কংগ্ৰেছঃ ১০ লাখ দিয়া, টিকট নিয়া...

ধন দিলেহে কংগ্ৰেছে দলীয় টিকট দিয়ে। এই অভিযোগ নতুন নহয়। নিৰ্বাচন আহিলেই শুনা যায় এনে অভিযোগ। এইবাৰ পঞ্চায়ত নিৰ্বাচনতো তেনে বহুবোৰ অভিযোগ ইতিমধ্যে ৰাজহুৱা হৈছে।

author-image
Tushar Pratim
New Update
কংগ্ৰেছঃ ১০ লাখ দিয়া, টিকট নিয়া...

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

ৰাইজে সকলো দেখি, শুনি হতাশ হোৱাৰ ৰাজনৈতিক পৰিবেশ। শক্তিশালী বিৰোধীৰ বিৰুদ্ধে নিৰ্বাচনী ৰণত নমাৰ পূৰ্বেই প্ৰধান বিৰোধী দল কংগ্ৰেছৰ ভিতৰচৰাত সংঘটিত কৰ্ম কাণ্ডই পৰিবৰ্তনকামী মানুহক আশাহত কৰি তুলিছে। 

শাসকীয় পক্ষৰ অনিয়ম, দুৰ্নীতিৰ বিৰুদ্ধে কংগ্ৰেছৰ নেতাসকল সৰৱ হোৱাৰ বিপৰীতে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দলটোত টিকটৰ বিনিময়ত হোৱা ধনৰ লেনদেন সন্দৰ্ভত উত্থাপিত অভিযোগৰ তদন্ত কৰিবলৈ পৱনসিং ঘাটোৱাৰৰ অধ্যক্ষতাত তদন্ত কমিটী গঠন কৰি দিবলগীয়া হৈছে। 

বিৰোধী ঐক্য এতিয়া এক সপোন হৈ পৰিছে। কংগ্ৰেছ নেতাসকলে প্ৰধান প্ৰতিদ্বন্দি বিজেপি বা অগপক আক্ৰামণৰ লক্ষ্য কৰাৰ সলনি অখিল গগৈক সমালোচনাৰে থকাসৰকা কৰিছে। কিয়নো গৌৰৱ গগৈৰ স্থিতিৰ বাবেই বিৰোধীৰ মিত্ৰতা সম্ভৱ নহয় বুলি মুকলিকৈয়ে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কংগ্ৰেছৰ ভিতৰৰ আন এক দিশ উদঙাই দিছে। 

ধন দিলেহে কংগ্ৰেছে দলীয় টিকট দিয়ে। এই অভিযোগ নতুন নহয়। নিৰ্বাচন আহিলেই শুনা যায় এনে অভিযোগ। এইবাৰ পঞ্চায়ত নিৰ্বাচনতো তেনে বহুবোৰ অভিযোগ ইতিমধ্যে ৰাজহুৱা হৈছে। তাৰ মাজতে ১৬ এপ্ৰিল ২০২৫ ত প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত এগৰাকী প্ৰাৰ্থীয়ে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ প্ৰেৰণ কৰিছে এখন বিস্ফোৰক পত্ৰ। 

এই পত্ৰৰ শিৰোনামেই হৈছে যে, কংগ্ৰেছৰ একাংশই প্ৰাৰ্থিত্ব দিম বুলি তেওঁৰ পৰা ১০ লাখ টকা লৈ শেষ মুহূৰ্তত প্ৰাৰ্থিত্ব নিদিলে। পত্ৰখনত বঞ্চিত প্ৰাৰ্থীগৰাকীয়ে লিখিছে, তেওঁ বৰ্তমান কামৰূপ জিলা কমিটী কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্বত আছে। 

