কোন হ'ব কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি ? জি-২৩ গোট আৰু গান্ধী পৰিয়ালৰ মাজতেই হ'ব যুঁজ...

congress president
congress president

তুষাৰ প্ৰতিম

কোন হ'ব কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি? কোনে উদ্ধাৰ কৰিব কংগ্ৰেছক? কাৰ নেতৃত্বত কংগ্ৰেছ নামিব ২০২৪ ৰ ৰণক্ষেত্ৰত? পৰৱৰ্তী কংগ্ৰেছ সভাপতিগৰাকী মুক্ত হ'বনে গান্ধী পৰিয়ালৰ নাগপাশৰ পৰা? গান্ধী পৰিয়ালৰ আশীৰ্বাদ অবিহনে পাৰিনে কংগ্ৰেছৰ সভাপতি হ'বলৈ? এনে ধৰণৰ বহু প্ৰশ্নই এতিয়া ৰাজনীতিৰ খবৰ ৰখা মানুহবোৰৰ মনত ক্ৰিয়া কৰিছে।

কংগ্ৰেছ দলটোৱে দলটোৰ পৰৱৰ্তী সভাপতি নিৰ্বাচনৰ বাবে ইতিমধ্যে নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। সুদীৰ্ঘ ২০ বছৰৰ মূৰত অনুষ্ঠিত হ'ব দলটোৰ সভাপতিৰ নিৰ্বাচন। সেই অনুসৰি ২৪ ছেপ্টেম্বৰৰ আৰম্ভ হ'ব সভাপতি পদৰ বাবে মনোনয়ন দাখিল পৰ্ব। ৩০ ছেপ্টেম্বৰ মনোনয়ন দাখিলৰ অন্তিম দিন। ভোটিং পৰ্ব অনুষ্ঠিত হ'ব ১৭ অক্টোবৰত আৰু ভোট গণনা হ'ব ১৯ অক্টোবৰত।

২০১৪ ত কেন্দ্ৰত এউ পি এ চৰকাৰৰ পতনৰ পিছতে কংগ্ৰেছ দলটো পৰ্যায়ক্ৰমে দুৰ্বল হৈ পৰাৰ লগতে এতিয়া অস্তিত্বহীনতাত ভূগিবলৈ আৰম্ভ কৰিছে। কংগ্ৰেছ মুক্ত ভাৰতৰ পৰিকল্পনাৰে বিজেপিয়ে যি ৰাজনীতি আৰম্ভ কৰিলে সেই ৰাজনীতিত এক প্ৰকাৰে ধুলিস্যাত হৈ গ'ল ৬০ বছৰ ধৰি দেশ শাসন কৰা কংগ্ৰেছ দলটো।

কংগ্ৰেছৰ হেৰুওৱা জনপ্ৰিয়তা উদ্ধাৰৰ বাবে শীৰ্ষ নেতৃত্বই পাৰ্যমানে চেষ্টা কৰিছে যদিও আভ্যন্তৰীণ বিসম্বাদৰ বাবে দলটো তিল তিলকৈ শেষ হৈ যোৱাৰ উপক্ৰম হৈছে। এজন এজন কৈ কংগ্ৰেছৰ এসময়ৰ জনপ্ৰিয় নেতাই দল ত্যাগ কৰি বিজেপি তথা অন্যান্য দলত চামিল হৈ নিজৰ ৰাজনৈতিক কেৰিয়াৰ সুৰক্ষা কৰাৰ অংকত সফল হৈছে। আনহাতে গান্ধী পৰিয়ালৰ ওপৰত বিতৃষ্ণা জন্মাৰ বাবেও আন একাংশ নেতাই দল ত্যাগ কৰিছে।

কংগ্ৰেছ ক্ষমাতহীন হোৱাৰ অন্তৰালৰ এটা মুখ্য কাৰণ আছিল কংগ্ৰেছৰ পৰিয়ালতান্ত্ৰিক ব্যৱস্থা। গান্ধী পৰিয়ালৰ প্ৰতি দেশৰ গৰিষ্ঠসংখ্যক লোকেই নাৰাজ। ৰাহুল গান্ধীক দেশবাসীয়ে আদৰি নোলোৱাৰো এক মুখ্য কাৰণ তেওঁৰ পৰিয়াল।

