হেৰা মন্ত্ৰী, আৰু কিমানক কৰিব 'মদাহী'?

হেৰা মন্ত্ৰী, আৰু কিমানক কৰিব 'মদাহী'?
হেৰা মন্ত্ৰী, আৰু কিমানক কৰিব 'মদাহী'?
Summary

এখন কল্যাণকামী চৰকাৰৰ কাম কি? জনতাৰ কল্যাণ সাধণ কৰা নে জনতাক মাধমাৰ দিয়া? এটা জাতিক পৰিকল্পিতভাৱে হত্যা কৰিবলৈ চেষ্টা কৰা জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত চৰকাৰৰ প্ৰধান দায়িত্ব হ'ব পাৰেনে? অসম আৰু অসমীয়াই এতিয়া এনে দুৰ্ভাগ্যৰে সন্মুখীন হ'বলগীয়া হৈছে।

অসমীয়া জাতিক ভাষিকভাৱে, অৰ্থনৈতিকভাৱে, সাংস্কৃতিকভাৱে হত্যা কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা চৰকাৰে এতিয়া জাতিটোকে 'মদাহী' কৰি সম্পূৰ্ণকৈ শেষ কৰাৰ পৰিকল্পণাত লিপ্ত হৈছে। ব্ৰিটিছ শাসনৰ সময়ত যিদৰে কানি খোৱাই মানুহক কানিয়া কৰিছিল ঠিক সেইদৰেই এতিয়া চৰকাৰে অসমত মদৰ অবাধ প্ৰচলনেৰে জাতিটোকে মদাহী কৰিবলৈ চেষ্টাৰ কোনো ত্ৰুতি কৰা নাই।

অসমীয়া জাতিৰ দুৰ্ভাগ্য ইয়াতেই শেষ হোৱা নাই। জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত এইখন চৰকাৰেই হাজাৰৰো অধিক শিক্ষানুষ্ঠান বন্ধ কৰি এতিয়া নতুনকৈ মদৰ দোকান খোলাৰ অনুমতি প্ৰদান কৰিছে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ সিদ্ধান্ত মৰ্মেই শিক্ষা বিভাগে যোৱা সময়চোৱাত ১৭১০ খন বিদ্যালয় একত্ৰিকৰণ প্ৰক্ৰিয়াৰ যোগেদি বন্ধ কৰিলে। অথচ সেই একেখন চৰকাৰেই এতিয়া নতুনকৈ ২০৩ খন মদৰ দোকানৰ অনুজ্ঞাপত্ৰ দিবলৈ সাজু হৈছে।

দিল্লীৰ সুৰা নীতিক সমালোচনা কৰা অসম চৰকাৰে অসমত সুৰাৰ অবাধ প্ৰচলনৰ পৃষ্ঠপোষকতা কৰাত নামি পৰিছে। যেতিয়াই ৰাজহৰ প্ৰয়োজন হৈছে তেতিয়াই মদলৈ মনত পেলাইছে চৰকাৰে।

তথ্য অনুসৰি অসম চৰকাৰে নতুনকৈ বজালীত ৫ খন, বঙাইগাঁৱত ৬ খন, কাছাৰত ৪ খন, চিৰাঙত ৬ খন, দৰঙত ৯ খন, ধেমাজিত ৮ খন, ধুবুৰীত ৯ খন, গোলাঘাটত ১ খন, ডিমা হাচাওত ১ খন, ডিব্ৰুগড়ত ৩ খন, হাইলাকান্দিত ২ খন, হোজাইত ৩ খন, যোৰহাটত ৩ খন, কামৰূপ (গ্ৰাম্য)ত ৪ খন, কামৰূপ (মহানগৰ)ত ২৯ খন, কাৰ্বি আংলঙত ১৫ খন, কোকৰাঝাৰত ১১ খন, লখিমপুৰত ১৯ খন, মৰিগাওঁত ২ খন, নগাওঁত ৫ খন, শিৱসাগৰত ৪ খন, শোণিতপুৰত ১২ খন, তিনিচুকীয়াত ১১ খন, ওদালগুৰিত ৪খন পশ্চিম কাৰ্বি আংলঙত ২ খন মদৰ দোকানৰ নতুনকৈ অনুজ্ঞাপত্ৰ দিব।

