স্কুটীতকৈ শ্ৰেণীকোঠা এটাৰ প্ৰয়োজন আমাৰ...

স্কুটীতকৈ শ্ৰেণীকোঠা এটাৰ প্ৰয়োজন আমাৰ...

মৃদুল কুমাৰ সন্দিকৈ

মোক স্কুটী, বাইক নালাগে। ৰ'দ-বৰষুণ সকলো বতৰতে পঢ়াব পৰাকৈ এটা শ্ৰেণীকোঠা দিয়ক পাৰে যদি- এইদৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা মন্ত্ৰী ৰনোজ পেগুক আহ্বান জনাইছিল এজন শিক্ষকে।

সামাজিক মাধ্যমত হেমন্ত কুমাৰ শইকীয়া নামৰ শিক্ষকগৰাকীয়ে এই আহ্বান জনাই তেওঁ কৰ্মৰত বিদ্যালয়খনৰ এটা ভিডিঅ' আপলোড কৰিছিল। মৰিগাঁও জিলাৰ কটহজাৰি নামৰ গাঁওখনত থকা এখন বিদ্যালয়ত কৰ্মৰত শিক্ষকগৰাকী।

ভিডিঅ'টোৰ জৰিয়তে তেওঁ বিদ্যালয়খনৰ যিটো অৱস্থা দেখুৱাইছে সেয়া কল্পনা কৰিব নোৱাৰা বিধৰ। বিদ্যালয়খনত সেই ঘৰটোতেই তিনিটা শ্ৰেণীৰ পাঠদান হয়। ঘৰটোৰ ওপৰভাগৰ টিং বতাহত উৰি যোৱা বহুদিনেই হ'ল। বহু আবেদন কৰিও ঘৰটো মেৰামতি কৰিব নোৱাৰি এজন শিক্ষকে ছাত্ৰৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি হয়তো সামাজিক মাধ্যমৰ জৰিয়তে এই আহ্বান জনাব লগা হ'ল।

এই বিদ্যালয়খন আৰু শিক্ষকগৰাকীৰ বিষয়ে জানিবলৈ অনুসন্ধিৎসু হৈ কেইবাটাও গুৰুত্বপূৰ্ণ কথা গম পোৱা গ'ল। ১৯৮৬ চনতেই স্থাপন কৰা হৈছিল কটহজাৰি প্ৰাথমিক বিদ্যালয়খন। ২০১৩ চনত প্ৰাদেশীকৰণ হৈছিল এইখন বিদ্য়ালয়।

'ক' শ্ৰেণীৰ পৰা 'পঞ্চম' শ্ৰেণীলৈ থকা এই বিদ্যালয়খনত আছে মুঠ ৪ জন শিক্ষক। বৰ্তমান ৭৫ জন ছাত্ৰ-ছাত্ৰী অধ্যয়ন কৰি আছে বিদ্যালয়খনত। বিদ্যালয়খনত নাই পৰ্যাপ্ত শ্ৰেণীকোঠা।

১৯৮৯ চনত আইটি বিপিৰ অধীনত ৭০ হাজাৰ টকা অনুদান পাইছিল বিদ্যালয়খনে। সেই ধনেৰে নিৰ্মাণ কৰা হৈছিল ৬০ ফুট দীঘল আৰু ২২ ফুট বহল এই ঘৰটো। বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীৰ নাম বিনোৱা বৰদলৈ।

প্ৰধান শিক্ষকগৰাকীয়ে বিদ্যালয়খনৰ দুৰৱস্থাৰ কথা স্বীকাৰ কৰিলে। শেহতীয়া গুণোৎসৱত গ্ৰেড 'এ' পোৱা এই বিদ্যালয়খনত পঢ়ে দৰিদ্ৰ পৰিয়ালৰ সতি সন্তান। প্ৰধান শিক্ষকৰ মতে ৰ'দ দিলেও স্কুলত পঢ়াব নোৱাৰে, বৰষুণ দিলেও পঢ়াব নোৱাৰে।এইগৰাকী প্ৰধানশিক্ষকৰ কাৰ্যকাল আৰু মাত্ৰ ৪ মাহহে আছে।

ৰ'দৰ বতৰত গছৰ তললৈ নি পাঠদান কৰিব লগা হয়। ২০১৬ চনত বিদ্যালয়খনৰ গৃহ নিৰ্মাণৰ বাবে কিছু অনুদান পাইছিল। সেই অনুদানেৰে বনোৱা এটা নতুন ঘৰত 'ক' ৰ পৰা 'দ্বিতীয়' শ্ৰেণীলৈকে সৰু ল'ৰা-ছোৱালীক পাঠদান কৰা হয়।

