চাবস্ক্ৰাইব কৰক

0

  • Sign in with Email

By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.

Don’t have an account? Signup

  • Manage Subscription
  • Bookmarks
  • My Profile
  • Log Out
  • E-Paper
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • কনক্লেভ ২০২৪
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিনোদন
  • জীৱন শৈলী
  • স্বাস্থ্য
  • অর্থনীতি
  • সম্পাদনা মেজ
    • বিশেষ প্ৰতিবেদন
    • মোৰ মত
ad_close_btn
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিশেষ লেখা
  • অর্থনীতি
  • স্বাস্থ্য
  • জীৱন শৈলী

Powered by :

আপুনিসফলতাৰেনিউজলেটাৰতচাবস্ক্ৰাইবকৰিছে.
বিশেষ লেখা মুখ্য-পৃষ্ঠা

আছুৰ ধন !

আছুক ৰাইজে মৰম কৰে। এই ছাত্ৰ সংগঠনটোৰ দায়িত্বও অনেক বুলি সাধাৰণ মানুহে আজিও বিশ্বাস ৰাখে। অসমৰ স্বাৰ্থত মাত মাতি অহা এই ছাত্ৰ সংগঠন অসমীয়া জাতিৰ এক আৱেগ স্বৰূপ আছিল।

author-image
Asomiya Pratidin
20 Mar 2025 21:55 IST
আপডেট কৰা হৈছে 20 Mar 2025 22:23 IST

Follow Us

New Update
আছুৰ ধন !

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

সদৌ অসম ছাত্ৰ সন্থাক ৰাইজে মৰম কৰে। এই ছাত্ৰ সংগঠনটোৰ দায়িত্বও অনেক বুলি সাধাৰণ মানুহে আজিও বিশ্বাস ৰাখে। অসমৰ স্বাৰ্থত মাত মাতি অহা এই ছাত্ৰ সংগঠন অসমীয়া জাতিৰ এক আৱেগ স্বৰূপ আছিল। 

দায়িত্ব আৰু দায়বদ্ধতাৰে অসমীয়া জাতি আৰু অসমৰ হকে ছাত্ৰ সংগঠনটোৱে কাম কৰা এক বৰ্ণিল ইতিহাস আছে। সেয়েহে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছু লৈ কোনো প্ৰতিষ্ঠান বা অনুষ্ঠানে দান, বৰঙণি আগবঢ়োৱাটোত কোনো প্ৰশ্ন কৰিবলগীয়া নাই।

সেই দান, বৰঙণিৰেই এটা অনুষ্ঠান সংগঠনটোৰ নেতৃত্বই চলাব লগীয়া হয়। কিন্তু এনে অনুষ্ঠানবোৰৰ মজিয়াত আৰ্থিক স্বচ্ছতা ৰক্ষা হয় নে? হিচাপ হয় নে সেই সংগঠনটো লৈ আগবঢ়োৱা দান, বৰঙণিৰ? নে একাংশ তথাকথিত নেতাৰ জেপত সোমাইগৈ সেই ধন? এই প্ৰশ্ন অৱতাৰণা কৰাৰ এক কাৰণ আছে।

দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংকত সদৌ অসম ছাত্ৰ সন্থাৰ এটা বেংক একাউণ্ট আছে। গুৱাহাটীৰ শাখাত থকা আছুৰ সেই বেংক একাউণ্টটোৰ নম্বৰ ৩৯১০৪২০১০০২২৫৭৮। পুৰণি এই বেংক একাউণ্টটোৰ লেনদেন যদি ভালদৰে পৰীক্ষা কৰা হয় তেনেহ’লে মানুহৰ চকু কপালত উঠিব।

