লেট মাই লাইফ বি- ডিচমিছড...

লেট মাই লাইফ বি- ডিচমিছড...

এখন বিস্ফোৰক চিঠি। দেশৰ মুখ্য ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়লৈ সম্বোধন কৰি লিখা এই দীঘলীয়া চিঠিখন লিখিছে এগৰাকী মহিলা বিচাৰকে। প্ৰচণ্ড ক্ষোভ আৰু অস্বস্তিৰে মহিলা বিচাৰকগৰাকীয়ে লিখা চিঠিখনৰ মূল উদ্দেশ্য হ'ল তেওঁক ইচ্ছা মৃত্যুৰ অনুমতি দিব লাগে।

বিচাৰকগৰাকীয়ে লিখিছে- "Kindly permit me to end my life in a dignified way. Let my life be - DISMISSED,'' ("অনুগ্ৰহ কৰি মোক মোৰ জীৱনটো সন্মানজনক ভাৱে শেষ কৰিবলৈ অনুমতি দিয়ক। মোৰ জীৱনক শেষ হ'বলৈ দিয়ক) ।

কোনো সাধাৰণ মহিলাই নহয়, এগৰাকী ন্যায় ব্যৱস্থাৰে জড়িত মহিলা বিচাৰকে কিয় এই চিঠি লিখিব লগা হ'ল? সেই কাহিনীও তেওঁ চিঠিখনত উল্লেখ কৰিছে। জীৱনৰ বহু দুখ অনুভৱ কৰি মুখ্য ন্যায়াধীশক লৈ সম্বোধন কৰা এই পত্ৰত তেওঁ লিখিছে চাকৰিকালত লাভ কৰা অভিজ্ঞতাৰ কথা।

জুডিচিয়েল ছাৰ্ভিচত যোগদান কৰিছিল তেওঁ বহু আশালৈ। কম সময়ৰ এই চাকৰি জীৱনত সেই আশা তেওঁৰ পূৰণ নহ'ল। ভাবিব নোৱাৰা ধৰণে তেওঁ বলি হ'ল যৌন নিৰ্যাতনৰ।

জ্যেষ্ঠ বিচাৰকৰ হাততেই যৌন নিৰ্যাতনৰ বলি হৈ তেওঁ ভাগৰি পৰিল। নিজকে অনুভৱ কৰে এতিয়া জাবৰ বুলি। অনুভৱ কৰে প্ৰয়োজনহীন এটা পতংগ বুলি। কাৰ্যালয়ত মহিলা কৰ্মচাৰী জ্যেষ্ঠ পুৰুষ কৰ্মচাৰীৰ হাতত নিৰ্যাতন হোৱা বহু উদাহৰণ আছে। তেনে এক উদাহৰণ হৈ ৰৈ গ'ল এইগৰাকী মহিলা বিচাৰক।

বহু আইন আছে। সেই আইনেও এইবোৰ ঘটনা প্ৰতিৰোধ কৰিব পৰা নাই। নিৰ্যাতনৰ বলি হোৱা মহিলাই অভিযোগ দিবলৈ গ'লে তেওঁক অত্যাচাৰ কৰা হয়। কোনোৱে সেইবোৰ কথা শুনিব নিবিচাৰে।

পত্ৰখনত মহিলা বিচাৰকগৰাকীয়ে তেনে এক প্ৰেক্ষাপটৰ কথাও উল্লেখ কৰিছে। কৈছে- উচ্চতম ন্যায়ালয় ইয়াৰ পৰা মুক্ত হ'ব পৰা নাই। যদি সেয়াই হয় তেন্তে অসহায় হৈ পৰে নিৰ্যাতনৰ বলি হোৱা মহিলা কৰ্মাচাৰীসকল।

পত্ৰখনত ক্ষোভৰে লিখিছে এনে ঘটনাৰ বলি হৈ নিজকে শেষ কৰি দিব পাৰি আৰু আপুনি ভাগ্যবান যদিহে প্ৰথম পদক্ষেপতে নিজকে নিজেই শেষ কৰি দিব পাৰে। হয়তো তেওঁ আত্মহত্যাৰ বাবেও চেষ্টা কৰিছিল। কিয়নো এনে কৰিব নোৱাৰাৰ বাবে নিজকে দুৰ্ভাগ্যৱতী বুলিও উল্লেখ কৰিছে পত্ৰখনত।

মুকলি চিঠিখনত মহিলা বিচাৰকগৰাকীয়ে লিখা কেইটামান বাক্য আছিল এনেধৰণৰ- ''যদি কোনোবা মহিলা কৰ্মাচাৰী বা বিষয়াই এই ব্যৱস্থাৰ বিৰুদ্ধে যুঁজিম বুলি ভাবিছে তেনেহ'লে তেওঁক কও- মই নোৱাৰিলো। এগৰাকী বিচাৰক হৈও সেই কামত মই সফল নহ'লো''।

মহিলা কৰ্মচাৰীসকলৰ প্ৰতি তেওঁৰ সেয়ে উপদেশ বা পৰামৰ্শ- ''মই সকলো মহিলাকে উপদেশ দিব খোজো পুতুলা হৈ জীয়াই থাকিবলৈ শিকক বা হৈ পৰক নিৰ্জীৱ পদাৰ্থ''। তেওঁক হেনো এগৰাকী জিলা ন্যায়াধীশে নিৰ্যাতন চলাইছিল। কেৱল তেওঁৱেই নহয়, ন্যায়াধীশগৰাকীৰ সহযোগীয়েও সেই কামেই কৰিছিল। নিশা তেওঁক লগ ধৰিবলৈ কোৱা হৈছিল।

