সুধাকণ্ঠৰ হাৰমনিয়ামখন...

সুধাকণ্ঠৰ হাৰমনিয়ামখন...

সুধাকণ্ঠ ভূপেন হাজৰিকা মানেই অসম আৰু অসমীয়াৰ বাবে এক আৱেগ। অসমৰ সংগীত আৰু সমাজ জীৱনত তেওঁৰ উপস্থিতি প্ৰতিজন অসমীয়াই প্ৰতি মুহূৰ্ততে অনুভৱ কৰে। সেই সুধাকণ্ঠৰে স্মৃতি বিজৰিত প্ৰতিটো সামগ্ৰী তেওঁৰ অনুৰাগীৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু।

সুধাকণ্ঠই বজাই ভাল পোৱা বাদ্যবিধ আছিল হাৰমনিয়াম। শেহতীয়াকৈ সুধাকণ্ঠৰ সেই হাৰমনিয়ামৰ সন্দৰ্ভত বলিউডৰ ছুফি গায়ক কৈলাশ খেৰে কৰা মন্তব্যক লৈ কিছু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উজনি অসমৰ এক অনুষ্ঠানত অংশ ল'বলৈ আহি কৈলাশ খেৰে চক্ৰপানী পৰাশৰক দিয়া এক সাক্ষাৎকাৰত ক'লে- সুধাকণ্ঠৰ হাৰমনিয়ামখন তেওঁৰ ওচৰত আছে। ৫ লাখ টকাত নিলামত এই হাৰমনিয়ামখন কিনাৰ কথাও তেওঁ জনালে।

কৈলাশ খেৰক সুধাকণ্ঠৰ হাৰমনিয়ামখন কোনে নিলাম কৰিলে তাক লৈ পুনৰবাৰ এক প্ৰশ্নৰ উদ্বেগ হৈছে। ভূপেন হাজৰিকাৰ এই হাৰমনিয়ামখন কৈলাশ খেৰে ভগৱানৰ নৈবদ্যৰ দৰে তেওঁৰ বাসগৃহত ৰখাইছে বুলি ক'লেও মানুহৰ মনত বিষয়টোক লৈ প্ৰশ্ন হোৱাটোৱেই স্বাভাৱিক।

২০১১ চনৰ ২৫ জানুৱাৰী। সেই দিনাই কলাক্ষেত্ৰত এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। ড০ ভূপেন হাজৰিকা এই অনুষ্ঠানটোৰ মধ্যমণি আছিল। তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ উপস্থিতিত সেইদিনাই কলাক্ষেত্ৰত সুধাকণ্ঠই তেওঁৰ পুৰণি হাৰমনিয়ামখনত হাত বুলাইছিল।

সুধাকণ্ঠৰ কাষত আছিল ৰত্ন ওজা, কমল কটকীৰ দৰে বহু কেইজন ঘনিষ্ঠ ব্যক্তি। কিয়নো সুধাকণ্ঠৰ জীৱিত কালতেই কলাক্ষেত্ৰত তেওঁৰ সামগ্ৰীবোৰৰ এক সংগ্ৰহালয়ৰ আৰম্ভণি কৰা হৈছিল এইদৰে।

কোৱা হৈছিল সুধাকণ্ঠৰ সকলো পুৰস্কাৰ, সন্মান, তেওঁ বহা চকী, ব্যৱহাৰ কৰা বাদ্য যন্ত্ৰ, সাজ- পোচাককে ধৰি এই সংগ্ৰহালয়ত প্ৰায় ৪ হাজাৰ বিধ সামগ্ৰী থাকিব। সুধাকণ্ঠই নিজৰ সংগ্ৰহালয় মুকলি কৰি হাৰমনিয়ামত হাত বুলোৱা সেই ক্ষণটো ধৰি ৰাখিছিল ৰাজ্যৰ এগৰাকী প্ৰতিষ্ঠিত ফটো সাংবাদিক ঋতুৰাজ কোঁৱৰে।

কলাক্ষেত্ৰৰ সংগ্ৰহালয়ত সুধাকণ্ঠৰ পুৰণি হাৰমনিয়ামখন এতিয়াও আছে। তেনে কৈলাশ খেৰৰ হাতত থকা হাৰমনিয়ামখন কাৰ? কোনে নিলাম কৰিছিল এইখন হাৰমনিয়াম?