বাকীবোৰ সময়ৰ কথা এৰি ১ জানুৱাৰী ২০২০ ৰ পৰা ১৯ মাৰ্চ ২০২৫ লৈকে আছুৰ এই বেংক একাউণ্টৰ সিংহভাগ ধন দেখোন একাংশ আছু নেতাৰ জেপত সোমাইছেগৈ। বিভিন্ন উৎসৰ পৰা মোটা পৰিমাণৰ ধন এই বেংক একাউণ্টত সোমালেই তাৰ এক, দুদিনৰ পাছত এই ধন ৰহস্যজনকভাৱে কোনো আছু নেতাৰ একাউণ্টলৈ ট্ৰেঞ্চফাৰ নতুনবা আছু নেতাই উলিয়াই লৈ যায়। উদাহৰণ স্বৰূপে ২৮ মে ২০২০ ত ৰাজ্যৰ এটা প্ৰতিষ্ঠিত কোম্পানীয়ে আছুৰ এই একাউণ্টত অনুদান হিচাপে জমা দিছিল ২০ লাখ টকা। সেই ধন ৩০ মে ২০২০ ত ডি নাথ নামৰ এজন লোকে উলিয়াই নিয়ে। লোকজনে উলিয়াই নিয়া ধনৰ পৰিমাণ ১৯ লাখ ৯০ হাজাৰ টকা। বাকী সৰু ধনৰ পৰিমাণৰ কথা বাদেই এই একাউণ্টটোৰ পৰা ৪ নৱেম্বৰ ২০২০ ত ধীৰাজ কুমাৰ নাথ নামৰ এজন লোকৰ একাউণ্টলৈ এই আছুৰ একাউণ্টৰ পৰা ৩ লাখ টকা আৰ টি জি এছ কৰা হয়।  

প্ৰায়ে ধীৰাজ কুমাৰ নাথৰ একাউণ্টলৈ এইদৰে ধন ট্ৰেঞ্চফাৰ কৰাৰ তথ্য দেখা পোৱা গৈছে। জানিব পৰা মতে তেওঁ পূৰ্বৰ এজন আছুৰ নেতাৰ অতিকৈ ঘনিষ্ঠ আৰু সেই সূত্ৰেই এই চৰকাৰী বিষয়াজনৰ বেংক একাউণ্টলৈ সেই নেতাজনে ধন ট্ৰেঞ্চফাৰ কৰাৰ সন্দেহ কৰা হৈছে।

কোনো এক প্ৰতিষ্ঠানে ধন আছুৰ একাউণ্টত দিয়াৰ পাছত কেইজনমান বিশেষ লোকৰ একাউণ্টলৈ আৰ টি জি এছ কৰাৰ কাৰ্যই এই সমগ্ৰ প্ৰক্ৰিয়াটোক এক সন্দেহৰ আৱৰ্তলৈ লৈ গৈছে। আছুৰ সেইসকল প্ৰাক্তন নেতাই এনেদৰে আছুৰ একাউণ্টটোক ধন ঘটাৰ এক উৎস হিচাপে ব্যৱহাৰ কৰিলে নেকি তাক লৈ প্ৰশ্ন উত্থাপন হয়।

জানিব পৰা মতে ধীৰাজ কুমাৰ নাথ নামৰ যিজন ব্যক্তিলৈ প্ৰায়ে আৰ টি জি এছৰ জৰিয়তে ধন হস্তান্তৰ কৰা হয় তেওঁ অসম চৰকাৰৰ সচিবালয়ত কাম কৰা এজন বিষয়া। তেওঁৰ একাউণ্টত ৪ নৱেম্বৰ ২০২০ ত ৩ লাখ টকা আৰ টি জি এছ যোগে হস্তান্তৰ কৰাৰ তথ্যও পোৱা গৈছে।

একেদৰে অইল ইণ্ডিয়াত কৰ্মৰত আন এজন কৰ্মচাৰীৰ একাউণ্টলৈয়ো কেইবাবাৰো ধন হস্তান্তৰ কৰাৰ উদাহৰণ আছে। লাখৰ ঘৰত ধন এনেদেৰে আছুৰ একাউণ্টৰ পৰা হস্তান্তৰ কৰাৰ আন কেইটামান উদাহৰণ হল ৩০ মে ২০২০ ডি কুমাৰ নাথৰ নামত ১৯ লাখ ৯০ হাজাৰ টকা, ৪ নৱেম্বৰ ২০২০ ত ধীৰাজ কুমাৰ নাথৰ নামত ৩ লাখ, ১০ নৱেম্বৰ ২০২০ ত শিখৰ নামৰ শৰ্মাৰ নামত ২ লাখ, ৬ মে ২০২১ ত শংকৰজ্যোতি বৰুৱাৰ নামত আৰ টি জি এছ যোগে ৪ লাখ ৫০ হাজাৰ টকা, ১৩ জুলাই ২০২১ত সত্যজিৎ বৰগোঁহাইৰ নামত ২ লাখ ৭৯ হাজাৰ টকা, ১২ ছেপ্টেম্বৰ ২০২১ ত সত্যজিৎ বুঢ়াগোঁহাইৰ নামত ৩ লাখ ৫০ হাজাৰ টকা, ৩১ ছেপ্টেম্বৰ ২০২১ ত ধীৰাজ কুমাৰ নাথৰ নামত ২ লাখ ৯০ হাজাৰ টকা, ৩ জানুৱাৰী ২০২২ ত সত্যজিৎ বৰগোঁহাইৰ নামত ৭ লাখ ৩৪ হাজাৰ টকা এন ই এফ টি যোগে দিয়া হৈছে।

