বিহুত এই খাদ্য খাবলৈ ভৰিব লাগিব ২০০০...

বিহুত এই খাদ্য খাবলৈ ভৰিব লাগিব ২০০০...

মৃদুল কুমাৰ সন্দিকৈ

দীঘল বাঁহ লৈ গছে গছে আমৰলি পৰুৱাৰ টোপ বিচৰাৰ গাঁৱৰ সেই দিনবোৰ এতিয়া বহুতৰ বাবেই স্মৃতি। বিহু আহিলে আমৰলি টোপৰ আদৰ আৰু বাঢ়ে। বিহুৰ দিনা আমৰলি পৰুৱাৰ টোপ খোৱাটো উজনি অসমৰ ফালে এক পৰম্পৰাৰ নিচিনা।

গুৱাহাটী মহানগৰীত থাকি সেই সোৱাদ ল'ব বিচৰাসকলৰ বাবে সু-খবৰ যে, বজাৰত আমৰলি পৰুৱাৰ টোপ উপলব্ধ হয়। বেলতলাৰ বজাৰত জনগোষ্ঠীয় একাংশ মহিলাই আমৰলি পৰুৱাৰ টোপ সংগ্ৰহ কৰি আনি বিক্ৰী কৰেহি।

মুহূৰ্তৰ ভিতৰতেই সেই টোপ বিক্ৰী হৈ যায়। অৱশ্যে ইয়াৰ বাবে যথেষ্ট ধন ব্যয় কৰিবলগীয়া হয়। বিহুৰ ৫/৬ দিন আগতে যি আমৰলি পুৰুৱাৰ টোপ প্ৰতি কেজিত এহাজাৰ টকাত বিক্ৰী হৈছিল সেই টোপৰ মূল্য ৰঙালী বিহুৰ উৰুকাৰ দিনা প্ৰতি কেজিত দুহেজাৰ টকালৈ বৃদ্ধি পায়।

আমৰলি টোপৰ সোৱাদ পোৱাসকলে ইমান দামৰ পাছতো সেই টোপ ক্ৰয় কৰি নিয়াৰ কাৰণটো হ'ল বছৰত এবাৰ পৰম্পৰা ৰক্ষা কৰি সেই খাদ্য খাব। কোনো কোনৱে টোপ বিক্ৰী কৰা মহিলাসকলক মূল্য হ্ৰাস কৰিবলৈ অনুৰোধ কৰাত তেওঁলোকে দিয়া উত্তৰটো আছিল- নিলে লৈ যাওঁক, দাম কম নহয়। অলপ পাছত ৩ হাজাৰ টকা দিলেও এইবোৰ নাপাব।

একেদৰে গুৱাহাটীৰ বজাৰত যথেষ্ট সমাদৰ থকা আন এবিধ খাদ্য হ'লে বেতগাজ। বেতৰ আগলি অংশ তিতা যদিও বহুতৰ বাবে সেয়া প্ৰিয় খাদ্য। বেলতলাৰ বজাৰতেই এজন নিৰ্দিষ্ট ব্যক্তিয়ে বেতগাজ বিক্ৰী কৰেহি।

তিনিটাকৈ বেতগাজৰ মূল্য তেওঁ লয় ১০০ টকাকৈ। পুৱাৰ ভাগতে গাজ ক্ৰয় নকৰিলে পলমকৈ সেয়া পোৱাটো টান। আমাৰ লোক উৎসৱৰ সৈতে লোক খাদ্যও এক সম্পৰ্ক আছে। শুকান বতৰৰ পাছত নামি অহা বসন্তৰ বৰষুণ জাকে গছ-বন, লতা আদিক নতুন ৰূপ দিয়ে।

ব'হাগ বিহুত ১০১ বিধ শাক খোৱাটো নিয়ম। গাঁৱৰ মহিলাসকলে পথাৰৰ পৰা গৰু বিহুৰ দিনা সেই শাক সংগ্ৰহ কৰে। কোনো কোনো ঠাইত সাত শাক খোৱাৰ নিয়মো আছে। যাক কোৱা হয় সাতশাকী।

কঠালৰ মুছী, পচলা, কচু, কলদিল, পদিনা আদি ঔষধি গুণ সম্পন্ন খাদ্য সম্ভাৰে অসমীয়া লোকখাদ্যৰ চহকী। বিহুৰ আন পিঠা-পনাৰ উপৰিও এই খাদ্য অভ্যাসে মানুহক বছৰটোৰ বাবে নিৰোগী কৰি ৰাখে বুলি বিশ্বাস আছে।

বিহুৰ বতৰত গৰু গা ধোৱাবলৈ বা মানুহে গা ধুবলৈ কেঁচা হালধি ব্যৱহাৰ কৰে। এই হালধিও ঔষধি গুণ সম্পন্ন। আনহাতে গৰু গা ধোৱাৰ সময়ত ব্যৱহাৰ কৰা চাকত বেঙেনা, লাও, ঠেকেৰা, কেৰেলা, হালধি ব্যৱহাৰ কৰে।

