এখন কিতাপৰ কাহিনী...

এখন কিতাপৰ কাহিনী...

মৃদুল কুমাৰ সন্দিকৈ

ভাল কামৰ বাবে এটা ভাল মন আৰু উদ্যোগ লাগে। অসমীয়া সাহিত্য জগতৰ এটা উল্লেখযোগ্য নাম শীলভদ্ৰ। ৰেৱতী মোহন দত্তচৌধুৰীয়ে এই ছদ্মনামেৰে লিখিছিল অনেক গল্প আৰু উপন্যাস।

১৯৫৭ চনৰ পৰা ১৯৮২ চনলৈ ইঞ্জিনিয়াৰিং কলেজৰ শিক্ষক হিচাপে কাম কৰা শীলভদ্ৰৰ উপন্যাস সমূহৰ ভিতৰত গধূলি,আগমণিৰ বাট, অনুসন্ধান, মধুপুৰ আৰু তৰংগিনি আদি অন্যতম।

বাস্তৱ, কোনো ক্ষোভ নাই, বিশ্বাস আৰু অন্যান্য গল্প, আকৌ মধুুপুৰ, মধুপুৰ বহু দূৰ, তৰ্পন,চিঠি আৰু অন্যান্য গল্পকে ধৰি তেখেতৰ প্ৰকাশ পাইছিল ১৮ খনকৈ গল্প সংকলন। অসমীয়া সাহিত্য জগতত গল্প আৰু উপন্যাসৰ জৰিয়তে বিশেষ অৱদান আগবঢ়াই গৈছে এইগৰাকী বিশিষ্ট সাহিত্যিকে।

তেওঁ আছিল গণিতৰ শিক্ষক। সেয়েহে গল্পটো যেন জুখি-মাখিয়েই শব্দ ব্যৱহাৰ কৰাত অদ্বিতীয় আছিল এইগৰাকী সাহিত্যিক। দুকুৰী বছৰ বয়সত তেওঁ আৰম্ভ কৰিছিল গল্প লিখিবলৈ।

গল্প, উপন্যাসৰ লগতে বিভিন্ন কাকত-আলোচনীত তেখেতে বহু সংখ্যক ৰচনা, স্মৃতি কথা লিখিছিল। সেই ৰচনা সমূহৰ কোনো একত্ৰ সংকল নাছিল। শীলভদ্ৰৰ লেখাৰে সন্মোহিত কৰা তেওঁৰ অনুৰাগীসকলে এই কথাটো লক্ষ্য কৰিছিল।

২০২৩ চনৰ এপ্ৰিলৰ কথা। এটা অগতানুগতিক প্ৰচেষ্টা লোৱাৰ কথা চিন্তা কৰিলে কেইজনমান অনুৰাগীয়ে। ৰেৱতী মোহন দত্তচৌধুৰীৰ ভাষাত শীলভদ্ৰৰ বিভিন্ন কাকত-আলোচনীত সিঁচৰতি হৈ থকা ৰচনা সমূহৰ সংকলন এটা প্ৰকাশ কৰাৰ সিদ্ধান্ত ললে কেইজনমান অনুৰাগীয়ে।

এই ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰিলে ইতিমধ্যে ৰেৱতী মোহন দত্ত চৌধুৰীৰ গল্প সমগ্ৰ আৰু উপন্যাস সমগ্ৰ সম্পাদনা কৰা বিনয় মোহন শইকীয়াই। সেই যাত্ৰাৰ অংশীদাৰ হ'ল বোধিসত্ত্ব শৰ্মা। শীলভদ্ৰই তেওঁৰ ঘনিষ্ঠ বিনয় মোহন শইকীয়াক জীৱিত কালত এই কাম কৰাৰ দায়িত্ব দিছিল ।

ইতিমধ্যে শীলভদ্ৰৰ বহু বছৰ পাৰ হৈ গৈছে। শইকীয়াই পাহৰা নাছিল তেওঁক কৈ যোৱা এই কথা। শীলভদ্ৰৰ সৰু পুত্ৰ ৰামানুজ দত্ত চৌধুৰীয়ে এই বিচিত্ৰ ৰচনা সমূহ কাকত-আলোচনীৰ পৰা সংগ্ৰহ কৰি সাজু কৰিছিল।

কিন্তু কিতাপখন কেনেদৰে প্ৰকাশ কৰা হ'ব তাক লৈ তেওঁলোকে কোনো প্ৰকাশকৰ কাষলৈ যোৱাৰ সলনি অন্য এক চিন্তা কৰিলে। তাতে সাম্প্ৰতিক সময়ত কিতাপ এখন প্ৰকাশ কৰা আৰু ইয়াক পাঠকৰ মাজত তুলি দিয়া বাবে এক দীৰ্ঘ পৰিক্ৰমা অতিক্ৰম কৰিব লাগে।