একেদিনাই ধীৰাজ কুমাৰ নাথৰ নামত এন ই এফ টি যোগে ৩ লাখ ৮০ হাজাৰ টকা, ২১ ফেব্ৰুৱাৰী ২০২২ ত ধীৰাজ কুমাৰ নাথৰ নামত ১ লাখ টকা, ৩ জুন ২০২২ ত দীপজ্যোতি দিহিঙ্গীয়াৰ নামত ১ লাখ ১৭ হাজাৰ, ৮ জুন ২০২২ ত সত্যজিৎ বৰগোঁহাইৰ নামত আৰ টি এছ যোগে ৪ লাখ ৮৪ হাজাৰ টকা দিয়াৰ তথ্য পোৱা গৈছে। একেদৰে দুলীয়াজানৰ এজন অইল ইণ্ডিয়াৰ কৰ্মচাৰী দীপাংকৰ গগৈৰ নামত ১ জুলাই ২০২২ ত আৰ টি জি এছ যোগে ৫ লাখ টকা হস্তান্তৰ কৰা হৈছে এই একাউণ্টৰ পৰা।

৫ ছেপ্টেম্বৰ ২০২২ ত সত্যজিত বুঢ়াগোঁহাইৰ নামত ১৯ লাখ, ১ অক্টোবৰ ২০২২ ত ডি নাথৰ নামত ২ লাখ ৪৩ হাজাৰ, ২০ মে ২০২৩ ত দীপাংকৰ গগৈৰ নামত ২ লাখ ৯৩ হাজাৰ দিয়াৰ তথ্যবোৰ মাত্ৰ উদাহৰণ হে। আছুৰ এই একাউণ্ট একাংশ নেতাই অতি কৌশলেৰে ব্যৱহাৰ কৰিছিল নেকি?

সেই বিষয়ক সন্দেহ আৰু প্ৰশ্ন ৰৈ যায় এই একাউণ্টটোৰ তথ্য পৰীক্ষা কৰিলে। আছুৰ বৰ্তমানৰ নেতৃত্বই নিশ্চয় এই বিষয়টো গুৰুত্ব দিব আৰু আছুৰ নামত অহা এই ধনবোৰ কোনে, কিয় এনেদৰে ঘনিষ্ঠ লোকসকলৰ নামত ট্ৰেঞ্চফাৰ কৰিছিল সেই বিষয়ক এক স্থিতি স্পষ্ট কৰিব।

অৱশ্যে আমি আছুৰ বৰ্তমানৰ কেইবাজনো নেতাক এই বিষয়টোৰ সন্দৰ্ভত যোগাযোগ কৰি সুধিছিলো যদিও তেখেতসকলে অৱশ্যে কোনো সুদুত্তৰ দিব নোৱাৰিলে। কিন্তু এটা উত্তৰ নিশ্চয়কৈ আছুৰ ফালৰ পৰা আশা কৰা যায়।

আছু সদৌ অসম ছাত্ৰ সন্থা
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক
logo

সম্পৰ্কিতপ্ৰবন্ধসমূহ
পৰৱৰ্তীপ্ৰবন্ধপঢ়ক
সর্বশেষ গল্পসমূহ
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক

Powered by


Subscribe to our Newsletter!




Powered by
ভাষানিৰ্বাচনকৰক
assamese

এইপ্ৰবন্ধটোশ্বেয়াকৰক

যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।
তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব

ফেচবুক
টুইটাৰ
ৱাটছএপ

কপি কৰা হৈছে!