
দিল্লী আই আই টিলৈ ইঞ্জিনীয়াৰিং কৰিবলৈ যোৱা ল'ৰাটো ঘূৰি আহি গুৱাহাটীৰ এটা ছেটেলাইট চেনেলত আৰম্ভ কৰিছিল এংকৰিং। ৩ বছৰ চেটেলাইট চেনেলটোত বাতৰি পঢ়ি পুনৰ গুছি গৈছিল মুম্বাইলৈ।
মুম্বাইত কিছু দিন থকাৰ পাছত পুনৰ হৈছিল ঘৰ বাপছি। মুম্বাইৰ পৰা অসমলৈ আহি তেওঁ আৰম্ভ কৰিছিল এখন ব্যতিক্ৰমী চিনেমা নিৰ্মাণৰ কাম। অভিনেতা হিচাপে লৈছিল নিজ ভাতৃৰ লগতে সম্পৰ্কীয় ভাতৃক।
তাৰ পাছতে মৃতপ্ৰায় অসমীয়া চিনেমা উদ্যোগত সূচনা হৈছিল এটা নতুন ধাৰাৰ। নিজেই সৃষ্টি কৰা এই ধাৰা অব্যাহত ৰখাৰ ক্ষেত্ৰত তেওঁ যিকেইখন চিনেমা নিৰ্মাণ কৰিলে সেই প্ৰতিখন চিনেমাই দৰ্শকৰ মন মগজুত বিশেষ স্থান দখল কৰিবলৈ সক্ষম হ'ল।
লোকেল কংফু। ২০১৩ ত মুক্তি প্ৰাপ্ত এই চিনেমাখন অসম তথা উত্তৰ পূৰ্বাঞ্চলৰে নহয়, ভাৰতৰে প্ৰথমখন সমৰকলা কংফুৰ আধাৰত নিৰ্মিত চিনেমা। এই চিনেমাখনৰ জৰিয়তেই জনপ্ৰিয়ত অৰ্জন কৰিছিল পৰিচালক, অভিনেতা কেনি বসুমতাৰীয়ে।
এই চিনেমাখনৰ প্ৰতিটো চৰিত্ৰই দৰ্শকৰ মানসপটত এটা সুকীয়া আসন দখল কৰিছে। লোকেল কংফুৰ জৰিয়তে অসমত জনপ্ৰিয়তা অৰ্জন কৰা কেনি বসুমতাৰীয়ে ইতিমধ্যে ভৰি দিছে বলিউডত।
কেইবাখনো জনপ্ৰিয় বলিউড চিনেমাত অভিনয় কৰা কেনি বসুমতাৰীয়ে শেহতীয়া বলিউড বাদশ্বাহ শ্বাহৰুখ খানৰ সৈতে বিগ বাজেটৰ ছবি 'জাৱান' ত অভিনয় কৰাৰ সুযোগ লাভ কৰিছে। এগৰাকী অৱসৰপ্ৰাপ্ত কামাণ্ডোৰ ছবিত অভিনয় কৰিছে।
এই চিনেমাখনত তেওঁ শ্বাহৰুখ খানৰ সৈতে স্ক্ৰীণ শ্বেয়াৰ কৰাৰ লগতে ফাইটিংৰ দৃশ্যতো অভিনয় কৰিছে। শ্বাহৰুখ খানৰ উপৰিও দীপিকা পাডুকন, নয়নতৰা আদিৰ দৰে জনপ্ৰিয় অভিনেত্ৰীয়ে অভিনয় কৰিছে।
ছবিখনত কেনি বসুমতাৰীয়ে শ্বাহৰুখ খানৰ ৪ জনীয়া কামাণ্ডো দলৰ সদস্য হিচাপে অভিনয় কৰিছে। বলিউডৰ পূৰ্বৰ অভিজ্ঞতাৰ পৰা শিকনি লৈ তেওঁ জাৱান মুক্তি নোপোৱালৈকে বহুত বেছি উৎকণ্ঠিত হৈ থকা নাই যদিও চিনেমাখনক লৈ আশাবাদী। চিনেমাখনত তেওঁৰ চৰিত্ৰটোৰ গুৰুত্ব আছে।
