New Update
/asomiyapratidin/media/media_files/2025/05/12/qILWitkEypCNAFLV3P5B.jpg)
তুষাৰ প্ৰতিম
পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা এতিয়াও অন্ত পৰা নাই। তথাপিও এই লেখা লিখি থকাৰ সময়লৈকে সিংহভাগ আসনৰে ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা হৈছে। ১১ মে’ৰ পুৱা ৮ বজাত পোষ্টেল বেলটৰ ফলাফল গণনা আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছতে এইবাৰ ফলাফল কেনে হ’ব তাৰ এক আভাস পোৱা গৈছিল।
আজিও ভোটগণনা অব্যাহত আছে যদিও এই মুহূৰ্তলৈকে ঘোষিত ফলাফলে যি দৃশ্যপট সৃষ্টি কৰিছে সেয়া অৱশ্যে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেই অসমৰ ৰাইজে যে দেখা পাব সেয়াও স্পষ্ট হৈ আছিল। তৃণমূল পৰ্যায়ত দলৰ ভেঁটি শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিবৰ্তে টেলিভিছন চেনেল, নিউজ প’ৰ্টেলৰ কেমেৰাৰ সন্মুখত ভাষণ দিয়াতহে অধিক গুৰুত্ব দিয়া বিৰোধী নেতাৰ আকাশত চাং পতা স্বভাৱেই পুনৰ এবাৰ তেওঁলোকক ধাৰাশায়ী কৰিলে।
পঞ্চায়ত নিৰ্বাচনে তৃণমূল পৰ্যায়ত কোন দলৰ, কিমান শক্তি তাৰ স্পষ্ট প্ৰমাণ দাঙি ধৰে। বিধানসভা অথবা লোকসভা নিৰ্বাচনত কৈ বহু পৃথক পঞ্চায়ত নিৰ্বাচন। এই কথা ৰাজনীতিৰ পথাৰত বিচৰণ কৰাসকলে ভালকৈ জানে। কিন্তু তাৰ পাছতো অসমৰ বিৰোধীয়ে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে তৃণমূল পৰ্যায়ত বিশেষ চকুত লগাকৈ কিবা কৰা দেখা নাপালে অসমৰ ৰাইজে।
লোকসভা, বিধানসভা নিৰ্বাচনৰ দৰেই অসমৰ বিৰোধীয়ে নিৰ্বাচনৰ টিকট ঘোষণা কৰি প্ৰচাৰ চলোৱালৈকে গোটেই সময়ত কেৱল নিজৰ ভিতৰতে খোৱা-কামোৰাতে ব্যস্ত থাকিলে। টিকট দিয়াৰ সময়তো উত্থাপিত ধনৰ লেনদেন আৰু টিকট বঞ্চিতৰ বিদ্ৰোহে দলৰ যি ভেঁটি আছিল সেয়াই লৰাই দিলে।
তাৰ পৰিবৰ্তে শাসক পক্ষই তৃণমূল পৰ্যায়ত নিজৰ ভেঁটি শক্তিশালী কৰি চৰকাৰৰ জনসন্মুহিনী আঁচনিসমূহক মূল অস্ত্ৰ হিচাপে লৈ ৰাইজৰ মাজত এইদৰে সোমাই পৰিল যে সাধাৰণ ৰাইজে ভোগ কৰি অহা সমস্যাৰ বিষয়সমূহ যোৱা প্ৰায় দুই, তিনিটা মাহত কাৰো মুখত শুনিবলৈ পোৱা নগ’ল।
স্মাৰ্ট মিটাৰৰ অত্যাধিক বিদ্যুৎ মাচুলৰ সমস্যাক লৈ কিছু দিনৰ আগলৈকে গাঁৱে গাঁৱে মানুহে প্ৰতিবাদ কৰিছিল। সেই স্মাৰ্ট মিটাৰ খুলি আনি এ পি ডি চি এলৰ কাৰ্যালয়ত জমা দিছিল। এ পি ডি চি এলৰ কৰ্মচাৰীক জবাবদিহি কৰিছিল। সেই সমস্যাৰ কথা পঞ্চায়ত নিৰ্বাচনৰ সময়ত কিন্তু কাৰো মুখত শুনিবলৈ পোৱা নগ’ল।