সেয়ে চিন্তা কৰা হ'ল শীলভদ্ৰৰ অনুৰাগী সমাজ নামৰ এক হোৱাটছএপ গ্ৰুপ গঠন কৰা হল। ২০২৩ বৰ্ষৰ মাৰ্চত অজন্ত কুমাৰ গোস্বামী,বিনয় মোহন শইকীয়া, কৃষ্ণা শৰ্মা, লক্ষ্মীনাথ ফুকন, প্লাৱন কাকতি, সংগীতা দাস দত্ত চৌধুৰী আৰু বোধিসত্ত্ব শৰ্মাক লৈ এই হোৱাটছএপ গ্ৰুপটো গঠন কৰা হয়।

তাতেই আলোচনা চলিল কিতাপখন প্ৰকাশৰ সন্দৰ্ভত। সেই গ্ৰুপটোৰ জৰিয়তে এটা বাৰ্তা বিনিয়ম হ'ল যে প্ৰিয় সাহিত্যিক গৰাকীৰ অসংকলিত ৰচনা সমূহ প্ৰকাশৰ বাবে আগবঢ়া হৈছে। এই কামত আগ্ৰহী জনে ৫০০ টকা বা তাৰ গুণিটকত বৰঙণি আগবঢ়াব পাৰে।

৫০০টকা দিয়া জন শীলভদ্ৰ অনুৰাগী সমাজৰ অন্তৰ্ভূক্ত হ'ব আৰু তেওঁঁ দুখন কিতাপ লাভ কৰিব। তাৰে এটা কপি নিজৰ বাবে ৰাখি আনটো কপি ওচৰৰ কোনো বিদ্যালয়ত বা মহাবিদ্যালয়ৰ লাইব্ৰেৰীলৈ উপহাৰ দিব পাৰিব।

মাত্ৰ ২৪ ঘন্টাতে এই বাৰ্তা এনেদৰে বিয়পি পৰিল যে ব্যাপক হাৰত সঁহাৰি লাভ কৰা হ'ল। তাৰপাছত ২০২৩ চনৰ ১৮ ছেপ্টেম্বৰত ৰেৱতী মোহন দত্তচোধুৰী শততম জন্মদিনৰ দিনা 'অন্যান্য ৰচনা' শীৰ্ষক শীলভদ্ৰৰ গ্ৰন্থখন অনুৰাগীৰ তুলি দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল।

সেই দিনা বিশ্বকৰ্মা পূজা হোৱাত সিদ্ধান্ত সলনি কৰি ১৭ ছেপ্টেম্বৰৰ দিনটো কটন বিশ্ববিদ্যালয়ৰ আলামনাই হলত আয়োজন কৰা হ'ল এই গ্ৰন্থৰ উন্মোচনী সভা। আন গ্ৰন্থ উন্মোচনীৰ দৰে এই গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠান নাছিল। সম্পূৰ্ণ ব্যতিক্ৰম ৰূপত আয়োজন কৰা হৈছিল এই সভাৰ। নাছিল গ্ৰন্থ উন্মোচনৰ বাবে কোনো উন্মোচক। নাছিল কাৰোৱেই দীঘলীয়া ভাষণ।

মঞ্চত আছিল শীলভদ্ৰৰ এখন ফটো। পৰিয়ালৰ লোকে জ্বলাই থৈছিল তাত এগচি চাকি। বহু কেইগৰাকী লেখক, বিজ্ঞানী, অভিযন্তা, চিকিৎসক এই অনুষ্ঠানৰ সাক্ষী হৈছিল। প্ৰথমে চিনাকী কৰাই দিয়া হৈছিল এই গ্ৰন্থ প্ৰকাশৰ সৈতে বিশেষভাৱে জড়িত প্ৰশান্ত বৰঠাকুৰ, অৰুণ নাথ, ভৰত কামান, হৰেকৃষ্ণ দাস, নাৰায়ন শৰ্মাক।