ৰাাহুল গান্ধীক ইতিমধ্যে দেশবাসীয়ে অস্বীকাৰ কৰিছে। ৰাহুল গান্ধীৰ নেতৃত্বৰ ৰণত নামি পৰাজয় স্বীকাৰ কৰিছে কংগ্ৰেছে। সেই পৰাজয়ৰ গ্লানিতেই নৈতিক দায়িত্ব স্বীকৰা কৰি ৰাহুল গান্ধীয়ে ত্যাগ কৰিছিল সভাপতিৰ পদ।

ৰাহুল গান্ধীৰ সভাপতি পদ ত্যাগৰ পিছতে চৰ্চা হৈছিল কংগ্ৰেছৰ ভিতৰ চৰাৰৰ লগতে দেশজুৰি গান্ধী পৰিয়ালৰ সদস্যৰ পৰিৱৰ্তে আন কোনো শীৰ্ষ নেতা হয়তো দলটোৰ অন্তৱৰ্তীকালীন সভাপতি হিচাপে নিৰ্বাচিত হ'ব। দলটোক নেতৃত্ব দিব পৰা তেনে বহু নেতাই আছিল যদিও পৰিশেষত গান্ধী পৰিয়ালৰ একাংশ অনুগতৰ বাবেই পুনৰ দলটোৰ অন্তৱৰ্তীকালীন সভানেত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিলে ছোনিয়া গান্ধীয়ে । ফলত কংগ্ৰেছ দলটোৰ জনপ্ৰিয়তা বৃদ্ধিৰ পৰিৱৰ্তে হ্ৰাস হোৱাৰ লগতে দলে বহু কেইজন নেতাকো হেৰুৱালে। ক্ষমতা হেৰুৱালে বহু কেইখন ৰাজ্যত।

২০২৪ ত অনুষ্ঠিত দেশৰ সাধাৰণ নিৰ্বাচন। ইতিমধ্যে এই নিৰ্বাচনৰ বাবে আৰম্ভ হৈছে দেশৰ ৰাজনৈতিক দলসমূহৰ মাজত প্ৰস্তুতি। কংগ্ৰেছ দলেও ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ কৰিছে ভাৰত জোড়ো যাত্ৰা। কন্যাকুমাৰীৰ পৰা আৰম্ভ কৰা এই যাত্ৰাৰ অন্ত পৰিব কাশ্মীৰত। ২০২৩ চনৰ মাৰ্চত অন্ত পৰিবলগীয়া এই যাত্ৰাত কংগ্ৰেছ দলে লাভ কৰিছে ব্যাপক সহাৰি। তাৰ মাজতে অৱশ্যে কংগ্ৰেত খহনীয়াও অব্যাহত আছে।

কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ মাজতে অনুষ্ঠিত হ'ব দলটোৰ সভাপতিৰ নিৰ্বাচন। এই নিৰ্বাচনক লৈ ইতিমধ্যে চলিছে ব্যাপক জল্পনা-কল্পনা। কংগ্ৰেছৰ কেইবাগৰাকীও শীৰ্ষ নেতৃত্বৰ নাম কংগ্ৰেছৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি চৰ্চা হৈছে যদিও এতিয়াও স্পষ্ট হোৱা নাই দৰাচলতে কোনো কোনে দলটোৰ এই সভাপতি নিৰ্বাচনত অংশগ্ৰহণ কৰিব। অৱশ্যে এই নিৰ্বাচনত ২ জন নেতাৰ অংশগ্ৰহণ স্পষ্ট হৈছে।

মন কৰিবলগীয়া যে, কংগ্ৰেছ দলটোত ২০ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হব সভাপতিৰ নিৰ্বাচন। এই নিৰ্বাচনত প্ৰথমবাৰৰ বাবে গান্ধী পৰিয়ালৰ কোনো সদস্যই অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিব।

চৰ্চা অনুসৰি এই নিৰ্বাচনত ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট আৰু দলটোৰ আন এগৰাকী জনপ্ৰিয় নেতা, সুসাহিত্যিক, সাংসদ শশী থাৰুৰে অংশগ্ৰহণ কৰাটো নিশ্চিত। ইয়াৰ উপৰিও আন দুই এজন নেতাৰ অংশগ্ৰহণৰ বিষয়েও চৰ্চা হৈ আছে যদিও অশোক গেহলট আৰু শশী থাৰুৰ এই দৌৰৰ শীৰ্ষত আছে।

