মোডীৰ বাণী, আশাৰ ৰেঙণি

প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ শীৰোধাৰ্য কৰি যাবলৈ দিয়া হ'ল এম্বুলেন্সখন। কোনো অসুবিধা নহোৱাকৈয়ে পাৰ হৈ গ'ল ৰোগীক লৈ যোৱা এম্বুলেন্সখন। যাত্ৰাপথতে এনে এটি শুভ মুহূৰ্তৰ সাক্ষী হ'ল প্ৰত্যক্ষদৰ্শী।
মোডীৰ বাণী, আশাৰ ৰেঙণি

ভাস্কৰ শৰ্মা

অসমলৈ মোডী আহিছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আহিছে গুৱাহাটী লৈ। পুনৰ যেন মোডীঢৌত উটি-ভাহি গৈছে অনুৰাগী, অনুগামীকে ধৰি দলীয় কৰ্মকৰ্তাসকল। ২০১৪ৰ যেন পুনৰাবৃত্তি ! মোডীৰ প্ৰতিটো বাণী যেন অসমবাসীৰ বাবে আশাৰ ৰেঙণিসদৃশ।

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰীগৰাকীৰ কাৰ্যসূচীক লৈ ব্যস্ততাৰ অন্ত নাই ৰাজ্যিক বিজেপিৰ কাৰ্যকৰ্তাসকলৰ। বৰঝাৰ বিমান বন্দৰৰ পৰা আদৰি অনাৰ পৰা দ্বিতীয় দিনৰ কাৰ্যসূচীৰ অন্ত নপৰালৈকে। এনেবোৰ ব্যস্ততাৰ মাজতে শনিবাৰে সন্ধিয়া মা কামাখ্যাৰ ভূমিত পদাৰ্পণ কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে।

কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে বিমান বন্দৰৰ পৰা প্ৰধানমন্ত্ৰীৰ কনভয় চলিল কইনাধৰালৈ বুলি। কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে পাৰ হৈ যোৱা মোডীৰ কনভয়ৰ কাষেৰে আহিল এখন এম্বুলেন্স। খন্তেকৰ বাবে মোডীৰ কনভয় ৰৈ গ'ল। প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰ্দেশ- প্ৰথমতে জীৱন সুৰক্ষা, তাৰ পিছতহে প্ৰধানমন্ত্ৰী।

প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ শীৰোধাৰ্য কৰি যাবলৈ দিয়া হ'ল এম্বুলেন্সখন। কোনো অসুবিধা নহোৱাকৈয়ে পাৰ হৈ গ'ল ৰোগীক লৈ যোৱা এম্বুলেন্সখন। যাত্ৰাপথতে এনে এটি শুভ মুহূৰ্তৰ সাক্ষী হ'ল প্ৰত্যক্ষদৰ্শী।

প্ৰধানমন্ত্ৰীগৰাকীৰ মহানুভৱতাই যেন চুই গ'ল সকলোকে। ইয়াৰ পিছত পুনৰ যাত্ৰা চলিল কইনাধৰা লৈ বুলি। তাতেই নিশাটো কটাই দেওবাৰে খানাপাৰাস্থিত পশু চিকিৎসালয় খেলপথাৰত অনুষ্ঠিত হ'ল বিশাল জনসভা। লক্ষ-লক্ষ জনতাৰ উপস্থিতিত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

মোডীৰ সভালৈ আগমন ঘটিল অগণন জনতাৰ। ডেকা-ডেকেৰী, বুঢ়া-বুঢ়ীৰ পৰা আদি কৰি ৰৈ নাথাকিল কোনেও। মোডীময় হৈ পৰিল খানাপাৰাৰ খেলপথাৰ।

ভিন্ন প্ৰান্তৰ পৰা মানুহ আনিবলৈ বিজেপিৰ নেতা-কৰ্মীসকলে যাতায়তৰ ব্যৱস্থা কৰি দিছিল। বিলাসী বাছত গুৱাহাটী ভ্ৰমণ। নগৰ-চহৰৰ উপৰি গাঁৱৰ পৰাও আহিল অগনন লোক।

দিনৰ ১১-০০ বজাৰ পৰা আৰম্ভ হোৱা সভাত যান-জঁটৰ বাবে যথাসময়ত উপস্থিত হ'ব নোৱাৰা বহুসংখ্যক কৰ্মকৰ্তা আদবাটৰ পৰা ঘৰমুৱা হ'ব লগা হয়। যি কি নহওক ; মুঠতে অগণনন জনসমাগমৰ উপস্থিতিত মোডীয়ে সম্বোধন কৰিলে 'বিশাল জনসভা।'