এইসকলৰ গ্ৰন্থখন প্ৰকাশত বিশেষ ভূমিকা আছিল। প্ৰশান্ত বৰঠাকুৰে গ্ৰন্থখনৰ ডিটিপি কৰিছিল। পিছফালে গ্ৰন্থখনত থকা শীলভদ্ৰৰ ৰেখা চিত্ৰখন অংকন কৰিছিল ভৰত কামানে। গ্ৰন্থখনৰ বেটুপাত আছিল অৰুণ নাথৰ। প্ৰায় দুঘন্টা ধৰি এই অনুষ্ঠান চলিছিল।সকলোৱে একেলগে গ্ৰন্থখন দাঙি গ্ৰন্থখনৰ শুভ উন্মোচন কৰিছিল।

৮০ জন মানুহে ১ মিনিটকৈ বক্তব্য ৰাখিছিল। এনেকৈয়ে শীলভদ্ৰৰ গ্ৰন্থ আৰু তেওঁৰ স্মৃতিচৰণ কৰা হৈছিল সেইদিনা।শীলভদ্ৰৰ অনুৰাগী সমাজত মুঠ ১৭৮ জন অনুৰাগীয়ে এই কামত সহযোগ কৰিছিল। সেই সকলৰ নাম আৰু যোগাযোগ নম্বৰ গ্ৰন্থখনৰ পৰিশিষ্টত উল্লেখ কৰা হৈছে।

কোনো কোনোৱে ২ কপিতকৈ অধিক গ্ৰন্থ ক্ৰয়ৰ বাবে মূল্য দিছে। সেই কথাও উল্লেখ আছে ইয়াত। এনেদৰে গ্ৰন্থখন প্ৰকাশ কৰাৰ পাছত মূহূৰ্তৰ ভিতৰতে অনুৰাগীসকলৰ মাজত বিতৰণ কৰা হৈছিল এই গ্ৰন্থ।

গ্ৰন্থখন প্ৰকাশৰ বাবে মুঠ ১ লাখ ১০ হাজাৰ ৫০০ টকা সংগ্ৰহ হৈছিল। ইয়াৰে ৯৪,৭৫০ টকা গ্ৰন্থখনৰ প্ৰকাশত ব্য়য় হয়। অনুৰাগী সমাজৰ হাতত এতিয়াও জমা আছে ১৫,৭৫০ টকা। গ্ৰন্থ খনৰ মূল্য আছিল ২৫০টকা। মুঠ ৫৫০ কপি গ্ৰন্থ প্ৰকাশ কৰা হৈছিল। ইয়াৰে প্ৰায় ৪০০ কপি গ্ৰন্থ প্ৰকাশৰ বাবে সহযোগ কৰা অনুৰাগীসকলক দিয়া হয়। কিয়নো তাৰ বাবে তেওঁলোকে ইতিমধ্যে ধন দি থৈছে।

কিছু গ্ৰন্থ নিৰ্বাচিত কিছু লোকক উপহাৰ হিচাপে দিয়া হয়। তাৰপাছত বাছি থকা আন কিছু সংখ্যক গ্ৰন্থ চানমাৰিত থকা ইনিচফ্ৰি এন্টাৰপ্ৰাইজত বিক্ৰীৰ বাবে ৰখা হৈছে। সেই গ্ৰন্থ প্ৰায় শেষ হও হও।

মাত্ৰ দুসপ্তাহৰ ভিতৰতে গ্ৰন্থ বিক্ৰী শেষ হ'ল। যি কেই কপি এতিয়াও আছে তাত বিচাৰি ইতিমধ্যে পাঠকৰ পৰা যোগাযোগ চলিছে। শীলভদ্ৰ অনুৰাগী সমাজৰ হাতত১০-১৫ কপি মান গ্ৰন্থহে এতিয়া বাকী আছেগৈ। সেয়েহে তেওঁলোকে ইয়াৰ দ্বিতীয় সংস্কৰণ প্ৰকাশৰো চিন্তা কৰিছে।

এজন প্ৰিয় লেখকক তেওঁৰ অনুপস্থিতিত তেওঁৰ অনুৰাগীয়ে জনোৱা ইয়াতকৈ শ্ৰেষ্ঠ সন্মান কি হ'ব পাৰে। শীলভদ্ৰ অনুৰাগী সমাজে এক উদাহৰণ ৰচিলে। হোৱাটছ এপ গ্ৰুপতে গ্ৰন্থ প্ৰকাশৰ ৩ দিনৰ পাছতে দিয়া হৈছে হিচাপ। নিখুত আৰু নিকাকৈ সকলো কৰিছে তেওঁলোকে। ইয়াৰ বাবে নিসন্দেহে ধন্যবাদৰ পাত্ৰ শীলভদ্ৰ অনুৰাগী সমাজ।

এখন কিতাপৰ কাহিনী...
শিক্ষকৰ চাকৰি,নাই আহৰি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in