বাতৰি পঢ়িছে 'ছনা' আৰু 'লিজা'ইঃ অন্ধকাৰ আহিছে বহুতৰ ভৱিষ্যতলৈ...

বাতৰি পঢ়িছে 'ছনা' আৰু 'লিজা'ইঃ অন্ধকাৰ আহিছে বহুতৰ ভৱিষ্যতলৈ...

author-image
Asomiya Pratidin
New Update
বাতৰি পঢ়িছে 'ছনা' আৰু 'লিজা'ইঃ অন্ধকাৰ আহিছে বহুতৰ ভৱিষ্যতলৈ...

বাতৰি পঢ়িছে 'ছনা' আৰু 'লিজা'ইঃ অন্ধকাৰ আহিছে বহুতৰ ভৱিষ্যতলৈ...

তুষাৰ প্ৰতিম

দিনটোৰ কাম-কাজ সামৰি, হাতত চাহ একাপ লৈ আপুনি ঘৰৰ টিভিটোৰ সন্মুখত বহি লৈছে। হাতত টিভিৰ ৰিমটটো লৈ আপুনি আপোনাৰ প্ৰিয় নিউজ চেনেলটো খুলি লৈ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ কেইটা ল’বলৈ আৰম্ভ কৰিছে।

Advertisment

আপোনাৰ সন্মুখত স্পষ্ট শব্দৰে, শুদ্ধ উচ্চাৰণেৰে অসমীয়া, হিন্দী, ইংৰাজী অথবা আন কোনো ভাষাত এফালৰ পৰা বাতৰি পঢ়ি গৈছে এগৰাকী সুন্দৰী বাতৰি পৰিৱেশিকাই।ধৰা হওক সেই বাতৰি পৰিৱেশিকাৰ নাম ‘ছনা’। ছনাই এফালৰ পৰা পঢ়ি গৈছে দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ।

তাৰ মাজে মাজে ভিন্ন প্ৰান্তত থকা সংবাদদাতাৰ সৈতে লাইভতে বিভিন্ন ঘটনাৰাজিৰ বিষয়ে চৰ্চা কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ভাষাৰ সংবাদদাতাৰ সৈতে তেওঁলোকৰ ভাষাতেই খবৰবোৰ লৈ আপোনাক যোগান ধৰিছে।

বিৰতি অবিহনে প্ৰতি মুহূৰ্ততে অনৰ্গল ছনাই বাতৰি দি গৈছে, অথবা বিভিন্ন অনুষ্ঠান কৰি গৈছে। সেই সময়ত আপুনি হয়তো ভাবিব পাৰে, ছনা নামৰ এই বাতৰি পৰিৱেশিকাগৰাকীয়ে ইমানবোৰ ভাষা কেনেকৈ আয়ত্ব কৰিলে? ছনাৰ ভাগৰ নালাগে নেকি? বা ছনাক বিৰতিৰ প্ৰয়োজন নহয় নেকি?

হয়তো আপুনি ভাবিব তেওঁ নিজা অধ্যাৱসায়ৰ বলত এই আটাইবোৰ ভাষা আয়ত্ব কৰিছে। যাৰ বাবে আপুনি তেওঁৰ অনুৰাগী হৈ পৰিছে। কিন্তু আচলতে কথাবোৰ আপুনি ভবাৰ দৰে ইমান সহজ নহয়।

আপুনি অনুৰাগী হৈ পৰা এই ছনা নামৰ বাতৰি পৰিৱেশিকাগৰাকীৰ প্ৰকৃততে বাস্তৱ জগতত কোনো অস্তিত্বই নাই। ছনা এগৰাকী এ আই বাতৰি পৰিবেশিকাহে।

এ আই অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। অৰ্থাৎ আপুনি অনুৰাগী হৈ পৰা ছনা এগৰাকী কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি তৈয়াৰ কৰা কৃত্ৰিম বাতৰি পৰিৱেশিকাহে। ইতিমধ্যে দেশত এই প্ৰযুক্তিৰ ব্যৱহাৰ আৰম্ভ হৈছেই।

ছনা আৰু লিজা নামৰ এনে দুগৰাকী সুন্দৰীয়ে বাতৰি পৰিৱেশন কৰিবলৈ আৰম্ভ কৰিছেই। 'আজটক' আৰু ওড়িষ্যাৰ 'অ'টিভি'ত ইতিমধ্যে কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ব্যৱহাৰ কৰি সৃষ্টি কৰা ছনা আৰু লিজাই বাতৰি পৰিৱেশন কৰিবলৈ আৰম্ভ কৰিছে।

দেখাত আপোনাৰ, মোৰ দৰেই। টেলিভিশ্যনৰ পৰ্দাত আপুনি ছনা আৰু লিজাক দেখিলে গমেই নাপাব তেওঁলোক দুয়োগৰাকী যে, তেজ মঙহৰ মানুহ নহয়। কিছু দিনৰ আগলৈকে কৃত্ৰিম বুদ্ধিমত্তা এক কল্পনাহে আছিল মাত্ৰ।

কিন্তু এতিয়া যেন এই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আমাৰ দৈনন্দিন জীৱনৰ অংশ হ'বলৈ গৈ আছে। কম্পিউটাৰৰ আৱিষ্কাৰৰ পাছৰে পৰা নিত্য, নৈমিত্তিক প্ৰযুক্তিৰ বিকাশ হ'বলৈ আৰম্ভ কৰিছে।

