Advertisment

মহাকুম্ভত স্নানৰ আঁৰত ৰাজনীতি...

৫ ফেব্ৰুৱাৰীত নৰেন্দ্ৰ মোডী যাব মহাকুম্ভ মেলালৈ। তাত তেওঁ ত্ৰিবেণী সংগমস্থলীত স্নান কৰিব। মঙ্গলবাৰে মোডীৰ মহাকুম্ভৰ ভ্ৰমণৰ সবিশেষ প্ৰকাশ পাইছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
মহাকুম্ভত স্নানৰ আঁৰত ৰাজনীতি...

তুষাৰ প্ৰতিম

Advertisment

এই কথাত কাৰো দ্বিমত নাই যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এগৰাকী বাকপটু নেতা। তেওঁৰ কথন শৈলীয়ে দেশৰ লাখ লাখ জনতাক আকৰ্ষিত কৰি আহিছে। এনে বাকপটুতাৰেই তেওঁ কঠিনতকৈ কঠিন পৰিস্থিতিৰ মুখামুখী হৈছে। 

প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডী কিমান দক্ষ বা তেওঁৰ ওপৰত দেশবাসীয়ে ন্যস্ত কৰা দায়িত্ব কিমান সফলতাৰে পালন কৰিছে সেয়া দেশবাসীয়ে নিশ্চয় বিচাৰ কৰিছে। বিৰোধীয়ে তেওঁক যিমান সমালোচনা কৰিলেও, তেওঁৰ পৰা কিন্তু বিৰোধীৰ শিকিবলগীয়া বহু আছে।

বিশেষকৈ জনতাক কেনেকৈ আকৃষ্ট কৰিব লাগে সেয়া মোডীতকৈ ভালকৈ আৰু হয়তো আজিৰ তাৰিখত আন কোনো ৰাজনৈতিক নেতাই নাজানে। বংগৰ নিৰ্বাচনৰ সময়ত কবিগুৰু ৰবীন্দ্ৰ নাথৰ দৰেই নিজকে সজাইছিল মোডীয়ে। আন ৰাজ্যৰ নিৰ্বাচনৰ সময়ত সেই ৰাজ্যৰ আবেগক হাথিয়াৰ কৰিছিল তেওঁ। এইবোৰ কিন্তু আন ৰাজনৈতিক নেতাৰ চিন্তাৰো বাহিৰত আছিল।

 ৫ ফেব্ৰুৱাৰীত দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। এই নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য ইতিমধ্যে ৩ ফেব্ৰুৰীতে অন্ত পৰিছে। দিল্লীৰ জনতাক আকৃষ্টি কৰিবলৈ শাসকীয় আম আদমি পাৰ্টিয়ে যিদৰে দুটা কাৰ্যকালৰ সফলতাৰ খটিয়ান দাঙি ধৰি পুনৰ নানান প্ৰতিশ্ৰুতিৰে ক্ষমতা দখলৰ চেষ্টা কৰিছে, ঠিক সেইদৰেই বিজেপি, কংগ্ৰেছকে ধৰি বিৰোধীয়েও দিল্লীবাসীৰ মন জয় কৰিবলৈ নানান প্ৰতিশ্ৰুতি দিছে।

এই প্ৰতিশ্ৰুতিৰেই হয়তো বহু ৰাজনৈতিক নেতাই নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ সপোন দেখিছে। কিন্তু প্ৰধানমন্ত্ৰী মোডীৰ তীক্ষ্ণ মগজুত বহু পূৰ্বেই থিতাপি লৈছিল আন এক চিন্তাই।

৫ ফেব্ৰুৱাৰীত নৰেন্দ্ৰ মোডী যাব মহাকুম্ভ মেলালৈ। তাত তেওঁ ত্ৰিবেণী সংগমস্থলীত স্নান কৰিব। মঙ্গলবাৰে মোডীৰ মহাকুম্ভৰ ভ্ৰমণৰ সবিশেষ প্ৰকাশ পাইছে। খবৰ অনুসৰি ৫ ফেব্ৰুৱাৰী বুধবাৰে পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ১০:০৫ বজাত দিল্লীৰ পৰা উৰা মৰা বিমানে প্ৰয়াগৰাজত অৱতৰণ কৰিব।

তাৰ পৰা আকৌ হেলিকপ্টাৰেৰে গৈ প্ৰধানমন্ত্ৰী মোডী পুৱা ১০:৪৫ বজাত মহাকুম্ভ মেলাৰ আৰিয়াল ঘাটত উপস্থিত হবগৈ। তাৰ পৰা নৌকাৰে তেওঁ যাব ত্ৰিবেণী সংগমলৈ।

তাত তেওঁ দিনৰ ১১ বজাৰ পৰা ১১:৩০ বজাৰ ভিতৰত স্নান কৰিব। তাৰ পাছত অহাৰ দৰেই অনুৰূপ ধৰণে দিল্লীলৈ উভতিব প্ৰধানমন্ত্ৰীগৰাকী।

স্বাভাৱিক দৃষ্টিত বহুতেই হয়তো এয়া প্ৰধানমন্ত্ৰী মোডীৰ এক সাধাৰণ কাৰ্যসূচী বুলিয়েই ধাৰণা কৰিব। কিন্তু যিসকলে মোডীক জানে, মোডীৰ ৰাজনৈতিক কাৰ্যকলাপ অনুসৰণ কৰে তেওঁলোকে ইয়াৰ আঁৰৰ ৰাজনীতিও সহজেই বুজি পায়।

