ড০ শিৱনাথ বৰ্মনঃ এটা গোচৰ, প্ৰজ্ঞাৰ পোহৰ আৰু এজন সাধক...

''আমি আশাৰ ভিতৰতেই শংকৰদেৱক আৱদ্ধ কৰি ৰাখিছো।যদিও আমি তেওঁক জগতগুৰু বুলি কও, বাহিৰৰ মানুহে গুৰুজনাৰ কথা নাজানে''।
ড০ শিৱনাথ বৰ্মনঃ এটা গোচৰ, প্ৰজ্ঞাৰ পোহৰ আৰু এজন সাধক...

মৃদুল কুমাৰ সন্দিকৈ

আৰু এক সত্বা অতীত হৈ গ'ল। বিজ্ঞান মনস্কতাৰে ভক্তিবাদৰ ধাৰাক লৈ গৱেষণা কৰা, পদাৰ্থ বিজ্ঞানৰ ছাত্ৰহৈয়ো ভাষাক লৈ ব্যস্ত থকা সুদীৰ্ঘ কাল শিক্ষকতা কৰাৰ পাছতো সক্ৰিয় সাংবাদিকতাৰে এজন সম্পাদকৰ পৰিচয় দিয়া ড০ শিৱনাথ বৰ্মন আছিল অসমীয়া জাতিৰ এক বৌদ্ধিক স্পন্দন।

জ্যেষ্ঠ সাংবাদিক বেদব্ৰত বৰাই 'ইতিবাচক' নামৰ এটা অনুষ্ঠানত ড০ শিৱনাথ বৰ্মনৰ এক সাক্ষাৎকাৰ লৈছিল। সেইদিনা প্ৰসংগক্ৰমে তেওঁ কৈছিল ''আমি আশাৰ ভিতৰতেই শংকৰদেৱক আৱদ্ধ কৰি ৰাখিছো।যদিও আমি তেওঁক জগতগুৰু বুলি কও, বাহিৰৰ মানুহে গুৰুজনাৰ কথা নাজানে।

সেয়েহে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰচাৰ অসমৰ বাহিৰত কৰিবলৈ ইংৰাজীত কিতাপ পত্ৰ লিখাটো দৰকাৰ। সেই বুলিয়েই মই এই কিতাপখন লিখিলো''। শ্ৰীমন্ত শংকৰদেৱক লৈ তেওঁ যথেষ্ঠ গৱেষণা চৰ্চা, অধ্যয়ন কৰিছিল ।

তেওঁৰ ক্ষেত্ৰখন আছিল বিভিন্ন বিষয়েৰে ভৰা এখন বহল ক্ষেত্ৰ। অতি সাধাৰণ ভাৱেই তেওঁ কিছু অসাধাৰণ কাম কৰি গৈছিল। প্ৰজ্ঞা আৰু সাধনাই তেওঁক নিৰন্তৰ ব্যস্ত কৰি ৰাখিছিল। ৮১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা ড০ শিৱনাথ বৰ্মনৰ বৰ্ণময়ী জীৱনৰ কথা কৈ শেষ কৰিব নোৱাৰি।

ইশ্বৰক তেওঁ বিশ্বাস নকৰিছিল। কিন্তু ভক্তিবাদক তেওঁ অৰ্থহীন ৰূপত প্ৰতিষ্ঠা কৰিবলৈ কোনোদিনেই চেষ্টা কৰা নাছিল। আইনষ্টাইন আৰু পদাৰ্থ জগতৰ পৰা স্বদেশ স্বমতলৈকে, শ্ৰীমন্ত শংকৰদেৱৰ কৃতি আৰু কৃতিত্বৰ পৰা অসমীয়া জীৱনী অভিধানলৈকে, অসমীয়া ব্যাকাৰণৰ অভিধানৰ পৰা অসমীয়াৰ জনজাতিৰ সমস্যালৈকে, হেমচন্দ্ৰ বৰুৱাৰ কৰ্ম আৰু প্ৰতিভাৰ পৰা সাধক-সাধনালৈকে তেওঁৰ সৃষ্টি বিয়পি আছে।

অত্যন্ত নীৰৱভাৱে মৃত্যুৰ আগমুহুৰ্তত তেওঁ অসুস্থতাৰ মাজতো নিজৰ ৰচনাৱলীৰ কাম সম্পূৰ্ণ কৰি থৈ গৈছিল। চকুৱে মনা নাছিল, লিখিব পৰা নাছিল কিন্তু তেওঁৰ অদম্য হেঁপাহটো ৰৈ যাব দিয়া নাছিল।

