/asomiyapratidin/media/media_files/2025/02/09/nG2TK2bVHVoYhJkBWOVw.png)
চয়নিকা শইকীয়া
"বক্ষ ঢাকিবলৈ বস্ত্ৰৰ ব্যৱহাৰ নিষিদ্ধ কাৰণ তেওঁলোক নিম্ন জাতিৰ"- শতক শতকজুৰি অৰ্ধ উলংগ হৈ দিন পাৰ কৰিছিল চন্নৰ বা নাডেৰ জাতিৰ মহিলাসকলে। ৰাজহুৱা স্থানত স্তন ঢাকি ৰাখিব খোজা নিম্ন বৰ্ণৰ হিন্দু মহিলাসকলৰ ওপৰত শাসকীয় ব্ৰাহ্মণ সকলে জাপি দিছিল এই স্তন কৰ। এই কৰ নাডাৰ আৰু ইঝাভাকে ধৰি নিম্ন বৰ্ণৰ মহিলাসকলে উচ্চ বৰ্ণৰ লোকক দেখুওৱা সন্মান বুলি গণ্য কৰা হৈছিল।
আচৰিত নহ'ব এয়া আছিল এইখন মুলুকৰে কাহিনী। যি দেশক কৰা হয় মাতৃজ্ঞান। যিখন দেশত নাৰীক কৰা হয় পূজা, বহুওৱা হয় দেৱীৰ আসনত। তেনে এখন মূলুকতে সৃষ্টি হৈছিল এই কাহিনীৰ ! এই ইতিহাস আছিল ঊনবিংশ শতিকাৰ কেৰেলাৰ ট্ৰাভাংকোৰৰ ৷ দেশে স্বাধীনতা লাভ কৰাৰ আগলৈকে ট্ৰাভাংকোৰত ৰজাৰ শাসন আছিল ৷ নাডেৰসকলক অস্পৃশ্য হিচাপে গণ্য কৰা হৈছিল সেই ৰাজ্যত ৷ নাডেৰ মহিলাসকলে উচ্চ জাতিৰ নায়াৰ আৰু নাম্বুদিৰি ব্ৰাহ্মণসকলৰ সন্মুখত বক্ষ উন্মুক্ত কৰি ৰাখিব লাগিছিল ৷
উন্মুক্ত বক্ষ ঢাকিব পৰাকৈ এডোখৰ বস্ত্ৰৰ বাবে দশকৰ পাছত দশক আন্দোলন কৰিবলগীয়া হৈছিল চন্নৰ মহিলাসকলে ৷ ইয়াৰ বাবে তেওঁলোকে উচ্চ জাতৰ নায়াৰসকলৰ অত্যাচাৰ-উৎপীড়ন, অকথ্য নিৰ্যাতনৰ বলি হ’ব লগা হৈছিল ৷ ৰাজহুৱা স্থানত বুকু উন্মুক্ত কৰি ৰাখিবলগীয়া আইনৰ বাবে বহুসংখ্যক নাডাৰে নিজৰ সামাজিক স্থিতি উন্নত কৰিবলৈ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰি এই নিয়মৰ প্ৰতিবাদ কৰিছিল।
তাতোকৈ লজ্জাজনক কথাটো হ’ল মহিলাৰ বক্ষৰ আকাৰৰ ভিত্তিত এই কৰ আৰোপ কৰা হৈছিল। বক্ষযুগলৰ আকাৰ যিমানেই ডাঙৰ হ’ব সিমানেই কৰ বেছি হ’ব। নিম্নবৰ্ণৰ মহিলাসকলৰ বাবে ইয়াতকৈ অপমানজনক আৰু একো নাছিল। এফালে এই কৰে তেওঁলোকক সমাজত সন্মানেৰে জীয়াই থকাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছিল আনফালে কৰৰ বোজাত দিশহাৰা হৈ হাহাকাৰ কৰিবলগীয়া হৈছিল পৰিয়াল কেইটাই।
