Advertisment

ড্ৰাইভাৰো মানুহ...

গাড়ী চালক মানেই সৰু মানুহ। এনে ক্ষমতাশালী লোকসকলে প্ৰায়ে গাড়ী চালক সকলক নিকিনা গোলামৰ দৰে আচৰণ কৰে। তেওঁলোকৰো যে মান-অভিমান, আত্মসন্মানবোধ থাকিব পাৰে সেই কথা এই চাম লোকে পাহৰি থাকে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
িু্িু

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

মানুহ কেৱল ধন আৰু ক্ষমতাৰ জোৰত মানুহ হ'ব নোৱাৰে। ক্ষমতাই মূৰত ধৰিলে মানুহ অমানুহলৈ পৰিণত হয়। সেই অহংকাৰ আৰু ক্ষমতাত অন্ধ হৈ কৰা আচৰণে কিছু মানুহক পশু তুল্য কৰি তোলে। 

এজন গাড়ী চালকৰ সৈতে কথা পাতিছিলো। সংবাদ মাধ্যমত চৰ্চিত হৈ থকা এক খবৰৰ অন্যতম ব্যক্তি এই গাড়ী চালকজন। সাংবাদিক হিচাপে নহয় এজন সাধাৰণ লোক হিচাপে তেওঁৰ মৰ্ম বেদনা বুজ লোৱাৰ বাবেই এই কথোপকথন আছিল।

বৰপেটাৰ ৰাজিবুল হুছেইন নামৰ গাড়ী চালকজনে কৈ গৈছিল ২ মাৰ্চ ২০২৫ ত কি হৈছিল। ১৬ ফেব্ৰুৱাৰী, ২০২৫ ত তেওঁ যোগ দিছিলহি নতুন কামত। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ প্ৰাক্তন সাংসদ পত্নী জয়শ্ৰী গোস্বামী মহন্তৰ বাবে প্ৰশাসনে এখন এছক'ৰ্ট গাড়ী ব্যৱস্থা কৰিছিল।

সেই এছক'ৰ্ট গাড়ীখনৰে চালক আছিল ৰাজিবুল। দিনৰ ১২ বজাৰ কথা আছিল সেয়া। বিধায়কৰ বাসগৃহত ঘটি গৈছিল অঘটন। জয়শ্ৰী গোস্বামী মহন্তই বাসগৃহৰ ভিতৰত চালক ৰাজিবুলক তেওঁৰ ব্যক্তিগত ইন'ভা বাহনখন চলাব লাগিব বুলি নিৰ্দেশ দিছিল।

জিপছি গাড়ী চলোৱা আৰু বিশেষ দায়িত্বত নিয়োজিত ৰাজিবুলে তেওঁৰ ব্যক্তিগত বাহনখন চলাব নোৱাৰিম বুলি কোৱাতে অপৰাধ হৈছিল। শাৰিৰীকভাৱে কোঠাৰ ভিতৰত জয়শ্ৰী মহন্তই চালকজনক তেওঁৰ নিৰ্দেশ নমনাৰ বাবে প্ৰহাৰ কৰিছিল। 

সেই সময়ত ৰাজিবুলে কোৱা মতে, নীৰৱ দৰ্শক হৈ এই সমগ্ৰ কাণ্ড চাই আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তই। তাৰ পৰা তাতেই কাহিনী শেষ নহ'ল। মাকৰ পাছত এইবাৰ মহন্তৰ কন্যাই তেওঁক আনি পথৰ ওপৰত আঠু কঢ়াই হাতত চেণ্ডেল লৈ প্ৰহাৰ কৰিবলৈ ধৰিলে।

ৰাজহুৱা হ'ল সেই ভিডিঅ'। সেই সময়ত উক্ত স্থানত কেবাজনো নিৰাপত্তাৰক্ষীকে ধৰি আন বহু লোক উপস্থিত আছিল। কোনেও চালকজনক এনেদৰে অপদস্থ নকৰিব বুলি বাধা নিদিলে। হয়তো প্ৰাক্তন মুখ্যমন্ত্ৰীৰ কন্যাৰ সন্মুখত এনে বাধা দিয়াৰ বাবে সাহস এই সকল লোকে কৰিব নোৱাৰিলে। 

গাড়ী চালক মানেই সৰু মানুহ। এনে ক্ষমতাশালী লোকসকলে প্ৰায়ে গাড়ী চালক সকলক নিকিনা গোলামৰ দৰে আচৰণ কৰে। তেওঁলোকৰো যে মান-অভিমান, আত্ম সন্মানবোধ থাকিব পাৰে সেই কথা এই চাম লোকে পাহৰি থাকে।

ঘটনাটোৰ খবৰ ৰাজহুৱা হোৱাৰ পাছত প্ৰফুল্ল মহন্তৰ কন্যা প্রজ্জয়িতা কাশ্যপে চালক জনক তেওঁ কিয় এই আচৰণ কৰিবলগীয়া হ'ল তাৰ সপক্ষে যুক্তি দাঙি ধৰিলে। যিবোৰ কথা মহন্তৰ কন্যাই ক'লে যদিও সেই কথাবোৰৰ আধাৰতে তেওঁক নিৰ্দোষী বুলি ধৰিব নোৱাৰি। 

