চাকৰি হেৰুৱালে ১২ হাজাৰে...

ভাৰতৰ ছফ্টৱেৰ উদ্যোগ বৰ্তমান ২৮৩ আৰৱ ডলাৰত উপনীত হৈছে। ৫ লাখ কৰ্মচাৰীৰে টাটা কনছালটেন্সি এই উদ্যোগটোৰ এক বৃহৎ অংশ। টাটা কনছালটেন্সি দেশৰ ‘হোৱাইট কালাৰ’ চাকৰিৰ মেৰুদণ্ড। 

author-image
Tushar Pratim
New Update
চাকৰি হেৰুৱালে ১২ হাজাৰে...

তুষাৰ প্ৰতিম

Advertisment

কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স চমুকৈ এ আইৰ আগমণে চাকৰিৰ প্ৰতি প্ৰত্যাহ্বান কঢ়িয়াই আনিব বুলি যি আংশকা কৰা হৈছিল সেই আশংকা ক্ৰমশঃ বাস্তৱায়িত হৈছে আৰু ইয়াৰ প্ৰভাৱ স্পষ্ট হৈছে। ইতিমধ্য বহু প্ৰতিষ্ঠানে এ আই প্ৰযুক্তিক আদৰি বহু মানৱ সম্পদক কৰ্মক্ষেত্ৰৰ পৰা আঁতৰাই পঠিয়াইছে। 

অতি শেহতীয়াকৈ ভাৰতৰ সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ আই টি কোম্পানী টাটা কনছালটেন্সি ছাৰ্ভিচেছে ১২ হাজাৰৰো অধিক কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ কথা ঘোষণা কৰিছে। এই সংখ্যা যে আগন্তুক সময়ত আৰু অধিক বৃদ্ধি পাব সেয়াও নিশ্চিত হৈছে। 

টাটা কনছালটেন্সিৰ মাত্ৰ এটা উদাহৰণহে। ইতিমধ্যে মাইক্ৰ’ছফ্ট, গুগল, ইণ্টেল আদিৰ দৰে আন বহু প্ৰতিষ্ঠানে এইদৰে কৰ্মচাৰীক অব্যাহতি দি এ আই প্ৰযুক্তিৰ জৰিয়তে কাম আগুৱাই নিছে। টাটা কনছালটেন্সিৰ এই পদক্ষেপে যে ভাৰতৰ ছফ্টৱেৰ উদ্যোগত ব্যাপক পৰিবৰ্তনৰ সূচনা কৰিব সেয়া স্পষ্ট হৈছে। 

ভাৰতৰ ছফ্টৱেৰ উদ্যোগ বৰ্তমান ২৮৩ আৰৱ ডলাৰত উপনীত হৈছে। ৫ লাখ কৰ্মচাৰীৰে টাটা কনছালটেন্সি এই উদ্যোগটোৰ এক বৃহৎ অংশ। টাটা কনছালটেন্সিক দেশৰ ‘হোৱাইট কালাৰ’ চাকৰিৰ মেৰুদণ্ড বুলিও কোৱা হয়। 

হোৱাইট কালাৰৰ চাকৰিৰ অৰ্থ হৈছে কাৰ্যালয় বা পেছাদাৰী পৰিবেশত কৰা চাকৰি। এনে চাকৰিত কৰ্মচাৰীৰ শাৰীৰিক শ্ৰম কম হোৱাৰ বিপৰীতে মানসিক শ্ৰম অধিক হয়। 

প্ৰযুক্তিৰ দ্ৰুত উন্নয়নৰ বাবে নিজকে ভৱিষ্যতৰ পৰিবেশৰ বাবে সাজু কৰিবলৈকে টাটা কনছালটেন্সিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি প্ৰকাশ পাইছে। মন কৰিবলগীয়া যে, এ আই প্ৰযুক্তিৰ বিকাশৰ লগে লগে বহু কাম স্বয়ংক্ৰিয় হৈ উঠিছে। 

