সংকটত ৫ টকীয়া মুদ্ৰা

অতীত হ’ব ৫ টকীয়া মুদ্ৰা। অথচ আটাইতকৈ বেচি প্ৰচলিত মুদ্ৰাটোৱেই আছিল এইটো। বাধ্যত পৰি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰামৰ্শ অনুসৰি কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত ল’বলৈ আগবাঢ়িছে। 

author-image
Asomiya Pratidin
New Update
সংকটত ৫ টকীয়া মুদ্ৰা

সংকটত ৫ টকীয়া মুদ্ৰা

মৃদুল কুমাৰ সন্দিকৈ 

Advertisment

অতীত হ’ব ৫ টকীয়া মুদ্ৰা। অথচ আটাইতকৈ বেচি প্ৰচলিত মুদ্ৰাটোৱেই আছিল এইটো। বাধ্যত পৰি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰামৰ্শ অনুসৰি কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত ল’বলৈ আগবাঢ়িছে। 

কিয়নো দেশৰ বজাৰৰ পৰা চুৰি হৈছে ৪০ শতাংশৰো অধিক ৫ টকীয়া মুদ্ৰা। সকলোৰে পৰিচিত আৰু ব্যৱহাৰ উপযোগী এই মুদ্ৰা প্ৰচলনৰ ক্ষেত্ৰত কিয় এনে কঠোৰ হ’বলগীয়া হৈছে সেয়াই জানো এক ডাঙৰ প্ৰশ্ন নহয়?

চাহিদাৰ বাবেই ৰিজাৰ্ভ বেংকে প্ৰয়োজন অনুসৰিয়েই উপলব্ধ কৰিছিল ৫ টকীয়া মুদ্ৰা। বৰ্তমান দেশত দুবধি ৫ টকীয়া মুদ্ৰা প্ৰচলন হৈ আছে। এবিধ পুৰণি ডাঠ ৫ টকীয়া মুদ্ৰা আৰু আনবিধ হ’ল পাতল নতুনকৈ প্ৰচলন কৰা মুদ্ৰা।

হঠাৎ এক খবৰে ৰিজাৰ্ভ বেংকক আচৰিত কৰি তুলিছিল। সেই খবৰৰ সত্যতা বিচাৰি অনুসন্ধান আৰম্ভ কৰিছিল ৰিজাৰ্ভ বেংক আৰু ভাৰতীয় চোৰাংচোৱা সংস্থাই। সেই অনুসন্ধানত চকু কপালত উঠিল অনুসন্ধানকাৰী বিষয়াৰ।

সকলো খবৰ ৰিজাৰ্ভ বেংক আৰু কেন্দ্ৰীয় চৰকাৰক জনোৱা হ’ল। এয়া আছিল ভাৰতৰ বাবে এক বিস্ফোৰক খবৰ। ভাৰতৰ ৫ টকীয়া মুদ্ৰা চুৰি কৰে বংলাদেশে। আমাৰ দেশৰ ৫ টকীয়া মুদ্ৰাৰ ওপৰত ভিত্তি কৰিয়েই বাংলাদেশৰ বহু কোটি কোটি টকীয়া উদ্যোগ চলি আছে।

টনে টনে প্ৰতিদিনে বাংলাদেশলৈ ছাপ্লাই হয় আমাৰ ৫ টকীয়া মুদ্ৰাবোৰ। সেইবোৰ বিক্ৰী হয় কেজি হিচাপত। একোটা ৫ টকীয়া মুদ্ৰাৰ বিনিময়ত চোৰাং বেপাৰীবোৰে লাভ কৰে ৬.৫০ টকাৰ পৰা ৭ টকা। 

বাংলাদেশত ভাৰতীয় ৫ টকীয়া মুদ্ৰাৰে কি কৰা হয় তাৰো তদন্ত হ’ল। সেই দেশত নচলে ভাৰতীয় এই মুদ্ৰা। সেই উত্তৰো তদন্তকাৰী সংস্থাই পালে। প্ৰথম যিবোৰ ৫ টকীয়া মুদ্ৰা প্ৰচলনৰ বাবে ৰিজাৰ্ভ বেংকে প্ৰস্তুত কৰি বজাৰলৈ উলিয়াই দিছিল সেইবোৰ যথেষ্ট ডাঠ আৰু উচ্চ মানৰ ধাতুৰে প্ৰস্তুত কৰা।

