ৰাইজেই ৰজা...

ৰাইজেই ৰজা...

মৃদুল কুমাৰ সন্দিকৈ

কাৰোৱেই মইমতালি নচলে এতিয়া। যি ইচ্ছা তাকেই কৰিম বা কৰি যাম বুলি ভৱাৰ দিন উকলিল। ক'ত, কেনেকৈ মানুহে কাক কি অৱস্থা কৰে সেয়া কোনোৱেই অনুমান কৰিব নোৱাৰে।

সুবিধা-সুযোগ ব্যৱহাৰ কৰাত ৰাইজ সিদ্ধসস্ত হৈছে। সেয়া সম্ভৱ হৈছে সামাজিক মাধ্যমৰ কৃপাত। কংগনাৰ দৰে বলিউডৰ মোহময়ী অভিনেত্ৰীৰেই বেয়া দশা। হাতযোৰ কৰি সাধাৰণ দৰ্শকক 'টেজছ' চাবলৈ অনুৰোধ কৰিও উদ্ধাৰিব নোৱাৰিলে।

মানুহৰ মৰমক আধাৰ কৰি অনাৱশ্যকীয়ভাৱে ৰাজনৈতিক শৰণ লৈছিল কংগনা ৰানাৱতে।ভৱা নাছিল তেওঁৰ দম্ভ এনেদৰে কাল হৈ পৰিব। নেতাৰ ক্ষেত্ৰতো একেই কথা। নেতাকো গতা দিবলৈ মানুহৰ লাগিছেনো কিমান পৰ?

কেনেবাকৈ যদি ৰাইজে বেয়া পাই, ৰাইজৰ আস্থা আঁতৰি যায় তেন্তে নিস্তাৰ নাই। মুহূৰ্ততে গ্লেমাৰ, ক্ষমতাৰ পৃথিৱী আৰু অহংকাৰৰ পাহাৰ চূৰ্ণ হৈ পৰে। শিক্ষা আমাৰ ৰাজনেতা সকলেও এইবোৰ দেখি, শুনি সময় থাকোতেই লোৱা ভাল।

আজি কাল, কাইলৈ মহাকাল হৈ আহিব পাৰে। অতীতৰ চূড়াত ৰৈ যাব ক্ষমতাত থকা ভাল দিনৰ দম্ভৰ অৱশিষ্ট। এতিয়াতো প্ৰতিজন লোকেই নিজৰ বাবে নিজেই এজন বিচাৰক।

সেই বিচাৰৰ ৰায় দিওতে পলম হ'ব পাৰে, কিন্তু সঠিক ৰায় কোনোবা প্ৰকাৰে এক জনমত হৈ পোহৰলৈ আহিবই। আজিৰ সময় বৰ কঠিন। আগৰ দৰেই লুকুৱাই হেঁচা মাৰি কথাবোৰ যে সামৰি থব নোৱাৰি।

কিমানৰ চকুত ক'লা কাপোৰ বান্ধিব। কিমানৰ মুখত সোপা গুজিব। কোটি কোটি জনৰ চকু-মুখ বন্ধ কৰি থোৱা পুৰণি কলীয়া কিটিপ অচল হ'ল। প্ৰধানমন্ত্ৰীগৰাকী যেতিয়া তেওঁৰ নামত থকা ইউটিউব চেনেল চাব আৰু চাবস্ক্ৰাইব কৰিব পাৰে আহ্বান জনাব লগা হ'ল, তেতিয়াইতো বহু কথা কৈ দিয়া গ'ল।

সেই ইংগিতেই চিৰ বাস্তৱ আজিৰ এটা সত্যক প্ৰতিষ্ঠা কৰিলে। জনপ্ৰিয়তাৰ গ্ৰাফ ডাল মুহুৰ্ততেই উঠা-নমা হয়। ভাল কৰিছো বুলি নিজেই ভাবিলে নহব, যদি ৰাইজে সেয়া ভাল বুলি নকয়।

চকুৰ আগতে কত উত্থান আৰু পতনৰ কাহিনী ৰৈ আছে। অলপ অসাৱধানতাৰ বাবেই ছন্দ পতন ঘটা কিমান মানুহৰ উচুুপনি চকুৰে নিগৰিছে তাৰ হিচাপ নাই। ৰাজনীতিতো সেই উত্থান-পতনৰ উকমুকনিয়েই আমনি কৰিছে বা কৰিবই। কেৱল মই হৈ পৰা এই দিনবোৰ কিমান দিনলৈ স্থায়ী সেই উত্তৰ আছে জানো কাৰোবাৰ হাতত।