নতুন নিযুক্তিৰ ক্ষেত্ৰতো এ আই প্ৰযুক্তিৰ সন্দৰ্ভত জ্ঞান অথবা দক্ষতা সম্পন্ন লোককহে অগ্ৰাধিকাৰ দিয়া হৈছে। এ আই প্ৰযুক্তিৰ আগমণৰ পিছত এতিয়া আই টি কোম্পানীসমূহে পৰিচালনা পৰ্যায়ত যিসকল কৰ্মচাৰী নিয়োগ কৰা হৈছিল সেইসকলক চাকৰিৰ পৰা আঁতৰাই দিয়া হৈছে। 

প্ৰতিষ্ঠানসমূহে এতিয়া এ আই, ক্লাউড এণ্ড ডাটা ছিকিউৰিটিৰ দৰে ক্ষেত্ৰতসমূহত নিযুক্তি বৃদ্ধি কৰিছে। জেনেৰেটিভ এ আইৰ উৎপাদনশীলতা বৃদ্ধি পোৱাৰ বাবে কোম্পানীসমূহে কৰ্মচাৰীৰ ক্ষেত্ৰত নতুনকৈ চিন্তা কৰিবলৈ বাধ্য হৈছে। 

এ আই প্ৰযুক্তিত দক্ষতা সম্পন্নকহে চাকৰিত নিয়োগৰ পথ মুকলি কৰিছে। দেশৰ একাংশ শীৰ্ষ অৰ্থনীতিবিদৰ মতে এয়া সময় আৰু পৰিস্থিতিৰ দাবী। যিসময়ত এ আই প্ৰযুক্তিৰ বাবেই এইদৰে হাজাৰ হাজাৰ কৰ্মচাৰীয়ে চাকৰি হেৰুৱাইছে সেই সময়তে আন এক ভাল খবৰো অৱশ্যে নহা নহয়। 

নেচনেল এছ’চিয়েছন অৱ ছফ্টৱেৰ এণ্ড ছাৰ্ভিচেছৰ অনুমান অনুসৰি ২০২৬ ৰ ভিতৰত ভাৰতত ১০ লাখ এ আই পেছাদাৰীৰ প্ৰয়োজন হ’ব। দেশত বৰ্তমান ২০ শতাংশতকৈয়ো কম আই টি কৰ্মচাৰীৰহে এ আই দক্ষতা আছে। 

গতিকে এ আইৰ বাবে চাকৰি হেৰুৱালেও আন একাংশ দক্ষতা সম্পন্ন লোকৰ বাবে চাকৰিৰ পথ মুকলি হ’ব। এ আই প্ৰযুক্তিৰ বাবে এইদৰে কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়া কাৰ্যই ভাৰতৰ অৰ্থনীতিতো প্ৰভাৱ পেলৱোৰা পূৰ্ণ সম্ভাৱনা আছে।

কিয়নো নিবনুৱা সমস্যাই ভাৰাক্ৰান্ত দেশত কোটি কোটি নিবনুৱাই চাকৰিৰ বাবে দীঘলীয়া শাৰীত থিয় হৈ আছে। নব্বৈৰ দশকত গা কৰি উঠা ভাৰতৰ আই টি ক্ষেত্ৰখনত যোৱা বছৰসমূহত লাখ লাখ লোকে নিযুক্তি লাভ কৰিছিল। 

ফলত দেশত নতুনকৈ উচ্চ মধ্যবিত্তৰ এক শ্ৰেণীৰো সৃষ্টি হৈছিল। এই উচ্চ মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰে মুখ্য চহৰসমূহ ভৰি পৰিছিল। এই শ্ৰেণীটোৰ বাবেই চহৰসমূহৰ আঁকাৰ, আকৃতি, জীৱন প্ৰণালী সকলো সলনি হৈছিল। 

