাস্ত্ৰ হৈ পৰিছে এই বিনামূলীয়া আঁচনিসমূহ।
জনতায়েও দীৰ্ঘম্যাদী প্ৰভাৱৰ কথা চিন্তা নকৰি কেৱল ক্ষন্তেকীয়া প্ৰাপ্তিৰ বাবে উতপাদনমুখী কথা-বতৰাৰ বিপৰীতে বিনামূলীয়া, আৰ্থিক প্ৰতিশ্ৰুতিৰ প্ৰতিহে অধিক আগ্ৰহী হৈ পৰিছে। সেয়া অসমৰ দৰে এখন পিছপৰা ৰাজ্যই হওক বা ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীয়েই হওক।
৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া দিল্লী বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া দিল্লীত আপ, বিজেপি আৰু কংগ্ৰেছে জনতাক ফ্ৰী সুবিধাৰ প্ৰতিশ্ৰুতি দি আস্থা জয়ৰ চেষ্টাত লিপ্ত হৈছে। জনতায়ো বিনামূলীয়া আঁচনিৰ কথা-বতৰাৰ প্ৰতিহে অধিক আগ্ৰহী হৈ পৰা পৰিলক্ষিত হৈছে।
মন কৰিবলগীয়া যে, এইবাৰৰ ৰাষ্ট্ৰীয় ৰাজধানীৰ বিধানসভা নিৰ্বাচন কেইবাটাও কাৰণত গুৰুত্বপূৰ্ণ। শাসকীয় আপে তৃতীয়বাৰৰ বাবে ক্ষমতা দখলৰ বাবে যুঁজত নামিছে।
দলটোৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল, প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনিষ চিছোদিয়াকে ধৰি কেইবাজনো জ্যেষ্ঠ নেতাই দ্বিতীয় কাৰ্যকালত কাৰাগাৰলৈ যাবলৈ বাধ্য হৈছে। সুৰা কেলেংকাৰীৰ গোচৰত দিল্লীৰ চৰকাৰ যোৱা সময়ছোৱাত প্ৰায় বিপৰ্যস্ত হৈ পৰিছে।
সেইদৰেই প্ৰায় ৩ দশক ধৰি দিল্লীৰ ক্ষমতা দখল কৰিবলৈ বিজেপিয়ে চেষ্টা অব্যাহত ৰাখিছে। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। দলটোৱে দিল্লী দখল কৰিবলৈ চেষ্টাৰ কোনো ত্ৰুটি কৰা নাই।
আনহাতে এসময়ত দিল্লীত সৰ্বশক্তিমান হৈ থকা কংগ্ৰেছক দিল্লীবাসীয়ে যোৱা সময়ছোৱাত ধূলিৰ লগত মিলাই দিছিল। দিল্লী বিধানসভাত আজিৰ তাৰিখত কংগ্ৰেছৰ শক্তি শূন্য।
যদিও কেন্দ্ৰত আপ কংগ্ৰেছৰ সৈতে একেটা ছাটিৰ তলত আছে তথাপিও দিল্লীত এতিয়া দুয়োটা দলেই সমুখ সমৰত লিপ্ত হৈছে। দিল্লীৰ বিধানসভা নিৰ্বাচনৰ বাবেই এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়া ভংগ হোৱাৰ দিশেও আগবাঢ়িছে। আনকি কংগ্ৰেছে মুকলিকৈ অভিযোগ কৰিছে যোৱা সময়ছোৱাত কেইবাখনো ৰাজ্যত আপে বিজেপিৰ এজেণ্ট হৈ কাম কৰিছে আৰু কংগ্ৰেছ পৰাস্ত হোৱাত মূল ভূমিকা পালন কৰিছে।
এনে পৰিস্থিতিত এতিয়া কংগ্ৰেছে হেৰুৱা মৰ্যাদা ঘূৰাই আনিবলৈ সৰ্বশক্তি প্ৰয়োগ কৰি যুদ্ধক্ষেত্ৰত নামি পৰিছে। ক্ষমতা দখল কৰিব নোৱাৰিলেও এক সন্মাজনক স্থিতি অৰ্জন কৰিব পাৰিলেও কংগ্ৰেছৰ বাবে হ’ব বিজয়ৰ দৰেই।
সেয়ে দিল্লীৰ ক্ষমতা দখল কৰিবলৈ দিল্লীত আপ, বিজেপি আৰু কংগ্ৰেছে জনতাৰ আস্থা জয়ৰ বাবে নানান প্ৰতিশ্ৰুতিৰ বৰষুণ আনিছে। আপে এইবাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিত পুনৰ লক্ষ্য কৰি লৈছে মহিলাসকলক।
