তুলিৰামৰ ঘৰ...

পাচমহলীয়া লাক্সাৰী ভিলা ডিজাইনৰ হাই এণ্ড ফাৰ্ম হাউছ এইটো। এই ফাৰ্ম হাউছটো নিৰ্মাণত কিমান ধন ব্যয় হৈছে তাৰ সঠিক হিচাপ নিদিলেও বহু কোটি টকা ব্যয় হোৱা বুলি উল্লেখ কৰিছে।

author-image
Asomiya Pratidin
New Update
ম

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

ৰজাবোৰ সদায় ধনীয়ে হয়। ৰজাবোৰে সদায় বিলাসী জীৱনৰেই গৰাকী হয়। ৰজাৰ দৰে প্ৰজাই ভাৱিলে নহ'ব। সময় সলনি হ'লেও এই ব্যৱস্থাগত ৰজাৰ-প্ৰজাৰ ব্যৱধান একেই থাকিল। ৰজা এতিয়া নেতা,প্ৰজা এতিয়া জনতা।

অসমৰ বিভিন্ন জনগোষ্ঠী সকলৰ ভিতৰত আৰ্থিক,সামাজিকভাৱে পিছপৰা এটা জনগোষ্ঠী হ'ল কাৰ্বি। সেই জনগোষ্ঠীটোৰ সাধাৰণ লোকসকলৰ আৰ্থিক,সামাজিক,শৈক্ষিক আদি দিশবোৰ চকুত পৰা ধৰণে উন্নতি হোৱা নাই।

তাৰ মাজতে জিলিকি উঠে এই জনগোষ্ঠীৰ নেতৃত্বৰ দায়িত্ব লাভ কৰা কিছু লোক। তেওঁলোকৰ ওপৰত সাধাৰণ মানুহৰ অসীম ভৰসা থাকিলেও, তেওঁলোকে নেতা বুলি ভৱা লোকসকল আচলতে স্ব-গোষ্ঠীটোক লুন্ঠন কৰা একো একোজন ডকাইত। 

ৰাজনৈতিক অধিকাৰ আৰু ক্ষমতা লাভ কৰাৰ পাছত এই দৰিদ্ৰ লোকসকলৰ উন্নয়নৰ বাবে অহা ধনৰ সিংহ ভাগ সোমাইগৈ তেওঁলোকৰ চন্দুকত। তাৰ পিছতে তেওঁলোক হৈ পৰে একো একোজন ধনৱন্ত মানুহ।

কাৰ্বি জনগোষ্ঠীৰে তেনে এজন ক্ষমতাশালী আৰু বিত্তশালী নেতা তুলিৰাম। কাৰ্বি স্বায়ত্বশাসিত পৰিষদৰ তেওঁ এতিয়া সৰ্বেসৰ্বা। তাতেই তেওঁ পৰিচয় আৰু বিচৰণ সীমাৱদ্ধ হৈ ৰোৱা নাই। ৰাজ্যৰ আটাইতকৈ ক্ষমতাশালী লোকজনৰো তেওঁ অতি ওচৰৰ আৰু বিশ্বাসী মানুহ।

বিদেশলৈ গ'লেও সেই ক্ষমতাশালী লোকজনৰ সংগী হ'ব পৰাকৈ এই কাৰ্বি নেতাজনৰ কি গুণ আছে সেয়া কোনেও নাজানে। বহুতে ভাৱে হাতত প্ৰচুৰ ধন থকা বাবেই কাষত লৈ ফুৰা ব্যক্তিজনে মানিবেগ হিচাপে চাগৈ তেওঁক ব্যৱহাৰ কৰে।

কাৰ্বিসকল দুখীয়া হ'লেও কাৰ্বিসকলৰ এই ধনী নেতাজনৰ বিৰুদ্ধে বহু অনিয়ম দুৰ্নীতিৰ অভিযোগ আছে। প্ৰাকৃতিক সম্পদ লুন্ঠনো তেওঁলোকৰ বাবে ধন ঘটাৰ এক বেপাৰ। তেওঁৰ সম্পত্তিৰ হিচাপ কাৰো হাতত নাই।

সাধাৰণ মানুহেও হয়তো এই খবৰ নাপালে হেতেন যদিহে এটা আৰ্কিটেক প্ৰতিষ্ঠানৰ এজন কাৰ্যবাহীয়ে এটা নতুন প্ৰকল্পৰ সন্দৰ্ভত সামাজিক মাধ্যমত এই খবৰ নিদিলে হেতেন। বিমানৰ পৰা নামি তেওঁ আৰম্ভ কৰিছিল ভিডিঅ'টো।

ডিফুলৈ তেওঁ আহিছিল নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পথত থকা এটা ফাৰ্ম হাউচৰ কাম-কাজৰ বুজ ল'বলৈ। এই কাৰ্যবাহীজনে কোৱা মতে, ফাৰ্ম হাউছটো তুলিৰাম ৰংহাং নামৰ আমাৰ চিনাকি মানুহজনৰ।