সেই অনুসৰি বজালী, নগাওঁ জিলাত ২.৫ শতাংশ, বঙাইগাওঁ আৰু চিৰাং জিলাত ৩ শতাংশ, কাছাৰ, কামৰূপ (গ্ৰাম্য), শিৱসাগৰ আৰু ওদালগুৰি জিলাত ২ শতাংশ, দৰং আৰু ধুবুৰী জিলাত ৪.৫ শতাংশ, ধেমাজিত ৪ শতাংশ, গোলাঘাট, ডিমা হাচাও জিলাত ০.৫ শতাংশ, ডিব্ৰুগড়, হোজাই, যোৰহাাট জিলাত ১.৫ শতাংশ, হাইলাকান্দি, পশ্চিম কাৰ্বি আংলং আৰু মৰিগাওঁ জিলাত ১ শতাংশ, কামৰূপ মহানগৰ জিলাত ১৪.৪৯ শতাংশ, কাৰ্বি আংলং জিলাত ৭.৫ শতাংশ, কোকৰাঝাৰ আৰু তিনিচুকীয়া জিলাত ৫.৫ শতাংশ, লখিমপুৰ জিলাত ৯.৫ শতাংশ, শোণিতপুৰ জিলাত ৬ শতাংশ নতুন সুৰাৰ বিপণী বৃদ্ধি পাব।

অসম বিধানসভাত দাখিল কৰা তথ্য অনুসৰি অসমত ২০২৩ ৰ মে' মাহলৈকে আছিল ২৪৮৯ খন মদৰ দোকান। ইয়াৰ ভিতৰত ১৭০৮ খন বিলাতী সুৰাৰ দোকান আৰু ৭৮১ খন দেশীয় সুৰাৰ দোকান। ২০১৬ ত বিজেপি শাসনলৈ অহাৰ আগলৈকে অসমত আছিল ১,১১৬ খন বিলাতী সুৰাৰ দোকান ৪৭৩ খন বিলাতী বাৰ, ৫ খন ৱেৰ হাউচ আৰু ১৯৫ খন দেশীয় সুৰাৰ বিপনী।

তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যিসমূহ জিলাত নতুনকৈ সুৰাৰ বিপণীৰ অনুজ্ঞা পত্ৰ প্ৰদান কৰিবলৈ ওলাইছে সেই আটাইকেইখন জিলাতেই ৰাজ্য চৰকাৰে বন্ধ কৰিছে শিক্ষানুষ্ঠান। শিক্ষা বিভাগৰ একত্ৰিকৰণ প্ৰক্ৰিয়াৰ যোগেদি বৰপেটা জিলাত ৬২ খন, বঙাইগাঁৱত ৬৮ খন, কাছাৰত ১২৯ খন, দৰঙত ৬৪ খন, ধুবুৰী ৫৬ খন, ডিব্ৰুগড়ত ৬০খন, গোৱালপাৰাত ৮৯ খন গোলাঘাটত ৪৫ খন, হাইলাকান্দিত ৫৯খন, যোৰহাটত ১৮২ খন বিদ্যালয় আৰু কামৰূপ মহানগৰ জিলাত ৯৪খন উচ্চ আৰু উচ্চ প্ৰাথমিক বিদ্যালয়, তিনিচুকীয়াত ৫০খন, শোণিতপুৰত ১০৫খন, শিৱসাগৰ জিলাত ১৩৬ খন, নলবাৰীত ১৩৪ খন, নগাঁও জিলাত ৯০খন, মৰিগাঁৱত ১৪৮ খন আৰু কৰিমগঞ্জত ৪৯ খন বিদ্যালয় বন্ধ কৰা হৈছে।

হিতাধিকাৰী আঁচনিৰে ৰাজ্যত পানীৰ দৰে টকা বিলোৱা ৰাজ্য চৰকাৰে অৱশ্যে ঘৰুৱা ৰাজহ বৃদ্ধিৰ বাবে এই পৰ্যন্ত কোনো উৎপাদনশীল আঁচনি গ্ৰহণ কৰা নাই। বিপৰীতে জনতাৰ ওপৰত মাধমাৰ দি এটাৰ পিছত এটাকৈ নতুন নতুন কৰ আৰোপ, পূৰ্বৰে পৰা থকা প্ৰতিটো কৰৰ নিৰিখ বৃদ্ধিৰ সমান্তৰালকৈ সঘনাই কেৱল সুৰাৰ মূল্য বৃদ্ধিতেই গুৰুত্ব আৰোপ কৰিছে।

পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে, ৰাজ্যৰ অৰ্থনীতি এতিয়া 'মদাহী'ৰ ওপৰতে নিৰ্ভৰ কৰিছে। 'মদাহী'য়ে মদ নাখালেই যেন খহি পৰিব ৰাজ্যৰ অৰ্থনীতি। বিধানসভাতে দাখিল কৰা তথ্য অনুসৰি ২০২১-২২ বিত্তীয় বৰ্ষৰ ফেব্ৰুৱাৰী মাহলৈ ১৬৭৩.৮৭ কোটি টকা ৰাজ্য চৰকাৰে সুৰাৰ পৰা ৰাজহ আহৰণ কৰিছে।

