সংঘত বদৰক আদৰ...

সংঘত বদৰক আদৰ...

মৃদুল কুমাৰ সন্দিকৈ

এজন ইছলামধৰ্মী লোক হ'ল বুলি বদৰুদ্দিন আজমল তাজ্য হ'ব নোৱাৰে কোনো অনুষ্ঠানত। সংস্কাৰহীন উগ্ৰ, ধৰ্মীয় চেতনাৰে অতি সাম্প্ৰদায়িক ধ্বজাবাহক ৰূপত অৱশ্যে তেওঁক সকলোতে গ্ৰহণ কৰিব নোৱাৰি।

সমাজলৈ বিষবাষ্প বিয়পোৱা এই লোকসকলক কিছু স্থানত দূৰৈতে বিদূৰ কৰি থোৱাতো সমাজৰ বাবেই মংগলজনক। অৱশ্যে যুক্তি দুয়োফালে থাকে। এচামৰ প্ৰশ্ন- শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰে অনুষ্ঠানত বদৰুদ্দিন আজমলৰ উপস্থিতি কিয়?

আন এচামৰ প্ৰত্যুত্তৰ সাংসদ বদৰুদ্দিন আজমলক শংকৰদেৱ সংঘই নিমন্ত্ৰণ কৰাত আপত্তি কিহৰ? বিতৰ্কৰ বতাহে ভাৰতৰে অন্যতম সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘক ইতিমধ্যে ছানি ধৰিছে।

সংস্কাৰ আৰু মানৱতাবাদী ধৰ্মীয় আদৰ্শক আধাৰ কৰি লৈ প্ৰতিষ্ঠা কৰা এই অনুষ্ঠানটোৰ লক্ষ্য, উদ্দেশ্য অতি মহৎ। কিন্তু অনুষ্ঠানটোৰ সৈতে জড়িত এচাম সুবিধাবাদী আৰু লবিবাদী ক্ষমতাৰ হকে এই মহৎ উদ্দেশ্যক বহু সময়ত ধূলিৰ সৈতে মিহলি কৰি দিয়াৰ অভিযোগো আছে।

হাহ, কুকুৰা, বয়লাৰ পোহাৰ সাধাৰণ অপৰাধত সংঘৰ পৰা ভকত, বৈষ্ণৱক বহিষ্কাৰ কৰা ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। একেদৰে অনা-সংঘীয়লোকৰ ধৰ্মীয়, বিয়া সভা আদি অনুষ্ঠানত উপস্থিত থকাৰ বাবেই একাংশক সংঘৰ পৰা খেদি দিয়াৰ ঘটনাও ঘটি গৈছে।

সেই সংকীৰ্ণতাক বিসৰ্জন দিব পৰা নাই শ্ৰীমন্ত শংকৰদেৱ সংঘই। উদাৰতাক সংকীৰ্ণতালৈ উত্তৰণ কৰাহে বহু উদাহৰণ আছে। অসম সাহিত্য সভা, শ্ৰীমন্ত শংকৰদেৱ সংঘ আদি জাতীয় আৰু ধৰ্মীয় অনুষ্ঠানৰ সৈতে এক আবেগ জড়িত হৈ থাকে।

সেই আবেগক পদাঘাত কৰিব পৰা সিদ্ধান্তবোৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই ল'লে তাৰ প্ৰতিক্ৰিয়া সংঘৰ মজিয়াতেই সৃষ্টি হয়। আনফালে এই অধিৱেশন বা অনুষ্ঠান সমূহলৈ ৰাজনৈতিক নেতা নিমন্ত্ৰণ কৰাতো সাধাৰণ কথা হৈ পৰিছে।

কিমান নেতা মন্ত্ৰীক মাতি আনি এইবোৰ অনুষ্ঠানৰ মঞ্চত শুৱনি কৰিব পাৰি তাৰ অঘোষিত প্ৰতিযোগীতা বহু দিনৰ পৰাই চলি আছে। ইয়াত নতুনত্ব একো নাই। সাধাৰণ সভা বা অনুষ্ঠানলৈ অতিথি নিৰ্বাচনৰ বেলিকাই তেওঁক মাতিলে কি লাভ হ'ব নহ'ব সেই দিশটোকহে বিবেচনা কৰা হয় এতিয়া।

৩ নৱেম্বৰ, ২০২৩ ৰ পৰা গোৱালপাৰৰ ধূপধৰাত জগতগুৰু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৩০ সংখ্যক কেন্দ্ৰীয় শিশু যুৱ আৰু আই-মাতৃ সমাৰোহ। ৫ নৱেম্বৰ ২০২৩,ত এই অনুষ্ঠানৰ মুকলি সভাত অংশ লৈছিল এআইইউডিএফৰ মুৰব্বী তথা ধুবুৰীৰ লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলে।