তাৰ মানে এনেকৈ ভাবিব পাৰি নেকি, হয়তো এই সমস্যাৰ পৰা সাধাৰণ ৰাইজে পৰিত্ৰাণ পাইছে, নহয়তো স্মাৰ্ট মিটাৰ বিসংগতিপূৰ্ণ বুলি চলাই থকা প্ৰচাৰো ভুৱা প্ৰচাৰ আছিল! হিতাধিকাৰী আঁচনিক দিনে নিশাই টেলিভিচনৰ পৰ্দাত, কাকতৰ পৃষ্ঠাত সমালোচনা কৰি থকা বিৰোধীয়েই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত একাধিক হিতাধিকাৰী আঁচনিৰ কথা ঘোষণা কৰিলে।
ইতিমধ্যে শিশুৰ পৰা বৃদ্ধলৈ, ছোৱালী, জীয়ৰী, বোৱাৰী, মহিলা, শিক্ষাৰ্থী সকলোকে সামৰি লোৱা বিজেপি চৰকাৰৰ তেনে হিতাধিকাৰী আঁচনিৰ মোহত বন্দী হৈ আছে সাধাৰণ জনতা। এই হিতাধিকাৰী আঁচনিক সমালোচনা কৰি বিৰোধীয়ে পাছত নিজেই তেনে আঁচনি ঘোষণা কৰাত সচেতন ভোটাৰৰ বুজিবলৈ বাকী নাছিল দৰাচলতে বিৰোধীৰ দূৰদৰ্শিতা কিমান? বিৰোধীৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ এয়া মাত্ৰ দুটা উদাহৰণহে।
মনোনয়ন পত্ৰ দাখিলৰ পৰা আৰম্ভ কৰা মনোনয়ন প্ৰত্যাহাৰৰ গোটেই প্ৰক্ৰিয়াত বিৰোধীয়ে শাসক পক্ষৰ ওপৰত যি শক্তি, বল, ভাবুকি প্ৰয়োগৰ অভিযোগ উত্থাপন কৰিছিল সেই বিষয়বোৰা কিন্তু নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিৰোধীয়ে সজোৰে উত্থাপন কৰিব নোৱাৰিলে। নিজৰ ওপৰত হোৱা অত্যাচাৰকো পাহৰি যোৱা বিৰোধীয়ে আচলতে কি ৰণ কৌশলেৰে নিৰ্বাচনী যুঁজত নামিছিল সেয়া আমাৰ বোধগম্য হোৱা নাই।
দৰাচলতে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত বিৰোধীয়ে জয়ী হ’বলৈ আগ্ৰহেই কৰা নাছিল বুলিলেও অত্যুক্তি কৰা নিশ্চয়কৈ নহ’ব। লোকসভা নিৰ্বাচনত জনতাৰ মাজলৈ যোৱাৰ পৰিবৰ্তে হোটেলৰ কোঠাত বহি মিত্ৰতাৰ নামত আলোচনাৰ ওপৰত আলোচনা কৰাৰ পিছতো বিৰোধী ঐক্যমতত উপনীত হ’বলৈ নোৱাৰিলে।
উপ-নিৰ্বাচনতো বিৰোধী ঐক্য ভাঙি টুকুৰা টুকুৰ হ’ল। তাৰ পাছতো মিত্ৰতাক লৈ মুকলি যুঁজ বাগৰ চলাই থকা বিৰোধী নেতাই ফলৰ পুলি ৰোপণ নকৰাকৈ ফল খাবলৈ মুখ মেলি থকা স্বভাৱেই যে, পঞ্চায়ত নিৰ্বাচনত ধাৰাশায়ী হোৱাৰ মূল কাৰণ সেয়া স্পষ্ট হৈছে।
প্ৰদেশ কংগ্ৰেছত এতিয়া কেইবাজনো নেতা। ভূপেন বৰা যিফালে যায় তাৰ বিপৰীত দিশে যায় গৌৰৱ গগৈ।সামাজিক মাধ্যম, সংবাদ মাধ্যমত ধাৰাবাহিত ভাৱে কংগ্ৰেছক গোৱাল-গালি পাৰি মিত্ৰতাৰ কথা কয় ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে। কংগ্ৰেছ অবিহনে একো কথাই চিন্তা কৰিব নোৱাৰে আকৌ অসম জাতীয় পৰিষদৰ নেতা লুৰীণ জ্যোতি গগৈয়ে।