দলটোৱে মহিলাসকলক মাহিলী ২,১০০ কৈ টকা দিয়াৰ লগতে ২০০ ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে বিনামূলীয়া তীৰ্থ যাত্ৰাৰ প্ৰতিশ্ৰুতি দিছে। ইতিমধ্যে এনে কেইবাখনো আঁচনি ৰাজ্যখনত কাৰ্যকৰী হৈ আহিছে।
ইয়াৰ পূৰ্বৰ নিৰ্বাচনত অৱশ্যে দিল্লীত আপে বিনামূলীয়া আঁচনিৰ পৰিবৰ্তে প্ৰথম ৫ বছৰীয়া কাৰ্যকালত শিক্ষা আৰু স্বাস্থ্য ক্ষেত্ৰত কৰা কামবোৰৰ কথা উল্লেখ কৰি ভোট বিচাৰি ৰাইজৰ কাষ চাপিছিল।
কিন্তু এইবাৰ আপৰ নেতৃত্বৰ ভাষণৰ শব্দবোৰ সলনি হৈছে। শিক্ষা আৰু স্বাস্থ্য খণ্ডত কৰা কামৰ বাবে ভোট বিচৰাৰ পৰিবৰ্তে বিনামূলীয়া আঁচনিৰ কথাহে বেছিকৈ শুনিবলৈ পোৱা গৈছে।
বিজেপিয়ে আকৌ আপক চেৰাই মহিলাসকলক প্ৰতি মাহে ২৫০০ কৈ টকা দিয়াৰ কথা প্ৰতিশ্ৰুতি দিছে। কংগ্ৰেছে আকৌ প্ৰতি মাহে বিদ্যুৎ মাচুল ৩০০ ইউনিটলৈ বিনামূলীয়া কৰাৰ প্ৰতিশ্ৰুতি দিছে।
কেৱল দিল্লীয়েই নহয়, দেশৰ সকলো ৰাজ্যতে এতিয়া ৰাজনৈতিক দলসমূহে এইদৰে বিনামূলীয়া আঁচনিৰে জনতাৰ মন জয় কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। অথচ এই একেখিনি ৰাজনৈতিক দলেই ৰাজ্যভেদে এনে বিনামূলীয়া আঁচনিক সমালোচনা কৰি আহিছে।
অসমত অসম চৰকাৰে অৰুণোদয়কে ধৰি যিসমূহ হিতাধিকাৰী আঁচনি চলাই আহিছে সেইসমূহক কংগ্ৰেছ, আপ আদিয়ে সমালোচনা কৰিছে। দিল্লীৰ বিনামূলীয়া আঁচনিক বিজেপিয়ে সমালোচনা কৰি আহিছে।
সেইদৰেই ৰাজ্যভেদে ক্ষমতাত থকাসকলে হিতাধিকাৰী সৃষ্টি কৰিছে আৰু বিৰোধীয়ে বিৰোধিতা কৰিছে। কিন্তু নিৰ্বাচনৰ সময়ত আকৌ সকলোৱেই হিতাধিকাৰী সৃষ্টিৰ প্ৰতিশ্ৰুতি দিয়াৰ প্ৰতিযোগিতাত নামিছে।
সচেতন ৰাইজৰ দৰেই ৰাজনৈতিক তথা অৰ্থনৈতিক বিশ্লেষকসকলে সেয়ে এই বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰাও পৰিলক্ষিত হৈছে। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে এনে হিতাধিকাৰী সৃষ্টি কৰা বিনামূলীয়া এই সুবিধাবোৰে ভোট লাভ কৰাত ৰাজনৈতিক দলসমূহক সহায় কৰিছে।
কিন্তু প্ৰশ্নটো হ’ল এইবোৰ কেনেদৰে কাৰ্যকৰী কৰা হ’ব? ইয়াৰ বাবে ধন ক’ৰ পৰা আহিব? দিল্লীৰ ক্ষেত্ৰত বিশ্লেষকসকলে কয়, ৰাজনৈতিক দলসমূহে দিয়া এনে প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে দিল্লীৰ বাজেট ঘাটিলৈ যাব পাৰে।