অসুস্থতাৰ মাজত অকনমান গাতো টঙাব পৰা হ'লেই পত্নীৰ সহযোগত সেই কাম তেওঁ কৰি পেলাইছিল। কঠোৰ পৰিশ্ৰমী আৰু অসুন্ধিৎসু আছিল তেওঁ। ভাৰতীয় আৰু পাশ্চত্যৰ চিন্তা-চৰ্চাৰ এক সংযোগকাৰী ৰূপে তেওঁ অৱতীৰ্ণ হৈছিল। সাংবাদিকতাত থকাৰ সময়তো তেওঁ সেই দায়িত্ব অতি নিষ্ঠাৰে পালন কৰি প্ৰতিটো দিশ চালি জাৰি চাইছিল।

তেওঁ আছিল ইমানেই সৰল যে ব্যক্তিগত জীৱনত তেওঁ বহু লাঞ্চনাৰ বলি হৈয়ো কাৰো প্ৰতি কোনো ক্ষোভ ৰখা নাছিল। অসম আন্দোলনৰ সময়ত বাঁওপন্থী চিন্তা-চৰ্চাৰে আন্দোলনকাৰীৰ সমৰ্থক হ'ব নোৱাৰাৰ বাবেই আন কেইবাজনো বিশিষ্ট ব্যক্তিৰ দৰে তেওঁয়ো আক্ৰমণৰ বলি হ'ব লগা হৈছিল।

কিন্তু তেওঁ সেইবোৰতকৈ ভাষা ,জাতি, সমাজকলৈহে ব্যস্ত হৈ পৰিছিল। ভাষা-সাহিত্য সম্পৰ্কত তেওঁ কৰা উল্লেখযোগ্য কামবোৰৰ ভিতৰত আনন্দৰাম বৰুৱা ইনষ্টিটিউটে ৮টা খণ্ডত সাহিত্য বুৰঞ্জী প্ৰকাশ কৰাৰ সিদ্ধান্ত লৈ ড০ শিৱনাথ বৰ্মনক দ্বিতীয় খণ্ডটোৰ দায়িত্ব দিছিল।

শংকৰদেৱ আৰু তেওঁৰ যুগৰ আন সকল যেনে, মাধৱদেৱ, ৰাম স্বৰস্বতী আদিক সামৰি এই খণ্ডটোৰ কাম তেওঁ ইমান নিষ্ঠাৰে সম্পাদনা কৰিছিল যে সেয়া অসমীয়া সাহিত্যৰে এক উল্লেখযোগ্য সম্পদ।

অসমীয়া তেওঁ কতো পঢ়োৱা নাছিল। পঢ়াইছিল পদাৰ্থ বিজ্ঞান। শিক্ষক হিচাপে পদাৰ্থ বিজ্ঞানৰ চৰ্চাহে তেওঁ কৰিছিল। শ্ৰেণীকোঠাত পদাৰ্থ বিজ্ঞানৰ জটিল অংক, তত্ব বুজোৱা মানুহজনে কিন্তু ডক্টৰেট ডিগ্ৰী লৈছিল বুৰঞ্জী বিষয়ত।

প্ৰাক ঔপনিবেশৰ সময়চোৱাত ভাৰতত বিজ্ঞানৰ বিকাশক লৈ তেওঁ গৱেষণা কৰিছিল। অসমৰ বৌদ্ধিক ক্ষেত্ৰখনলৈ তেওঁৰ অৱদান অতি উল্লেখযোগ্য। ১৯৪২ চনত(সোঁৱৰণী অনুসৰি ১৯৪১) যোৰহাটত জন্মগ্ৰহণ কৰা বিশিষ্ট চিন্তাবিদ গৰাকীয়ে ১৯৬৩ চনত পদাৰ্থ বিজ্ঞানত কটন কলেজৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পৰৱৰ্তী সময়ক স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।

শিৱসাগৰ মহাবিদ্যালয়, কটন মহাবিদ্যালয় আৰু শেষত গুৱাহাটী আৰ্যবিদ্যাপীঠ মহাবিদ্যালয়ত প্ৰায় ৪ টা বছৰ অধ্যাপনা কৰা ড০ বৰ্মনে জনসাধাৰণ নামৰ কাকত খনৰ সম্পাদক হিচাপে ৮ বছৰ কাম কৰিছিল।

তেওঁ কষ্ট পাইছিল। শেষৰ ফালে তেওঁ লিখিব পঢ়িব নোৱাৰা কথাটোৱে তেওঁক মনোকষ্ট দিছিল। সদায় অধ্যয়নৰ নামত নিমজ্জিত হৈ থকা মানুহজনে পত্নী অঞ্জনা বৰ্মনৰ সহযোগত শংকৰদেৱ বিষয়ক লেখা সমূহৰ সংকলন, ধৰ্ম দৰ্শনৰ বিষয়ে দুটা সংকলন, সাহিত্য বিষয়ক ২টা সংকলন, ভাষা বিষয়ক ১টা সংকলনৰ কাম কৰি থৈ গৈছে।

