/asomiyapratidin/media/media_files/2025/02/22/XQBytwuJnECI1gpClnpM.jpg)
মৃদুল কুমাৰ সন্দিকৈ
দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে ক’বলৈ সহজ। ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা মানসিকতা আৰু দৃঢ়তা থকা লোকহে অভাৱ। কেতিয়াবা ৰাজনৈতিক কাৰণত এনে কিছু মানুহৰ প্ৰসংগ দুৰ্নীতি বা অনিয়মেৰে সাঙোৰ খুৱাই উত্থাপন কৰা হয়।
তাৰ প্ৰমাণ অসম বিধানসভাত অসমৰ জনতাই পালে। এগৰাকী প্ৰবক্তাক নিযুক্তিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে পুৰণি প্ৰসংগ টানি যিবোৰ অভিযোগ উত্থাপন কৰিছিল, সেই অভিযোগৰ সত্যতা আৰু ভিত্তি নাই বুলি সৰ্বসাধাৰণ পতিয়ন গৈছে।
অখিল গগৈৰ পত্নী হোৱাৰ বাবেই গীতাশ্ৰী তামুলীৰ নিযুক্তিক লৈ প্ৰশ্ন উত্থাপন কৰা সকলে ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় ইতিমধ্যেই পাইছে। প্ৰচুৰ অধ্যয়নশীল আৰু মেধাৱী গীতাশ্ৰী তামুলীৰ নিযুক্তি সঁচাকৈয়ে অনিয়মেৰে হৈছিল নেকি, সেই কথা জানিবলৈ যোগাযোগ কৰিছিলো সেই সময়ৰ বি বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীক।
তেখেতে স্পষ্টকৈ জানিবলৈ দিলে যে, এই নিযুক্তিত কোনো অনিয়ম বা বিসংগতি হোৱা নাছিল। পূৰ্বতে এখন মহাবিদ্যালয়ত কেইবা বছৰ শিক্ষকতা কৰা আৰু সেই সময়তে তেওঁৰ দ্বাৰাই ৰচিত গ্ৰন্থ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰংসগ পুথি হোৱাৰ লগতে বিভিন্ন স্তৰৰ পৰীক্ষাত দেখুওৱা মেধাৱীৰ বাবে অভিজ্ঞ আৰু প্ৰতিষ্ঠিত লোকৰ দ্বাৰাই গঠিত বাচনি কমিটীয়ে তেওঁৰ নাম উক্ত পদৰ বিবেচিত কৰিছিল।
এই বাচনি কমিটীত বিশিষ্ট শিক্ষাবিদ টাবু টাইদৰ দৰে লোক আছিল। সেই সময়ত তেওঁ আছিল বি বৰুৱা মহাবিদ্যালয়ৰ গভ’ৰ্ণিং ব’ডীৰ সভাপতি। গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুগৰাকী অভিজ্ঞ অধ্যাপকো এই প্ৰক্ৰিয়াটোৰ সৈতে জড়িত হৈ আছিল।
তেওঁৰ নাম বিবেচনা কৰি উচ্চ শিক্ষা সঞ্চালকালয়লৈ প্ৰেৰণ কৰা হৈছিল আৰু সেই নিযুক্তিত অনুমোদন জনোৱাৰ পাছত গীতাশ্ৰী তামুলীয়ে বি বৰুৱা কলেজত যোগদান কৰিছিল। তেতিয়াৰ শিক্ষামন্ত্ৰী এতিয়াৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আছিল।
