বুলেট ট্ৰেইনৰ ইঞ্জিনীয়াৰ- মাছৰোকা !

বুলেট ট্ৰেইনৰ ইঞ্জিনীয়াৰ- মাছৰোকা !

author-image
Asomiya Pratidin
New Update
বুলেট ট্ৰেইনৰ ইঞ্জিনীয়াৰ- মাছৰোকা !

বুলেট ট্ৰেইনৰ ইঞ্জিনীয়াৰ- মাছৰোকা !

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

ইজি নাকাটোৱে ভাল ফটো তোলে। চৰাইৰ প্ৰতি তেওঁৰ আছে বিশেষ দুৰ্বলতা। এদিন তেওঁ মাছৰোকা চৰাই এটাই মাছ চিকাৰ কৰাৰ দৃশ্য এটা কেমেৰাত বন্দী কৰিছিল। কেবাটাও স্নেপ লৈছিল নাকাটোৱে।

মাছৰোকা চৰাইটোৱে গছৰ এটা ডালৰ পৰা মাছ ধৰিবলৈ ক্ষীপ্ৰবেগেৰে পানীৰ মাজলৈ সোমাই যোৱা আৰু মাছটো দুই ঠোঁটত লৈ ওপৰলৈ উঠি অহা লৈকে প্ৰতিখন ফটো তেওঁ আগ্ৰহেৰে চাই গৈছিল।

হঠাৎ তেওঁৰ মনত কিবা এটা খেলালে। কিবা এটা যেনে সমাধান বিচাৰি পালে। তাৰ পাছত তেওঁ সেই ফটো কেইখনৰ পৰা উপলব্ধি কৰা কথাবোৰ ব্যৱহাৰিক ভাৱে হাতে কামে লগালে।

পক্ষীৰ প্ৰতি থকা প্ৰেমৰ বাবে প্ৰকৃতিৰ মাজত চৰাই বিচাৰি ফুৰা ফিজি নাকাটোৰ আন এক পৰিচয় আছিল। তেওঁ আছিল এজন বিজ্ঞানী। জাপানৰ বুলেট ট্ৰেইনৰ এক গৱেষণাৰ কামত আন কেইবাজনো বিজ্ঞানীৰ সৈতে তেওঁও জড়িত হৈ আছে।

১৯৬৪ চন। সমগ্ৰ বিশ্বক অবাক কৰি দিছিল জাপানে। দ্বিতীয় বিশ্বযুদ্ধৰ আৰ্থিক সামাজিক কুপ্ৰভাৱৰ মাজত জাপানে মূৰ দাঙি থিয় দিছিল। সেইবাৰ জাপানৰ ৰাজধানী টকিঅ'ত অলিম্পিক অনুষ্ঠিত হোৱাৰ কথা।

অলিম্পিকলৈ মাজত মাথো ১০ টা দিন বাকী আছে। সেই অলিম্পিকৰ শ্ল'গান আছিল ফাষ্টাৰ, হায়াৰ, ষ্ট্ৰংগাৰ। সেই শ্ল'গান যেন ফুটি উঠিছিল জাপানে আৰম্ভ কৰা বুলেট ট্ৰেইনত।

১৯৪০ চনৰ পৰাই জাপানে দ্ৰুত বেগী এই ট্ৰেইনৰ সপোন দেখিছিল। সেয়া সম্ভৱ হৈ উঠিছিল ২৪ বছৰৰ পাছত। ১৯৬৪ ৰ ১ অক্টোবৰৰ দিনা। এই ট্ৰেইনৰ নাম দিছিল জাপানী ভাষাতেই।

'শ্বিনকানশ্বেন'- যাৰ অৰ্থ বুলেট ট্ৰেইন। এনেকৈয়ে আৰম্ভ হৈছিল ৰে'ল যোগাযোগৰ মহা বিপ্লৱ। ৰাজধানী টকিঅ'ৰ সৈতে দূৰণীবটিয়া থাইবোৰৰ সংযোগ আৰম্ভ কৰিছিল। ৭/৮ ঘণ্টা লগা যাত্ৰা ৩/৪ ঘণ্টাত সামৰণি পৰিছিল।

তেতিয়াই ৰে'ল বোৰৰ গতিবেগ ঘণ্টাত ২০০ ৰো কম নাছিল। লাহে লাহে জাপানৰ এই বুলেট ট্ৰেইনে বহু চহৰ সামৰি ল'লে। দেশখনৰ আৰ্থিক বিকাশত বুলেট ট্ৰেইন আবিষ্কাৰ কিমান গুৰুত্বপূৰ্ণ আছিল জাপানে দেখুৱাই দিছে।

এতিয়া উন্নত প্ৰায়বোৰ দেশতেই বুলেট ট্ৰেইনৰ যাত্ৰা আছে। আমাৰ বাবে অৱশ্যে এতিয়াও সেয়া এক সপোন। বুলেট ট্ৰেইনৰ প্ৰথমটো যাত্ৰাপথে ৫১৫.৪৫ কিলোমিটাৰ সামৰি লৈছিল।

