/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/3ab754cc-329d-40d5-8783-1c97ee71bac4/AP_FOR_WEB_NEW____bikhekh_lekha.jpg)
অৱশেষত সুদীৰ্ঘ প্ৰায় এটা দশকৰ পিছত অনুষ্ঠিত হ'ল হাজোৰ ঐতিহাসিক হয়গ্ৰীৱ মাধৱ মন্দিৰত পৰম্পৰাগতভাৱে অনুষ্ঠিত হৈ অহা বুলবুলি চৰাইৰ যুঁজ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, স্থানীয় বিধায়িকা সুমন হৰিপ্ৰীয়া আদিৰ উপস্থিতিত সহস্ৰাধিক জনতাৰ উপস্থিত হোৱা এই বুলবুলি চৰাই যুঁজে যেন মাঘৰ বিহুৰ দিনটোত হাজোলৈ প্ৰাণহে ঘূৰাই আনিলে।
২০১৪ চনত এক ৰায় প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে ভাৰতত জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰদৰ্শন কৰা বুলি পৰম্পৰাগতভাৱে প্ৰচলিত সকলো জীৱ-জন্তুৰ দৌৰ, যুঁজ আদি নিষিদ্ধ ঘোষণা কৰিছিল। ফলত আহোম যুগৰ পৰাই অসমতো প্ৰচলিত হৈ অহা ম'হ যুঁজ, বুলবুলি চৰাইৰ যুঁজ, কুকুৰা যুঁজ আদি নিষিদ্ধ কৰা হৈছিল।
অৱশ্যে বিগত সময়চোৱাত মধ্য অসমৰ মৰিগাঁও, নগাঁও আদি জিলাৰ ম'হ গোৱালসকলে অনানুষ্ঠানিকভাৱে ম'হ যুঁজাই আহিছিল। ইয়াৰো অৱশ্যে কাৰণ নথকা নহয়। ম'হ পালকসকলৰ মতে মাঘত ম'হক নুযুঁজালে খুঁটিত তেজাল ম'হ নিয়ন্ত্ৰণত ৰখাতো অসম্ভৱ হৈ পৰে।
আনকি বলপূৰ্বক যুঁজৰ পৰা আঁতৰত ৰখা ম'হ পিতনিত মেলি দিয়া অৱস্থাত নিজে নিজে যুঁজি ক্ষত-বিক্ষত হোৱাৰ উপৰি বহু সময়ত কোনোবাটো ম'হৰ মৃত্যু পৰ্যন্ত ঘটে। সেয়ে পোহনীয়া ম'হৰ আচৰণ মাঘ মাহৰ এই বিশেষ সময়ত যিদৰে উন্মত্ত হৈ উঠে, সেয়া যুঁজ লগাই বশীভূত কৰিব নোৱাৰিলে বনৰীয়া ম'হৰ দৰেই ই আক্ৰমনাত্মক হৈ উঠি ম'হপালক বা আন মানুহৰ ওপৰত আক্ৰমণ চলোৱাৰ আশংকা থাকে।
এনে পৰিপ্ৰেক্ষিততে ন্যায়ালয়ৰ প্ৰতি সন্মান জনাই আঁহতগুৰিকে ধৰি ম'হ যুঁজ অনুষ্ঠিত কৰি অহা কমিটীসমূহ ভংগ কৰিছিল। ইয়াৰ পৰিৱৰ্তে একাংশ ম'হপালকে নিজাববীয়াকৈয়ে পৰিচিত নিৰ্দিষ্ট পথাৰখন লৈ তেজাল ম'হ আনি বিগত কেইটামান বছৰত নিজাকৈ যুঁজ লগোৱাৰ এক অনানুষ্ঠানিক কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে।