পাচমহলীয়া লাক্সাৰী ভিলা ডিজাইনৰ হাই এণ্ড ফাৰ্ম হাউছ এইটো। এই ফাৰ্ম হাউছটো নিৰ্মাণত কিমান ধন ব্যয় হৈছে তাৰ সঠিক হিচাপ নিদিলেও বহু কোটি টকা ব্যয় হোৱা বুলি উল্লেখ কৰিছে।

নিৰ্মাণৰত ফাৰ্ম হাউছটোৰ আমাৰ দৰে মানুহৰ বাবে এটা ৰাজপ্ৰসাদ সদৃশ। ডিফু চহৰৰ ৭ নং ৱাৰ্ডৰ ৰংথেয়াঙত নিৰ্মাণ কৰি থকা হৈছে ঘৰটো। সম্ভৱটো এইটো অসমৰ ভিতৰতে আটাইতকৈ বিলাস বহুল ফাৰ্ম হাউছ হ'ব।

যিটো ফাৰ্ম হাউছ নিৰ্মাণৰ সৈতে জড়িত হৈ আছে এইচ বি এচ নামৰ আৰ্কিটক প্ৰতিষ্ঠানটো। কেইবাশ কোটি টকাৰ ব্যয় যেতিয়া কৰিছে, নিশ্চিতভাৱে তাত সকলো অত্যাধুনিক সা-সুবিধা থকাটোৱে স্বাভাৱিক।

কি কি সুবিধা আছে সেই কথা ভৱাতকৈ কি কি নাথাকিব তাত বুলি নিজকে প্ৰশ্ন কৰিলে মনৰ ভিতৰত সেই ৰাজ প্ৰসাদ সদৃশ ফাৰ্ম হাউছটোৰ ছবি এখন মনত ভাহি উঠিব। ফাৰ্ম হাউছটো কেনে হ'ব তাৰ ছবিও ৰাজহুৱা কৰা হৈছে সামাজিক মাধ্যমত।

আৰ্কিটেক প্ৰতিষ্ঠানটো ধন্য হৈছে এই কাম কৰি। গৰাকীয়ে হয়তো প্ৰতিষ্ঠানটোক কৈ দিছে যিমান টকা লাগে লৈ যাওক, ফাৰ্ম হাউছটো জাকত-জিলিকা হ'ব লাগিব। বিদেশৰ পৰাও বহু সামগ্ৰী আনি ফাৰ্ম হাউছটোত ব্যৱহাৰ কৰা হৈছে।

দুৰ্নীতি-কেলেংকাৰীৰ ধন নহ'লে কাৰ সাধ্য এনে বিলাসী ফাৰ্ম হাউছ বনোৱাৰ? ধন্য আজি আমি, আমাৰ নেতা সকলৰ উন্নতি দেখি। তেওঁলোকৰ দুৰ্নীতিৰ দস্তাৱেজৰ ফাইল ৰাজনৈতিক বৰণ সকলোৱাৰ লগে লগে বন্ধ হৈ পৰিছিল।

এতিয়া তেওঁলোক ক্ষমতাশালী নেতা,ধনী মানুহ আৰু আমাৰ ৰাজ্যৰ বৰমূৰীয়া সকলৰ সোহাত স্বৰূপ। কোনে কয় উন্নতি হোৱা নাই ৰাজ্য? সাধাৰণ জনতাৰ কথা বাদ দিয়ক, আমাৰ নেতা সকললৈ চাওঁক। 

বলীউদৰ নামি দামী তাৰকাৰ চকু এইবোৰ দেখি কপালত উঠিব। তুলিৰাম ৰংহাঙৰ এই ফাৰ্ম হাউছৰ খবৰটো আকস্মিভাৱে ফাদিল হ'ল। এনেকুৱা চাগৈ কিমান খবৰ আমাৰ আঁৰতে ৰৈ গৈছে।

নেতাবোৰ ধনীয়ে নহয়, অতি ধনী হৈ পৰিছে। ৰাজনীতি এতিয়া সেৱা নহয়। ৰাজনীতিয়ে আনি দিয়া ক্ষমতা সাধাৰণ জনতাক লুন্ঠন কৰিবলৈ ৰাইজেই গতাই দিয়া এবিধ আহিলা। ঈৰ্ষা কৰি লাভ নাই তুলিৰামক। 

শ শ কোটি টকা লুটি, বক্ৰ পথেৰে পাহাৰ সম সম্পত্তি ঘটিব পৰাতো এতিয়া এক দক্ষতা। কেতিয়াবা ইডি, আয়কৰ বিভাগে তেওঁলোকৰ ঘৰত কলিং বেল টিপিলেও ধৰা নপৰে এইবোৰ কাহিনী। কিয়নো তেওঁলোকক দিয়া আছে ৰাজনৈতিক কৱচ।

তুলিৰাম ৰংহাং