বিনিয়োগকাৰীয়ে প্ৰাণ ঢালি বিনিয়োগ কৰিছে অসমত...

অসমত এতিয়া উদ্যোগীকৰণৰ বতাহ বলিছে। দেশ, বিদেশৰ উদ্যোগীসকলে প্ৰাণ ঢালি অসমত বিনিয়োগৰ বাবে সাজু হৈছে। এডভাণ্টেজ আছাম ২.০ ৰ প্ৰথম দিনটোতে অসমে যথেষ্ট বিনিয়োগৰ মুখ দেখিছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
বিনিয়োগকাৰীয়ে প্ৰাণ ঢালি বিনিয়োগ কৰিছে অসমত...

তুষাৰ প্ৰতিম

Advertisment

অসমত এতিয়া উদ্যোগীকৰণৰ বতাহ বলিছে। দেশ, বিদেশৰ উদ্যোগীসকলে প্ৰাণ ঢালি অসমত বিনিয়োগৰ বাবে সাজু হৈছে। এডভাণ্টেজ আছাম ২.০ ৰ প্ৰথম দিনটোতে অসমে ২ লাখ ৫০ কোটিৰো অধিক টকাৰ বিনিয়োগৰ মুখ দেখা পাইছে। 


অথচ এইখন অসমতে আজিৰ পৰা কিছু দিনৰ আগলৈকে উদ্যোগৰ মৃত্যুমুখী যাত্ৰা অব্যাহত আছিল। আজিৰ পৰা কেইবছৰমানৰ পূৰ্বে সম্পূৰ্ণ ৰূপে মাৰি পেলোৱা হৈছিল জাগীৰোডস্থিত পেপাৰ মিলটোক। সেই স্থানতেই এতিয়া টাটাই নিৰ্মাণ কৰিছে ছেমি কণ্ডাক্টৰ প্ৰকল্প। 


অসমত আজিৰে পৰা আৰম্ভ হোৱা এডভাণ্টেজ আছাম ২.০ শীৰ্ষক বিনিয়োগ সন্মিলনত দেশৰ প্ৰখ্যাত উদ্যোগপতি মুকেশ আম্বানী, গৌতম আদানী, টাটা গ্ৰুপৰ অধ্যক্ষকে ধৰি প্ৰায়সমূহ শীৰ্ষ উদ্যোগীয়ে অংশগ্ৰহণ কৰিলে। এই অনুষ্ঠানৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীয়ে ক’লে, পূৰ্বে অসম দেশৰ ভিতৰতে অশান্ত ৰাজ্য হিচাপে পৰিচিত আছিল। এতিয়া অসম দেশৰ ভিতৰতে শান্ত ৰাজ্য হিচাপে চিহ্নিত হৈছে। অসমৰ এই পৰিবৰ্তনেও উদ্যোগীসকলক অসমলৈ আগমণ ঘটাত সহায় কৰিছে। 


সেইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থা উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। এই যোগাযোগ ব্যৱস্থায়ো অসম সন্দৰ্ভত এক যোগাত্মক পৰিবেশতন্ত্ৰৰ সূচনা কৰিছে। আজি অসমৰ এই ৰূপান্তৰৰ বাবে মুখ্যমন্ত্ৰীৰ লগতে আম্বানী, আদানীয়েও প্ৰধানমন্ত্ৰীক  কৃতজ্ঞতা জনাইছে। 

আদানীয়ে এঢাপ আগুৱাই গৈ কয়, এডভাণ্টেজ আছাম ২.০ ৰ মঞ্চত থিয় হৈ মই অনুভৱ কৰিছো বিনিয়োগৰ এই উত্থান ২০০৩ চনত গুজৰাটত পুনৰুত্থানৰ লগে লগে আৰম্ভ হৈছিল। তেওঁ অসমৰো সেই উত্থান আৰম্ভ হোৱাৰ ইংগিত দিলে। অৰ্থাৎ অসম হ'ব দ্বিতীয় গুজৰাট। 

