আপ, বিজেপিৰ লক্ষ্য ৩ গগৈ...

আপ, বিজেপিৰ লক্ষ্য ৩ গগৈ...
আপ, বিজেপিৰ লক্ষ্য ৩ গগৈ...
Published on
Updated on

মৃদুল কুমাৰ সন্দিকৈ

ৰাজনীতি এতিয়া নিজক লৈ। সম্প্ৰদায়, গোষ্ঠী, জাতি এইবোৰ ৰাজনীতিৰ আধাৰ হৈ পৰিছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশৰ পাছত বিশেষকৈ উজনি অসমত বিৰোধী পক্ষৰ সক্ৰিয়তা শাসক পক্ষৰ বাবে মূৰৰ কামোৰণি হৈ উঠিছে।

আহোম সম্প্ৰদায়ৰ ভোটাৰৰ প্ৰভাৱ থকা সমষ্টি সমূহৰ সীমাৰ ৰদবদল, সমষ্টি বিলুপ্তকৰণ আদি প্ৰসংগৰে ৩ জন বিৰোধী ৰাজনৈতিক নেতাই একেখন মঞ্চৰ পৰা দিয়া আৱাজ শাসক পক্ষই সহজভাৱে লোৱা নাই। সেয়ে আহোম সম্প্ৰদায়ৰ নেতা কেইগৰাকীৰ বিৰদ্ধে শাসকীয় পক্ষই ৭ জনকৈ আহোম নেতাক পক্ষেপ কৰি অসমৰ ৰাজনীতিত অভূতপূৰ্ব পৰিৱেশৰ সৃষ্টি কৰিছে।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ বিৰোধিতাৰে ৰাইজৰ দলৰ অখিল গগৈ, কংগ্ৰেছৰ গৌৰৱ গগৈ আৰু অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈ এক হোৱাৰ পাছত টোপনি হৰণ হৈছে শাসকপক্ষৰ। 3G অৰ্থাৎ তিনি গগৈ হিচাপে পৰিচিতি লাভ কৰা এই বিৰোধী পক্ষৰ নেতা কেইগৰাকীৰ বিৰুদ্ধে সৰৱ হৈছে খোদ মুখ্যমন্ত্ৰীও।

৩ জন গগৈয়ে এটা ফ্ৰেমত এখন ফটো উঠাৰ পাছত সেয়াও ৰাজনৈতিক আক্ৰমণৰ কাৰণ হৈ পৰিছে। শাসকীয় বিজেপিৰ ৭ জনকৈ নেতাই তেওঁলোকক আক্ৰমণ কৰিবলৈ গৈ তেওঁলোক যে কোনো কাৰণতে ৰাজনীতিত জয়ী হ'ব পৰাকৈ উপযুক্ত নহয় তাৰো যুক্তি দাঙি ধৰিছে।

সেই সুযোগতে বিৰোধী পক্ষত থাকিও আপৰ স্থিতিয়ে অসমৰ ৰাইজক বিপাঙত পেলাইছে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত দলটোৱে অকলেই ১৪ টা সমষ্টিত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা কৰিছে ইতিমধ্যে। দলটোৰেই এচাম নেতাই বিজেপিৰ সলনি লক্ষ্য কৰি লৈছে বিৰোধী পক্ষৰ ৩ জন আহোম সম্প্ৰদায়ৰ নেতাক।

তেওঁলোক যে, কোনো কাৰণতেই জয়ী হ'ব নোৱাৰে সেই গেৰাণ্টি প্ৰদান কৰি তেওঁলোকৰ বিৰুদ্ধে সংবাদ মেল পাতি আপে এক অৰ্থত শাসকীয় পক্ষৰে অৱস্থান লৈছে। উজনি অসমৰ বিজেপিৰ ৭ নেতা ক্ৰমে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, মন্ত্ৰী যোগেন মহন, বিধায়ক তৰংগ গগৈ, বিধায়ক চক্ৰধৰ গগৈ, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু বিধায়ক সুশান্ত বৰগোঁহায়ে একেলগে বহি বিৰোধীৰ ৩ গগৈক তুচ্ছ তাৎছিল্য কৰিছে।

গগৈৰ ৰাজনীতিত শংকিত কোন হৈছে সেয়া ইতিমধ্যে ৰাইজৰো বোধগম্য হৈছে। শাসক পক্ষই সদায় এইটো প্ৰতিষ্ঠা কৰিব বিচাৰিছে তেওঁলোকতকৈ বিকল্প, শ্ৰেষ্ঠ কোনো নাই।

গণতন্ত্ৰত শাসক, বিৰোধী দুয়ো পক্ষৰে ভূমিকা থাকে। শক্তিশালী বিপক্ষ নাথাকিলে শাসকসকল একচত্ৰী হৈ পৰে। সেয়েহে বিৰোধীৰ প্ৰয়োজনীয়তা অতিকৈ বেছি। তেনে শক্তিশালী বিৰোধীয়ে গণতন্ত্ৰৰ প্ৰমূল্যবোধক ৰক্ষা কৰাত সহায় কৰে।

এতিয়া বিৰোধী আৰু শাসক পক্ষৰ মাজত পাৰ্থক্য নোহোৱা হৈছে। কেতিয়া কোন, কাৰ সৈতে লগ লাগে সেয়া নিশ্চয়তা নাই। দিল্লী আৰু পঞ্জাৱত শাসনত থাকিলেও অসমত আপ এতিয়াও শক্তিশালী বিৰোধী দল ৰূপে গা কৰি উঠা নাই।

সেয়েহে আপৰ বৰ্তমানৰ ৰাজনৈতিক স্থিতিয়ে শাসকীয় পক্ষক সুবিধা কৰি দিলে সেয়া সন্দেহৰ আৱৰ্তত ৰৈ যায়। ঠিক এনে আচৰণেই আপৰ একাংশ নেতাই অসমত কৰাত এই বিষয়টোৱেও চৰ্চা লাভ কৰিছে।

যদি ৩ জন গগৈ এক হৈছে, তেওঁলোকৰ যদি ভিত্তিয়েই নাই তেনে শাসকীয় পক্ষয়ো ইমান উত্ৰাৱল আৰু চিন্তিত হোৱাৰ যুক্তি ক'ত? শাসক বিৰোধী উভয়ে আহোমৰ ভোটাৰৰ অংকত কৰা এই ৰাজনৈতিক যুদ্ধই তেওঁলোকক নিৰ্বাচনত সহায় কৰিব।

তাৰ বিপৰীতে এই স্থিতিত কোনো আন্তৰিকতা নাই। হঠাৎ আহোমৰ প্ৰসংগৰে অসমৰ ৰাজনীতি গৰম হৈ পৰিছে। কোন বেছি আহোমৰ ওচৰৰ তাক প্ৰতিষ্ঠা কৰাত লাগি গৈছে। তাৰ মাজতে এচামে সুযোগ বুজি অসমৰ ৰাজনৈতিক ভৱিষ্যতৰ ভৱিষ্যৎবাণী কৰাত ব্যস্ত হৈ পৰিছে।

আপ, বিজেপিৰ লক্ষ্য ৩ গগৈ...
তিনি বিশিষ্টলৈ দিপিআৰচিৰ বিশেষ বঁটা ঘোষণা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in