সভাত উপস্থিত থকা হাজাৰ হাজাৰ জনতাই মোডী মোডী শ্ল'গানেৰে খানাপাৰাৰ আকাশ-বতাহ কপাই তুলিলে। সভাৰ পাতনিতে নৰেন্দ্ৰ মোডীয়ে অসমীয়াতে আৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীৰ ভাষণ। ভঙা-ভঙা অসমীয়াত তেওঁ ক'লে- "আপোনালোক সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।"

অসমৰ বিকাশৰ কথা উল্লেখ কৰি পূৰ্বৰ কংগ্ৰেছ চৰকাৰক সমালোচনাৰ লক্ষ্য কৰি লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। খানাপাৰাত মোডীয়ে ক'লে উন্নত স্বাস্থ্য, যোগাযোগ ব্যৱস্থা আৰু সন্ত্ৰাসবাদ মুক্ত অসমৰ কথা। খানাপাৰাত শুভ উদ্বোধন আৰু শিলান্যাস কৰিলে ১১ হাজাৰ ৬০০ কোটিৰ প্ৰকল্প।

উক্ত প্ৰকল্পসমূহৰ ভিতৰত আছে; ১৪৫১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বিশ্বনাথ আৰু গহপুৰ সংযোগী চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ। ৫৯২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা দোলাবাৰী আৰু জামুগুৰি চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ।

ইয়াৰোপৰি তেওঁ ভাৰ্ছুৱেলী শিলান্যাস কৰিলে ৮৩২ কোটি টকা ব্যয়ৰে নেহৰু ষ্টেডিয়াম উন্নীতকৰণ প্ৰকল্প। ৩৫৮ কোটি টকা ব্যয়ৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ সংযোগী পথ প্ৰকল্প।

লগতে ৩০০ কোটি টকা ব্যয়ৰে চন্দ্ৰপুৰ ষ্টেডিয়ামৰ প্ৰকল্প, ৫৭৮ কোটি টকা ব্যয়ৰে কৰিমগঞ্জ চিকিৎসা মহাবিদ্যালয় প্ৰকল্প, ৩,২৫০ কোটি টকা ব্যয়ৰে জি এম চি এইছৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্প। ইয়াৰোপৰি ৪৯৮ কোটিটকীয়া মা কামাখ্যা ক'ৰিডৰ প্ৰকল্প, ৩.৮৮৮ কোটি টকা ব্যয়ৰে ৩৮ খন দলংসহ ৪৩ টা পথৰ উন্নীতকৰণ প্ৰকল্প, ২৯৭ কোটি টকা ব্যয়ৰে ঐক্য ভৱন।

উক্ত প্ৰকল্পসমূহৰ শিলান্যস আৰু উদ্বোধন কৰি মোডীয়ে কয় যে, বিগত ১০ বছৰত ভাৰতৰ পৰিবেশ সলনি হৈছে। বিজেপিৰ দৈত ইঞ্জিনযুক্ত চৰকাৰে সকলো সলনি কৰিছে। মেডিকেল কলেজৰ সংখ্যাও দুগুণ বৃদ্ধি হৈছে।

অভিলেখ সংখ্যক কলেজ, বিশ্ববিদ্যালয়, IIT, IMS আদি নিৰ্মাণ হৈছে। অসমতো বৃ্দ্ধি পাইছে মেডিকেল কলেজৰ সংখ্যা। অসমত ১০ বছৰ আগত আছিল ৬ খন মেডিকেল কলেজ। এতিয়া অসমৰ মেডিকেল কলেজৰ সংখ্যা ১২ খনলৈ বৃদ্ধি পালে। তেওঁ অসমক উত্তৰ পূৰ্বাঞ্চলৰ কেঞ্চাৰ চিকিৎসাৰ কেন্দ্ৰবিন্দু বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে।

বৰ্তমান দেশত পৰ্যটন আৰু তীৰ্থ যাত্ৰীৰ সংখ্যা বৃদ্ধি হৈছে। দেৱভূমিসমূহলৈ আগমণ ঘটিছে বহু ভক্তপ্ৰাণৰ। বিগত বছৰত কেদাৰনাথলৈ ১৯ লাখ, কাশীলৈ ৮ কোটি তীৰ্থ যাত্ৰীৰ আগমন ঘটিছে।

অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ পাছত ২৪ লাখ ভক্তই অযোধ্য়া ভ্ৰমণ কৰিছে। সেইদৰে কামাখ্যা কৰিড'ৰ নিৰ্মাণ কৰাৰ পাছত কামাখ্য়া ধামলৈও এনেদৰেই ভক্তৰ আগমন ঘটিব বুলি তেওঁ আশা ব্যক্ত কৰে।

