
এজন ভদ্ৰ আৰু সভ্য মানুহে অযথা বিতৰ্ক নকৰে। ৰাজহুৱা জীৱন আৰু সহস্ৰজনৰ হৃদয়ৰ মণি হৈ পৰা জনে জানে নিজকে সেই স্থানত কেনেকৈ ৰাখিব লাগে।
বাৰে বাৰে অযথা কথা-বতৰা, আচৰণ কৰা সকল সেয়ে গুণ আৰু প্ৰতিভাৰ বাবে নায়ক হৈও আচৰণ আৰু কৰ্মকাণ্ডৰ বাবে কেতিয়াবা খলনায়ক হৈ পৰে। উদ্ভতালীৰে মই বৰ ভাৱেৰে ইটোৰ পাছত সিটো এনে আচৰণ হয়তো চৰ্চাত থাকিবলৈকে কৰে।
এই সুবিধাবাদীসকলে চল চাই কঠীয়া পাৰিব জানে। আনক ফটুৱা আখ্যা দি নিজেই যে তেনে এক বিশেষনৰ গৰাকী হৈ পৰে সেই কথাহে তেওঁলোকে উপলব্ধি কৰিব নোৱাৰে।
মত আৰু আদৰ্শৰ সংঘাত থাকিলেও গণতন্ত্ৰত বিশ্বাসী লোকসকলে কোনোবা ৰাজনৈতিক দল বা নেতাক এইদৰে উপহাস কৰাতো গ্ৰহণীয় নহয়। এজন শিল্পীৰ দ্বাৰা এই কাণ্ড সংঘটিত হোৱাতো অতি পৰিতাপৰ কথা। তাতে 'কা' আন্দোলনৰ প্ৰেক্ষাপটত জন্ম হোৱা ৰাজনৈতিক দলটোক হাঁহিবলৈ যিখন মঞ্চৰ সুযোগ ল'লে সেয়াও দুৰ্ভাগ্যজনক।
'কা' আন্দোলনৰ অভিকেন্দ্ৰ আছিল কটন কলেজ। ছাত্ৰ সমাজে দেখুৱাই দিছিল জাতি-মাটি, ভেঁটি ৰক্ষাৰ স্বাৰ্থত তেওঁলোক সজাগ-সচেতন। ইয়াৰ সফলতা-বিফলতা পৃথক বিষয়। সেই ছাত্ৰ সমাজৰ সন্মুখত 'কা' আন্দোলনৰ পৰা ৰাজনৈতিক শক্তিৰূপে আত্মপ্ৰকাশ কৰা এটা দলক ফটুৱা আখ্যা দিলে।
এজন ছাত্ৰৰ এক প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ তেওঁ প্ৰাসংগিকতাহীনভাৱে এই কথা কৈ তৃপ্তিৰ হাঁহি মাৰিলে। লগতে উপস্থিত ছাত্ৰ সমাজৰ একাংশইও সেই কথাত ৰস বিচাৰি পালে। হ'ব পাৰ তেতিয়া তাৎক্ষণিকভাৱে উপলব্ধি কৰা নাছিল তেওঁ কি কৈ দিলে।
'কা' আন্দোলনৰ সময়ত তেওঁ গ্ৰহণ কৰা স্থিতি আৰু বিভিন্ন সময়ত কোৱা ডাঙৰ ডাঙৰ কথাবোৰ কি হ'ল? মানি চলিছেনে নিজেই নিজৰ সেই কথাবোৰ? ৰজাঘৰীয়া কৃপাধন্য হৈ তেওঁ কৰা আচৰণেই চোন আজি সন্দেহজনক হৈ পৰিছে।
মই গায়ক, গান গামেই বুলি দিয়া যুক্তিৰ পৰা আৰম্ভ দাড়ি-চুলি নাকাটো বুলি দিয়া প্ৰতিশ্ৰুতিবোৰ বাৰু পাহৰিলে বুলি ধৰিলো। 'পলিটিক্স নকৰিবা বন্ধু' বুলি আনক সতৰ্ক কৰা জনৰ কাৰণেই চোন এতিয়া তেওঁৰেই সেই গীত গোৱাৰ সময় আহিছে।
ব্যক্তিগতভাৱে কাৰ সৈতে তেওঁৰ কি সম্পৰ্ক সেয়া ব্যক্তিগত বিষয়। জাতি-মাটি, ভেঁটি, আৱেগত সন্মুখত ঢালৰূপে ৰাখি দিনত এটা, ৰাতি আন এটা স্বৰূপ দেখুৱালে ৰাইজেও জানে যতীন বৰাক দিয়াৰ দৰে প্ৰত্যুত্তৰ দিব।
এতিয়া বহুতেই সমালোচনা কৰিছে তেওঁক। অথচ তেওঁৰ গাত আচোৰ এটা পৰিব নিদিয়া পৰিৱেশ আছিল এদিন। সেই মৰম-চেনেহ আজি গালিলৈ পৰিৱৰ্তন কিয় হৈছে। সদায় কি তেওঁ সৰু ল'ৰা হৈয়ে থাকিব নেকি?
মুখত যি আহে তাকে কৈ, যি মন যায় তাকে কৰিবলৈ গৈ সদায়েই মই বৰ আৱেগিক মানুহ বুলি এটা ৰেডিমেট উত্তৰ দি দিলেই প্ৰতিবাৰতেই মানুহে জানো গ্ৰহণ কৰিব। আজি এই সমালোচনাৰ ভাষা তেওঁ বুজে নুবুজে নিজৰ কথা।
ৰাইজৰ ক্ষোভ হয়তো তেওঁ দেখিছে। সেই সমালোচনাৰ জুইয়ে তেওঁক দগ্ধ কৰক। এজন গায়কৰূপে তেওঁক আৰু উজ্বলাই তোলক। আত্ম অহংকাৰ আৰু বদমেজাজৰ জুইয়ে তেওঁক পুৰি ধ্বংস কৰি গৈছে।
প্ৰতিটো কথাতেই জুবিনৰ মন্তব্য কিয়? জুবিনে কি ক'লে তাক লৈ আমি ব্যস্ত হোৱাৰ সুযোগ তেওঁ লৈছে। সেইবোৰ দিশতো অনুধাৱনৰ প্ৰয়োজন আছে। তেওঁৰেই গীতৰ কথা- অৰ্থলোভৰ নগ্ন যুঁজত মগ্ন বিভোৰ অন্ধ সুখত।