বহু গ্ৰন্থৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছিল তেওঁ।  আইষ্টাইন আৰু পদাৰ্থ জগত, স্বদেশ-স্বমত, ন মনুষ্যৎ, লোক-কৃষ্টিৰ উৎস, অন্বেষা ,শ্ৰীমন্ত শংকৰদেৱঃকৃতি আৰু কৃতিত্ব, অসমীয়া জীৱনি অভিধান, অসমীয়া আখৰ জোঁটনিৰ কথা, শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ উত্তৰ সুৰীসকল, অসমীয়া ব্যাকৰণ অভিধান, ভাৰতীয় চিন্তা, অসমৰ জনজাতি সমস্যা, হেমচন্দ্ৰ বৰুৱা, সাধক আৰু সাধনা আদিকে ধৰি প্ৰায় ৩৮ খনৰো অধিক মৌলিক গ্ৰন্থ তেওঁৰ ৰচনা কৰি থৈ গৈছে।

অসমীয়া জীৱনী সাহিত্যলৈ তেখেতৰ আছে বিশেষ অৰিহনা। অসমীয়া জীৱনী অভিধান বুলি যিখন কিতাপ তেওঁ লিখিছিল তাত প্ৰায় ১৪০০ মানুহৰ বিষয়ে লিখিছিল। বেদব্ৰত বৰাৰ সৈতে হোৱা সেই সাক্ষাৎকাৰতেই তেওঁ এই অভিজ্ঞতা সন্দৰ্ভত কৈছিল-

''অসমীয়া জীৱনী অভিধান বুলি যিখন কিতাপ লিখিলো, তাত মই ১৪০০ মানুহৰ বিষয়ো দিছো। কিন্তু বহুতে দোষ বিলাক দেখা পাই থাকে যে অমুক তাৰিখটো ভুল হ'ল,অমুকটো হ'ব লাগিছিল। কিন্তু তেওঁলোকে মোক নকয়, মোক বোলে ধৰক আমাৰ গ্ৰন্থমেলাৰ ফাউণ্ডেচন এটা আছে অনুদান এটা দিও এইটো কাম কৰিব লাগে। তেনেকুৱা আমাৰ নহয়। বজাৰ-সামৰ কৰি, পঢ়া-শুনা কৰি, পাঠদান কৰি উঠিহে এইবিলাক কাম কৰিছো। এই কথা বিলাক নুবুজে। মাজে মাজে বেয়া লাগে। এটা কেছো হৈছিল আনকি নগাঁৱত। এজন ব্যক্তিৰ বিষয়ে লিখা গ'ল। কিন্তু ভুলতে লিখা গ'ল তেওঁ জীৱিত বুলি। কিন্তু মই ১৯৯১ চনৰ আগতেই ঢুকোৱা মানুহৰ বিষয়ে দিছিলো দেই। তেওঁলোকে আহি সেইটোতেই লাগি ধৰিলে যে,এইখনতো ৯১ চনৰ, এতিয়ালৈকে জীৱিত ব্যক্তিক দিলে! সেইটো মোৰ দোষ''।

অতি কষ্টৰে কৰা কামৰ বাবে পৰিণাম আছিল এইদৰে। তথাপিও তেওঁ ভাগি পৰা নাছিল। কৈছিল-''এই ধৰণৰ কাম-কাজ বিলাক হৈছে, এইটো হয়েই। এইটোত মই বেয়া নাপাও। আজি নিউটনক ধৰক এটা ইকুৱেশ্বন বা আইনষ্টাইনৰ E=mc2 মানেনো কি? এইটোনো কি ডাঙৰ কথা। অজ্ঞ জনে তেনেকে ভাবিব পাৰে। গতিকে প্ৰশংসা বিচাৰিব নালাগে। গুণগত মান চাব লাগে''।

ড০ শিৱনাথ বৰ্মনেও কৰি যোৱা কামবোৰ অনুসৰি তেওঁক কোনে কি দিলে সেয়া কেতিয়াও জীৱিত কালতেই তেওঁ বিচৰা নাছিল। মৃত্যুৰ পাছতো হয়তো কৰবাত যেন আমি তেখেতক শেষ সন্মানকন দিয়াতো কৃপনালী কৰিলো। কিন্তু তেওঁ বৰ ওখ, জ্ঞানগৰ্ভী, প্ৰজ্ঞাৰ সাধনাৰে প্ৰজ্জ্বোলিত এক ব্যক্তি সত্বা আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in