মহিলা সকলক অৰ্ধ উলংগকৈ চোৱাত কুন্ঠাবোধ নকৰা সমাজখনৰ কোনো এজন পুৰুষে এই নিয়মৰ বিৰোধিতা কৰিবলৈ সাহস কৰা নাছিল যদিও ইয়াৰ বিৰোধিতাৰে ওলাই আহিছিল "নাংগেলী"। চেৰথালা নামৰ এখন সৰু গাঁৱত বাস কৰিছিল নাংগেলী আৰু তেওঁৰ স্বামীয়ে। কৃষিজীৱি পৰিয়ালটোৰ নাংগেলী আছিল এগৰাকী দলিত, এঝাভা সম্প্ৰদায়ৰ মহিলা। গতিকে স্তন কৰৰ ভুক্তভোগী আছিল নাংগেলীও।
দৰিদ্ৰ পৰিয়ালটোত কৰৰ বোজা ইমানেই বাঢ়ি গৈছিল যে এসময়ত দিনটোৰ শেষত এমুঠিও ভাতো খাবলৈ নোপোৱা হৈছিল পৰিয়ালটোৱে। কেৱল নাংগেলীৰে নহয় চুবুৰীটোৰ মহিলাসকলৰ অৱস্থা দিনক দিনে বেয়া হৈ আহিছিল। নিজৰ লগতে অন্য সৰু জাতিৰ মহিলা সকলৰ লগত হোৱা অন্যায় আৰু অপমানৰ বিৰুদ্ধে ক্ষুব্ধ হৈ উঠিছিল নাংগেলী। অৱশেষত স্বামীৰ লগত আলোচনা কৰি প্ৰতিবাদৰ সিদ্ধান্ত লৈছিল নাংগেলীয়ে। স্বামীয়েও পত্নীৰ এই প্ৰতিবাদত সমৰ্থন কৰাৰ সিদ্ধান্ত লৈছিল। সেই দিনৰ পৰা নাংগেলীয়ে বুকু ঢাকিবলৈ আৰম্ভ কৰিছিল।
তেওঁৰ সেই প্ৰতিবাদে সমগ্ৰ অঞ্চলটোত বিদ্ৰোহৰ সূচনা কৰাত সহায় কৰিছিল। ইফালে নংগেলীয়ে বক্ষ ঢকা বিষয়টোৱে ৰাজ্যখনত চৰ্চা লাভ কৰিছিল। এমাহৰ পিছতে নাংগেলী আৰু তেওঁৰ স্বামীৰ পৰা তথাকথিত বিষয়া সকলে স্তন কৰৰ বাবে মানসিক হেঁচা প্ৰয়োগ কৰিছিল। বিষয়াসকল কৰ সংগ্ৰহৰ উদ্দেশ্যে নাংগেলীৰ ঘৰত উপস্থিত হৈ তেওঁৰ স্তনৰ আকাৰৰ জোখ লৈছিল।
লাজ আৰু অপমান সহ্য কৰিব নোৱাৰি নাংগেলীয়ে ঘৰৰ ভিতৰলৈ গৈ দুই স্তন কটাৰীৰে কাটি কলৰ পাতত মেৰিয়াই বিষয়াজনক দিয়ে। এই কাণ্ডক তবধ মানি বিষয়াজনে লগে লগে উক্ত স্থান ত্যাগ কৰে। তেজেৰে লুতুৰি-পুতুৰি হৈ মজিয়াত পৰি গৈছিল নাংগেলী। পৰিতাপৰ কথা যে,এই ঘটনাৰ কিছু সময়ৰ পিছতে মৃত্যু হৈছিল নাংগেলীৰ। লগে লগে নাংগেলীৰ স্বামী চিৰুকন্দনে শোকতপ্ত হৈ পত্নীৰ চিতাত জপিয়াই আত্মজাহ দিছিল। উল্লেখযোগ্য যে, ভাৰতত পুৰুষ সতী হোৱা এয়েই প্ৰথম ঘটনা।