এই শ্ৰেণীটোৰ বাবে আন কিছু ব্যৱসায়ীক পথ মুকলি হৈছিল। গঢ়ি উঠিছিল উদ্যোগ। এই নতুন উদ্যোগসমূহৰ পৰিসৰো দ্ৰুতগতিত বৃদ্ধি হৈছিল। বিশেষকৈ চাৰি চকীয়া গাড়ীৰ উদ্যোগত এই শ্ৰেণীটোৰ বাবেই এক আলোড়ণৰ সৃষ্টি হৈছিল। 

মাত্ৰ কেইটামান বছৰৰ আগলৈকে প্ৰতি বছৰে ভাৰতত প্ৰায় ৬ লাখ লোকক আই টি খণ্ডই সংস্থাপিত কৰি আহিছিল। সেই অনুসৰি প্ৰতি বছৰেই উচ্চ মধ্যবিত্ত শ্ৰেণীৰো সংখ্যা বৃদ্ধি হৈছিল। 

কিন্তু এ আই প্ৰযুক্তিৰ আগমণৰ ফলত লাহে লাহে এই নিযু্ক্তিৰ সংখ্যাও হ্ৰাস পাইছে আৰু ইতিমধ্যে চাকৰি কৰি থকা বহুতৰে চাকৰি গৈছে। তথ্য অনুসৰি যোৱা মাত্ৰ দুটা বছৰতে এই খণ্ডত ১.৫ লাখ লোকে চাকৰি হেৰুৱাইছে। 

এনে পৰিস্থিতিত উচ্চ মধ্যবিত্ত শ্ৰেণীৰ ওপৰত যে প্ৰভাৱ পৰিছে, পৰিব সেয়া নিশ্চিত হৈছে। ইয়াৰ ফলত দেশৰ অৰ্থনীতিতো প্ৰভাৱ স্পষ্ট হৈছে। আই টি খণ্ডত নিযুক্তিৰ বাবে বা সংস্থাপিত হোৱাৰ লক্ষ্যৰে প্ৰচলিত শিক্ষা ব্যৱস্থাৰে স্নাতক হোৱা বহুতেই যে আগন্তুক সময়ত এই ক্ষেত্ৰতখনত সংস্থাপিত হোৱাৰ বাবে সংগ্ৰাম কৰিব লাগিব সেয়াও স্পষ্ট। 

কিয়নো প্ৰতিষ্ঠানসমূহত এ আই প্ৰযুক্তিৰ আগমণৰ ফলত মানৱ সম্পদৰ প্ৰয়োজন হ্ৰাস পাইছে আৰু যিসকলক নিযুক্তি প্ৰদান কৰিব সেইসকলো এ আই প্ৰযুক্তিত দক্ষতাসম্পন্ন হ’ব লাগিব। আশংকা কৰা হৈছে খুৱ সোনকালেই দেশৰ পৰা ৪০ ৰ পৰা ৫০ শতাংশ হোৱাইট কালাৰৰ চাকৰিৰ অৱসান ঘটিব।

টাটা কনছালটেন্সিয়ে ১২ হাজাৰ কৰ্মচাৰীক অব্যাহতি দিয়া এই কাৰ্য দেশৰ উদ্যোগখণ্ডত এ আইৰ আগমণৰ ফলত হোৱা এক বৃহৎ ক্ষতি বুলি গণ্য কৰা হৈছে। টাটাই দেখুওৱা এই পথেই যে অন্যা প্ৰতিষ্ঠানসমূহেও যে অনুসৰণ কৰিব তাত কোনো সন্দেহ নাই। এনে পৰিস্থিতিত চাকৰি হেৰুওৱাসকলৰ বিকল্প কি হ’ব, প্ৰচলিত পৰম্পৰাগত শিক্ষা ব্যৱস্থাৰে  প্ৰযুক্তিখণ্ডত নিয়োগৰ বাবে সাজু হোৱা লাখ লাখ যুৱক-যুৱতীৰ ভৱিষ্যত কি হ’ব সেয়া সময়েহে ক’ব।

চাকৰি এ আই প্ৰযুক্তি