জাৱানৰ পূৰ্বে কেনি বসুমতাৰীয়ে অভিনয় কৰিছিল ফাটা পোষ্টাৰ নিকলা হিৰ', মেৰী কম, ৰাগদেশ, য়াৰা আদিৰ দৰে চিনেমাত। মেৰী কম চিনেমাখনত কেনি বসুমতাৰীৰ অভিনয়ে সকলো মুগ্ধ কৰাৰ বিপৰীতে ফাটা পোষ্টাৰ নিকলা হিৰ' চিনেমাখনত অভিনয় কৰাৰ পিছতো অজ্ঞাত কোনো কাৰণত তেওঁৰ অভিনয়ৰ দৃশ্যাংশ চিনেমাখনৰ পৰা আঁতৰাই দিয়া হৈছিল।
ইতমধ্যে বলিউডত অভিনয় কৰি বহু পৰিচালকৰ দৃষ্টি আকৰ্ষণ কৰা কেনি বসুমতাৰীয়ে সেয়ে জাৱান চিনেমাখনৰ কাষ্টিং টীমে ফোন কৰি অভিনয়ৰ অফাৰ দিয়াত বিশ্বাস কৰা নাছিল। কাষ্টিং টীমে তেওঁক ফোনত কৈছিল, ৰেড চিলিৰ বেনাৰত নিৰ্মাণ হ'বলগীয়া চিনেমাখনৰ কথা।
চিনেমাখনত ৪ জন কামাণ্ডোৰ চৰিত্ৰ আছে। তাৰে এজন হিচাপে তেওঁক পৰিচালকে পচন্দ কৰিছে। পৰিচালকজনে ইতিপূৰ্বে তেওঁৰ অভিনয় চোৱাৰ বাবে চিনেমাখনৰ বাবে অডিশ্যন দিবলগীয়া হোৱা নাছিল। অৱশ্যে পিছত প্ৰডাকশ্যন টীমে ফোন কৰি সকলো ঠিক কৰাতহে বিশ্বাস হয়।
বলিউড বাদশ্বাহ শাহৰুখ খানৰ সৈতে অভিনয় কৰাৰ অভিজ্ঞতাৰ সম্পৰ্কে তেওঁ কয়, প্ৰথমবাৰৰ যেতিয়া তেওঁৰ সৈতে সাক্ষাৎ হয় সেই সময়ত তেওঁ শ্বুটিং স্থলীলৈ কিছু পলমকৈ অহাৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰিছিল। স্বাভাৱিকতে শ্বাহৰুখ খানৰ এই আচৰণত তেওঁ আচৰিত হৈছিল।
শ্বুটিঙৰ সময়ত বৰ বেছি কাৰো লগত কথা পাতি সময় নষ্ট কৰাতকৈ তেওঁ স্ক্ৰিপ্ট পঢ়ি নিজৰ অভিনয়ৰ দৃশ্যাংশৰ বাবে সাজু হৈছিল। অতি বেছি তেওঁ ৩ ৰ পৰা ৪ বাৰ হে ৰিটেক লোৱা দেখিছিল। কেনি বসুমতাৰীৰ ভাষাত একেবাৰে ভদ্ৰ পুৰুষ কিং খান। চিনেমাখনত কেইবাটাও এক্সনৰ দৃশ্য আছে কেনি বসুমতাৰীৰ।
বলিউডৰ তিতা, মিঠা দুয়োটা অভিজ্ঞতা আহৰণ কৰিছে কেনি বসুমতাৰীয়ে। ফাটা পোষ্টাৰ নিকলা হিৰ'ৰ দৃশ্য কাটি দিয়াৰ বিপৰীতে বলিউডৰ কোনো এক কামৰ বাবে এতিয়াও হেনো প্ৰাপ্য ধন পাবলৈ বাকী আছে। এয়া তেওঁৰ তিতা অভিজ্ঞতা। আনহাতে নেতাজী সুভাষ চন্দ্ৰ বসুৰ চৰিত্ৰত অভিনয় কৰি গৌৰৱান্বিত কেনি বসুমতাৰী।