এই প্ৰতিটো দলৰ যুঁজখন যদিও বিজেপিৰ বিৰুদ্ধে, দৰাচলতে তেওঁলোক নিজৰ মাজতেই যুঁজি যুঁজি ভাগৰি পৰিছে। এ আই ইউ ডি এফ, কংগ্ৰেছ সংখ্যালঘু এলেকাত অখিল গগৈৰ সভাত হাজাৰ হাজাৰ মানুহৰ সমাগম দেখি কংগ্ৰেছে নিজৰ ভেঁটি হেৰুওৱাৰ ভয়ত ভীতিগ্ৰস্ত। অখিল গগৈয়েও তেওঁৰ সভাত হাজাৰ হাজাৰ সংখ্যালঘু লোকৰ উপস্থিতি দেখি সেই সকলো আসন দখল কৰিব বুলিয়েই ধাৰণা কৰিলে।
অসম জাতীয় পৰিষদে কোন সমষ্টিত, কেনেদৰে প্ৰচাৰ চলাইছে, তেওঁলোকৰ ইছ্যু কি, উদ্দেশ্য কি সেয়া অসমৰ ৰাইজে কিমানে জানিলে, শুনিলে সেয়াও এক ডাঙৰ প্ৰশ্ন। লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ সময়ত ভিৰ কৰা বাকী বিৰোধী দলৰ অস্তিত্ব অৱশ্যে পঞ্চায়ত নিৰ্বাচনত নেদেখিলে ৰাইজে।
তাৰ বিপৰীতে বিজেপিয়ে তৃণমূল পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈ পদ্ধতিগতভাৱে ৰাইজৰ মাজলৈ সোমাই পৰিল। তেওঁলোকে চৰকাৰী আঁচনিসমূহক ৰাইজৰ মাজলৈ লৈ গৈ বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত ৰাইজকো আকৰ্ষিত কৰাত চেষ্টাৰ ত্ৰুটি নকৰিলে।
তাৰেই পৰিণিতত এই পৰ্যন্ত ঘোষিত ফলাফল অনুসৰি মুঠ জিলা পৰিষদৰ ৩৯৭ খন আসনৰ ভিতৰত ২৯০ খনতেই জয়ী হৈছে বিজেপি তথা মিত্ৰজোঁট। কংগ্ৰেছে লাভ কৰিছে মাত্ৰ ৫৮ খন জিলা পৰিষদৰ আসন। এ আই ইউ ডি এফে লাভ কৰিছে ৭ খন আৰু অন্যান্যই ১৬ খন।
সেইদৰে আঞ্চলিক পঞ্চায়তৰ ২১৯১ খন আসনৰ ভিতৰত বিজেপিয়ে ১৫৬৩ খন, কংগ্ৰেছে মাত্ৰ ২১৯ খন, এ আই ইউ ডি এফে ২৪ খন আৰু অন্যান্যই ৯৬ খন আসনহে লাভ কৰিবলৈ সক্ষম হৈছে। ঘোষণা হ’বলৈ বাকী থকা জিলা পৰিষদৰ আন বহু কেইখন আসনত বিজেপিয়েই আগবাঢ়ি থকাৰ খবৰ।
আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা ২৭ খন জিলাৰ কেইবাটাও সমষ্টিত সম্পূৰ্ণৰূপে শূন্য হ’ল বিৰোধী। এই ফলাফলে ২০২৬ ৰ অসম বিধানসভা নিৰ্বাচনৰ সাম্ভাব্য ফলাফলৰো এক ইংগিত প্ৰদান কৰে। এতিয়াও যদি বিৰোধীয়ে কেৱল নিজৰ মাজতেই যুঁজ দিয়াটোকেই প্ৰাধান্য দিয়ে তেন্তে ৰাইজৰ বিৰোধীৰ পৰা আশা কৰিবলৈ একো বাকী নাথাকিব।
যি যোৰহাট লোকসভা সমষ্টিক লৈ বিৰোধীয়ে ঢোল কোবাই আছিল, যি শিৱসাগৰ বিধানসভা সমষ্টিক লৈ নেতাই অহংকাৰত মত্ত হৈ নানান মত প্ৰকাশ কৰিছিল সেই নেতাৰ দলেই দুয়োটা সমষ্টিটে বিধ্বস্ত হ’ল। ইয়াৰ পৰাই এক বাৰ্তা তেওঁলোকলৈ ৰাইজে নিশ্চিয়কৈ দিছে।
এই বাৰ্তা গ্ৰহণ কৰিব পাৰিলেই বিৰোধীৰ মংগল। অন্যথা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতি অথবা কেমেৰাৰ সন্মুখত দিয়া বাইটতহে অস্তিত্ব ৰ’বগৈ বিৰোধীৰ। এয়া আমাৰ কথা নহয়, অসমৰ ৰাইজে দিয়া জনাদেশৰ অন্তৰ্নিহিত বাৰ্তাহে।