২০০৫ চনত তেওঁ কংগ্ৰেছত যোগদান কৰিছিল। কিছু মাহৰ আগতে মৃত্যু হৈছিল কংগ্ৰেছৰ এজন নেতা মৃদুল ইছলাম। তেওঁ প্ৰদেশ কংগ্ৰেছৰ সম্পাদক আছিল। বৰ্তমানৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ঘনিষ্ঠ অধিবক্তা ৰফিকুল হুছেইনৰ প্ৰসংগ টানি আনি তেওঁ এই পত্ৰত অভিযোগ কৰিছে যে, হুছেইনে তেওঁক পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদত চূণতলী টোপামাৰিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব নেকি বুলি সুধিছিল। 

মৃদুল ইছলামৰ দুৰ্ভাগ্যজনক মৃত্যুৰ পাছত তেওঁৰ পৰিয়ালক ২৫ লাখ টকাৰ সাহায্য দিয়াৰ কথা ঘোষণা কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে। ইয়াৰ বাবে ৰফিকুল ইছলামে এই প্ৰাৰ্থীগৰাকীক সভাপতিয়ে ঘোষণা কৰা অনুসৰি ২৫ লাখ টকা দিবলৈ ১০ লাখ টকা যোগাৰ কৰি দিব পাৰিব নেকি বুলি প্ৰস্তাৱ দিছিল। 

মৃদুল ইছলামৰ ঘৰতে এই কথা তেওঁক কোৱা হৈছিল। এ পি চি চিক সেই ধন দিলে তেওঁক পঞ্চায়ত নিৰ্বাচনৰ জিলা পৰিষদত প্ৰাৰ্থিত্ব দিয়াটো নিশ্চিত বুলি জানিবলৈ দিছিল। অভিযোগ কৰা মতে এই সন্দৰ্ভত তেওঁ ভূপেন বৰা আৰু কংগ্ৰেছৰ আন এজন নেতা আনোৱাৰ হুছেইনৰ সৈতে কথা পাতিছিল। 

তেওঁলোকে এই প্ৰতিশ্ৰুতিও দিছিল যে, এই ধন তেওঁক পৰৱৰ্তী সময়ত ঘূৰাই দিয়া হ’ব। এই জিলা পৰিষদৰ সমষ্টিটোৰ পৰা পূৰ্বতে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ছাহজাহান আলী তিনিবাৰকৈ জয়ী হৈছিল। কিন্তু তেওঁ এ আই ইউ ডি এফত যোগদান কৰিছিল।

ছাহজাহান আলীয়ে পৰৱৰ্তী সময়ত পুনৰ কংগ্ৰেছলৈ ঘূৰি আহিছিল। তেৱোঁ হেঁচা দিছিল দহ লাখ টকা সংগ্ৰহ কৰি দিবলৈ। কেইবাটাও বেংক একাউণ্ট নম্বৰো ইয়াৰ বাবে দিয়া হৈছিল। সেই একাউণ্ট নম্বৰ সমূহৰ ভিতৰত আছিল প্ৰদেশ কংগ্ৰেছৰ একাউণ্ট নম্বৰো। 

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সৈতে ছাঁৰ দৰে থকা জিণ্টু হাজৰিকা নামৰ কংগ্ৰেছৰ যুৱ নেতা জনৰো একাউণ্ট নম্বৰ দিয়া হৈছিল এই প্ৰাৰ্থীগৰাকীক। ৰফিকুল ইছলামে যিমান পাৰি সোনকালে এই ধন জমা দিবলৈ তেওঁক হেঁচা দিছিল। তাৰ কাৰণে হেঁচাত পৰি তেওঁ জিণ্টু হাজৰিকা আৰু ছাহজাহান আলীৰ একাউণ্টত ২৪ ডিচেম্বৰ ২০২৪ ত কিছু ধন জমা দিছিল। 

তাৰ এদিনৰ পিছত ভূপেন বৰা আহিছিল মৃদুল ইছলামৰ ঘৰলৈ। সেই দিনাই তেওঁৰ পৰিয়ালক ২৫ লাখ টকাৰ এখন চেক প্ৰদান কৰিছিল। ছাহজাহান আলীয়ে তেওঁক বাকী থকা ধন যিমান পাৰি সোনকালে জমা দিবলৈ কৈছিল। 