লোকেল কংফুৰ জৰিয়তে জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰা লোকেল কংফু ব্যৱসায়ীক ভাৱে হেনো এখন ফ্লপ ছবি। কেৱল লোকেল কংফুয়েই নহয় লোকেল কংফু ২, ছাচপেনডেড ইনস্পেক্টৰ বড়ো বক্স অফিচত ফ্লপ হৈছিল। অথচ লোকেল কংফুৰ প্ৰতিটো দৃশ্য, প্ৰতিটো সংলাপ আজিও জনপ্ৰিয়।
লোকেল কংফুৰ নোচোৱা মানুহ খুব কমহে ওলাব। তেনে পৰিপ্ৰেক্ষিতত লোকেল কংফু ফ্লপ হোৱা বুলি হয়তো কোনে লোকেই নাভাবিব। কিন্তু সেয়াই সঁচা। লোকেল কংফু মুক্তিৰ সময়ত অভিজ্ঞতা নাছিল কেনি বসুমতাৰী আৰু তেওঁৰ টীমটোৰ। ইয়াৰোপৰি লোকেল কংফু পাইৰাছিৰ কৱলটো পৰিছিল।
এইসকলোবোৰৰ পৰা শিকিছে কেনি বসুমতাৰীয়ে। চিনেমাৰ মুক্তিৰ ক্ষেত্ৰত বিগ বাজেটৰ ছবিৰ লগত ফেৰ মৰা, চিনেমাৰ নাম নিৰ্ধাৰণ কৰাত সচেতন হৈছে। আৰু এনে সচেতনতাৰ বাবেই তেওঁৰ ২০২২ ত মুক্তি প্ৰাপ্ত লোকেল উৎপাত হিট হৈছিল। ১ কোটিৰো অধিক বক্সি অফিচ কালেকশ্যন কৰিবলৈ সক্ষম হৈছিল।
জুবিন গাৰ্গৰ মিচন চাইনাৰ জৰিয়তে অসমীয়া চিনেমাৰ ভাল দিন ঘূৰি আহিল বুলি অনুভৱ কৰে কেনি বসুমতাৰীয়ে। মিচন চাইনাৰ পাছত কাঞ্চনজংঘা, ৰত্নাকৰ, ডাঃ বেজবৰুৱা-২, শ্ৰীৰঘুপতিয়ে অসমীয়া চিনেমাক নতুন মাত্ৰা প্ৰদান কৰিলে।
কেনি বসুমতাৰীৰ মতে মানুহে যিহেতু পইচা খৰছ কৰি চিনেমা চাবলৈ যায় সেয়ে কিবা এটা নতুনত্ব বিচাৰে। শ্ৰীৰঘুপতিয়ে সেই নতুনত্ব দিছে। সেয়ে হিট হৈছে।
২০২৪ ৰ শিক্ষক দিৱসত ছবি গৃহলৈ অহাৰ সম্ভাৱনা আছে 'লোকেল কংফু ৩'। ২০২৩ ৰ শেষৰ মাহ কেইটাত ছবিখনৰ শ্বুটিং আৰম্ভ হ'ব। একেদৰে চিন্তা কৰি থকা হৈছে 'লোকেল উৎপাত ২' ৰো কথা। এক্সন, কমেডী আৰু ৰোমাঞ্চৰ সমন্বয়ৰে বাস্তৱ জীৱৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি কেনি বসুমতাৰীয়ে নিৰ্মাণ কৰা এই ধাৰাৰ চিনেমাই দৰ্শকক আমোদ দি আহিছে। 'লোকেল কংফু ৩' অথবা 'লোকেল উৎপাত ২' য়েও যে সেই ধাৰা ধৰি ৰাখিব সেয়া নিশ্চিত। এতিয়া কেৱল অপেক্ষা।