তিনিটা শ্ৰেণী থাকিলেও ২৭ ফুট দীঘল, ২২ ফুট বহল কোঠাহে সেইটো। প্ৰধান শিক্ষক গৰাকীয়ে ক'লে ১২ মাহত ১৩ টা চৰকাৰী অনুষ্ঠানত ব্যস্ত হৈ কিদৰে বিদ্যালয়খন পৰিচালনা কৰিব লগা হৈছে।

শিক্ষকসকলক চৰকাৰে হিতাধিকাৰী সজাবলৈ পৰিকল্পনা কৰিছে। ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা ভাবি হেনো স্কুটী দিয়াৰ কথা ভাবিছে। সেই সময়তে এজন শিক্ষকে উদঙাই দিছে স্কুটী নহয়, তেওঁলোকক লাগে এটা ভাল শ্ৰেণী কোঠা।

যিগৰাকী শিক্ষকে এই কাম কৰিলে, সেই সাহসী শিক্ষকগৰাকীয়ে বিনম্ৰতাৰে ক'লে- স্কুটীতকৈ ভাল শ্ৰেণীকোঠা এটা পালে প্ৰকৃত উদ্দেশ্য সফল হ'ব। এই বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীৰো একেই মত।তেওঁৰ মতে আমাৰ ঘৰ ওচৰতে। ল'ৰা-ছোৱালীক পঢ়িবলৈ ভাল পৰিৱেশ, শ্ৰেণীকোঠা দিব নোৱাৰিলে অকল আমি স্কুটী লৈ অহা-যোৱা কৰিলেই জানো কিবা লাভ হ'ব।

এই বিদ্যালয়খনৰ চৌহদৰ বেৰ নাই। নাই বিদ্যালয়ৰ ভেটি। শিক্ষা মন্ত্ৰী, মুখ্যমন্ত্ৰীক প্ৰধান শিক্ষকৰ আবেদন-এইবোৰ কাম চৰকাৰে কৰাৰ ব্যৱস্থা কৰক।আন্তঃগাথনি বুলিবলৈ বৰ বেছি একো নাই এই বিদ্যালয়খনত।

এয়া অসমৰ কেৱল এখন প্ৰাথমিক বিদ্যালয়ৰ ৰূপ নহয়। গ্ৰাম্যাঞ্চলত থকা বহু ভিতৰুৱা বিদ্যালয়ৰ স্বৰূপ এতিয়া এনেকুৱা। আনকি শিক্ষা মন্ত্ৰীৰ গৃহ সমষ্টিত বিদ্যালয় কি পৰ্যায়ত আছে সেয়াও সামাজিক মাধ্যমৰ জৰিয়তে কিছু দিনৰ পূৰ্বে দুৰ্দশাজনক ছবি ভাইৰেল হৈছিল।

তথাপিও নিজৰ ব্যৰ্থতা ঢাকিবলৈ হকে বিহকে যুক্তি দাঙি ধৰা শিক্ষা মন্ত্ৰী, মুখ্যমন্ত্ৰীয়ে নাৱৰ টিঙৰ পৰা নানামে।শিক্ষসকলে কাক ক'ব এইবোৰ কথা। কিন্তু এই বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে বৰ সৰলতাৰে তেওঁৰ সমস্যাবোৰৰ কথা কৈ গ'ল।

আগতে প্ৰতিমাহত লাইটৰ বিল আহিছিল ১৪১ টকা। এতিয়া হেনো সেই বিল ৪০০ টকা হ'ল। সেই হিচাপত বিদ্যালয়খনত এবছৰচ কাৰেন্টৰ বিল দিওতেই ৪৮০০ টকা যায়। বছৰি বিদ্যালয়খন পৰিচালনাৰ বাবে ২৫,০০০ টকা বছৰেকীয়া গ্ৰান্ট পায় চৰকাৰৰ পৰা।

সেই ধনেৰে চৰকাৰে জাপি দিয়া উৎসৱ, কাৰেন্টৰ বিল,চৌহদৰ জেওৰা আদি মাৰিব লাগে। প্ৰায় এবছৰৰ পূৰ্বে ধুমুহাই বিদ্যালয়খনৰ মুধছ খহাই নিলে। তাক মেৰামতি কৰি দিবলৈ কাৰ্যালয়ে কাৰ্যালয়ে বিদ্যালয়ৰ প্ৰধান শিক্ষকে দৰ্খাস্ত দিলে।

