/asomiyapratidin/media/media_files/2025/01/31/doZt2gNdPn7BD8lecslb.jpg)
মৃদুল কুমাৰ সন্দিকৈ
ৰাজ্যৰে নহয়, দেশৰ ভিতৰত এক উল্লেখযোগ্য আধ্যাত্মিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ। সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশনখন এইবাৰ অনুষ্ঠিত হ'ব যোৰহাটত। বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত ৬,৭,৮ আৰু ৯ ফেব্ৰুৱাৰীত চাৰিদিনীয়াকৈ এই অধিবেশন অনুষ্ঠিত হ'ব।
মঁহবন্ধা,এৰালতলি পথাৰ ইতিমধ্যে সাজু হৈ উঠিছে। এই আধ্যাত্মিক অনুষ্ঠানটোৰ বাৰ্ষিক অধিবেশনৰ বাবে লক্ষাধিক ভক্ত সমবেত হ'বহি অধিবেশনস্থলীত। ১০ সহস্ৰাধিক ভকতে একেলগে সিদ্ধ গ্ৰহণ কৰিব পৰাকৈ সাজু হৈ উঠিছে বৃহৎ ভোজনালয়।
এই ভোজনালয়টোত থাকিব ২০০ চৌকা,ৰন্ধন প্ৰকৰণত গড়ে ৬০০ ৰান্ধনী প্ৰতি মুহূৰ্তত ব্যস্ত হৈ পৰিব। ৩ কোটিৰো অধিক টকাৰ বাজেটেৰে সম্পন্ন হ'ব এই অধিবেশন। কেৱল এখন অধিবেশন অনুষ্ঠিত কৰাতে এটা আধ্যাত্মিক অনুষ্ঠানৰ দায়িত্ব শেষ নহয়।
এই অনুষ্ঠানটোৱে পূৰ্বৰে পৰা ভকত-বৈষ্ণৱ সকলৰ মাজত আধ্যাত্মিক চেতনাৰ জৰিয়তে সুস্থ সমাজবাদৰ পৰিকাঠামো গঢ়ি তুলিছে। মাজে সময়ে দুই এক কাৰণত বিতৰ্কৰ শিৰোনাম দখল কৰিলেও শ্ৰীমন্ত শংকৰদেৱ সংঘই দেখোৱা আদৰ্শ অসমীয়া সমাজ জীৱনৰ বাবে এক আদৰ্শ হৈ আহিছে।
৯৪ সংখ্যক যোৰহাটৰ এই অধিবেশনৰ সমান্তৰালভাৱে যোৱা এটা বৰ্ষত কিনো কাম কৰিছে তাৰো এক পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে। সংঘৰ ভিতৰচ'ৰাত বহু কেইখন জিলাত চলি থকা অন্তঃকন্দল সমূহ সমাধান কৰাৰ ক্ষেত্ৰত বৰ্তমানৰ নেতৃত্বই বিশেষ উদ্যোগ লৈ ভকত সকলৰ মাজত এক বিশ্বাসযোগ্য পৰিৱেশ গঢ়ি তুলিবলৈ কৰা চেষ্টা শুভ লক্ষণ হিচাবে পৰিগণিত হৈছে।
এই অনুষ্ঠানটোত ব্যক্তি স্বাৰ্থ সদায় তলত। সমূহীয়া আৰু সামাজিক স্বাৰ্থৰ বাবে ভকত সকলে সৰ্বোচ্চ ত্যাগ কৰিব পাৰে। ২০২৪ বৰ্ষত ধেমাজী জিলা শাখাৰ কমলা চুতীয়া নামৰ সংঘৰ সংগী গৰাকীয়ে সেই কথাকে পুনৰ তেওঁৰ কামৰ মাজেৰে প্ৰমাণ কৰিলে।
চুতীয়াই নিজৰ নামত থকা ৬০বিঘা মাটি সংঘৰ পদাধিকাৰ আৰু প্ৰধান সম্পাদকক নিমন্ত্ৰণ কৰি নি ধেমাজী জিলাৰ সভাপতি,সম্পাদকৰ উপস্থিতিত সংঘৰ নামত উক্ত মাটি দান কৰে। সেই দানৰ নথি-পত্ৰ তুলি দিয়ে শংকৰদেৱ সংঘৰ পদাধিকাৰ আৰু প্ৰধান সম্পাদকৰ হাতত।
