বিহুক এৰি আধৰুৱা অসমীয়া...

বিহু
বিহু

ৰিমজিম সোণোৱাল

"ব’হাগ মাঁথো এটি ঋতু নহয়

নহয় ব’হাগ এটি মাহ

অসমীয়া জাতিৰ ই আয়ুস ৰেখা

গণ জীৱনৰ ই সাহ"

ব’হাগ হৈছে অসমীয়াৰ মান, ব’হাগ অসমীয়াৰ প্ৰাণ, ব’হাগ অসমীয়াৰ স্বাভিমান ৷ এই ব’হাগৰ বাবেই নগৰমূখী সকলোৱে চহৰ এৰি ঢাপলি মেলে আপোন গাওঁখনলৈ ৷ আপোন মানুহবোৰৰ কাষলৈ ৷ সপৰিয়ালে লগে ভাগে আনন্দ উৎসৱত ভাগ ল’বলৈ, আপোনজনৰ সৈতে এসাঁজ খাবলৈ ৷ প্ৰিয়জনক কাষত পাবলৈ ব’হাগেই যেন ৰিঙিয়াই হাত বাউলি দি মাতে সকলোকে ৷

বসন্তৰ আগমনৰ লগে লগে ধৰালৈ পৰিৱৰ্তন নামে ৷ নাচি উঠে বিনন্দীয়া প্ৰকৃতি ৷ লঠঙা বিৰিখে ন কৈ পোখা মেলি বৰণ সলাই ৷ ফুলে কপৌ, তগৰ নানাৰঙী সুগন্ধি ফুল ৷ গছৰ ডালত কুলি, কেতেকীৰ সুৱলা মাতে সকলোকে মোহিত কৰে ৷

এই সকলোবোৰৰ বাবেই প্ৰকৃতিৰ ৰাণী বসন্তই সাৰ পাই উঠে, লগতে পৃথিৱীত নিজ অস্তিত্ব সোঁৱৰাই দিয়ে ৷ এই ঋতুলৈ যেন হেঁপাহৰে বাট চাই থাকে প্ৰতিগৰাকী অসমীয়াই ৷ এই ঋতুতে অসমীয়াই উদযাপন কৰে প্ৰাণৰ ব’হাগ বিহুটিক ৷ চ’ত মাহৰ সংক্ৰান্তিৰ দিনাৰে পৰা প্ৰথম বিহুৰ আৰম্ভণি হ’য় ৷ ইয়াৰ লগে লগেই আৰম্ভণি হয় ব’হাগ মাহৰ ৷

আজি পহিলা ব’হাগ । প্ৰতিজন চহা অসমীয়াই উলহ-মালহেৰে পালন কৰিছে হেঁঁপাহৰ ৰঙালী বিহুটি । অসমবাসীয়ে প্ৰতিবছৰে উদযাপন কৰে এই বিহুটি । অতীজৰে পৰা অসমীয়াই পালন কৰি অহা এই বিহু কৃষি ভিত্তিক ।

বসন্তৰ কালৰ আগমনৰ লগে লগেই ৰঙালী বিহু উদযাপন কৰা হয় বাবে এই বিহুক যৌৱনৰ উৎসৱ বুলি অভিহিত কৰা হৈছে । চ’ত মাহৰ সংক্ৰান্তিৰ দিনাৰে পৰা ৬ ব'হাগলৈ চহা অসমীয়াই ৭ বিহু উদযাপন কৰে । এই সাত বিহুৰ প্ৰতিটো দিনৰে আছে নিজস্ব স্বকীয়তাৰ লগতে সুকীয়া বৈশিষ্ট্য ।

এই সাত বিহুৰ প্ৰথমৰ দিনটোক গৰু বিহু, দ্বিতীয় দিনটোক মানুহ বিহু, তৃতীয় দিনটোক গোসাঁই বিহু, চতুৰ্থতে তাঁতৰ বিহু, পঞ্চম দিনা নাঙলৰ বিহু, ষষ্ঠ দিনা চেনেহী বিহু আৰু শেষৰ দিনটোক চেৰা বিহু বুলি কোৱা হয় ।

দ্বিতীয় দিনা অৰ্থাৎ পহিলা ব'হাগৰ দিনা উদযাপন কৰা বিহুটিয়েই হৈছে মানুহ বিহু । গৰু বিহুৰ পিছদিন বহাগৰ প্ৰথম দিনটোক মানুহ বিহু হিচাপে উদযাপন কৰি আহিছে অসমীয়া সমাজে । মানুহ বিহুৰ দিনা পুৱাই গা-পা ধুই বিহুৱান লৈ কনিষ্ঠজনে জ্যেষ্ঠজনৰ ভৰিত পৰি সেৱা কৰি আর্শীষ গ্ৰহণ কৰে ৷

এই পৰম্পৰাই প্ৰতিজন অসমীয়াক জ্যেষ্ঠজনৰ প্ৰতি শ্ৰদ্ধা-ভক্তি আৰু কনিষ্ঠজনৰ প্ৰতি মৰম দিয়াৰ ক্ষেত্ৰত অসমীয়া সমাজৰ প্ৰতিটো প্ৰজন্মক প্ৰৱাহিত কৰাত সহায় কৰিছে ৷ যিয়ে বিহুটিক অসমীয়া সংস্কৃতিৰ স্বকীয়তা প্ৰদানৰ লগতে এক অনন্য মাত্ৰা প্ৰদান কৰি আহিছে ৷