এজন গাড়ী চালকৰ যদি এনে আচৰণ আৰু ব্যৱহাৰ তেওঁ কোৱাৰ দৰে আছিল, তেন্তে তেওঁক আৰক্ষী ওচৰত গটাই দিব লাগিছিল। এই ঘটনা সংঘটিত হোৱাৰ পাছত এছক'ৰ্ট গাড়ীখনৰ চালক ৰাজিবুলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিব লগা আছিল।

সেয়া কিন্তু আৰক্ষীয়ে নকৰিলে। ২ মাৰ্চতে ৰাজিবুলেহে ন্যায় বিচাৰি দিছপুৰ থানাত গোচৰ দিবলৈ গৈছিল। ৰাজিবুলৰ গোচৰো আৰক্ষীয়ে পঞ্জীয়ণ কৰা নাছিল। ব্যাপক প্ৰতিক্ৰিয়াৰ পাছত ৫ মাৰ্চত হে দিছপুৰ আৰক্ষীয়ে ৰাজিবুলৰ এই এজাহাৰ গ্ৰহণ কৰি গোচৰ ল'লে। 

ৰাজিবুলে বিচাৰে ন্যায়। তেওঁৰ সৈতে কথা-বতৰাৰ সময়ত ৰাজিবুলে এই কথা ক'লে। সৰু মানুহ হ'লেও আমি মানুহ বুলি ক্ষোভ উজাৰিলে। ৰাজিবুলৰ দৰেই বহুতৰে অৱস্থা হয়। বেছিভাগ কাহিনী পোহৰলৈ নাহে। ৰাজিবুলৰ দৰে বহুতে সাহসো কৰিব নোৱাৰে।

প্ৰফুল্ল মহন্ত অসমৰ মুখ্যমন্ত্ৰী আছিল। অসম আন্দোলনৰ নেতৃত্ব লোৱা মহন্ত এদিন আছিল অসমৰ ৰাইজৰ মধ্যমণি। সেই ভাৱমূৰ্তি দিছপুৰলৈ গৈ মহন্তই ধৰিব ৰাখিব নোৱাৰিলে। অসুস্থতাই পীড়া কৰা মানুহজনৰ ৰাজহুৱা জীৱনৰো এতিয়া সামৰণি পৰিল।

সেই প্ৰফুল্ল মহন্তৰ বাবে তেওঁৰ পত্নী-কন্যাৰ এই আচৰণ আন এক বোজা হৈ পৰিছে। ক্ষমতাত থাকোতেও তেওঁ এনে বহু বোজা পত্নীৰ বাবেই সহিব লগা হৈছিল। তেতিয়া দেহত জোৰ আৰু হাতত ক্ষমতা থকাৰ বাবেই সেইবোৰে তেওঁক চুব পৰা নাছিল।

কিন্তু আজি মহন্তৰ কন্যাৰ কৰ্মকাণ্ডই তেওঁৰ সেই পুৰণি অতীত সজীৱ কৰি তুলিছে। ক্ষমতা পালেই মানুহ অহংকাৰী আৰু বলিয়া হ'ব নাপায়। এই পুৰণি ৰোগ মহন্তৰ পত্নীৰ পৰা কন্যালৈ বিয়পিল।

এতিয়া কাষত কোনো নাই। তথাপিও সেই দম্ভালি আৰু অহংকাৰ যেন তেওঁলোকৰ অন্ত পৰা নাই। উপলদ্ধি কৰিব পৰা নাই বাস্তৱক। আত্ম সমালোচনাৰ জুইত নিজক শুদ্ধি কৰাৰ সুযোগ পায়ো ল'ব নিবিচাৰে তেওঁলোকে। 

ৰোজা ৰাখিছে ৰাজিবুলে। সেইদিনাও ৰোজা ৰাখিছিল তেওঁ। তেওঁ ক'লে আল্লাৰ শপত খাই কৈছো, মই এটাও মিছা কথা কোৱা নাই। ৰোজা মাহত মোক কৰা এই ব্যৱহাৰে মোক অধিক মৰ্মাহত কৰিছে। তেওঁলোক ডাঙৰ মানুহ হ'ব পাৰে, কিন্তু মানুহক মানুহ হিচাবে ব্যৱহাৰ কৰিব নাজানে। 

মই ব্যক্তিগত বাহনখন চলাব নোৱাৰিম বুলি কওঁতেই যদি জোতা-চেণ্ডেল খুলি মোক আঠু কঢ়াই মৰিয়াব পাৰে, ইয়াতকৈ ডাঙৰ ভূল কৰিলে কি কৰিব পাৰে ভাৱক আপুনি। চালক ৰাজিবুলৰ কথাবোৰত যুক্তি আছে। সৰু সৰু মানুহ বোৰক মানুহ বুলি ভাৱিবলৈ আমাৰ তথাকথিত ডাঙৰ মানুহবোৰে শিকিব লাগে। 

প্ৰফুল্ল মহন্ত