এনে নিষ্ঠাৰে সংঘৰ সৈতে জড়িত হৈ আছে ভকত সকল। এইবোৰ এটা অনুষ্ঠাৰ বাবে কম আশা ব্যঞ্জক খবৰ নহয়। সেই আশা আৰু আস্থাক বিশ্বাসলৈ ৰূপান্তৰ কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘক সৰ্বজনৰ আদৰৰ অনুষ্ঠানৰূপে গঢ়ি তোলাৰ দায়িত্ব অনুষ্ঠানটোৰ নেতৃত্ব দিয়া সকলৰ।
আমি সদায় এই ধৰণৰ অনুষ্ঠানৰ খবৰ সেইকেইটা দিনত গুৰুত্ব দিও যিকেইটা দিনত অধিবেশন অনুষ্ঠিত হয়। বাকী সময়ছোৱাত এই অনুষ্ঠানবোৰে কি কৰিলে তাৰ পৰ্যালোচনা বা সমালোচনা নকৰো। মেলামুখীতা আৰু জনসমাগমৰ ওপৰত ভিত্তি কৰি এতিয়া বহুতে অনুষ্ঠান আয়োজনৰ নামত ব্যয় কৰা ধনৰ পৰিমাণেৰে ইয়াৰ সফলতাৰ মাপ নিৰ্ধাৰণ কৰে।
এইবোৰ দিশত শংকৰদেৱ সংঘ কিছু ব্যতিক্ৰম। নগালেণ্ডৰ ডিমাপুৰৰ সমীপৱৰ্তী এগৰাকী চাহ বাগানৰ স্বত্বাধিকাৰীয়ে সংঘৰ আহ্বান ক্ৰমে সংঘক এবিঘা মাটি দান কৰিলে এই সময়ছোৱাত। সেই স্বত্বাধিকাৰী মহিলাগৰাকীৰ নিশ্চয় এই বদন্যতাৰ আঁৰত আছে অনুষ্ঠানটোৰ প্ৰতি পৰম বিশ্বাস।
বহুবোৰ কাম সংঘত কৰিবলৈ বাকী আছে। তাৰ মাজতে বহু বিষয়ববীয়া কেন্দ্ৰিক বিতৰ্কৰ ধুমুহাও পাৰ হৈ গৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হেপাহৰ বিশ্ববিদ্যালয়খনৰ স্থায়ী চৌহদৰ নিৰ্মাণ কাৰ্য ২০২৪ বৰ্ষত ত্বৰিত গতিৰে আগবঢ়োৱাতো আন এক সুখবৰ।
ৰাইদঙীয়াত চলি আছে এই নিৰ্মাণ কাৰ্য। এই চৌহদটোত কৰিবলগীয়া বহু কাম আছে। ইতিমধ্যে সৰু সৰু পুখুৰীবোৰ পুতি সেই চৌহদক এক সুন্দৰ ৰূপ দিবলৈ প্ৰয়াস কৰিছে। ৰাইদঙীয়াতে অসম চৰকাৰে বিশ্ববিদ্যালয়খনৰ নামত আবন্টন দিয়া ৩০০ বিঘা মাটিত আলিবান্ধি চাৰি সীমা নিৰ্ধাৰণ কৰাতো এক ব্যয়বহুল কাম আছিল।
এই কামখিনি সম্পন্ন কৰিবলৈ ৩১ লাখতকৈ অধিক ধন ব্যয় কৰিবলগীয়া হৈছিল। সংঘৰ প্ৰধান সম্পাদক তথা বিষয়ববীয়া সকলৰ অনুৰোধত এই মহৎ কাম সম্পাদন কৰি দিছে এজন ব্যক্তিয়ে। জয়নাল উদ্দিন নামৰ এই ব্যক্তিজনৰ এনে সহযোগ প্ৰশংসাৰযোগ্য। সম্প্ৰীতিৰ অন্যতম নিদৰ্শন।
ট্ৰাষ্ট সমিতিৰ জৰিয়তে চৌহদৰ উত্তৰফালে মূল পথৰ দাঁতিত পকী বেৰ নিৰ্মাণ,লোহাৰৰ সুন্দৰ গেট, ছাত্ৰ-ছাত্ৰীৰ বাবে এখন কেন্টিন নিৰ্মাণ,আধৰুৱা হৈ থকা শৈক্ষিক ভৱনটো সম্পূৰ্ণ কৰি তোলা, ১নং শৈক্ষিক ভৱনৰ তলৰ মহলাৰ কাম শেষ কৰি ওপৰ মহলাৰ আন এক অংশৰ কাম সম্পূৰ্ণ কৰা হৈছে।
