উন্নয়ন, বিকাশৰ অৰ্থ হিতাধিকাৰী !

অসম চৰকাৰে আৰম্ভ কৰিছে বিকাশৰ ১২ দিনৰ এক কাৰ্যসূচী। অৰ্থাৎ অসম চৰকাৰে এই ১২ টা দিনত কেৱল ৰাজ্যৰ বিকাশ বা উন্নয়নৰ কথাহে পাতিব। বিকাশ আৰু উন্নয়নমূলক কামতেই মনোনিবেশ কৰিব।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
0101

তুষাৰ প্ৰতিম

Advertisment

অসম চৰকাৰে আৰম্ভ কৰিছে বিকাশৰ ১২ দিনৰ এক কাৰ্যসূচী। অৰ্থাৎ অসম চৰকাৰে এই ১২ টা দিনত কেৱল ৰাজ্যৰ বিকাশ বা উন্নয়নৰ কথাহে পাতিব। বিকাশ আৰু উন্নয়নমূলক কামতেই মনোনিবেশ কৰিব।

বিকাশ বা উন্নয়ন শব্দৰ অভিধানিক অৰ্থ নতুকৈ কোৱাৰ প্ৰয়োজন নাই যদিও চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বাবেই এই শব্দবোৰৰ নতুনকৈ ব্যাখ্যাৰ প্ৰয়োজন হৈ পৰিছে। উন্নয়নৰ অন্তৰ্নিহিত অৰ্থই সামাজিক, বিত্তীয়, সাংস্কৃতিক, শৈক্ষিক আৰু প্ৰাকৃতিক দিশসমূহৰ উন্নতি আৰু প্ৰগতি নিশ্চিত কৰে।

উন্নয়নৰ উদ্দেশ্য হৈছে মানৱ সমাজৰ সকলো ক্ষেত্ৰৰে জীৱন সলনি কৰা আৰু উন্নত কৰা। উন্নয়ন বা বিকাশৰ প্ৰতি দিশতে সমাজৰ প্ৰগতি আৰু সমৃদ্ধি সংপৃক্ত হৈ থাকে।

অসম চৰকাৰৰ বিকাশৰ ১২ টা দিনত যিবোৰ কাৰ্যসূচী হাতত লৈছে সেই কাৰ্যসূচীয়ে সঁচাকৈয়ে ৰাজ্যখন, ৰাজ্যবাসীক সামাজিক, বিত্তীয় আদি দিশসমূহত প্ৰগতিৰ পথলৈ যে আনিব তাত সন্দেহৰ অৱকাশ আছে। কিয়নো অসম চৰকাৰে যিবোৰ কাৰ্যসূচী হাতত লৈছে সেইবোৰ হিতাধিকাৰীৰ সৃষ্টিৰ বাহিৰে আন একো নহয়।

চৰকাৰ এক চলন্ত প্ৰক্ৰিয়া। বিকাশ বা উন্নয়ন চৰকাৰৰ প্ৰথম আৰু প্ৰধান দায়িত্ব। চৰকাৰলৈ যিয়েই আহিব তেওঁলোকে কেৱল ৰাজ্য আৰু জনতাৰ স্বাৰ্থত এই কামবোৰ কৰিব লাগিব। ইয়াৰ বাবে নিৰ্দিষ্ট এটা, দুটা দিন অথবা এসপ্তাহ, এপষেক সময় নিৰ্ধাৰণ কৰাতো অপ্ৰাসংগিক।

পৰিবৰ্তিত সমাজ, ৰাজনৈতিক পৰিস্থিতিত চৰকাৰ আৰু ৰাজনৈতিক দল একাকাৰ হৈ পৰাৰ এই সময়ত, দলীয় কামকাজত মুখ্যমন্ত্ৰী, মন্ত্ৰী আদি সকলো অধিক ব্যস্ত থকাৰ সময়ত, চৰকাৰী যন্ত্ৰকো দলীয়া স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ লোৱাৰ প্ৰৱণতা বৃদ্ধি হোৱাৰ সময়ত অৱশ্যে বিকাশৰ বাবে ১২ টা দিন নিৰ্ধাৰণ কৰা বিষয়টোক যোগাত্মক দৃষ্টিৰেই ল’ব লাগিব।