আনহাতে অসমৰ পৰিবেশ সলনি হোৱাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে। তেওঁ কয়- পূৰ্বে অসমলৈ দলীয় কামত অহাৰ সময়ত বন্ধ, প্ৰতিবাদৰ সন্মুখীন হৈছিলো ; কিন্তু এতিয়া সেই পৰিবেশ নাই। এতিয়া অসমত বোমা বিস্ফোৰণ নহয়। অসমৰ ৬,০০০ যুৱকে অস্ত্ৰ ত্যাগ কৰি শান্তিৰ পথ বাছি লৈছে, ই সুখৰ কথা বুলি উল্লেখ কৰে।

গুৱাহাটীত অনুষ্ঠিত 'বিশাল জনসভা'ত প্ৰধানমন্ত্ৰী মোডীৰ অনাগত সংকল্প সন্দৰ্ভৰ কথাও ৰাইজক জানিবলৈ দিয়ে। তেওঁৰ সংকল্প যে, ২০৪৭ ৰ ভিতৰত ভাৰতক শ্ৰেষ্ঠ হিচাপে গঢ়ি তুলিব। স্বাভাৱিকতে প্ৰধানমন্ত্ৰীগৰাকীৰ এই সংকল্পই অনাগত দিনত কিদৰে সাকাৰৰূপ লাভ কৰে সেয়া লক্ষ্যণীয় হ'ব।

কিয়নো এতিয়াও বহু সমস্যাৰে ভাৰাক্ৰান্ত অসম তথা ভাৰতবৰ্ষ। ভিতৰুৱা অঞ্চলসমূহত এতিয়াও স্পৰ্শ কৰা নাই বিভিন্ন অভিলাষী চৰকাৰী আঁচনিয়ে। কেৱল মাত্ৰ বিজ্ঞাপনতে সীমাৱদ্ধ হৈ আছে তেওঁলোকৰ বাবে প্ৰস্তুত কৰা অভিলাষী আঁচনিসমূহ।

দেশত এতিয়াও নিৰ্মূল হোৱা নাই দৰিদ্ৰ লোকৰ সংখ্যা। ভালদৰে চকু ফুৰালে দেখিব এখন কৰুণ ছবি। যি ছবি আজিও ধূসৰ। এতিয়াও বহু উৰণসেতুৰ তলত দেখা পোৱা যাই আশ্ৰয়হীন, ভোকাতুৰ লোকক। পদপথেই যাৰ আশ্ৰয়স্থল। এবেলা এসাঁজ খাই, পিচৰ সাঁজৰ বাবে চিন্তা কৰিবলগীয়া পৰিস্থিতি বহু ভিতৰুৱা অঞ্চলত আছে।

কেন্দ্ৰ বা ৰাজ্য চৰকাৰে হিতাধিকাৰীৰ বাবে ঠিকেই আঁচনি তৈয়াৰ কৰে, কিন্তু সমস্যা হ'ল একাংশ নেতা-পালিনেতাৰ বিবেচনাহীন আৰু কাণ্ডজ্ঞানহীন কৰ্মকাণ্ডৰ বাবে। একাংশ নেতা-পালিনেতাই সেই আঁচনি হাইজেক কৰি হিতাধিকাৰীয়ে লাভ কৰাত বাধাৰ প্ৰাচীৰ হৈ থিয় দিয়ে। ফলশ্ৰুতিত সেইসকল নেতা-পালিনেতাৰ অঙহী-বঙহীয়ে ভোগ কৰে আঁচনিৰ সা-সুবিধা । যাৰ বাবে জনমানসত শাসনাধিষ্ঠিত দলটো বদনামী হ'ব লগা হয়।

এনেবোৰ আৰু বহু খুতিনাতিত গুৰুত্ব দিলে প্ৰধানমন্ত্ৰীগৰাকীৰ ২০৪৭ ৰ ভিতৰত ভাৰতক শ্ৰেষ্ঠ হিচাপে গঢ়ি তোলাৰ সংকল্পই সাকাৰৰূপ পাব। আশাত বন্দী বহু খাতিখোৱাকে ধৰি সকলোৱে বিচাৰে ; ভাৰত হওক শ্ৰেষ্ঠ ৰাষ্ট্ৰ। বিশ্বৰ মঞ্চত সদায়ে উৰি থাকক ভাৰতৰ বিজয় নিচান।

মোডীৰ বাণী, আশাৰ ৰেঙণি
'ভাৰত ৰত্ন' লালকৃষ্ণ আদৱানি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in