সেৱা ধৰা পৰ্বৰ পিছতেই আত্মীয় কুটুম্ব মিলি সকলোৱে একেলগে জা-জলপান পিঠা পনা আদি খায় ৷ আৰু গাঁৱৰ বিহুলৈ বুলি বুঢ়া-মেথা, ডেকা-গাভৰু সকলো নামঘৰলৈ ওলাই যায় ৷ আৰু নামঘৰৰ পৰাই ঈশ্বৰক সেৱা কৰি বিহুৰ আৰম্ভণি কৰে ৷ নামঘৰত বিহু শেষ কৰি সকলোৱে ঘৰে ঘৰে হুঁচৰি জুৰে ৷

ঘৰে ঘৰে মৰা বিহুয়ে অসমীয়া সমাজৰ চহকী সংস্কৃতি প্ৰতিফলিত কৰে ৷ এই হুঁচৰিত ৰাইজে গৃহস্থৰ শৰাই গ্ৰহণ কৰি বছেৰেকলৈ গৃহস্থৰ মংগল কামনাৰে আৰ্শীবাদ প্ৰদান কৰে ৷ এই কাৰ্যই অসমীয়া সমাজখনক অন্যতকৈ একক আৰু পৃথকৰূপে তুলি ধৰিছে ৷

এই বিহুত খোৱাতকৈ ৰং ধেমালিক অধিক গুৰুত্ব প্ৰদান কৰা হয় ৷ তদুপৰি বিভিন্ন খেল-ধেমালি অনুষ্ঠিত কৰা হয় ৷ পুৰণি কলীয়া বিভিন্ন খেল যেনে পৰম্পৰাগত ম'হ যুঁজ, কুকুৰা যুঁজ, কণী যুঁজ, টেকেলি ভঙা, কড়ি খেল, দবা খেল আদি ঠাই বিশেষে অনুষ্ঠিত কৰা হয় ৷ খেল-ধেমালিসমূহৰ দ্বাৰাই জাতিটোৱে একতা, ভাতৃত্ববোধ ফুটি উঠে ৷

লগতে অসমীয়াই গৰু বিহুৰ দিনা এশ এবিধ শাক খোৱাৰ নিয়ম অতীজৰে পৰা প্ৰচলিত হৈ আহিছে ৷ এই পৰম্পৰাক ঠাই ভেদে বিভিন্ন নাম দিয়া হৈছে ৷ কোনো কোনো ঠাইত শাকেতি বিহু, উজনি অসমৰ কিছু ঠাইত শাক তোলা বিহু বুলিও জনা যায় ৷

যদিওবা সাত বিহুৰ অনুসৰি আজিৰ দিনটোক মানুহ বিহু বুলি উদযাপন হয় এই বিহু সাতদিনতে সীমাবদ্ধ নহয় ৷ অসমীয়াই গোটেই মাহটোতে বিহু উদযাপন কৰি নিজৰ সাংস্কৃতিক মনৰ পৰিচয় দি আহিছে ৷ সেয়ে হয়তো ব’হাগে শিল্পীৰ গীতটোতো স্থান পাইছে ৷ ব’হাগক বিশ্ববৰণ্য শিল্পী সুধাকন্ঠ ভূপেন হাজপিকাই অসমীয়া জাতিৰ আয়ুস ৰেখাৰ সৈতে তুলনা কৰি থৈ গৈছে ৷

সঁচাকৈয়ে ব’হাগ অবিহনে নিৰূপণ কৰিব নোৱাৰি অসমীয়া জাতি তথা অসমৰ মান ৷ এই বিহুৱেই অসমীয়া জাতিক বিশ্বৰ দৰবাৰত স-গৌৰৱে জিলিকি থাকিবলৈ সাহস দি আহিছে ৷ বিহু হৈছে অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ ।

যাক বাদ দি নিৰূপন কৰিব নোৱাৰি অসমীয়াৰ সংজ্ঞা ৷ বিহুত অসমীয়া সমাজৰ স্বকীয় কলা-কৃষ্টি সুন্দৰৰূপে মূৰ্ত হৈ উঠে ৷ ইয়ে জাতিটোৰ প্ৰেম, ভাতৃত্ত্ববোধ, মৰম, চেনেহ, শান্তি আৰু একতাক প্ৰতিফলিত কৰে ।

অসমীয়াসকলে এই বিহুক লৈ বিশ্ব দৰবাৰত গৌৰৱ কৰে ৷ এই বিহুক জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে অতীজৰে পৰা পালন কৰি আহিছে ৷ বিহুক এৰি আধৰুৱা অসমীয়া ৷ যেতিয়ালৈকে অসমীয়া জাতি থাকিব তেতিয়ালৈকে জীয়াই থাকিব বিহু প্ৰতিজন অসমীয়াৰ প্ৰাণত।

বিহু
বিহুত এই খাদ্য খাবলৈ ভৰিব লাগিব ২০০০...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in