কপাৰ আৰু নিকেল ধাতুৰ সংমিশ্ৰণেৰে প্ৰস্তুত কৰা এনে একোটা ৫ টকীয়া মুদ্ৰাৰ ওজন ৬.৭৪ গ্ৰাম। সেই মূল্যবান ধাতু আৰু ওজনেই কাল হ’ল মুদ্ৰাটোৰ বাবে। ঠিক হৰিণাৰ মাংস হৰিণাৰ বাবে বৈৰী হোৱাৰ দৰে। 
চোৰাং ভাৱে বাংলাদেশলৈ সৰবৰাহ হোৱা ভাৰতীয় এই ৫ টকীয়া মুদ্ৰাবোৰ বিভিন্ন উদ্যোগত গলাই পেলোৱা হয়। এনে গলিত ৫ টকীয়া মুদ্ৰাৰ ধাতুৰ পৰা এই উদ্যোগবোৰত প্ৰস্তুত কৰা হয় ব্লেড। 

বজাৰত একোখন ব্লেডৰ দাম এতিয়া ২ টকাৰ পৰা ৩ টকা। একোটা ৫ টকীয়া মুদ্ৰাৰ পৰা সেই উদ্যোগসমূহে ৭ ৰ পৰা ৮ খন ব্লেড প্ৰস্তুত কৰে। অৰ্থাৎ এটা ৫ টকীয়া মুদ্ৰাৰ বিপৰীতে এই উদ্যোগবোৰে ইয়াৰ পৰা প্ৰস্তুত কৰা ব্লেডৰ বিনিময়ত ১৪ ৰ পৰা ১৬ টকা আৰু সৰ্বোচ্চ ২৪ টকা পৰ্যন্ত উপাৰ্জন কৰে। 

ভাৰতৰ ৫ টকীয়া মুদ্ৰাৰে বাংলাদেশৰ এই ব্লেড প্ৰস্তুতকাৰী উদ্যোগসমূহে ৰমৰমীয়া ব্যৱসায় চলাই গৈছে। সেয়েহে আমাৰ দেশৰ পুৰণি ৫ টকীয়া মুদ্ৰাৰ চাহিদা দেশখনত বহু বেছি।

অনুমান কৰা হৈছে আৰু ৪/৫ বছৰৰ ভিতৰত এই হাৰত বাংলাদেশলৈ চোৰাংভাৱে ৫ টকীয়া মুদ্ৰা সৰবৰাহ হৈ থাকিলে প্ৰায় ৯০ শতাংশ মুদ্ৰা হৰলুকি হ‘ব। যিটো ভাৰতীয় অৰ্থনীতিৰ বাবে অতি বিপদজনক খবৰ। 

সেয়েহে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লৈছে বিমুদ্ৰাকৰণৰ সময়ত পুৰণি ৫০০ টকা আৰু ১০০০ টকীয়া নোট বিলুপ্ত কৰাৰ দৰেই দেশৰ বজাৰৰ পৰা পুৰণি ৫ টকীয়া মুদ্ৰাসমূহো বিলুপ্ত কৰিব।

একোটা পুৰণি ৫ টকীয়া মুদ্ৰাৰ ধাতুৰ মূল্যও ৫ টকাতকৈ বহু বেছি। এনেবোৰ দিশ চালি, জাৰি চায়েই এই সিদ্ধান্ত ল’বলৈ আগবাঢ়িছে ৰিজাৰ্ভ বেংক আৰু কেন্দ্ৰীয় চৰকাৰে।

আৰু বেছি দিনৰ বাবে পুৰণি ৫ টকীয়া মুদ্ৰাবোৰ বজাৰত নাথাকিব। বাংলাদেশত চলা এই চোৰাং কাৰবাৰৰ বাবেই অতীত হ’ব আৰু আমাৰ ৫ টকীয়া পুৰণি মুদ্ৰাটো। 

ৰিজাৰ্ভ বেংক বিমুদ্ৰাকৰণ বাংলাদেশ