দিল্লীৰ বিত্ত মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে কৈছে যে, এই বছৰ ৬,০০০ কোটি টকাৰ বাজেট ঘাটি হ'ব পাৰে। বিবিচিৰ এক প্ৰতিবেদনত অৰ্থনীতিদিব শৰদ কোহলিয়ে এই সন্দৰ্ভত কয়, এনে বিনামূলীয়া লাভালাভে সাময়িক ভাৱে কাৰোবাক লাভাম্বিত কৰিব পাৰে। কিন্তু সেইবোৰৰ বাবেই পৰৱৰ্তী প্ৰজন্মৰ বাবে ডাঙৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে।
দিল্লীৰ দৰে উন্নত চহৰৰ বাবে দীৰ্ঘম্যাদী উন্নয়নমূলক পৰিকল্পনাত বিনিয়োগ নকৰাকৈ, এনে সুবিধা প্ৰদান কৰাটো দেশৰ অৰ্থনীতিৰ বাবে বিপদজনক হ'ব পাৰে। দক্ষিণ ভাৰতৰ কিছুমান ৰাজ্যত, এনে সুবিধাবোৰ যথেষ্ট সফল হৈছে। কিন্তু সেইবোৰ কাৰ্যকৰী কৰিবলৈ চৰকাৰৰ হাতত পৰ্যাপ্ত বিত্তীয় সম্পদ থাকিব লাগিব।
দিল্লী চৰকাৰৰ পৰিসংখ্যা অনুসৰি, মেট্ৰ' ভ্ৰমণ, বিনামূলীয়া বিদ্যুৎ আৰু পানী যোগানৰ বাবে বৃহৎ পৰিমাণৰ বাজেট ব্যয় হয়। ইফালে বিজেপি আৰু কংগ্ৰেছে যিবোৰ বিনামূলীয়া আঁচনিৰ কথা ঘোষণা কৰিছে সেইবোৰ দেখি, শুনি এনে লাগিছে যেন আপে যি কৈছে তাকেই অনুসৰণ কৰি তাৰ পৰিমাণ বৃদ্ধি কৰি দিছে তেওঁলোকে।
বিজেপিয়ে প্ৰতিশ্ৰুতি দিছে প্ৰতিগৰাকী দৰিদ্ৰ মহিলাক প্ৰতি মাহে ২৫০০ টকা কৈ দিয়া হ'ব। আৰু গৰ্ভৱতী মহিলাসকলক ২১,০০০ টকাকৈ দিব।
কংগ্ৰেছে আকৌ মহিলাসকলৰ বাবে 'পৰি দিদি' নামৰ এক আঁচনি ঘোষণা কৰিছে। ইয়াৰ উপৰিও ৩০০ ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ প্ৰদানৰ কথা ঘোষণা কৰিছে।
লক্ষ্যণীয় কথা হ’ল এনে বিনামূলীয়া আঁচনিৰ বৈধতাক লৈ উচ্চতম ন্যায়ালয়ত এটা গোচৰ চলি আছে। অধিবক্তা অশ্বিনী উপাধ্যায়ৰ মতে, এই বিনামূলীয়া সুবিধাবোৰ সঠিকভাৱে সংজ্ঞায়িত কৰিব লাগে। ৰাজ্য চৰকাৰে তেওঁলোকৰ ব্যয়ৰ আকলন সঠিকভাৱে প্ৰকাশ কৰিব লাগে।
অৰ্থনীতিবিদসকলেও সতৰ্ক কৰি দিছে এনে ধৰণৰ প্ৰতিশ্ৰুতিয়ে দীৰ্ঘম্যাদী অৰ্থনৈতিক স্থিৰতাৰ বাবে বিপদ কঢ়িয়াই আনিব পাৰে। হিতাধিকাৰী সৃষ্টি কৰি তেওঁলোকক ধন দিয়াতকৈ উন্নয়নমূলক প্ৰকল্পত বিনিয়োগ কৰাটো অধিক গুৰুত্বপূৰ্ণ।
মূল কথা হ’ল ৰাজনৈতিক দলে ক্ষমতালৈ আহিবলৈ সকলো পৰ্যায়লৈকে নামিব। যিমানেই হিতাধিকাৰী সৃষ্টি হ’ব সিমানেই তেওঁলোকৰ ভোট বৃদ্ধি হ’ব।
কিন্তু এই আঁচনিসমূহে জনতাক প্ৰকৃততে কিমান উপকৃত কৰিছে সেয়াও উপলব্ধি কৰিব পাৰিব লাগিব। এই আঁচনিয়ে দৰিদ্ৰক দৰিদ্ৰতাৰ পৰা মুক্ত কৰিব নে দৰিদ্ৰতাৰ পুতিগন্ধময় পৰিবেশলৈ অধিক হেঁচা মাৰিহে ধৰিব সেয়াও বুজি পাব লাগিব।
অন্নুত ৰাজ্যসমূহত এনে আঁচনিয়ে জনপ্ৰিয়তা লাভ কৰাটো স্বাভাৱিক যদিও দিল্লীৰ দৰে উন্নত দেশত এনে আঁচনিৰ প্ৰতি জনতাৰ সহাৰি কিন্তু মন কৰিবলগীয়া। এনে আঁচনিয়ে দিল্লীৰ জনতাৰ জীৱন ধাৰণৰ মানদণ্ড অধিক উন্নত কৰিব নে তললৈ নমাব সেয়া সহজেই অনুমেয়।