ইয়াৰ কোনো ফলাফল এতিয়ালৈকে বিদ্যালয়খনে লাভ নকৰিলে। শিক্ষা বিষয়াৰ কাৰ্যালয়, গাঁও পঞ্চায়ত কত দিয়া নাই দৰ্খাস্ত। গড়মাৰি গাঁও পঞ্চায়ৰ অন্তৰ্গত এই বিদ্যালয়খন।

পঞ্চায়তৰ সভাপতি কপিলী দাস বাংথাইৰ জৰিয়তে এখন আবেদন পঠোৱা হৈছিল প্ৰভাৱশালী মন্ত্ৰী পিযুষ হাজৰিকালৈ। ৬ মাহ মান হ'ল সেই আবেদন পঠোৱা। তাতে এই বিদ্যালয়খন জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত। তাৰ পাছতো এই অৱস্থা।

কটহজাৰি গাঁও, কটহজাৰি পথাৰ, কনিকা বস্তি, গোদামবৰি আদি ছাত্ৰ-ছাত্ৰী আহে এই বিদ্যালয়ত পঢ়িবলৈ। তিৱা স্বায়ত্ব শাসিত পৰিষদৰ অধীনতো পৰে বিদ্যালয়খন। তেওঁলোকৰ ওচৰলৈ গৈছিল প্ৰধান শিক্ষক। কিন্তু একো সুফল পোৱা নাই।

যিজন শিক্ষকে অতি সাহসেৰে এই কথাখিনি ৰাজহুৱা কৰিলে তেওঁ নিজাকৈ একো মন্তব্য কৰা নাই। মাঁথো এটা ভিডিঅ'ৰ জৰিয়তে দেখুৱালে বাস্তৱক। লখিমপুৰৰ জাপিসজিয়াৰ এইগৰাকী শিক্ষকে বিদ্যালয়খনত ২০১৬ চনত যোগদান কৰিছিল।

বহুতৰ বাবে শিক্ষকজনৰ এই ভিডিঅ'টো এটা বাতৰিৰ উৎস হ'ব। পিপলী লাইফলৰ দৰে এই সময়ত বহু সাংবাদিক সেই বাতৰিৰ পাছত দৌৰিব। কিন্তু লাভ জানো কিবা হ'ব? পাৰিবনে কোনোবাই চৰকাৰৰ চকু মেল খোৱাবলৈ?

দেখিবনে ৰনোজ পেগুৱে এই দৃশ্য? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্কুটী দি শিক্ষকক হিতাধিকাৰী সজোৱা পূৰ্বে এইবোৰ কথালৈ অকনমান লক্ষ্য দিয়ক। যিগৰাকী শিক্ষকে এই ভিডিঅ'ৰ জৰিয়তে সত্যক উদঙাই দেখুৱাইছিল সেই পোষ্টটো ইতিমধ্যে আঁতৰাই পেলোৱা হৈছে। কিন্তু এই ভিডিঅ'টোৱে উদঙাই দিয়া বাস্তৱ মানুহৰ মনৰ পৰা কোনোৱে মচি পেলাব নোৱাৰে।

এতিয়া যেন ৰাজ্যত হিতাধিকাৰী সৃষ্টি কৰাৰ দিন চলিছে। Beneficiary শব্দটোৰ অসমীয়াত হিতাধিকাৰী ৰূপে ব্যৱহাৰ কৰা হয়। বিভিন্ন চৰকাৰী আঁচনি সুবিধা লাভ কৰা সকল হ'ল হিতাধিকাৰী ।

বাংলা ভাষাত বেনিফিচাৰী শব্দটোৰ অৰ্থ সুবিধাভোগী। সেই দৃষ্টিৰে যিসকলে এই সুবিধা প্ৰদান কৰে তেওঁলোক সুবিধাবাদী। আচলতে শিক্ষকক হিতাধিকাৰী সজাব খোজা সুবিধাবাদী সকলে আটাইতকৈ ডাঙৰ হিতাধিকাৰী।

শিক্ষকসকলে বিচাৰিছে শ্ৰেণীকোঠা। বিচাৰিছে ছাত্ৰৰ সৈতে শ্ৰেণীকোঠাত কটাবলৈ অধিক সময় । চৰকাৰে দিব বিচাৰিছে স্কুটী। সজাব খুজিছে শিক্ষকক হিতাধিকাৰী। সলনি কৰিছে হিতাধিকাৰীৰ সংজ্ঞা। এইখিনি কথা বুজিব পৰাকৈ জ্ঞান আৰু বিবেক নথকা সকলক এতিয়া বুজাই কোনে- কৰিব লাগে কি, কৰি আছে কি।

স্কুটীতকৈ শ্ৰেণীকোঠা এটাৰ প্ৰয়োজন আমাৰ...
প্ৰেম এতিয়া বিপ্লৱ!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in