১নং শৈক্ষিক ভৱনত এতিয়া ২০২৪ ৰ ১২ আগষ্টৰ পৰা তিনিটাকৈ বিষয়ৰ পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে। এইবোৰ হে কামৰ কাম। ইয়াৰ পৰা হে সংঘৰ লক্ষ্য-উদ্দেশ্য সঠিকভাৱে ৰূপায়ণত সহায়ক হ'ব। এই সময়ছোৱাত বিশ্ববিদ্যালয়ৰ চৌহদত কেবাশ গছপুলি ৰোপন কৰা হৈছে।
বিশ্ববিদ্যালয়ৰ চৌহদত অসম চৰকাৰৰ অমৃত সৰোবৰ আঁচনিৰ অধীনত ৫ টাকৈ পুখুৰী খন্দা হ'ল। এই পুখুৰীবোৰৰ লগত একোটাকৈ সৰু পকীঘৰ আৰু পুখুৰীবোৰৰ চৌহদ লোহাৰৰ বেৰেৰে সংৰক্ষিত কৰাৰ ব্যৱস্থা কৰা হৈছে। সংঘৰ প্ৰতি মানুহৰ আৱেগ-অনুভূতি কিমান সেয়া সংঘৰ প্ৰতি থকা ভকত-বাপ, আয় সকলৰ আত্মীয়তাতে ফুটি উঠে।
সংঘক লৈ আমি এদিন সমালোচনা কৰিছিলো। ইয়াত জড়িত একাংশৰ ল'বীবাদৰ বিৰুদ্ধে কলম তুলিব লগীয়া হৈছিল। কিন্তু সেই একেই কলমেৰে সংঘত হোৱা ভাল কামবোৰৰ কথাও লিখিবলৈ কুন্ঠাবোধ কৰা নাই।
খবৰ কৰি গম পালো তেজপুৰৰ নিবাসী এগৰাকী প্ৰাক্তন শিক্ষয়িত্ৰীৰ কথা। নাম তেওঁৰ সখিতা শইকীয়া। এইগৰাকী সংঘৰ সংগীয়ে বিশ্ববিদ্যালয়খনৰ পুথিভঁৰাল নিৰ্মাণৰ বাবে তেওঁৰ সঞ্চিত ১৪ লাখ টকা দান দিছে। এনেদৰে মুক্ত হস্তে কষ্টেৰে অৰ্জিত ধন এইগৰাকী শিক্ষয়িত্ৰীয়ে কিমান আন্তৰিকতাৰে আৰু আগ্ৰহেৰে সংঘৰ হাতত তুলি দিছে সেই উপলব্ধি সংঘৰ বিষয়ববীয়া সকলে নিশ্চয় কৰিছে।
এনেদৰে কোনো লোক আগবাঢ়ি আহিব পৰাকৈ পৰিৱেশ ৰচনা কৰাত সংঘৰ কৰ্ম-কৰ্তা সকল সফল হৈছে। কেবাগৰাকী মহান ব্যক্তিয়ে বিশ্ববিদ্যালয় উন্নয়নৰ বাবে গঠন কৰা কৰপাছ ফাণ্ডলৈ লক্ষাধিক টকা আগবঢ়াইছে। ২০২৩ লৈকে এই ফাণ্ডলৈ ৫৬ লাখ টকা আহিছিল কাগজে-পত্ৰই। কিন্তু তাৰ ২৮ লাখ টকাহে জমা হৈছিল।
যোৱা দুটা বছৰ (২০২৩-২৪) ত সেই ফাণ্ড ১ কোটি ৫০ লাখ টকালৈ বৃদ্ধি কৰি ইয়াৰ স্থায়ী জমা কৰাতো সংঘৰ প্ৰধান সম্পাদকৰ আন এক কৃতিত্ব। বিশ্ববিদ্যালয়ৰ নামত বহু লোকে দান দিয়ে। সংঘৰ সংগী নোহোৱা লোকেও বিশ্ববিদ্যালয়ৰ বাবে দান দি সেই দানৰ বিনিময়ত ৰচিদ নোপোৱা লোকো আছে।
পূৰ্বতে দীৰ্ঘদিন ধৰি সংঘৰ প্ৰধান সম্পাদককে ধৰি বিভিন্ন পদবীত থাকি বৰ্তমান সংঘৰ সংগী পদ হেৰুৱা প্ৰভাৱশালী সেই লোক সকলৰ শুভ ইচ্ছাৰ অভাৱৰ বাবে এনেবোৰ অভিযোগ উঠিছিল। এই অভিযোগৰ ধাৰাবাহিকতাৰ পৰা সংঘক মুক্ত কৰি এই আৰ্থিক স্বচ্ছলতা আৰু স্বচ্ছতাৰ গঢ় দিব পৰাতো বৰ্তমানৰ প্ৰধান সম্পাদকৰ কৃতিত্ব নুবুলি নোৱাৰি।
