/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/756dd9ea-f4a8-4ed1-a64d-6977ed08ffcf/AP_FOR_WEB_NEW____bikhekh_lekha.jpg)
সন্তানহীন দম্পত্তিক 'সন্তান' দিয়া আঁচনি...
মৃদুল কুমাৰ সন্দিকৈ
উৎসৱৰ বতৰ। তাৰ মাজতে ভাল-বেয়া অনেক খবৰ। উদযাপনেই বহুতৰ মূল উদ্দেশ্য। ভাবে তাতে থাকে সকলো পৰিতৃপ্তি। মানুহবোৰো এতিয়া বৰ চৌখিন। ৰং বিৰঙৰ আলোক সজ্জা আৰু মায়াসনা অলৌকিকতাত ডুব যাবলৈ ভাল পায়।
বাস্তৱক পাহৰিবলৈ বহু অজুহাত আমাৰ সন্মুখত। অস্তিত্বহীন উৎসাহ- আনন্দৰ ক্ষন্তেকীয়া ৰাগীত আমি বন্দী।
ইচ্ছা গ'লেই ঘোষণা, ভাবিলেই আঁচনি। আমাক অংগক্ষত কৰা 'হিতাধিকাৰী' নামৰ অস্ত্ৰ এতিয়া তেওঁলোকৰ মূল শক্তি। খেতি-ব্যৱসায়, আন কাম আদিৰে স্বাৱলম্বী হোৱা মানুহবোৰ চৰকাৰী পদূলিত ভিক্ষাৰী।
বিনামূলীয়া এই জীৱনত অভ্যস্ত হৈ পৰা শ্ৰমজীৱি মানুহৰ ভৱিষ্যত কি? চলিব এনে ভেল্কিবাজী? ৰাইজৰ জেপ কাটি এফালে কৰৰ নামত চৰকাৰী লুণ্ঠন, আনফালে মুষ্টিমেয় একাংশলৈ চৰকাৰী অনুমোদন।
অসমীয়া মানুহতো ইমান দুখীয়া নাছিল। দুখীয়া সজোৱাৰ ৰাজনৈতিক কাৰকৰে জাতিটোৰ জাতীয় অৰ্থনীতিৰ পৰিকাথামো ভাঙি পেলালে। অন্য কিছুমানে 'হিতাধিকাৰী' হৈও পথাৰৰ কৰ্ম নেৰিলে। লাহে লাহে খেতি-মাট আৰু সৰু-ডাঙৰ কৰ্ম সংস্কৃতিৰে যি বুনিয়াদ গঢ়িবলৈ ধৰিছে অসমতে অসমীয়া বা থলুৱাসকল ভগনীয়া হোৱাৰ পৰ্ব আৰম্ভ হৈছে।
কিয় আমি সুবিধা বিচাৰিছো? কিয় আমি চৰকাৰে সজা হিতাধিকাৰীৰ জালত মূৰ গুজি দিছো। উৎপাদনবিহীন ভোটৰ ৰাজনীতিৰে নেতা-মন্ত্ৰীয়ে পতা এই জালৰ সহজ চিকাৰ হৈ পৰিছো। ভাবে জানো কোনোবাই এইবোৰ কথা?
নাভাবে কোনেও। চৰকাৰে কৈছে ল'ব লাগে। কিন্তু বুজিবও নোখোজে সেই ধন আমাৰ। এহাতে দি আনহাতে নিয়ে। মাছকে খুৱাই 'জিজি' বুলি।
ইমানৰ পাছতো আৰু কিমান? এই সামাজিক অৱস্খলনৰ অন্ত নপৰিব চাগৈ কেতিয়াও। চৰকাৰ ৰঙীন বটলত ভৰোৱা নলাৰ প্ৰদূষিত পানীকে আমি ৰঙীন বুলি পান কৰিছো। মন ভোলোৱা ব্যৱস্থাপনাৰে যাদুকৰৰ সন্মোহিত কৰা ক্ষনকে সঁচা বুলি প্ৰত্যয়ৰে মানি লৈছো।
কাৰো সাহস নাই। তেওঁলোকে সৃষ্টি কৰা পৰিৱেশে মানুহক কাবু কৰি ৰাখিছে। টেটুত থকা দীঘল হাতবোৰ ভয়ত মানুহ বোবা। তামাছা চাই থকাৰ দিন যেন এইবোৰ।
যদি ঈশ্বৰ নামি আহে ধৰালৈ! মানুহ নেদেখি ঈশ্বৰো আচৰিত হ'ব। চৰকাৰেতো সকলো মানুহক হিতাধিকাৰী কৰি পেলালে। বিবেক এতিয়া ৰজাৰ ঘৰত বন্দী। মানুহক ভগৱানে দিয়া জ্ঞান-বুদ্ধি, দুই হাত-দুই ভৰি দেখোন অস্থিৰ।
বিহু, পূজা বা আন উৎসৱ আহিলে কোম্পানীবোৰ আগৰ পৰা সাজু হয়। বিহুৰ অফাৰ, পূজাৰ অফাৰ দিয়াৰ প্ৰতিযোগিতা চলে। গ্ৰাহকক বেছি যি কোম্পানীয়ে আকৰ্ষিত কৰিব পাৰে তেওঁলোকৰ লাভ। অফাৰৰ নামত চলে কি? গ্ৰাহকে ধৰিব নোৱাৰাকৈ গ্ৰাহকক দিয়া প্ৰলোভন। আচলতে উৎসৱৰ বতৰত কৰা লুণ্ঠন।
চৰকাৰৰো একেই নীতি এতিয়া। নিৰ্বাচনৰ বতাহ বলিলেই এনে কৰিশ্মা দিয়াত ব্যস্ত হৈ পৰে তেওঁলোক। গ্ৰাহক হয় ভোটাৰ। আঁচনি হয় নিৰ্বাচনৰ অফাৰ আৰু মানুহ হৈ পৰে হিতাধিকাৰী।
আহিব চাগৈ এনে দিন! এফালৰ পৰা আঁচনি ঘোষণা কৰি কৰি শেষ হৈ যাব। কি দিও কি নিদিওকৈ চৰকাৰৰ বৰমূৰীয়াসকল চিন্তাত পৰিব। নিৰ্বাচন আহিলে নতুন কাপোৰ-কানি দিয়া আঁচনি, সন্তানহীন দম্পত্তিক সন্তান দিয়া প্ৰতিশ্ৰুতি দি দিলে বাৰু হ'ব কি?
Also Read: স্কুটীতকৈ শ্ৰেণীকোঠা এটাৰ প্ৰয়োজন আমাৰ...