বুজিব লগা জনে ইংগিততেই বহু কথা বুজে। সামাজিক মাধ্যমৰ দ্বাৰা প্ৰভাৱিত বাস্তৱতেই ভৱিষ্যতৰ মতি গতি লিখা থাকে। একো কৰিব নোৱাৰিলেও ক্ষোভৰ অগ্নি বুুকুত লৈ ফুৰা মানুহবোৰৰ অসন্তুষ্টি ধ্বংসৰ কাৰণ হৈ পৰে।

মনৰ পৰা কৰা বৰ্জন অভিশাপ সদৃশ। অতি বেছি কৰা স্বভাৱে সাধাৰণলোকৰ মনত সৃষ্টি কৰা ধাৰণা কেতিয়াও শুভ কাৰক নহয়। প্ৰদৰ্শনধৰ্মীতা এক প্ৰবৃত্তি হৈ পৰিছে। সেই প্ৰবৃত্তিক আধাৰ কৰি লৈ সামাজিক মাধ্যমত নেতাসকলে সত্যক অসত্য বা অসত্যক সত্য কৰাৰ প্ৰতিযোগীতাত নামিছে।

মানুহে এইবোৰ চাই থাকে। নকয়, নকৰে... কিন্তু যেতিয়া কবলৈ আৰম্ভ কৰে ,তেতিয়া সত্য ওলাই পৰে। আচলতে ৰাজনীতিত বাকপটুতাৰ সমান্তৰালভাৱে নিৰৱতাৰো প্ৰয়োজন। সকলোতে প্ৰচাৰ নালাগে।এতিয়া প্ৰচাৰবিহীন ৰাজনীতিত বিশ্বাস নাই নেতা-মন্ত্ৰীৰ।

পুৱা মুখখন ধুৱাৰ পৰা ব্যায়াম কৰা, শাক-পাচলি চিঙা এইবোৰ ভিডিঅ' সামাজিক মাধ্যমত দি ভিউজৰ মাধ্যমেৰে একাংশই জনপ্ৰয়িতা কিনাৰ চেষ্টা কৰে। সভা-সমিতিলৈ গলে ৰাজনেতা সকলেও এনোবৰ কাৰবাৰহে এতিয়া বেছিকৈ কৰে।

নিজকে নায়ক সজাই ৰাইজক বুৰ্বক বনায়। কিন্তু সেই কথা ৰাইজে নুবুজাকৈ জানো থাকে। উৰ্ধবাহু দাঙিব পৰালৈকে দাঙিব দিয়ে। সেই নাছ চাই মুখ টিপি হাঁহে। সময় আৰু সুযোগ পালে তাৰ উত্তৰ দিয়া প্ৰতিযোগীতাত নামে জনতা।

সমাজখন এতিয়া বৰ সচেতন হল। গোপত গংগাটোপ হৈ থাকি লাভ নাই। মানুহে গঢ়িব, মানুহেই ভাঙিব। মানুহৰ আশীৰ্বাদ, মৰম নাথাকিলে কাৰোৱেই দিন ভালে নচলিব। প্ৰতিজন মানুহৰ হাততেই থাকে এই অস্ত্ৰ। অৱশ্যে ইয়াৰ সঠিক ব্যৱহাৰ কৰিব জনাতো এখন পৰিপক্ক সমাজৰ প্ৰতিজন লোকৰেই লক্ষ্য হোৱা উচিত।

অন্ধ ভক্তৰ দিন উকলিল। সত্য় অন্বেষণৰ আৰু সঠিক মূল্যায়নৰ বিশ্বাসী সাধাৰণ লোকসকল। ধন আৰু ক্ষমতা ৰাইজৰ আদালতত সঠিক বিচাৰৰ অন্তৰায় হ'ব নোৱাৰে।সামাজিক মাধ্যমৰ এই সক্ৰিয়তাই ৰাইজৰ শক্তি বঢ়াইছে। ৰাইজে যে ৰজা সেয়া পুনৰ নেতাসকলকেও বুজাৰ দিন আহিছে। নহলে ৰাইজে কুণ্ঠাবোধ নকৰিব নেতাকো গতা দিবলৈ।

ৰাইজেই ৰজা...
নট আউট ৮০ : চেঞ্চুৰীৰ দিশে পিঁয়াজ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in