২০২২-২৩ বিত্তীয় বৰ্ষত এই ৰাজহৰ পৰিমাণ ২২০১.৯৪ কোটি টকালৈ বৃদ্ধি পাইছে। অসম বিধানসভাত আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ হৈ এই তথ্য প্ৰকাশ কৰিছিল মন্ত্ৰী পীযুষ হাজৰীকাই। তেওঁ লগতে এই কথাও কৈছিল ৰাজ্য চৰকাৰৰ নতুনকৈ কোনো সুৰাৰ অনুজ্ঞাপত্ৰ দিয়াৰ পৰিকল্পনা নাই।

ৰাজ্যত এতিয়া প্ৰতিটো উৎসৱ, পাৰ্বনৰ পাছতে ৰাজ্য চৰকাৰৰ আবকাৰী বিভাগে গুৱাহাটী আৰু ৰাজ্যত মুঠ কিমান টকাৰ সুৰা বিক্ৰী হ'ল, সুৰা বিক্ৰীয়ে কেতিয়াৰ কিমান ৰেকৰ্ড ভংগ কৰিলে সেই তথ্য সগৌৰৱে দাঙি ধৰে। যেন ৰাজ্য চৰকাৰ, আবকাৰী বিভাগ এনে উৎসৱৰ বাবেই অপেক্ষা কৰি থাকে।

ৰাজ্য চৰকাৰৰ আবকাৰী বিভাগে যিদৰে সগৌৰৱে এইবোৰ তথ্য প্ৰকাশ কৰে ঠিক সেইদৰে সুৰাৰ বাবেই কিমান দুৰ্ঘটনা সংঘটিত হৈছে, কিমানৰ লিভাৰ, কিডনী বিকল হৈ মৃত্যু হৈছে, কিমান ৰোগীয়া হৈছে, কিমানৰ পৰিয়াল ধ্বংস হৈছে সেইবোৰৰ তথ্যৰ সন্ধান কৰিছেনে? এইবোৰ তথ্যও শীঘ্ৰেই সন্ধান কৰি বছৰৰ আৰম্ভণি দিনটোতে দিয়াৰ ব্যৱস্থাও কৰা উচিত।

এখন কল্যাণকামী চৰকাৰৰ কাম জনতাৰ কল্যাণ সাধন কৰা। জনতাক তিল তিলকৈ শেষ হ'বলৈ এৰি দিয়াটো কেতিয়াও হ'ব নোৱাৰে। সুৰা কেতিয়াও ৰাজহ আহৰণৰ একমাত্ৰ পথ হ'ব নোৱাৰে। এইখন দেশতে এনে বহুকেইখন ৰাজ্য আছে য'ত সুৰাৰ প্ৰচলন নাই। সুৰা অবিহনেও এই ৰাজ্য কেইখনে ৰাজহ আহৰণ কৰিছে।

বিহাৰ, গুজৰাট, মিজোৰাম, নাগালেণ্ড আৰু লক্ষাদ্বীপক ড্ৰাই ষ্টেট হিচাপে ঘোষণা কৰা হৈছে। এই ৰাজ্য কেইখনত বিচাৰিলেও মদ পাবলৈ নাই। তথাপিও এই ৰাজ্য কেইখনে ৰাজহ আহৰণ কৰিছে। চৰকাৰ চলি আছে।

অসম চৰকাৰে যিদৰে হিতাধিকাৰী আঁচনিত গুৰুত্ব দিছে তাৰ ৫০ শতাংশও গুৰুত্ব যদি উৎপাদনশীল আঁচনিত দিলে হয় তেন্তে আজি এইদৰে সুৰাৰ ওপৰত ভৰসা কৰি ৰাজ্য চলাবলগীয়া পৰিস্থিতিৰ সৃষ্টি নহ'ল হয়। যেতিয়াই অধিক ৰাজহৰ প্ৰয়জন হৈছে তেতিয়াই চৰকাৰে মদাহীসকললৈ মনত পেলাইছে। হোৱাই নোহোৱাই বৃদ্ধি কৰিছে মদৰ দাম। এই মদাহীখিনিৰ ওপৰতেই এতিয়া নিৰ্ভৰ কৰিছে ৰাজ্যৰ অৰ্থনীতি। ইয়াতকৈ দুৰ্ভাগ্যৰ কথা আৰু কি হ'ব পাৰে?

পুৱাই গীতাৰ বাণীৰে দিনটোৰ কৰ্মসূচী আৰম্ভ কৰা, হিন্দুত্ববাদৰ কথা কোৱা, তত্বগধূৰ প্ৰবন্ধৰে কিতাপ লিখা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শাসনৰ কালত এইদৰে মদৰ ওপৰত ভৰসা কৰি ৰাজ্য চলাবলগীয়া হোৱা বিষয়টো তেওঁৰ ব্যক্তিত্বৰো পৰিপন্থী। এই কথা তেওঁ নিজেও অনুধাৱন কৰা উচিত।

হেৰা মন্ত্ৰী, আৰু কিমানক কৰিব 'মদাহী'?
সুখবোৰ কেনি গ'ল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in