বিশ্ববিদ্যালয় এখনৰ পুথিভঁৰালটো ভূষণ স্বৰূপ। বহু মূল্যবান গ্ৰন্থ ইচ্ছা আৰু উদ্যোগ ল'লে পুথিভঁৰালৰ বাবে সংগ্ৰহ কৰিব পৰা যায়। ইয়াকে কৰি দেখুৱালে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নেতৃত্বই। সংঘৰ বৰ্তমানৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই অসম প্ৰকাশন পৰিষদক লৈ ব্যক্তিগতভাৱে বিশ্ববিদ্যালয়খনৰ পুথিভঁৰাললৈ প্ৰকাশন পৰিষদে প্ৰকাশ কৰা কিছু মূল্যবান গ্ৰন্থ বিচাৰি পত্ৰ লিখিছিল।
সেই পত্ৰৰ আঁতধৰিয়েই অসম প্ৰকাশন পৰিষদে বিশ্ববিদ্যালয় পুথিভঁৰাললৈ শতাধিক মূল্যবান গ্ৰন্থ দান কৰিলে। লগতে কেবাগৰাকী মহান দাতায়ো এই কাৰ্যত হাত উজান দিলে। এইবোৰ বৌদ্ধিক চেতনা সম্পন্ন দূৰদৃষ্টিৰে সম্পন্ন কৰা কাম।এনেবোৰ খবৰ সাধাৰণ লোকে নাজানে।
সংবাদ মাধ্যমৰ বাবেও এইবোৰ খবৰ গুৰুত্বপূৰ্ণ নহয়। কিন্তু এটা অনুষ্ঠানক গতিশীল কৰা আঁৰৰ খবৰ এইবোৰ হে। যিবোৰে সংঘৰ সৈতে জড়িত প্ৰতিজন লোককে প্ৰেৰণা দিয়ে। ভাৰতৰ এটা আগশাৰীৰ সংস্থাই দেশৰ ২৫খন চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ক লৈ এক সমীক্ষা আৰু অধ্যয়ন চলাইছিল। সেই সমীক্ষাৰ অন্তত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ক বিশেষ স্বীকৃতি প্ৰদান কৰিছিল।
বিশ্ববিদ্যালয়খনৰ আচাৰ্য্য ভবেন্দ্ৰনাথ ডেকা দেৱলৈ আগবঢ়ালে এই সংস্থাটোৱে ২০২৪ বৰ্ষৰ ম'ষ্ট ইনচপায়াৰিং ইডুকেশ্যনেল লিডাৰ সন্মান। এয়া শংকৰদেৱ সংঘৰ বাবে গৌৰৱৰ কথা। এই অনুষ্ঠানটো ধৰ্মীয় আৰু সামাজিক-সাংস্কৃতিক আধাৰত গঢ় লোৱা অনুষ্ঠান।
অসমৰ বিভিন্ন স্থানত ২০২৪ বৰ্ষত সংঘৰ নীতি অনুসৰি ৫০ খনৰো অধিক প্ৰাথমিক গঠন হ'ল। সেই প্ৰসাৰ সংঘৰ শ্ৰীবৃদ্ধিৰ বাবে মেৰুদণ্ডস্বৰূপ। অধিবেশন অনুষ্ঠিত হ'ব,অন্ত পৰিব। সেইবোৰৰ সামন্তৰালকৈ অনুষ্ঠানটোক গণমুখী আৰু স্বকীয় ধাৰাৰে উজ্বলাই তুলিবলৈ সকলোৰে সহযোগ লাগিব।
প্ৰতিজন ভকত বৈষ্ণৱৰ সহযোগত অধিবেশনস্থলী সুশৃংখলাবদ্ধভাৱে লোকাৰণ্য হোৱা পাছতো পৰিচালিত হয়। ভক্তিৰসত বুৰ যায় সংগীসকল। ধনী-দুখীয়াৰ প্ৰভেদ এই অনুষ্ঠানত নাথাকে। থাকে চৈতন্যবোধৰ মাজত ঈশ্বৰক আৰাধনাৰে এক বিশাল আধ্যাত্মিকতাৰে আবৰা এখন আকাশ।
যোৰহাটৰ অধিবেশনেও এই অনুষ্ঠানটোক সমৃদ্ধ কৰক। আধ্যাত্মিকতাৰ মাজেৰে সুস্থ প্ৰগতিবাদী চিন্তাৰে আধুনিক সমাজৰ অৱকাশ আৰু পৰম্পৰা বিকশিত কৰাত এই অনুষ্ঠান অনন্য হৈ চিৰদিনৰ বাবে জাকত জিলিকা হৈ থাকক।