বৈজ্ঞানিক মহল তথা প্ৰযুক্তিবিদসকলে সময়ৰ লগে লগে মানুহৰ মগজুৰ দৰে কাম কৰা এক প্ৰযুক্তি তৈয়াৰ কৰি উলিয়াবলৈ সক্ষম হৈছে। তাৰেই অংশ যেন এই ছনা আৰু লিজা।

চীনত প্ৰথমে ২০১৮ ত আৰ্টিফিচিয়েল নিউজ এংকৰ ব্যৱহাৰ কৰিছিল। চীনৰ Zhang Zhow নামৰ সংবাদ প্ৰতিষ্ঠানটোৱে এই আৰ্টিফিচিয়েল নিউজ এংকৰ ব্যৱহাৰ কৰিছিল। তাৰ পাছত এতিয়া ভাৰততো আৰম্ভ হৈছে এই প্ৰযুক্তি।

আজটকৰ ছনাক তেওঁলোকৰ জনপ্ৰিয় এংকৰৰ দৰেই সজাই তুলিছে। চালে চাই থাকিব মন যোৱাকৈ ধুনীয়াকৈ সজাইছে ছনাক। অ'টিভিয়ে আকৌ লিজাক শাৰী পিন্ধাইছে। কপালত বিন্দি আৰু কাণত ফুলি।

লিজাক এগৰাকী সংস্কাৰী ভাৰতীয় নাৰী হিচাপে তুলি ধৰাৰ চেষ্টা কৰিছে। আজটকৰ ছনাতকৈও ধুনীয়া অটিভিৰ লিজা। পিছে এই দুই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এংকৰে এতিয়া ভাৰতৰ ৯০০ ৰো অধিক ৰাষ্ট্ৰীয়, আঞ্চলিক সংবাদ মাধ্যমৰ এংকৰলৈ বিপদ কঢ়িয়াই আনিছে।

খুব কম সময়ৰ ভিতৰতে হয়তো আৰু বহু সংবাদ প্ৰতিষ্ঠানে ছনা আৰু লিজাৰ দৰেই এ আই এংকৰ আমদানি কৰিব। আৰু এই এ আই এংকৰৰ আগমনৰ লগে লগেই চাকৰি হেৰুৱাব লাগিব এইসমূহ সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত এংকৰসমূহে।

ঠিক সেই কম্পিউটাৰৰ দৰেই। এটা কম্পিউটাৰে যেনেকৈ এটা কাৰ্যালয়ৰ ১০ জন কৰ্মচাৰীক চাকৰি খালে ঠিক তেনেকৈয়ে টেলিভিশ্যন চেনেলৰ এংকৰৰ চাকৰি খাব এই এ আই এংকৰে।

কাৰণ এই এ আই এংকৰক বিৰতি, ছুটিৰ প্ৰয়োজন নাই। তেওঁলোকৰ দেহত নাই ভাগৰ। ভাষাৰ ক্ষেত্ৰতো নাথাকিব প্ৰতিবন্ধকতা। মাহে মাহে দিব নালাগে দৰমহা। সেয়ে এ আই এংকৰৰ এই সম্পৰীক্ষা সফল হলেই টেলিভিশ্যন চেনেলসমূহত যে আজিৰ এংকৰসমূহৰ প্ৰয়োজনীয়তা হ্ৰাস পাব বা নোহোৱা হ'ব সেয়া প্ৰায় নিশ্চিত।

প্ৰযুক্তিয়ে মানুহক যিদৰে সকলো ক্ষেত্ৰতে আগবঢ়াই নিছে ঠিক সেইদৰে মানুহৰ ভৱিষ্যতক লৈও বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে। সংবাদ প্ৰতিষ্ঠানত এ আই প্ৰযুক্তি ব্যৱহাৰ কৰি এংকৰ তৈয়াৰ কৰাৰ দৰেই অতি সোনকালে আন আন কামতো যে এই এ আই প্ৰযুক্তিৰ আগমণ ঘটিব সেয়াও নিশ্চিত।

আৰু সেই দিন আহিলেই যে, তেনে প্ৰতিষ্ঠানবোৰত মানুহৰ প্ৰয়োজনীয়তা নোহোৱা হ'ব সেয়াও নিশ্চিত। সংবাদ মাধ্যমত ছনা, লিজা এক সম্পৰীক্ষা। এই সম্পৰীক্ষা সফল হোৱাৰ দিশত।

ছনা আৰু লিজাই হয়তো প্ৰমাণ কৰিব বিভিন্ন প্ৰতিষ্ঠানত ৮০ শতাংশ মানুহ অৰ্থাৎ কৰ্মচাৰীৰ আৰু প্ৰয়োজন নাথাকিব। সেয়া হ'লেই প্ৰযুক্তিৰ অত্যাচাৰত এসময়ত মানুহ কৰ্মহীন হৈ পৰিব।

Also Read: কমনৱেলথ ভাৰত্তোলনত দুই অসম সন্তানৰ স্বৰ্ণ অৰ্জন...

এ আই প্ৰযুক্তি