সেই সময়ত তৰুণ গগৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ আছিল অখিল গগৈ। সেয়েহে এই নিযুক্তি সম্পৰ্কীয় ফাইলৰ খুঁটি-নাতি মাৰি দিশপুৰে চাইছিল। গতিকে ৰাজনৈতিক কাৰণতে এনে অভিযোগ উত্থাপন কৰাতো ভিত্তিহীন আৰু অপ্ৰয়োজনীয়।
অধ্যক্ষগৰাকীৰ এই কথাখিনিয়েই গীতাশ্ৰী তামুলীক লৈ সৃষ্টি কৰা অযথা বিতৰ্কৰ এক নিৰপেক্ষ পক্ষৰ বিশ্বাসযোগ্য উত্তৰ। মুখ্যমন্ত্ৰীয়ে যদি দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে ইমানেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ তৎপৰ হৈ আছে তেনেহ’লে তেওঁৰ চৰকাৰী বিভাগত এতিয়া সংঘটিত হৈ থকা অনিয়মৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি তেওঁৰ সততাৰ পৰিচয় দিব পাৰে।
ৰাজ্যৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে প্ৰায়ে সমস্যাত পৰা এটা বিষয় পেঞ্চন। এই পেঞ্চন সঞ্চালকালয়ত বৰ্তমান সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা বিকাশ দাস নামৰ এইগৰাকী বিষয়াই অতি কৌশলেৰে ৩/৪ দিনত ধনৰ বিনিময়ত এচামক পেঞ্চনৰ কাম কৰি দিয়ে।
নিজাকৈ নিয়োজিত একাংশ দালালৰ জৰিয়তে অতি সংগোপনে এই কাম কৰি আহিছে দাসে। তথ্যসহকাৰে সংবাদ মাধ্যমত সেই খবৰ প্ৰকাশ কৰিছিল ‘অসমীয়া প্ৰতিদিন ডিজিটেলে।’ কোনজন পেঞ্চনাৰৰ কাম কিমান দিনত আৰু সেই পেঞ্চনৰ পি পি অ’ কিছু নিৰ্দিষ্ট ব্যক্তিৰ হাতত তুলি দিয়া বিকাশ দাসে সংঘটিত কৰা এই অনিয়মৰ বিচাৰ কিন্তু মুখ্যমন্ত্ৰীয়ে আজিপৰ্যন্ত কৰিব নোৱাৰিলে।
সমস্ত তথ্যসহকাৰে এইবোৰ তথ্য ফাদিল কৰাৰ পাছতো মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পদক্ষেপ গ্ৰহণ কৰিব বুলি বহু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে আশাৰে বাট চাইছিল। ১৮-০৭-২০২৩ত পেঞ্চন সঞ্চালকালয়ৰ সঞ্চালক হিচাপে নিযুক্তি পোৱা দাসে সংঘটিত কৰা অনিয়মসমূহৰ তথ্য তেওঁৰ কৰ্মৰত কাৰ্যালয়তে জমা আছে।