ব'হাগ বিহুত ১০১ বিধ শাক খোৱা হয়। সেই শাকবোৰ ক্ৰমে সৰু মানিমুনি, বৰ মানিমুনি, মাটিকাঁদুৰী, লাইজাবৰি, মছন্দৰী, কেঁহেৰাজ, পনৌনোৱা, শুকলতি, ঢেঁকীয়া, তংলতি, কেৰেলালতি, বৰটেঙেচী, সৰু টেঙেচী, লবৰুৱা, টিকনিবৰুৱা, বনজালুক,বনতিয়ঁহ, বনখুতৰা, মিঠামৰা, তিতমৰা, চেংমৰা, টেঙামৰা, নৰসিংহ, তিতাফুল, ভেদাইলতা, জিলমিল, চুতীয়ালফা, তৰাগজালি, দোৰোণ বন, তিতাবাহক, বগা বাহক, মেচাকী, মেজেঙা, নেফাফু, মেটেকা, লাচকঁচি, তিতাকঁচি, বৰপূৰৈ, ৰঙাপূৰৈ, সৰুপূৰৈ, ভুতমলা, বেতগাজ, নলটেঙা, জাতিলাওৰ আগ, ৰঙালাওৰ আগ, বাঘ আঁচোৰা, মধু সোলেং, দুপৰ টেঙা, ভীমৰাজ, বিহলঙনি, ঢেকীয়া, হাতীখুতৰা, কলমৌ, মনোৱা, লাই, লফা, পালেং, বাবৰি, চুকা, ধনিয়া, টুবুকীলতা, ধেৰুৱা, মালভোগ খুতৰা, ধপাত তিতা, মহানিম, বৰবিলাহী আগ, কণবিলাহীৰ আগ, পাতীসোন্দা, উৰিয়াম, মছ, মদাৰ, মধুৰি আগ, জেতুলীপকা, কাঠ আলুৰ আগ, ৰঙা আলুৰ আগ, মোৱা আলুৰ আগ, পদিনা, তলবাঘিনী, দুবৰি বন, বন নহৰু, সোণবৰিয়াল, বৰালি বকুৱা, বিয়নীসাবটা, পচতীয়া, মহাভৃংগৰাজ, ভাঙৰ আগ, মানধনিয়া, মৰলীয়া, বগা মৰিচা, ৰঙা মৰিচা, সৰিয়হ শাক, গাখীৰতি বন, চজিনাৰ পাত, চোৰাতৰ আগ, ধতুৰা আগ, ব্ৰাহ্মী শাক, নিলাজী বন, বেলিপকা, অপৰাজিতা, মিথি শাক, পিৰালি পালেং, পিৰালীকুঁৱৰী, চালকুঁৱৰী, আগজ্বলা, হেলচী, পানীফলা, ভেঁট, পদুম, বিশল্যকৰণি, কেঞাবন, বন কপাহ, বৰবৰিয়াল, পিঁয়াজ পাত, নহৰু পাত, মনোৱা, হালিম, আদা পাত, বিভিন্ন প্ৰকাৰৰ কচু আদি।

এতিয়া ১০১ বিধ নহ'লেও গাঁৱৰ লোকসকলে এনেকৈয়ে ব'হাগৰ বতৰত কেইবা বিধো বনশাক খোৱাৰ পৰম্পৰা ৰক্ষা কৰি আহিছে। বিহুৰ বতৰৰ এই লোকখাদ্যৰ এখন ভাল বজাৰ লাহে লাহে গঢ়লৈ উঠিছে।

আগতে মানুহে নিজেই বিচাৰি সেইবোৰ জোগাৰ কৰিছিল যদিও এতিয়া বজাৰত এনে লোকখাদ্যৰ সম্ভাৰ উপলব্ধ হ'ব ধৰিছে। ব'হাগ বিহুত কণী যুঁজ আন এক উল্লেখযোগ্য পৰম্পৰা। গৰু গা ধোৱাই আহি, গা-পা ধুই কণী যুঁজ কৰে। বিশেষ কিটিপেৰে হাতত এজনে কণী ধৰি থাকে আৰু আন এজনে সেই কণীটোৰ ওপৰ ভাগত লাহে লাহে আঘাত কৰে।

এইদৰে আঘাত কৰোঁতে যিটো কণী ভাগে তেওঁ পৰাজয় হোৱা বুলি ধৰা হয়। মূলতঃ কুকুৰা কণীহে কণী যুঁজত ব্যৱহাৰ কৰা হয়। ইয়াৰ বাবে ঘৰত পোহা কুকুৰাৰ কণী আগৰে পৰা সাচি থয়।

বিহুৰ বতৰত কণী ভজা খোৱাৰো আন এক পৰম্পৰা আছে। কণী যুঁজৰ অন্তত সেই কণীবোৰ সংগ্ৰহ কৰি লগে ভাগে খোৱাৰ নিয়ম। এতিয়া অৱশ্যে সেই পৰম্পৰা ৰক্ষা কৰিবলৈ জেপো গধুৰ হ'ব লাগিব।

প্ৰতি কেজি আমৰলি পৰুৱাৰ টোপৰ বিনিময়ত দুহেজাৰ টকা দিব পৰা সকলেহে চহৰত সেইবোৰ পৰম্পৰা ৰক্ষা কৰিব পৰাৰ কথা ভাবিব পাৰে। গাঁৱত অৱশ্যে এতিয়াও যুৱকসকলে বিহুৰ বতৰত আমৰলি পৰুৱাৰ টোপ বিচাৰি যোৱাৰ নিয়ম আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in