৪ দিনীয়াকৈ অনুষ্ঠিত এই সমাৰোহৰ অন্তিম দিনা অনুষ্ঠিত হোৱা মুকলি সভালৈ মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনোৱা হৈছিল মন্ত্ৰী অশোক সিংঘালক। উক্ত মুকলি সভাৰ সন্মানীয় অতিথি হিচাপে নিমন্ত্ৰণ জনাইছিল গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাকো। আনসকল সন্মানীয় অতিথি আছিল সাংসদ মৌলানা বদৰুদ্দিন আজমল, মন্ত্ৰী কেশৱ মহন্ত আৰু ৰঞ্জিত কুমাৰ দাস।বিশিষ্ট অতিথিৰ তালিকাত নাম আছিল মন্ত্ৰী পিযুষ হাজৰিকা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আদি।

মূলতঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ববীয়া আৰু এইসকল নেতা-মন্ত্ৰী এই মুকলি অধিৱেশনৰ অতিথি সূচী প্ৰস্তুত কৰা হৈছিল। আনসকল মন্ত্ৰী, সাংসদ, বিধায়কক উক্ত সমাৰোহলৈ মতাত আৰু তেওঁলোক যোৱাত যদি আপত্তি উঠিব নোৱাৰে তেন্তে আজমলৰ নিমন্ত্ৰণকলৈও প্ৰশ্ন উঠাতো স্বাভাৱিকভাৱে যুক্তিগত হব নোৱাৰে।

এয়া এক ইচ্ছ্যু হোৱাতোৱেই দুৰ্ভাগ্যজনক। শংকৰদেৱে সাম্য আৰু জাতি-ভেদহীন এখন সমাজ গঢ়িব খুজিছিল। সেই আদৰ্শক কোনো সাম্প্ৰদায়িকতাত বিশ্বাসীলোকে গ্ৰহণ কৰিব বা ইয়াত উপলব্ধি কৰিব নোৱাৰে। বৰঞ্চ উগ্ৰ ধৰ্মীয় চেতনা আৰু মৌলবাদৰ পৃষ্ঠপোষকসকলৰ উপস্থিতিয়ে সাধাৰণ ভকত, বৈষ্ণৱৰ মনত বহু প্ৰশ্ন সৃষ্টি কৰে।

ধুবুৰীৰ সাংসদৰূপে তেওঁৰ উপস্থিতি গ্ৰহণ কৰিলেও বদৰুদ্দিন আজমল নামৰ পানী জাৰি-ফুকি বিজ্ঞান মনস্কতাত বাধা হৈ থিয় দিয়া মানুহজনক তেওঁলোকে মনেৰে গ্ৰহণ কৰে কোন স'তে।

হয়তো এনে হাইপ্ৰফাই ক্ষমতাশালী মানুহক বিশিষ্ট,সন্মানীয় অতিথি কৰি মাতিলে ভিতৰি বহু লাভ বা সহায় হয়। অত্যাধিক ৰাজনৈতিক নেতা-মন্ত্ৰীৰ হেঁচাৰ বাবেই এই মঞ্চবোৰৰ বাবে প্ৰয়োজনীয় প্ৰকৃত অতিথি আলোচকসকল এতিয়া এলাগী হৈ পৰিছে।

তেওঁলোকৰ এনেবোৰ অনুষ্ঠানৰ পৃষ্ঠপোষক হ'ব পৰাকৈ ধন-জন বা ক্ষমতা নথকাৰ বাবে তেওঁলোকৰ নামবোৰ বিবেচনালৈ নাহে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ক্ষেত্ৰতো সেয়াই হৈছে।

সংঘৰ প্ৰতি বদৰুদ্দিন আজমল কেন্দ্ৰিক এই ক্ষোভেই সংঘৰেই ভিতৰত জোকাৰণি তুলিছে। তেনে সিদ্ধান্ত গ্ৰহণ কৰা সকলৰ বিৰুদ্ধে একাংশ সাধাৰণ বাব-আইৰ পোনপটীয়া প্ৰশ্ন- সংঘক ক্লাবৰ পৰ্যায়লৈ নমাই লৈ যোৱা হৈছে কিয়? লাখ লাখ বাপ-আইৰ কৃপা আৰু পৰিশ্ৰমত ঠন ধৰি উঠা এই অনুষ্ঠানটোক ইমান বেছি ৰাজনৈতিক কৃপাৰ প্ৰয়োজন কিয়?

সংঘত বদৰক আদৰ...
গীতৰ মাজেৰে লওঁ পণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in