ৰিলায়েন্সৰ মুৰব্বী মুকেশ আম্বানীয়েও অসমৰ এই ৰূপান্তৰৰ কথা উল্লেখ কৰি উদ্যোগীকৰণৰ বিপ্লৱৰ সম্ভৱানাক উজ্জ্বল কৰি তুলিলে। তেওঁ উল্লেখ কৰিলে ২০১৮ ৰ এডভাণ্টেজ আছাম সন্মিলনত ৰিলায়েন্সে ৫ হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ কথা ঘোষণা কৰিছিল। 

পৰৱৰ্তী সময়ত সেই বিনিয়োগ ১২ হাজাৰ কোটিলৈও বৃদ্ধি কৰিছিল বুলি আজি মুকেশ আম্বানীয়ে উল্লেখ কৰিছে। ইয়াৰ পৰা এটা কথা স্পষ্ট হয়, অসমত বিনিয়োগৰ যথেষ্ট সম্ভাৱনাৰ দুৱাৰ মুকলি হৈছে। সেয়ে আজি উদ্যোগীসমূহে অসমত বিনিয়োগ কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে। টাটা গ্ৰুপে অসমত এতিয়ালৈকে যথেষ্ট বিনিয়োগ কৰিছে যদিও পুনৰ বিনিয়োগৰ বাবে আগবাঢ়ি আহিছে। 


আজি এডভাণ্টেজ আছাম ২.০ সন্মিলনৰ আৰম্ভণিতে অসমৰ মুখ্যমন্ত্ৰীয়ে আশা কৰাতকৈ অধিক বিনিয়োগ লাভ কৰাটো নিশ্চিত হৈ পৰে। আম্বানী, আদানী আৰু বেদান্তই ৫০ হাজাৰ কোটিকৈ ডেৰ লাখ কোটি আৰু টাটা গ্ৰুপে ৩০ হাজাৰ কোটি বিনিয়োগৰ প্ৰতিশ্ৰুতিৰে এই চাৰিটা গ্ৰুপে মিলিয়েই ১ লাখ ৮০ কোটি টকাৰ বিনিয়োগৰ কথা ঘোষণা কৰিলে। অথচ কেইদিনমান আগতে মুখ্যমন্ত্ৰীয়ে নিজেই ঘোষণা কৰিছিল কেবিনেটে ১ লাখ ২২ হাজাৰ কোটি বিনিয়োগত অনুমোদন জনাইছে।


সেইদৰেই আন আন উদ্যোগী আৰু উদ্যোগে অসমত বিনিয়োগৰ বাবে ৰাজ্য চৰকাৰৰ সৈতে বুজাপৰাৰ চুক্তিত স্বাক্ষৰ কৰিছে। অসমৰ তেল, গেছ, জৈৱ বৈচিত্ৰ, স্বাস্থ্য, শিক্ষা, বস্ত্ৰ, খাদ্য, পথ পৰিবহণ, শক্তিকে ধৰি বিভিন্ন ক্ষেত্ৰত বিনিয়োগ কৰিব এই বিনিয়োগকাৰীসকলে। 


এয়া নিশ্চয়কৈ অসমৰ বাবে ভাল খবৰ। টাটা গ্ৰুপে ইতিমধ্যে ছেমিকণ্ডাক্টৰৰ জৰিয়তে প্ৰায় ১ লাখ লোকৰ সংস্থাপনৰ বাট মুকলি কৰাৰ সমান্তৰালকৈ পুনৰ ৩০ হাজাৰ কোটি টকা বিনিয়োগেৰে ৩০ হাজাৰ সংস্থাপনৰ বাট মুকলি কৰাৰ বাবে চেষ্টা চলাব। 


ৰিলায়েন্সেও অসমত ১০ ৰ পৰা ১২ হাজাৰ নতুন সংস্থাপনৰ বাট মুকলি কৰিব। সেইদৰেই বিনিয়োগ লাভ কৰা প্ৰায় প্ৰতিটো খণ্ডতে সংস্থাপনৰ বাট মুকলি হোৱাটো নিশ্চিত হৈছে। কিন্তু ইয়াৰ সমান্তৰালকৈ এই প্ৰশ্নও উত্থাপন হৈছে, উদ্যোগীকৰণৰ এই ঢৌত অসম, অসমীয়াৰ অস্তিত্ব বিপদাপন্ন হ’ব নেকি? 