‘কৃতজ্ঞতা এপ’ৰ জৰিয়তে প্ৰথমে অহাজনক প্ৰথমে সেৱা প্ৰদান কৰাৰ নিয়ম থকাৰ পাছতো কিহৰ বাবে নিৰ্দিষ্ট কিছু পেঞ্চনৰ ফাইল এইগৰাকী সঞ্চালকে নিজা আই ডি ব্যৱহাৰেৰে অতি কম সময়ৰ ভিতৰত নিস্পত্তি কৰি দিয়ে, সেয়া তদন্ত কৰিলেই সকলো তথ্য ফাদিল হ’ব। এন আই চিৰ দ্বাৰা পৰিচালিত এই এপত পঞ্জীয়ন নকৰাকৈ এতিয়ালৈকে দাসে নিজা আই ডিৰ জৰিয়তে কিমানৰ পেঞ্চনৰ কাম, কিহৰ বিনিময়ত কৰি দিছে, সেই তদন্ত কৰাতো বিচাৰে পেঞ্চনৰ আশাত বন্দী হৈ থকা আন অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে।
কিহৰ বাবে তলতীয়া কৰ্মচাৰীৰ জৰিয়তে অনলাইনযোগে বিলাসী মোবাইল ক্ৰয় কৰি উচ্চ পদস্থ বিষয়াক সন্তুষ্ট কৰিবলৈ দিছিল সেই কথাবোৰ তদন্তই সামৰি ল’ব লাগে। এনে বিলাসী মোবাইল ফোনত কিমান নম্বৰৰ চিম লগোৱা হৈছিল, সেয়া এতিয়া উলিয়াবলৈ টান নহয়।
এইজন বিতৰ্কিত বিকাশ দাসে নিজৰ স্বাৰ্থৰ বাবে কিমান তললৈ যাব পাৰে তাৰ প্ৰমাণ তেওঁ পূৰ্বতে কৰ্মৰত কাৰ্যালয়সমূহত এৰি থৈ আহিছে। বৰ্তমান তেওঁৰ সম্পত্তি কিমান আৰু সেই স্থাৱৰ- অস্থাৱৰ সম্পত্তিৰ উৎস কি ইয়াৰ তদন্তৰ ব্যৱস্থা কৰিলেই সকলো ওলাই পৰিব।
বেলতলাত তেওঁৰ বিলাসী বিউটি পাৰ্লাৰ, ফ্লেট আছে নে নাই, সেয়া তদন্তকাৰী বিষয়াই পৰীক্ষা কৰক। জি এছ ৰোডৰ এন এইছ এমৰ কাৰ্যালয়ৰ সমীপত থকা ইমন এপাৰ্টমেণ্টত তেওঁৰ দুটা ফ্লেট আছে নেকি সেয়াও পৰীক্ষা কৰা হওঁক। লগতে অনুসন্ধান হওক কৰিমগঞ্জ, গুৱাহাটীকে ধৰি বিভিন্ন স্থানত থকা মাটি আৰু বহুমহলীয়া বিলাসী অট্টালিকাবোৰৰো।
চতুৰ বিকাশ দাসে এতিয়া এই খবৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছত নিজকে ধোৱা তুলসীৰ পাত সঁজাবলৈ সকলো প্ৰচেষ্টা হাতত লৈছে। যিবোৰ পেঞ্চনৰ ফাইল দালালৰ জৰিয়তে তেওঁ নিস্পত্তি কৰা বুলি খবৰ হৈছিল তেনে কিছু নিৰ্বাচিত ফাইল ষ্টোৰ ৰুমৰ পৰা বিচাৰি আনি নিজৰ কাৰ্যালয়ৰ কক্ষত ৰখোৱাৰ অৰ্থ কি ? এইবোৰ ফাইল আৰু তথ্য তেওঁ নষ্ট কৰাৰ চেষ্টা চলাইছে নেকি ?
ইফালে বাতৰি প্ৰকাশ পোৱাৰ পাছত পেঞ্চন সঞ্চালকালয়ৰ কেইজন মান নিৰ্দিষ্ট বিষয়া-কৰ্মচাৰীক তেওঁ বিশেষ দায়িত্ব অৰ্পণ কৰিছে। সেই খবৰবোৰ মিছা বুলি স্পষ্টীকৰণ পঠাবলৈ বিমল পায়েং নামৰ বিষয়াজনক ঢাল কৰি লৈ স্বাক্ষৰ সংগ্ৰহৰ অভিযানত নামি পৰিছে বিকাশ দাস।