কিন্তু পৰিতাপৰ কথা যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এক প্ৰতিবাদী কাৰ্যসূচীত অংশ ল’বলৈ গৈ আৰক্ষীৰ আক্ৰমণত মৃত্যু হোৱা মৃদুল ইছলামৰ পৰিয়ালক যি ধনৰ চেক প্ৰদান কৰিছিল সেই চেক একাউণ্টত পৰ্যাপ্ত ধনৰাশি নথকাৰ বাবে বাউঞ্চ হয়। ইয়াৰ বাবে প্ৰাৰ্থীগৰাকীয়ে বিভিন্ন ঠাইত যোগাৰ কৰি কংগ্ৰেছৰ নেতৃত্বই জমা দিবলৈ কোৱা বাকী ধন ছাহজাহান আলীৰ একাউণ্টত জমা দিছিল। 

অৱশ্যে ইয়াৰে এক লাখ টকা কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি কংকন দাসৰ হাতত আৰু ৬০ হাজাৰ টকা ৰফিকুল ইছলামৰ হাতত দিছিল। ৭ এপ্ৰিল ২০২৫ ত এই প্ৰাৰ্থিত্ব বিচৰা ব্যক্তিগৰাকীলৈ ফোন কৰিছিল ছাহজাহান আলীয়ে। আৰু তেওঁক ২০ হাজাৰ টকা শীঘ্ৰেই তেওঁৰ একাউণ্টত জমা দিবলৈ কৈছিল। 

সেইবাৰো তেওঁ ১৫ হাজাৰ টকা ছাহজাহান আলীৰ একাউণ্টত জমা দিছিল। কিন্তু পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী নিৰ্বাচনৰ কুচকাৱাজ যেতিয়া আৰম্ভ হ’ল তেতিয়া তেওঁ গম পালে বকো সমষ্টিৰ কংগ্ৰেছৰ বিধায়িকাগৰাকীয়ে উক্ত জিলা পৰিষদৰ বাবে বেলেগৰ নাম বিবেচনা কৰিছে। তেতিয়া তেওঁ ভূপেন বৰা, ৰফিকুল ইছলাম, ছাহাজাহান আলী, আনোৱাৰ হুছেইনক এই বিষয়ে সুধিছিল। 

তেতিয়াও তেওঁলোকে তেওঁকেই টিকট দিয়া হ’ব বুলি নিশ্চয়তা প্ৰদান কৰিছিল। আনকি ৰফিকুল ইছলামে তেওঁক কৈছিল যে, যদিও কংগ্ৰেছৰ এম এল এ গৰাকীয়ে এই সমষ্টিত কাৰোবাক টিকট দিবৰ বাবে হেঁচা দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই কোনো কাৰণতে তেওঁৰ হেঁচাত নতশিৰ নকৰে। 

তেনে আশ্বাস পোৱাৰ পাছত ১০ এপ্ৰিল ২০২৫ ত ছাহজাহান আলীয়ে জনাই যে, তেওঁৰ টিকট নিশ্চিত হৈছে। মিঠাইৰ ব্যৱস্থা কৰি থবলৈয়ো তেওঁক কোৱা হৈছিল। ভূপেন বৰাৰ বাসগৃহলৈ মিঠাইৰ টোপোলা ধন্যবাদ স্বৰূপে পঠিয়াই দিবলৈয়ো কৈছিল ছাহজাহানে। 

সেই দিনাই আবেলি তেওঁ ফেচবুক যোগে জানিব পাৰে যে উক্ত জিলা পৰিষদৰ বাবে ৰুবীয়া বেগম নামৰ এগৰাকীক হে প্ৰাৰ্থিত্ব দিছে কংগ্ৰেছে। এয়াই হৈছে কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদানৰ নামত কৰা ধনৰ লেনদেনৰ এক কাহিনী।