এতিয়াও অসমৰ ক্ষুদ্ৰ উদ্যোগীৰ হাততে আছে অসমৰ চহকী বস্ত্ৰ শিল্প। এই শিল্পত ৰিলায়েন্সে বিনিয়োগ কৰিব। অসমত বৰ্তমান ৪০০ খন ৰিটেইলাৰ আছে। আগন্তুক সময়ত এই সংখ্যা ৮০০ লৈ বৃদ্ধি পাব। তাৰোপৰি ৰিলায়েন্সে অসমৰ খাদ্যৰো এখন বজাৰ তৈয়াৰ কৰিব। 


অসমক ফুড আৰু ননফুড প্ৰডাক্টৰ যোগানকাৰীলৈ ৰূপান্তৰ কৰিব। অসমক চাহ আৰু গ্ৰীণ এনাৰ্জীৰ হাবৰূপে গঢ়ি তোলাৰ পৰিকল্পনা ৰিলায়েন্সৰ। অসমৰ থলুৱা মানুহৰ হাতত এতিয়াও আৱদ্ধ হৈ থকা অসমৰ খাদ্য, বস্ত্ৰ আদি ক্ষেত্ৰত ৰিলায়েন্সৰ প্ৰৱেশৰ লগে লগে এই লোকসকলৰ হাতৰ পৰা খাদ্য আৰু বস্ত্ৰ উদ্যোগটো আঁতৰি যোৱাৰ সম্ভাৱনা নিশ্চয়কৈ থাকিব। এই দিশটোও কিন্তু আলোচনাৰ মাজলৈ আহিব। 


সেইদৰে বেদান্ত গ্ৰুপে অসমৰ কেইবাটাও খণ্ডত বিনিয়োগ কৰিব ৫০ হাজাৰ কোটি। বেদান্ত গ্ৰুপে নিৰ্ধাৰণ কৰা এই খণ্ড কেইটাৰ ভিতৰত আছে বন, বন্যপ্ৰাণী সুৰক্ষা, হস্ত তাঁত শিল্পও। ইতিমধ্যে বেদান্ত গ্ৰুপৰ বিৰুদ্ধে অসমত এক বিৰূপ প্ৰতিক্ৰিয়া চলি আছে। 


বেদান্তে অসমৰ গিবন অভয়াৰণ্যৰ কাষত তৈল খনন কৰি অৰণ্যখনলৈ ভাবুকি কঢ়িয়াই অনাৰ অভিযোগ আছে। সেই বেদান্তেই অসমৰ বন আৰু বন্যপ্ৰাণী সুৰক্ষাৰ কথা কৈছে। তাৰোপৰি অসমৰ হস্ত তাঁত শিল্পৰ পুনৰুজ্জীৱিতকৰণৰ কথা কৈছে। এই পুনৰুজ্জীৱিতকৰণৰ অৰ্থ অসমৰ হস্ত তাঁত শিল্পক সম্পূৰ্ণকৈ নিজৰ হাতলৈ নিয়াটোৱেই হ’ব নেকি? এই প্ৰশ্নও উত্থাপন হৈছে। 


আদানীয়ে ৫০ হাজাৰ কোটি টকা বিনিয়োগৰ বাবে নিৰ্ধাৰণ কৰা ক্ষেত্ৰসমূহৰ ভিতৰত আছে বিমান বন্দৰ, এৰোচিটি, চহৰাঞ্চলত গেছ বিতৰণ, ট্ৰেন্সমিছন, চিমেণ্ট আৰু পথ পৰিবহণ। ইতিমধ্যে আদানীৰ হাতলৈ গৈছে গুাৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ। 