কংগ্ৰেছ দলটোৰ ভিতৰত চৰাত বিদ্ৰোহী গোট হিচাপে পৰিচিত জি-২৩। এই জি-২৩ শিবিৰৰ অন্যতম এজন সদস্য হৈছে শশী থাৰুৰ। এই জি-২৩ গোটেই দলটোত সংস্কাৰ বিচাৰি কেংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীক সাক্ষাৎ কৰি আলোচনা কৰাৰ উপৰিও বহু সময়ত মুকলিকৈয়ে মতামত আগবঢ়াই আহিছে।

দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজত অধ্যয়ন কৰি পৰৱৰ্তী সময়ক আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লেচাৰ স্কুল অৱ ল এণ্ড ডিপ্লোমেচীৰ পৰা ডক্টৰেট ডিগ্ৰী অৰ্জন কৰিছিল শশী থাৰুৰে। ১৯৭৮ চনৰ পৰা ২০০৭ চনলৈ ৰাষ্ট্ৰসংঘত কাম কৰা থাৰুৰে ২০০৬ চনত দক্ষিণ কোৰিয়াৰ বেন কি-মুনক ৰাষ্ট্ৰসংঘৰ মহাসচিব হিচাপে নিযুক্তি দিয়াৰ সময়ত এই দৌৰত শশী থাৰুৰ আছিল দ্বিতীয় স্থানত।

২০০৭ চনত থাৰুৰে ৰাষ্ট্ৰসংঘৰ পৰা অৱসৰ গ্ৰহণ কৰে। ২০০৯ চনত শশী থাৰুৰে যোগদান কৰে কংগ্ৰেছত। ইয়াৰ পিছত তেওঁ কেৰালাৰ তিৰুৱন্তপুৰম সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয়।

২০১০-১১ত তেওঁ কেন্দ্ৰীয় মন্ত্ৰীসভাত ইউ পি এ চৰকাৰৰ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। ২০১২-১৪ বৰ্ষত আকৌ মনাৱ সম্পদ উন্নয়ন মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰে।

ভাৰতীয় ইতিহাস, সংস্কৃতি, চলচ্চিত্ৰ, ৰাজনীতি, সমাজ, বৈদেশিক নীতিৰ ওপৰত ২৩ খন কিতাপ লিখি উলিয়াইছে। সামাজিক মাধ্যমতে হওক বা আন আন মাধ্যমতেই হওক কংগ্ৰেছৰ যিসকল নেতা আজিও জনপ্ৰিয় সেইসকলৰ ভিতৰত শশী থাৰুৰ অন্যতম।

তেওঁক কংগ্ৰেছে উচিত সন্মান দিয়া নাই বুলিও মাজে মাজে চৰ্চা হয়। থাৰুৰ দক্ষতাক কংগ্ৰেছ দলটোৱে ব্যৱহাৰ কৰিব নোৱাৰাটো দলটোৰ বাবেই ক্ষোভ লক্ষণ নহয় বুলিও ৰাজনৈতিক বিশেষজ্ঞই দাবী কৰে।

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট গান্ধী পৰিয়ালৰ ভিতৰৰ মানুহ। গান্ধী পৰিয়ালৰ অনুগত কংগ্ৰেছ নেতাসকলৰ ভিতৰত অন্যতম অশোক গেহলট। গান্ধী পৰিয়ালৰ সৈতে তেওঁৰ সম্পৰ্ক আজিৰ নহয়।

দীৰ্ঘদিন কংগ্ৰেছ কৰ্মী হিচাপে কাম কৰাৰ অন্তত অশোক গেহলটে প্ৰথমবাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈয়েই ইন্দিৰা গান্ধী মন্ত্ৰীসভাত মন্ত্ৰী হিচাপে দায়িত্ব পালনৰ সুযোগ লাভ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ ৰাজীৱ গান্ধীৰ মন্ত্ৰীসভাতো দক্ষতাৰে মন্ত্ৰীত্বৰ দায়িত্ব পালন কৰিছিল।