ইয়াত সহযোগ কৰিছে বসন্ত ডেকা নামৰ আন এজনে। এজন বৰমূৰীয়াই যেতিয়া নিজক বচাবলৈ এনে উদ্যোগ লয়, তেতিয়া কাৰ সাধ্য আছে ইয়াক বিৰোধিতা কৰা ! ১৮-০২-২০২৫ত কাৰ্যালয়ত তেনে এখন জৰুৰী সভা বিমাল পায়েঙৰ জৰিয়তে অনুষ্ঠিত কৰি ২টা সিদ্ধান্ত লোৱাইছে বিকাশ দাসে।
সেই সিদ্ধান্তসমূহৰ ভিতৰত পেঞ্চন সঞ্চালকালয়ত মহিলা কৰ্মচাৰীক মানসিক নিৰ্যাতন চলোৱাতো অসত্য। আৰু পেঞ্চনৰ সন্দৰ্ভত উত্থাপিত অভিযোগ মিছা বুলি কোৱা হৈছে। অৱশ্যে বাতৰি সন্দৰ্ভত সমূহ কৰ্মচাৰীয়ে এই দ্বিতীয় প্ৰস্তাৱত চৰকাৰী হস্তক্ষেপৰ দাবী কৰিছে। সেই হস্তক্ষেপ আমিও বিচাৰিছো।
সদৌ অসম মুৰব্বী বিভাগীয় আমোলা সন্থা পেঞ্চন সঞ্চালকালয়ৰ বিভাগ গোটে লোৱা এই সিদ্ধান্ত চৰকাৰে বিবেচনা কৰিব লাগে। যাৰ প্ৰতিলিপি আমোলা সন্থাৰ সভাপতি- সম্পাদকৰ লগতে ART & PPG বিভাগৰ অতিৰিক্ত আয়ুক্ত সচিব, বিত্ত বিভাগৰ সচিব আৰু মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়কলৈ প্ৰেৰণ কৰা বুলি এই পত্ৰত উল্লেখ আছে।
পেঞ্চন সঞ্চালকালয়ৰ বিষয়া- কৰ্মচাৰীসকলে বিকাশ দাসৰ আচল স্বৰূপ নিশ্চয় জানে। তেওঁ অনিয়মৰ বিৰোধিতা কৰা কৰ্মচাৰীৰ বিৰুদ্ধে এই স্বাক্ষৰ গ্ৰহণৰ অস্ত্ৰপাত প্ৰায়েই ব্যৱহাৰ কৰে। কিন্তু তেওঁৰ অধীনত এসময়ত কাম কৰা মমি দিহিঙীয়া, কুমাৰিকা বৰগোঁহাই আদি বিষয়াক সুধিলেই তেওঁ কি কৰে তাৰ সত্য উত্তৰ ওলাই পৰিব।
পেঞ্চন সঞ্চালকালয়ৰ আমোলা গোটে বিচৰা ধৰণে মুখ্যমন্ত্ৰীয়ে তদন্তৰ ব্যৱস্থা কৰক। এনে উত্থাপিত অভিযোগৰ পাছতো বিকাশ দাসে তেওঁক কোনেও একো কৰিব নোৱাৰে বুলি যি দম্ভালি মাৰি আছে, সেই দম্ভালিৰ তদন্ত হ’লেই দৰ্পচূৰ্ণ হ’ব।
দুদিনৰ পূৰ্বে তেওঁক এই খবৰৰ ভিত্তিতেই কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছে। কাৰণ দৰ্শোৱাৰ জাননী জাৰিতেই ৰৈ গ’লে এই বিষয়াগৰাকীৰ অনিয়মৰ দস্তাবেজ পোহৰলৈ নাহিব। পুৰণি কথা খুচৰি ৰাজনীতি কৰাৰ সলনি মুখ্যমন্ত্ৰীয়ে এতিয়া সংঘটিত হৈ থকা অনিময়ৰ বিৰুদ্ধে তৎপৰতা প্ৰদৰ্শন কৰক। বিকাশ দাসে পেঞ্চন সঞ্চালকালয়ত মেলা দালালৰ গোপন বজাৰখন বন্ধ কৰি এই বজাৰৰ চৰ্দাৰজনৰ বিৰুদ্ধে পদক্ষেপ ল’লেহে ৰাইজে ভাবিবলৈ বাধ্য হ’ব- দুৰ্নীতি- অনিয়মৰ বিৰুদ্ধে সঁচাই তেওঁ সততাৰে কঠোৰ ব্যৱস্থা ল’ব পাৰে...।