ইয়াৰ পাছতে সঘনে এই বিমান বন্দৰক লৈ বিতৰ্ক অব্যাহত আছে। অসমৰ পথ পৰিবহণ ব্যৱস্থাতো বিনিয়োগ কৰিব আদানীয়ে। ফলত ৰাজ্যৰ পথো আদানীৰ অধীনলৈ যাব নেকি? এই প্ৰশ্নও কিন্তু উত্থাপিত হৈছে। 


মন কৰিবলগীয়া যে, ৰাজ্যলৈ পুঁজিপতিসকলক এইদৰে মুকলিকৈ ৰঙা দলিচা পাৰি দিয়া হৈছে যদিও ৰাজহুৱা খণ্ডৰ উদ্যোগ কেইটাই কিন্তু মৃত্যুমুখী যাত্ৰাৰ দিশে অগ্ৰসৰ হৈছে। ইতিমধ্যে জাগীৰোডৰ কাগজ কলৰ মৃত্যু হৈছে। 

কাছাৰত হিন্দুস্তান পেপাৰ মিলটোৰো ভৱিষ্যত অন্ধকাৰ। ইয়াৰ ৫ হাজাৰ বিঘা বিশাল ভূমিত তিনিটাকৈ তেলৰ পুং আছে। এই ৰাজহুৱা উদ্যোগটোৰ মৃত্যুমুখত পৰাত ইয়াৰ কৰ্মচাৰীৰ প্ৰতিবাদ অব্যাহত আছে। 


ধুবুৰীৰ জুইশালৰ কাৰখনা, অসমৰ মৰাপাট কল, চেনী কলো একেই দিশে অগ্ৰসৰ হৈছে। নামৰূপৰ সাৰকাখনাৰ উৎপাদন বৃদ্ধি কৰিবলৈ ইয়াৰ আৰু এটা ইউনিটৰ সম্প্ৰসাৰণৰ কথা কেন্দ্ৰীয় বাজেটত উল্লেখ কৰিছে যদিও নামৰূপ সাৰ কাৰখনাৰ অৱস্থা কিন্তু বৰ সন্তুোষজনক নহয়। 


এই উদ্যোগটোকো এইহবাৰ পুঁজিপতিয়ে লক্ষ্য কৰি লৈছে। একেদৰেই অসম পেট্ৰ’কেমিকেল প্ৰকল্পৰো অৱস্থা শোচনীয়। ৰাজ্য চৰাকৰে এই ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ জীয়াই ৰখাৰ ক্ষেত্ৰতো পদক্ষেপ নিশ্চয়কৈ ল’ব লাগিব।


কেৱল পুঁজিপতি উদ্যোগীৰ হাততে সকলো গতাই দিলে অসমৰ ভৱিষ্যত এইসকল উদ্যোগীৰ হাততেই নিৰ্ভৰশীল হৈ পৰিব। উদ্যোগীকৰণৰ বাবে ৰাজ্য চৰকাৰে যি পদক্ষেপ লৈছে সেয়া নিশ্চয়কৈ প্ৰশংসনীয়। ৰাজ্যৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰিবলৈ, অসমৰ যুৱক-যুৱতীৰ সংস্থাপনৰ বাবে উদ্যোগ স্থাপন কৰিবই লাগিব। 


মুখ্যমন্ত্ৰীৰ এনে প্ৰচেষ্টা নিশ্চয়কৈ আদৰণিয়। কিন্তু সমান্তৰালকৈ এই কথাটো গুৰুত্ব দিব লাগিব অসমৰ মাটি, পানী, বায়ুত যাতে অসমীয়াৰে অধিকাৰ থাকে। উদ্যোগীকৰণে কেৱল পুঁজিপতিক লাভাম্বিত কৰাৰ বিপৰীতে অসম, অসমীয়াৰো যাতে উন্নয়ন, বিকাশ সমান্তৰাল গতিত অব্যাহত থাকে সেই কথাও লক্ষ্য ৰাখিব লাগিব। ৰাজ্য চৰকাৰে এইবোৰ দিশত কিমান গুৰুত্ব দিছে সেয়াও লক্ষ্যণীয়। 