এইবোৰ হৈ যোৱাৰ পাছত মানসিক ভাৱে ভাগি পৰিছিল প্ৰাৰ্থিত্ব প্ৰত্যাক্ষীগৰাকী। আনকি তেওঁ তিনিদিন হাস্পতালতো থাকিবলগীয়া হৈছিল। হাস্পতালৰ পৰা আহিয়েই তেওঁ ছাহজাহান আলীলৈ ফোন কৰিছিল আৰু তেওঁ দিয়া ধন ঘূৰাই বিচাৰিছিল। 

ছাহজাহান আলীয়ে তেওঁৰ সৈতে দুৰ্ব্যৱহাৰ কৰিছিল। অৱশ্যে ভূপেন বৰাৰ সৈতে কথা পাতি সেই ধন ঘূৰাই দিয়া হ’ব বুলি জনাইছিল। মহিলা প্ৰাৰ্থীগৰাকীয়ে তেওঁৰ স্বামীক ছাহজাহান আলীৰ ঘৰলৈ কেইবাবাৰো পঠিয়াইছিল ধন বিচাৰিছিল। কিন্তু সেই ধন ঘূৰাই পোৱা নাই আজিও। 

মল্লিকাৰ্জুন খাৰ্গেলৈ লিখা এই পত্ৰৰ সৈতে গাঠি দিয়া হৈছে ধন জমা দিয়া সকলো প্ৰমাণ। অৱশ্যে নগদ দিয়া ধনৰ কোনো ৰচিদ তেওঁৰ হাতত নাছিল। বেংক একাউণ্টৰ জৰিয়তে ট্ৰেন্সফাৰ কৰা বা জমা দিয়া সেই নথিঠিবোৰে কেতিয়াও মিছা নকয়। 

চুফিয়া খাটুন নামৰ প্ৰাৰ্থিত্ব প্ৰত্যাক্ষীগৰাকীয়ে এই চিঠিৰ প্ৰতিলিপি ৰাহুল গান্ধী, কে চি বেণুগোপাল, দেৱব্ৰত শইকীয়া, গৌৰৱ গগৈ আদিলৈয়ো প্ৰেৰণ কৰিছে। নৱগঠিত চমৰিয়া বিধানসভা সমষ্টিৰ চৌধুৰীপামৰ বাসিন্দা চুফিয়া খাটুনে কাৰোবাৰ পৰা ধাৰ লৈ, গহনা, মাটি বিক্ৰী কৰি এই ধন দিছিল। 

এনেকৈয়ে চলি আছে কংগ্ৰেছ। তাৰ পাছত এই দলটোৰ পৰা নিৰ্বাচনত এখন সঠিক যুঁজৰ আশা কৰাতো কিমান সমিচীন হ’ব? নিজ দলৰ কৰ্মী, নেতাকেই চোন নেতৃত্বত থকা এচামে এনে ৰাম ঠগন দিয়ে। 

এতিয়া প্ৰশ্ন হয়, এইবোৰ অভিযোগৰ বোকা ভূপেন বৰাৰ গাতো ছিটিকি পৰিছে। কাৰণ তেওঁৰ ঘনিষ্ঠ সকলেই তেওঁৰ নামত দলৰ ভিতৰতে এই দুই নম্বৰীবোৰ কৰিছে। প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত চুফিয়া খাটুনে পাবনে ঘূৰাই ১০ লাখ টকা? 

বৰাই তদন্ত কৰিবলৈ দিয়া তদন্ত কমিটীয়ে পাৰিবনে দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব? কংগ্ৰেছ এতিয়া এইবোৰতেই যেন ব্যস্ত। ৰাইজে ইয়াৰ পাছতো  কংগ্ৰেছৰ এইসকল নেতাক লৈ পৰিবৰ্তনৰ সপোন দেখাতো জানো পৰ্বতত কাঁচ কণী বিচৰাৰ দৰেই নহ’ব !

পঞ্চায়ত নিৰ্বাচন গৌৰৱ গগৈ ভূপেন বৰা কংগ্ৰেছ