বিকাশৰ ১২ টা দিনৰ এই কাৰ্যসূচীত মন্ত্ৰী, বিধায়কৰ চুপতি, বিতৰ্ক মন্তব্য, ৰাজনৈতিক নেতাৰ ব্যক্তিগত আক্ৰমণ, প্ৰত্যাক্ৰমণৰ পৰিবৰ্তে অন্তত উন্নয়নৰ কথাই চলিব বুলি চিন্তা কৰিলেও ইয়াৰ আঁৰতো যে এক ৰাজনীতি জড়িত হৈ আছে সেয়াও কিন্তু স্পষ্ট হৈ পৰিছে।

মন কৰিবলগীয়া যে, বিকাশৰ ১২ টা দিনৰ কাৰ্যসূচীত চৰকাৰে কেৱল হিতাধিকাৰী আঁচনিৰেই চমক দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে। ৰাজ্যখনৰ মুঠ জন সংখ্যাৰ ৭০ শতাংশৰো অধিক লোকেই হিতাধিকাৰী হোৱাত একপ্ৰকাৰে হিতাধিকাৰীৰ ৰাজ্যলৈ পৰিণত হৈছে অসম।  অৱশিষ্ট যিখিনি লোক আছে তেওঁলোককো হিতাধিকাৰী কৰায়েই যেন এতিয়া চৰকাৰ মূল লক্ষ্য।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিকাশৰ ১২ টা দিনৰ কাৰ্যসূচীৰ মাজতে অতি শেহতীয়াকৈ ফেচবুক লাইভত আহি ঘোষণা কৰিছে ১৫ ডিচেম্বৰৰ ভিতৰত অসমৰ প্ৰায় ২০ লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব। তাৰাপৰি এই গোটেই সময়ছোৱাত প্ৰায় ৩০ লাখ লোকক বা ১৫ লাখ পৰিয়ালক বিভিন্ন আঁচনি যোগান ধৰিব। অৰ্থাৎ ৰাজ্যত আৰু প্ৰায় ৩০ লাখ হিতাধিকাৰী বৃদ্ধি পাব।

মুখ্যমন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্তক নিৰ্দেশ দিছে, বানপীড়িত লোকসকললৈ আৰ্থিক সাহাৰ্য প্ৰদানৰ তাৰিখ চূড়ান্ত কৰিবলৈ। জিলাই জিলাই আনন্দৰাম বৰুৱা বঁটা, চাইকেল, স্কুটি, শিক্ষাৰ্থীলৈ ধন, মাইক্ৰ’ফাউইনেন্সৰ ঋণ ৰেহাইৰ আঁচনিসমূহ সক্ৰিয় কৰি সকলো হাতে কামে নামি পৰিছে। এই সকলো আঁচনিৰ অধীনত ডিচেম্বৰৰ ভিতৰত হিতাধিকাৰীসকলে যাতে সুবিধা লাভ কৰে তাৰ বাবেও কঠোৰ নিৰ্দেশ দিছে।

মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে মহিলাসকলক ১০ হাজাৰ টকা প্ৰদান কৰা বিষয়টোও এই নিৰ্দেশৰ ভিতৰত আছে। প্ৰায় ১০ লাখ ছাত্ৰীক উচ্চ শিক্ষা গ্ৰহণৰ বাবে প্ৰতি মাহে ১০০০ৰ পৰা ২৫০০ লৈ টকা নিযুত মইনা আঁচনিৰ অধীনত বেংক একাউণ্ট যোগে ডিবিটিৰ জৰিয়তে প্ৰদান কৰিছে।

তাৰোপৰি মুখ্যমন্ত্ৰীয়ে অহা ১ ফেব্ৰৱাৰীত লাখপতি বাইদেউ আঁচনিও মুকলি কৰিব। মুখ্যমন্ত্ৰীৰ জন্মদিনৰ দিনাই ৩৯ লাখ মহিলাক এই আঁচনিৰ অধীনত ১০ হাজাৰকৈ টকা প্ৰদান কৰিব। সৰ্বত্ৰে চৰ্চিত আৰু অসম চৰকাৰৰ অহংকাৰ স্বৰূপ অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰতি মাহে ৪৩ লাখৰো অধিক হিতাধিকাৰীৰ বাবে ৪০০ কোটি টকাৰো অধিক ব্যয় কৰে।