বুলেট ট্ৰেইন চলাচলৰ বাবে সুৰংগৰ মাজেৰে ৰে'লপথ নিৰ্মাণ কৰিবলগীয়া হৈছিল। আজিৰ পৰা প্ৰায় ৬০ বছৰৰ আগৰ কথা এইবোৰ। ট্ৰেইনৰ গতিবেগ লাহে লাহে বাঢ়িল। ৩০০ কিলোমিটাৰ প্ৰতি ঘণ্টালৈকে গতিবেগ উঠিল।

কিন্তু এক ডাঙৰ সমস্যাৰ সন্মুখীন হ'ল জাপান। চলাচল কৰা বুলেট ট্ৰেইনবোৰ যেতিয়া সুৰংগ এটাত প্ৰৱেশ কৰি ওলাই যায় বোমাৰ দৰেই প্ৰচণ্ড শব্দ হয়। এই শব্দ চাৰিশ, পাঁচশ মিটাৰ দূৰত্বলৈকে শুনা পোৱা যায়।

বায়ু চাপৰ তাৰাতম্যৰ বাবেই সেই শব্দ হয়। বুলেট ট্ৰেইনৰ ভিতৰত সৃষ্টি হয় কপনিৰ। সুৰংগ অতিক্ৰম কৰাৰ পাছত হ্ৰাস পাই গতিবেগ। এই সমস্যা সমাধানৰ বাবে ৰে'ল আভিযান্ত্ৰীক আৰু আন বিজ্ঞানীসকলক দায়িত্ব দিয়া হ'ল।

এই সমস্যা সমাধান কেনেদৰে কৰিব তাক লৈ ৪ বছৰ বিভিন্ন অধ্যয়ন চলিল। ৮৯ ৰ পৰা ৯৪ ৰ শেষৰ ফালেহে ইয়াৰ সমাধান ওলাল। তাকো সেই সমাধান সূত্ৰ দিলে প্ৰকৃতিয়ে। সমাধান কৰিলে এই সমস্যা এজনী মাছৰোকা চৰায়ে।

ইজি নাকাটোৱে সেই সমস্যাৰ সমাধানৰ সূত্ৰ বিচাৰি পাইছিল। তেওঁ তোলা মাছৰোকা চৰাইৰ ফটো সুক্ষ্ম পৰ্যবেক্ষণত এটা কথা লক্ষ্য কৰিছিল। যিসময়ত তেওঁ ফটোবোৰ তুলিছিল তেওঁ সুক্ষ্ম নজৰত আছিল মাছৰোকা চৰাইটো।

বায়ুমণ্ডলৰ পৰা এটা নিৰ্দিষ্ট গতি পানীত ডুব মাৰি একেই গতিতেই মাছৰোকা চৰাইটোৱে মাছলৈ ওপৰলৈ উঠি আহিছিল। কিন্তু হোৱা নাছিল কোনো শব্দ। কিয় শব্দ হোৱা নাছিল? মাছৰোকা চৰাইটোৰ মূৰ আৰু ঠোঁটৰ অংশ অতি জোঙা।

ইয়াৰ উপৰিও মাছলৈ উভতি আহোঁতে পিছফালৰ অংশও মূৰৰ দৰেই জোঙা হৈ আছিল। সেই সূত্ৰকেই তেওঁ ব্যৱহাৰিক ভাৱে জাপানৰ বুলেট ট্ৰেইনত ব্যৱহাৰ কৰি ট্ৰেইনবোৰৰ সন্মুখৰ ভাগ আৰু পিছৰ ভাগ মাছৰোকা চৰায়ে মাছধৰা সময়ৰৰ আকৃতিৰেই ৰূপ দিছিল।

সফল হৈছিল জাপানৰ বিজ্ঞানীসকল। ৩০ শতাংশ বায়ুৰ চাপ হ্ৰাস পাইছিল এই বুলেট ট্ৰেইনৰ। সেই অনুপাতে হ্ৰাস হৈছিল কোনো টানেলৰ মাজেৰে যাওঁতে হোৱা বিকট শব্দ। গতিবেগ ১০ শতাংশ বৃদ্ধি পাইছিল এনে আকৃতিত।

বায়ুৰ চাপ হ্ৰাস হোৱাৰ ফলত হ্ৰাস পাইছিল বুলেট ট্ৰেইনৰ ভিতৰৰ কপনি। সমাধান হৈছিল এনেকৈয়ে বুলেট ট্ৰেইনৰ এক ডাঙৰ সমস্যা। প্ৰকৃতিৰ ওপৰত কোনো নাই। যিমানেই বিস্ময়কৰ সৃষ্টি নহওক কিয় তাৰ আধাৰ সদায় প্ৰকৃতি।

প্ৰকৃতিয়েই পৰম শক্তি। আৱিষ্কাৰৰ নামত আমি প্ৰকৃতিৰ এই তত্ত্বক, আকাৰ, আকৃতিক সম্বল কৰি লও। মাছৰোকা চৰাইৰ জৰিয়তে বুলেট ট্ৰেইনৰ এই দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান তাৰ এক সুন্দৰ আৰু চিৰন্তন উদাহৰণ।

Also Read: ইন্দ্ৰাণী কাণ্ডক লৈ বাজেপেয়ী ভৱনত ৰাজ্যিক বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক...

জাপান বুলেট ট্ৰেইন