প্ৰয়াগৰাজত মহাকুম্ভ মেলা অনুষ্ঠিত হৈ আছে ১৩ জানুৱাৰীৰ পৰা। এই মহাকুম্ভ মেলা প্ৰায় ১ মাহ হবৰ হল। দৈনিক কোটি কোটি ভক্তৰ সমাগম হোৱা মহাকুম্ভলৈ প্ৰধানমন্ত্ৰীগৰাকী এতিয়ালৈকে অহা নাই।

কিন্তু তেওঁ আহিব ৫ ফেব্ৰুৱাৰীত। আৰু ৫ ফেব্ৰুৱাৰীতে আছে দিল্লীৰ বিধানসভা নিৰ্বাচন। গতিকে নিশ্চিতভাৱে এই দিনটোতে মোডীয়ে মহাকুম্ভত স্নান কৰি দিব হিন্দুত্বৰ বাৰ্তা।

এই বাৰ্তাৰেই তেওঁ দিল্লীৰ হিন্দু ভোটাৰসকলৰ মন জয় কৰাৰ চেষ্টা চলাব। দেশত এতিয়া যিদৰে ধৰ্মীয় আৱেগৰ এক পৰিবেশে বিৰাজ কৰিছে সেই পৰিবেশলৈ লক্ষ্য কৰি এই কথা নিশ্চিতকৈ ক পাৰি মোডীৰ মহাকুম্ভৰ স্নানে দিল্লীৰ ভোটগ্ৰহণত কিছু পৰিমাণে হলেও প্ৰভাৱ পেলাব।

অৱশ্যে মোডীৰ মহাকুম্ভৰ এই যাত্ৰাই হিতে বিপৰীত হোৱাৰো আশংকা নথকা নহয়। কিয়নো মহাকুম্ভক লৈ দেশজুৰি নানান বিতৰ্ক হৈছে। প্ৰায় ৭ হাজাৰ কোটি টকা ব্যয়ৰে অনুষ্ঠিত কৰা এই মহাকুম্ভ মেলাৰ ব্যৱস্থাপনাক লৈ প্ৰশ্ন উঠিছে।

ভি আই পি সংস্কৃতিৰ বাবেই যোৱা ২৯ জানুৱাৰীৰ মৌনী অমাৱস্যাৰ নিশা পদপিষ্টৰ ঘটনা সংঘটিত হৈ চৰকাৰী হিচাপে মতে ৩০ জন লোকে প্ৰাণ হেৰুৱালে। বেচৰকাৰী তথ্য মতে আকৌ এই ঘটনাত কেইবা শ ভক্তই প্ৰাণ হেৰুৱাইছে। এই ঘটনাৰ পাছৰে পৰা ভক্তসকল ক্ষোভিত হৈ আছে।

মোডীৰ আগমণৰ বাবে যদি পুনৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ নামত ভক্তৰ ওপৰত অত্যাচাৰ চলে, তেওঁলোকৰ ভক্তিত বাধা প্ৰদান কৰা হয় তেন্তে সেয়াও এক ৰাজনৈতিক ইছ্যু যে নহব তাৰ কোনো নিশ্চয়তা নাই। অৱশ্যে তেনে কিবা হলেও দিল্লীৰ নিৰ্বাচনত তাৰ প্ৰভাৱ নপৰিব।

এনে পৰিস্থিতিত এতিয়া লক্ষ্যণীয় হব দিল্লীৰ ১.৫০ কোটি ভোটাৰে ধৰ্মীয় আৱেগক প্ৰধান্য দিয়ে নে উন্নয়নমূলক ৰাজনীতিক প্ৰাধান্য দিয়ে। দিল্লীত এইবাৰ কিছু পৰিমাণে যে শাসকীয় দলটো প্ৰত্যাহ্বানৰ সন্মুখীন হব সেয়া ৰাজনৈতিক বিশেষজ্ঞৰ মতামতত স্পষ্ট হৈছে।

নিৰ্বাচনী প্ৰচাৰৰ মাজতে দলটোত খহনীয়া হোৱাৰ লগতে প্ৰতিষ্ঠান বিৰোধী ঢৌৰ সন্মুখীন হৈছে। সুৰা কেলেংকাৰীৰ অভিযোগত চৰকাৰখনৰ লগতে আপৰ শীৰ্ষ বহু কেইজন নেতাৰ নিকা ভাৱমূৰ্তিত দাগ লাগিছে।

এই দাগে দলটোক ক্ষতি কৰে নে আপে কোৱাৰ দৰেই দিল্লীৰ জনতাই আপৰ ওপৰত চলা ৰাজনৈতিক আক্ৰোশৰ প্ৰত্যুত্তৰ দিয়ে সেয়া হব লক্ষ্যণীয়। ৭০ টা সমষ্টিত ৫ টা ৰাজনৈতিক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰা ৬৯৯ গৰাকী প্ৰাৰ্থীৰ ভিতৰত কাক বিশ্বাসত লয় সেয়া সময়ে কব। কিন্তু এই কথা স্পষ্ট যে, দিল্লীৰ বিধানসভাৰ নিৰ্বাচনে দেশৰ ৰাজনীতিত বহু সাল-সলনি কৰিব।

নৰেন্দ্ৰ মোডী নিৰ্বাচন দিল্লী বিধানসভা মহাকুম্ভ মেলা