ইফালে নিৰ্ভীক মহিলা গৰাকীৰ মৃত্যুৱে সমাজৰ আন মহিলাসকলক সাহস দিছিল। উল্লেখ কৰা প্ৰয়োজন যে, কেৰালাৰ দৰে প্ৰগতিশীল বুলি গণ্য কৰা ৰাজ্যতো ব্লাউজ বা চাদৰ পিন্ধাৰ অধিকাৰ পাবলৈ মহিলাসকলে ৫০ বছৰতকৈও অধিক সময় তীব্ৰ সংগ্ৰাম কৰিবলগীয়া হৈছিল। জানিব পৰা মতে, ১৮১৩ চনৰ পৰা ১৮৫৯ চনলৈকে ট্ৰাভাংকোৰৰ শাসকে উৰ্ধাংশ ঢকা কাপোৰক লৈ কেইবাটাও নিয়ম গঢ়িছিল আৰু ভাঙিছিল।
এই বিষয়ক লৈ ৰজাৰ পাৰিষদসকলে যুক্তি দিছিল যে উৰ্ধাংশ ঢকা অধিকাৰে জাতি ভেদ আঁতৰাই ৰাজ্যখন দূষিত কৰিব। চাৰি দশক ধৰি এই বিদ্ৰোহ অব্যাহত আছিল। ১৮৫৯ চনত দুগৰাকী নাডাৰ মহিলাৰ উৰ্ধাংশৰ কাপোৰ ছিঙি তেওঁলোকক ৰাজহুৱাভাৱে গছত ফাঁচী দিয়াৰ কথাও ইতিহাসত উল্লেখ আছে।
১৮৫৯ চনৰ ২৬ জুলাইত মহিলাসকলে ওপৰৰ কাপোৰ পিন্ধা নিষিদ্ধ কৰা আইনখন ৰজাৰ আদেশৰ দ্বাৰা সলনি কৰা হৈছিল। নাংগেলীৰ বলিদানে নিম্ন জাতিৰ মহিলাসকলক সন্মান প্ৰদানত সহায় কৰে। শৰীৰৰ ওপৰভাগ ঢাকিব পৰাকৈ কাপোৰ পিন্ধিবলৈ অনুমতি দিয়া হয়।
যিখন দেশত নাৰীৰ ভগৱান তথা দেৱীৰ মৰ্যদা দিয়া হয়, সেইখন দেশ তথা সমাজত এগৰাকী মহিলাই নিজৰ স্বাভিমান, মৰ্যদা অক্ষুন্ন ৰাখিবলৈ এনেদৰে যুঁজ দিব লগা হৈছিল। আমাৰ এই সমাজখনেই নাগুৰ-নাকটি কৰিছিল নাংগেলীৰ দৰে নিজ অধিকাৰৰ বাবে যুজাঁ সাহসী মহিলাক।
এইখিনিতে উল্লেখ কৰিব লাগিব যে, এই আইনৰ বিৰোধিতা কোনো উচ্চ জাতিৰ মহিলাই কৰা নাছিল। যদিও আমাৰ ভৰিৰ তলৰ মাটিখিনি এতিয়া পকীলৈ পৰিণত হৈছে, আধুনিকতাৰ ধামখুমীয়াত লজ্জা নিবাৰণ কৰিব পৰা কাপোৰসাজ পৰিধান কৰাতো কৰিছো কৃপণালি।
এনেদৰেই চলি আছে আজিৰ এই সম্ভ্ৰান্ত তথাকথিত সমাজ। পৰিস্থিতিৰো কিন্তু বিশেষ পৰিৱৰ্তন হোৱা নাই। আজিৰ সময়তো আমি সমাজত প্ৰায়ে উচ্চ-নীচ,সাজ-পোচাকক লৈ বহু পৰিস্থিতিৰ সন্মুখীন হওঁ। সেয়ে মহিলা সকলে পদে পদে অতীতৰ এনে সাহসী আৰু নিৰ্ভীক নাৰী সকলক মনত ৰখা উচিত কাৰণ আমাৰ বৰ্তমান এতিয়াও ত্ৰুটিপূৰ্ণ...