ইয়াৰ পূৰ্বেও ২০১৯ চনত অম্বুবাচী উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত অংশ ল'বলৈ আহি কৈলাশ খেৰে সুধাকণ্ঠৰ হাৰমনিয়ামখন তেওঁৰ লগত থকাৰ কথা উল্লেখ কৰিছিল। সেই সময়টো বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

কোনে, কেনেকৈ ভূপেন হাজৰিকাৰ হাৰমনিয়ামখন নিলাম কৰিলে সেই প্ৰশ্নৰ উত্তৰ বহুতে বিচাৰিছিল। সুধাকণ্ঠৰ সৈতে তাবলা সংগত কৰা সূৰ্য গোস্বামীৰ মতে সুধাকণ্ঠৰ দুখন হাৰমনিয়াম আছিল। এখন পুৰণি আৰু আনখন নতুন।

পুৰণি হৰমনিয়ামখন সংগ্ৰহালয়তে আছে যদিও তেওঁৰ নতুন হাৰমনিয়ামখন নিলাম কৰা হৈছিল। যিখন কৈলাশ খেৰে ৫ লাখ টকাত ক্ৰয় কৰিছিল। দেশৰ এটা প্ৰতিষ্ঠিত ন্যাস সুৰভী ফাউণ্ডেশ্যন। দৰিদ্ৰ শিশুৰ শিক্ষা আৰু স্বাস্থ্যৰ হকে কাম কৰে এই ন্যাসে।

দেশৰ প্ৰতিষ্ঠিত শিল্পী, তাৰকাৰ পৰা তেওঁলোকে বিভিন্ন সামগ্ৰী সংগ্ৰহ কৰে। সেই সামগ্ৰীসমূহ নিলামৰ জৰিয়তে অৰ্থ সংগ্ৰহ কৰে এই ন্যাসে। ভূপেন হাজৰিকাকো তেওঁলোকে তেওঁৰ ব্যৱহৃত এক সামগ্ৰী দিবৰ বাবে অনুৰোধ কৰিছিল।

সেই সূত্ৰে ভূপেন হাজৰিকাই কল্পনা লাজমিক তেওঁৰ ব্যৱহৃত নতুন হাৰমনিয়ামখন ন্যাসক দিবলৈ অনুমতি দিছিল। সেই ধৰণেই এই ন্যাসৰ হাতলৈ গৈছিল ভূপেন হাজৰিকাৰ নতুন হাৰমনিয়ামখন।

পৰৱৰ্তী সময়ত এই হাৰমনিয়ামখন নিলামৰ বাবে সুৰভী ফাউণ্ডেশ্যনে পদক্ষেপ লৈছিল। কৈলাশ খেৰক এই হাৰমনিয়ামখন নিলাম হ'ব বুলি খবৰ দিছিল বিখ্যাত তথ্যচিত্ৰ নিৰ্মাতা সিদ্ধাৰ্থ কাৰ্কে।

ইমেইল যোগে কৈলাশ খেৰক এই খবৰ জনোৱাৰ পাছত তেতিয়া আৰ্থিকভাৱে স্বচ্ছল নোহোৱা স্বত্বেও তেওঁ ভূপেন হাজৰিকাৰ হাৰমনিয়াম কাৰণেই এইখন ৫ লাখ টকাদি ক্ৰয় কৰিছিল।

ভূপেন হাজৰিকাৰ স্মৃতি বিজৰিত বহু সামগ্ৰী বিভিন্ন স্থানত আছিল। সেইবোৰৰ বহুতৰে এতিয়া খা-খবৰ নাই। কলিকতাৰ তালিগঞ্জৰ ঘৰ, কাজিৰঙাৰ কুঠৰিৰ ঘৰ কি হ'ল কেইজনে খবৰ ৰাখিছে?

আনহে নালাগে জালুকবাৰীত থকা তেওঁৰ সমাধি ক্ষেত্ৰৰ অৱস্থা এতিয়া দুখলগা। ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত সেই সমাধি ক্ষেত্ৰক সংকুচিত কৰা হ'ল। পৰিকল্পনা আৰু ঘোষণা অনুসৰি একোৱেই কৰা নহ'ল।

সকলো কেৱল আৱেগ। ব্যৱহাৰিকভাৱে আমি এইবোৰ ঐতিহ্যক উপযুক্ত সংৰক্ষণ আৰু মৰ্যাদা দিবলৈ আজিও নিশিকিলো। তাৰ মাজতে ভাল লগা খবৰটো হ'ল সুধাকণ্ঠৰ হাৰমনিয়াম বুলি কৈলাশ খেৰে অন্ততঃ এইখন ভক্তিৰ ভাৱ আৰু আদৰেৰে সংৰক্ষণ কৰি ৰাখিছে।

কৈলাশ খেৰৰ লগতেই থাকক এইখন হাৰমনিয়াম। সুধাকণ্ঠৰ পুৰণি হাৰমনিয়ামখনটো আমৰ কাষতেই আছে। বলিউডৰ শিল্পীৰ সুধাকণ্ঠৰ প্ৰতি এই আগ্ৰহে বুজাই দিয়ে তেওঁ কি পৰ্যায়ৰ শিল্পী আছিল। আমি তেওঁৰ জন্মদিন আৰু মৃত্যু দিনত ফটোৰ সন্মুখত এগছি বন্তি জ্বলাই নিয়ম মাফিক সোঁৱৰণ কৰাৰ বাদে কি কৰিব পাৰিছো !

সুধাকণ্ঠৰ হাৰমনিয়ামখন...
কংগ্ৰেছঃ মেড ইন চাইনা!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in