কিন্তু এতিয়া আৰু তেনে কোনো বাধা নাই। চৰকাৰে বান্ধি দিয়া নিৰ্দিষ্ট নিয়মৰ মাজেৰেই বুলবুলি চৰাইৰ যুঁজৰ দৰেই ম'হৰ যুঁজো অনুষ্ঠিত কৰিব পাৰিব। ১ মাঘৰ পৰা মধ্য অসমৰ লগতে ৰাজ্যৰ আন প্ৰান্তত আনুষ্ঠানিকভাৱে অনুষ্ঠিত হ'ব ম'হ যুঁজ।
আহোমৰ দিনৰে পৰাই মাঘৰ বিহুৰ এক সুকীয়া মৰ্যাদা আছে। আহোম স্বৰ্গদেউসকলে নিজৰ পৃষ্ঠপোষকতাৰে এই বিহু পালন কৰিছিল। ৰংঘৰৰ বাকৰিত বিভিন্ন খেল- ধেমালিৰ আয়োজন কৰিছিল। আহোম ৰজাই ৰঙ-ৰহইচ উপভোগ কৰিবৰ বাবেই ৰংঘৰ নিৰ্মাণ কৰাইছিল বুলি জানিব পৰা যায়।
স্বৰ্গদেউসকলে মাঘ বিহুৰ দিনা আয়োজন কৰা বিভিন্ন জীৱ-জন্তু, চৰাই-চিৰিকটিক ধৰি আনি প্রশিক্ষণ দি যুঁজ লগাইছিল। এনে যুঁজবোৰৰ ভিতৰত আছিল হাতী যুঁজ, কুকুৰা যুঁজ, কণী যুঁজ, মল্ল যুঁজ, ম'হ যুঁজ, বুলবুলি চৰাইৰ যুঁজ, শেন চৰাইৰ যুঁজ আদি। এই খেলবোৰৰ পৰাই আহিছি হাতীবৰুৱা, শেনচোৱা ফুকন, কুকুৰাচোৱা বৰুৱা ইত্যাদি বিষয়া।
মাঘ বিহুৰ সময়ত খেলা খেলসমূহৰ ভিতৰত বুলবুলি চৰাইৰ যুঁজ অন্যতম আছিল। স্বৰ্গদেউ প্ৰমত্ত সিংহৰ দিনৰ পৰাই এই খেল খেলা হৈছিল বুলি প্ৰচলিত আছে যদিও কোনো কোনোৰ মতে তাৰো বহু আগৰে পৰা বুলবুলি চৰাইৰ যুঁজ প্ৰচলিত হৈ আহিছে।
দুটা বুলবুলি চৰাইৰ মাজত লগোৱা এই যুঁজত শক্তিশালী বুলবুলি চৰাইটোৱে জয়ী হয়। এই যুঁজৰ বাবে প্ৰথমে বুলবুলি চৰাইক ফান্দৰ সহায়ত ধৰি অনা হৈছিল আৰু তাৰ পাছত যুঁজৰ প্রশিক্ষণ দিয়া হয়। উৰুকাৰ দিনা নিচাজাতীয় ভোগ খুৱাই বুলবুলিবোৰ উত্তেজিত কৰি ৰখা হৈছিল আৰু পাছদিনা অর্থাৎ বিহুৰ দিনা যুঁজৰ বাবে লৈ অনা হৈছিল।
এখন যুঁজত দুটা বুলবুলিক যুঁজোৱা হয়। বিজয়ী চৰাইটোক পাছৰ যুঁজলৈ বাছনি কৰা হৈছিল। যুঁজৰ শেষত তিনিটা বুলবুলিক প্রথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ প্ৰদান কৰা হয়। চৰাইৰ মালিকে এই পুৰস্কাৰ লাভ কৰে ৷ যুঁজ শেষ হোৱাৰ পিছত চৰাইবোৰ মুকলি কৰি দিয়া হৈছিল।
কিন্তু এতিয়া এইবাৰ বুলবুলি চৰাইৰ যুঁজত বহু নিয়মৰ সালসলনি কৰাৰ লগতে চৰকাৰে নিৰ্ধাৰণ কৰা নীতি, নিয়মৰ মাজেৰে অনুষ্ঠিত কৰা হৈছে এই যুঁজ। পূৰ্বৰ দৰে বুলবুলি চৰাইক এইবাৰ নিচাজাতীয় ভোগ খুৱাব দিয়া হোৱা নাই।