 

অসমক দ্বিতীয় গুজৰাট কৰাৰ পৰিকল্পনাৰ সমান্তৰালকৈ এই কথাও মনত ৰাখিব লাগিব গুজৰাটৰ কৃষকৰ আত্মহত্যাৰ কাহিনী। নিশাৰ ভিতৰতে কৃষি ভূমি উদ্যোগীৰ হাতত গতাই দিয়া কৃষক ক্ষন্তেকৰ বাবে ধনী হৈ কিছু দিনৰ বিলাসীতা লাভ কৰিছিল যদিও পাছত ভূমিহীন হৈ পৰিছিল।

 

এতিয়াও গুজৰাটত কৃষকে আত্মহত্যা কৰাৰ খবৰ আহে। অসমতো উদ্যোগীকৰণ এই জোৱাৰত অসমৰ কৃষকৰো সেই দুৰৱস্থাই হ'ব নেকি? তেনে কোনো দুৰৱস্থাৰ যাতে সৃষ্টি নহয় সেই ব্যৱস্থাও চৰকাৰেই ল'ব লাগিব।  


এই পৰ্যন্ত অসম চৰকাৰে আনুষ্ঠানিকভাৱে প্ৰথম দিনটোত কিমান বিনিয়োগ লাভ কৰিলে তাৰ কোনো তথ্য প্ৰকাশ কৰা নাই যদিও প্ৰায় আঢ়ৈ লাখ কোটিৰো অধিক বিনিয়োগ নিশ্চিত হৈছে। ইয়াৰ ভিতৰত আদানী গ্ৰুপ, ৰিলায়েন্স, টাটা গ্ৰুপ আৰু বেদান্ত গ্ৰুপেই বিনিয়োগ কৰিলে ১ লাখ ৮০ কোটি টকা। 


তাৰোপৰি এছাৰ গ্ৰুপে ২১ হাজাৰ কোটি, অইল ইণ্ডিয়া লিমিটেডে ২৩,৩০০ কোটি, ইন্দ্ৰধনুশ পাৱাৰ গ্ৰীডে ১২০০ কোটি, নুমলীগড় ৰিফাইনেৰী লিমিটেডে ১০,৭১১ কোটি, গ্ৰীণকো এনাৰ্জিছ প্ৰাইভেট লিমিটেডে ৫৮৫০ কোটি , ৱেলস্পান ৱৰ্ল্ডে চিণ্টেক্স বিএপিএল লিমিটেডে ৩৫০ কোটি, লীলাৱতী ফাউণ্ডেছন এল এল পিয়ে ১৫০ কোটি, বায়’ ফ্ৰেইণ্ডছে ২৬০ কোটি, পি এন বি ইনভেষ্টমেণ্ট চাৰ্ভিচেছ লিমিটেডে ৩০০০ কোটি, Gaveshna University য়ে ৮০০ কোটি, জে এছ ডব্লিউ গোটে ৭০০০ কোটি, টিচিচি কনচেপ্টছ লিমিটেডে ১৫০০ কোটি টকাৰ বুজাপৰাৰ চুক্তিত স্বাক্ষৰ কৰিছে।এইসমূহৰ উপৰিও বিনিয়োগৰ বাবে বুজাপৰাৰ চুক্তি স্বাক্ষৰ কৰিছে স্থানীয় কেইবাটাও উদ্যোগ আৰু উদ্যোগীয়ে। 

 

ড০ হিমন্ত বিশ্ব শৰ্মা এডভাণ্টেজ আছাম ২.০ নৰেন্দ্ৰ মোডী