ৰেচন কাৰ্ডৰ হিতাধিকাৰী আছে ২,৪৭,৮৭,৪৭৩। ডিচেম্বৰৰ ১৫ তাৰিখৰ পৰা এই সংখ্যাত অতি কমেও ২০ লাখ বৃদ্ধি পাব। অৰ্থাৎ অসমৰ প্ৰায় ৭৫ শতাংশ লোকেই ৰেচনৰ চাউল লাভ কৰা হিতাধিকাৰী।

অসম চৰকাৰে বিকাশৰ ১২ টা দিনটো হিতাধিকাৰী আঁচনিৰ ওপৰতেই গুৰুত্ব দিয়াৰ আঁৰত আছে আগন্তক পঞ্চায়ত নিৰ্বাচন। ফেব্ৰুৱাৰী মাহত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন। এই নিৰ্বাচনত হিতাধিকাৰী আঁচনিৰেই জনতাৰ মাজত সোমাব চৰকাৰী পক্ষ। ইয়াৰেই ৰূপৰেখা বিকাশৰ ১২ টা দিন বুলি ক’লেও ভুল কোৱা নহ’ব।

ঋণৰ ভৰত কোঙা হৈ পৰা ৰাজ্যখনত এইদৰে হিতাধিকাৰী আঁচনিৰে চমক দিয়া চৰকাৰে কিদৰে বিকাশ বা উন্নয়ন সাধিব সেয়াও ডাঙৰ প্ৰশ্ন। ঠায়ে ঠায়ে মকৰাজাল সদৃশ উৰণ সেতু নিৰ্মাণ, অট্টালিকা নিৰ্মাণেই উন্নয়ন বা বিকাশৰ অৰ্থ হ’ব পাৰেনে?

চিকিৎসা মহাবিদ্যালয়ৰ নামত নিৰ্মাণ হোৱা অট্টালিকাবোৰত ৰাজ্যবাসীয়ে উপযুক্ত চিকিৎসা পাইছেনে?  অৰুণোদয় আঁচনিৰে এটা পৰিয়াল দৰিদ্ৰতাৰ গ্ৰাসৰ পৰা মুক্ত হ’ব পাৰিবনে?  ৰেচনৰ চাউলেৰে এলেহুৱা কৰা কৃষিজীৱি পৰিয়ালে পথাৰবোৰ নিজৰ লগত ৰাখিবনে? খেতি পথাৰত নামিবনে?

বিনামূলীয়া চাউলেৰে খেতিয়কক এলেহুৱা কৰা চৰকাৰখনৰ মুৰব্বীগৰাকীয়ে ইমানৰ পিছতো লুঙি, টুপী পৰিহিত কোনোবাই পথাৰ দখল কৰাৰ কথা কোৱাৰ যুক্তি থাকেনে?  প্ৰতি বছৰে ২ লাখক নিযুক্তি দিয়াৰ কথা কোৱা চৰকাৰখনে ১ লাখ নিযুক্তিৰেই সীমা আজিলৈকে অতিক্ৰম কৰিব নোৱাৰিলে যদিও ১ লাখৰ কথা কৈ কৈয়ে সময় পাৰ কৰিছে।

ৰিজাৰ্ভ বেংকৰ তথ্য মতে অসম আজি ডেৰ লাখ কোটিৰো অধিক ঋণৰ ভৰত কোঙা বুলি স্পষ্ট হৈছে। ৩ বছৰতে শৰ্মাৰ চৰকাৰে অভিলেখ সংখ্যক ঋণ লৈছে ৬১,১৯১ কোটি টকা। এই টকাৰ সিংহভাগেই গৈছে হিতাধিকাৰীৰ নামত। তাৰ পাছতো বিকাশৰ ১২ টা দিনৰ কাৰ্যসূচীত উৎপাদনশীল আঁচনিৰ পৰিবৰ্তে হিতাধিকাৰী আঁচনিক প্ৰাধান্য দিয়া চৰকাৰে দৰাচলতে কিমান আন্তৰিকতাৰে এই বিকাশ বা উন্নয়নৰ চিন্তা কৰিছে তাত কিন্তু এটা ডাঙৰ প্ৰশ্নবোধক ৰৈ গৈছে। 

 

 

ড০ হিমন্ত বিশ্ব শৰ্মা হিতাধিকাৰী অসম চৰকাৰ বিকাশ