আহোম ৰজাৰ দিনৰে পৰাই অসমত মাঘ বিহুত প্ৰচলিত হৈ অহা ম'হ যুঁজৰো আছে চহকী পৰম্পৰা। আহোম স্বৰ্গদেউসকলে ৰংঘৰৰ ওপৰৰ পৰা এই খেল উপভোগ কৰিছিল। ম'হ যুঁজ সাধাৰণতে মুকলি পথাৰত হয় আৰু দৰ্শকে নিৰাপদ স্থানৰ পৰা এই খেল উপভোগ কৰে।
মাঘ বিহুৰ ম'হ যুঁজত দুবিধ ভিন্ন জাতিৰ ম'হে অংশগ্রহণ কৰে। অসমীয়া আৰু আদৰাঙী। অসমীয়া ম'হৰ শিংযোৰ মেলাহি, কপাল বহল আৰু অবয়ব ডাঙৰ। ইহঁতে বেছি সময় নুযুঁজে। আনহাতে আদৰাঙী ম'হে বহুসময় যুঁজি থাকিব পাৰে ৷ ইহঁতৰ শিংযোৰ ঘূৰণীয়া। ম'হে যুঁজ দিওঁতে চকু দুটা মুদি লয়। যুঁজত এবাৰ হৰা ম'হে জাকত চৰোতে পুনৰ অন্য ম'হৰ লগত নুযুঁজে।
সেইদৰেই আহোম ৰাজত্বৰ দিনৰে পৰা মাঘ বিহুৰ সময়ত প্ৰচলিত হৈ আহিছে কণী যুঁজ, কুকুৰা যুঁজ আদি। কণী যুঁজ এতিয়াও বিভিন্ন সময়ত ঠাইভেদে অনুষ্ঠিত হৈ আহিছে যদিও কুকুৰা যুঁজি এতিয়াও নিষিদ্ধ হৈ আছে। উজনি অসমত ডিমৌ, চেপন আদিত কুকুৰা যুঁজৰ প্ৰচলন সৰ্বাধিক আছিল যদিও ন্যায়ালয়ৰ হস্তক্ষেপত জিলা প্ৰশাসনে সম্পূৰ্ণৰূপে এই যুঁজ নিষিদ্ধ কৰিছে।
অসমৰ সংস্কৃতিৰ এক চহকী অংশস্বৰূপ এই থলুৱা তথা পৰম্পৰাগত খেলসমূহ পুনৰুদ্ধাৰৰ বাবে অৱশ্যে পূৰ্বৰে পৰা দাবী উত্থাপন হৈ আহিছিল। কিন্তু ন্যায়ালয়ৰ বাধাৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাছিল। কিন্তু এইবাৰ ৰাজ্য চৰকাৰে কেবিনেট বৈঠকত ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘন নকৰাকৈ পুনৰ এই খেল অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰদৰ্শন নকৰাকৈ বুলবুলি চৰাই যুঁজ আৰু ম'হ যুঁজ অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰে অনুমতি প্ৰদান কৰি ইয়াৰ বাবে জাৰি কৰিলে মানসম্পন্ন কাৰ্যবিধি বা নিৰ্দেশনা। সেই অনুসৰি ম'হ যুঁজ অনুষ্ঠিত কৰাৰ কমেও ২৫ বছৰৰ ইতিহাস থকা ঠাইতহে যুঁজ পতাৰ অনুমতি দিয়া হৈছে।