গান্ধী পৰিয়ালৰ অনুগত হোৱাৰ বাবেই তেওঁক ছোনিয়া গান্ধীয়ে সভাপতি পদৰ বাবে নিৰ্বাচনত অংশগ্ৰহণৰ পৰামৰ্শ আগবঢ়োৱাৰ কথা প্ৰকাশ পাইছে। চৰ্চা অনুসৰি গেহলটক কংগ্ৰেছৰ সভাপতি পাতি ছোনিয়া গান্ধীয়ে বাহিৰৰ পৰাই দলটোক নিয়ন্ত্ৰণত ৰখাৰ কৌশল ৰচনা কৰিছে।

অশোক গেহলটো ১৯৬৮ চনৰ পৰা ১৯৭২ চনৰ ভিতৰত সেৱা গ্ৰামত গান্ধী সেৱা প্ৰতিষ্ঠানৰ সৈতে কাম কৰিছিল। ১৯৭৩ চনত তেওঁ কংগ্ৰেছৰ নৱগঠিত ৰাষ্ট্ৰীয় ছাত্ৰ সংগঠনত যোগদান কৰে।

সেই সময়ত গেহলট অৰ্থনীতিত এম.এ. আছিল। ইয়াৰ পৰৱৰ্তী সময়ত আইন বিষয়ত অধ্যয়ন কৰি গেহলটে ৰাজনীতিত প্ৰৱেশ কৰে। ১৯৭৪ চনত গেহলটে কংগ্ৰেছৰ ছাত্ৰ সংগঠনৰ ৰাজস্থানৰ সভাপতি হিচাপে দায়িত্ব পালন কৰে। ৯৭৭ চনত প্ৰথমবাৰৰ বাবে কংগ্ৰেছৰ টিকটত যোধপুৰৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়ায়। অৱশ্যে সেইবাৰ তেওঁ ৪,৫০০ ভোটত পৰাস্ত হয়।

গেহলট প্ৰথমবাৰৰ বাবে ১৯৮০ চনত যোধপুৰৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয়। গেহলেটে ৫বাৰ সংসদত যোধপুৰক প্ৰতিনিধিত্ব কৰিছে। ১৯৮২ চনত তেওঁ প্ৰথমবাৰৰ বাবে ইন্দিৰাগান্ধী মন্ত্ৰীসভাত স্থান লাভ কৰিছিল। ১৯৯১ চনত তেওঁ বস্ত্ৰ মন্ত্ৰী হিচাপে দক্ষতাৰ প্ৰমাণ দাঙি ধৰিছিল।

এই দুজন নেতাৰ উপৰিও কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দিগ্বিজয় সিং, কমল নাথৰ নামো এই নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি চৰ্চা চলিছে। দুয়ো নেতাই এই চৰ্চাক অমূলক বুলি কোৱাৰ পৰা বিৰত আছে। দিগ্বিজয় সিঙে শশী থাৰুৰক নিৰ্বাচনত অংশগ্ৰণ কৰাৰ বাবে আগবাঢ়িবলৈ পৰামৰ্শ আগবঢ়াইছে যদিও শশী থাৰুৰ আৰু অশোক গেহলটৰ মাজত কোন জন নেতাক তেওঁক সমৰ্থন জনাব বুলি কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ উত্তৰ দিয়াৰ পৰিৱৰ্তে তেওঁ নিজেও এই পদৰ বাবে নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে বুলিও মন্তব্য কৰে। আনহাতে শেষ মুহূৰ্তত কমল নাথৰ নামটো চৰ্চালৈ আহিছে।

উল্লেখ্য যে, কংগ্ৰেছ সভাপতি হিচাপে অন্তিমজন অ-গান্ধী সভাপতি আছিল সীতাৰাম কেশৰী। ইয়াৰ পিছত ৰাজীৱ গান্ধীৰ মৃত্যুৰ পিছত ১৯৯৮ চনৰ মাৰ্চত দলটোৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল ছোনিয়া গান্ধী। তেতিয়াৰ পৰাই সুদীৰ্ঘ সময় কংগ্ৰেছ দলটোৰ সভাপতি হৈ থকাৰ লগতে মাজত এটা কাৰ্যকাল ৰাহুল গান্ধীয়ে এই দায়িত্ব পালন কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in