২০২২ চনতেই সেই নিৰ্যাতনৰ ঘটনাবোৰ ঘটিছিল। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক আৰু সেই উচ্চ ন্যায়ালয়ৰ প্ৰশাসনিক বিভাগক সকলোবোৰ কথা জনাইছিল। কিন্তু ইমান দিনে এই অভিযোগৰ কোনো বিচাৰ নহ'ল। আনকি কোনোৱে তেওঁক এবাৰ কি হৈছিল তেওঁৰ সৈতে সুধিবলৈ আজৰি নাপালে।

এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ইন্টাৰনেল কমিটিক এই কথাবোৰ জনাইছিল ২০২৩ চনৰ জুলাইত। হাজাৰটা ইমেইল দি তেওঁক ন্যায় প্ৰদান কৰিবলৈ আবেদন কৰাৰ পাছতো একো ফল নাপালে এই মহিলা বিচাৰকগৰাকীয়ে।

অসহায় পৰিছিল তেওঁ। এগৰাকী বিচাৰক হৈ নিজেই ন্যায় নোপোৱাৰ পাছত ভাগি পৰিছিল এইগৰাকী মহিলা বিচাৰক। প্ৰশ্ন কৰিছে নিজকেই- মই এগৰাকী বিচাৰক হৈয়ে নিজেই ন্যায় নাপালো, আনক কি ন্যায় দিম মই?

মহিলা বিচাৰকগৰাকীৰ এই মুকলি পত্ৰই ধুমুহাৰ সৃষ্টি কৰিলে। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিল এই বিস্ফোৰক পত্ৰ। তাৰপাছতহে উত্তৰ প্ৰদেশত কৰ্মৰত এইগৰাকী মহিলা বিচাৰকৰ সৈতে কি হৈছিল সেই সকলো কথা জানিবলৈ তৎপৰতা প্ৰদৰ্শন কৰিলে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্য়ায়াধীশ ডিৱাই চন্দ্ৰচূড়ে। নিৰ্দেশ দিলে সমগ্ৰ ঘটনাৰ প্ৰতিবেদন লাগে তেওঁক।

মুখ্য ন্যায়াধীশৰ নিৰ্দেশ পোৱাৰ পাছত উচ্চতম ন্য়ায়ালয়ৰ সচিব প্ৰধান অতুল এম কোৰহেৰকাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মহাপঞ্জীয়কলৈ তাৎক্ষণিক পত্ৰ লিখিলে। বিচাৰিলে এই সমগ্ৰ কাণ্ডৰ প্ৰতিবেদন আৰু অভিযোগৰ তদন্ত কি হৈ আছে তাৰ সবিশেষ।

অভিযুক্ত জিলা ন্য়ায়াধীশগৰাকীক ৰক্ষণা-বেক্ষণ দিবলৈ তদন্তৰ নামত ভেকোভাওনা কৰা হৈছিল। তেওঁৰেই তলতীয়া কৰ্মচাৰীক ইয়াৰ সাক্ষী কৰিছিল যাতে এই ঘটনা নহয় বুলি প্ৰমাণ কৰিব পাৰে।

মহিলা বিচাৰকগৰাকীয়ে দাবী কৰিছে এই তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে জিলা ন্য়ায়াধীশ গৰাকীক বদলি কৰিব লাগে। সেয়াও ন্যায় ব্যৱস্থাই অস্বীকাৰ কৰি থৈছে। উচ্চতম ন্যায়ালয়ত তেওঁ এই আবেদন জনাইছিল। মাত্ৰ ৮ ছেকেণ্ডতে সেয়া অগ্ৰাহ্য কৰা বুলি দুখেৰে এই মহিলা বিচাৰকগৰাকীয়ে পত্ৰত উল্লেখ কৰিছে।

যোৱা ডেৰটা বছৰে তেওঁ বৰ অস্বস্তিত সময়বোৰ কটাইছে। এফালে নিৰ্যাতনৰ বলি আনফালে ন্যায়ৰ পৰা বঞ্চিত। কি হ'ব পাৰে তেওঁৰ মানসিকস্থিতি? সেয়েহে আৰু জীয়াই থাকিব নুখুজি লিখি পেলালে এই মুকলি চিঠি- Kindly permit me to end my life in a dignified way. Let my life be - DISMISSED,'' ("অনুগ্ৰহ কৰি মোক মোৰ জীৱনটো সন্মানজনক ভাৱে শেষ কৰিবলৈ অনুমতি দিয়ক। মোৰ জীৱনক শেষ হ'বলৈ দিয়ক'')।

বহু চিন্তনীয় আৰু উদ্বেগৰ বিষয় এয়া। কৰ্মক্ষেত্ৰত নিৰ্যাতনৰ বলি হোৱা মহিলা বহু কৰ্মচাৰীয়ে বিভিন্ন কাৰণত এইবোৰ কথা ক'বলৈ সাহস নকৰে। মহিলা বিচাৰকৰে এনে দশা হোৱাৰ পাছত আন সকলৰ ক্ষেত্ৰত কি হ'ব পাৰে সেয়া কল্পনাৰো অগোচৰ।

লেট মাই লাইফ বি- ডিচমিছড...
অম্বিকাগিৰীৰো মাটি লয় কাঢ়ি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in