মাঘৰ ১০ দিনৰ ভিতৰত অৰ্থাৎ ১৫ৰ পৰা ২৫ জানুৱাৰীৰ ভিতৰতহে ম'হ যুঁজৰ অনুমতি দিয়া হৈছে। তদুপৰি ম'হ যুঁজৰ সময় পুৱা ৭ বজাৰ পৰা বিয়লি ৪ বজাৰ ভিতৰত নিৰ্ধাৰণ কৰা হৈছে। প্রয়োজনীয় সময়ত জৰুৰীকালীন চিকিৎসা সেৱা আগবঢ়াব পৰাকৈ পশু পালন বিভাগৰ এটা দল ম'হ যুঁজ অনুষ্ঠিত কৰা স্থানত মোতায়েন কৰিবলৈ কোৱা হৈছে।
যিসমূহ অঞ্চলত ব্যাপক পৰিসৰত যুঁজ অনুষ্ঠিত কৰা হয় তেনে অঞ্চলত পশু পালন বিভাগে দল মোতায়েন কৰাৰ লগতে পশুৰ বাবে এম্বুলেঞ্চ সেৱাৰো ব্যৱস্থা কৰিব লাগিব বুলি কোৱা হৈছে। যুঁজৰ আয়োজকে ম'হৰ বাবে যুঁজৰ থলীত প্রয়োজনীয় খাদ্য-পানী আৰু বিশ্রামস্থানৰ ব্যৱস্থা ৰাখিব লাগিব।
সমগ্ৰ প্ৰক্ৰিয়াটো ভিডিঅ'গ্ৰাফী কৰাৰ লগতে যুঁজৰ স্থান উপযুক্ত বেৰৰ সহায়ত ঘেৰি দিবলৈ কোৱা হৈছে। একেদৰে মানুহৰ দ্বাৰা ম'হ আঘাতপ্রাপ্ত হোৱাৰ আশংকা ৰোধ কৰিবলৈ সকলো ব্যৱস্থা ল'বলৈ কোৱা হৈছে। যুঁজৰ বাবে কেৱল স্বাস্থ্যৱান মতা ম'হ নিয়োগ কৰিব লাগিব আৰু ম’হক উচটনি দিবলৈ কোনো ধৰণৰ চোকা অস্ত্ৰৰ প্ৰয়োগ বা শাৰীৰিক আঘাত কৰিব নোৱাৰিব বুলিও এছ অ' পিত কোৱা হৈছে।
কোনো ধৰণৰ নিচাজাতীয় দ্রব্য যেনে আফিং খুৱাই ম’হৰ কাৰ্যক্ষমতা বৃদ্ধিৰ চেষ্টা কৰিব নোৱাৰিব। এই নিয়মসমূহ মানি চলাৰ লিখিত প্রতিশ্রুতি দি জিলা প্ৰশাসনৰ পৰা অনুমতি লাভ কৰা কমিটীসমূহে ম'হ যুঁজ অনুষ্ঠিত কৰাৰ সুযোগ লাভ কৰিব।
একেদৰে বুলবুলি চৰাই যুঁজৰ ক্ষেত্ৰটো নিৰ্দেশনা জাৰি কৰা হৈছিল। সেই নিৰ্দেশনা অনুসৰিয়েই আজি হয়গ্ৰীৱ মাধৱ মন্দিৰত এই যুঁজ অনুষ্ঠিত কৰা হয়। এই যুঁজ সন্মুখৰ পৰা প্ৰত্যক্ষ কৰিলে খোদ মুখ্যমন্ত্ৰীয়ে।
সেয়া যিয়েই নহওক যুগ যুগ ধৰি অসমত প্ৰচলিত হৈ অহা এই পৰম্পৰাগত খেলসমূহ আমাৰ চহকী সংস্কৃতিৰ এক এৰাব নোৱাৰা অংশ। অসমীয়া জাতিৰ ইতিহাসৰ সৈতে এইবোৰৰ আছে এৰাব নোৱাৰা সম্পৰ্ক। এই খেল-ধেমালিসমূহ সংৰক্ষণ কৰিব পৰাটো জাতিৰ বাবেই যে এক যোগাত্মক খবৰ সেয়া নিশ্চিত।
অৱশ্যে তাৰ মাজতে ন্যায়ালয়ে যি নিষ্ঠুৰতাৰ কথা উল্লেখ কৰিছিল সেই নিষ্ঠুৰতা যাতে এই পৰম্পৰা ৰক্ষা কৰাত প্ৰকাশ নাপায় তাৰ বাবেও আমি সচেতন হ'ব লাগিব।
Also Read: ভেলাঘৰ, ভেলাপুঁজি, মেজি