ৰাজসাহাৰ্য লাগিছিল এওঁক...

ৰাজসাহাৰ্য লাগিছিল এওঁক...

মৃদুল কুমাৰ সন্দিকৈ

ৰাজসাহাৰ্য লাগিছিল তেওঁক। এটা ভাল কামৰ বাবে বিচাৰিছিল চৰকাৰী পৃষ্ঠপোষকতা।এই সহায়ৰ প্ৰয়োজন আছিল তেওঁক। এজন উদ্যোগী হিচাপে কিবা এটা নতুন ধৰণেৰে নতুন কাম কৰাৰ সংকল্প লৈছিল মানুহজনে।

নাই,নাপালে তেওঁ ৰাজসাহাৰ্য। নাপালে কোনো চৰকাৰী অনুদান। নিজৰ চৰকাৰখনেই নকৰিলে তেওঁক অলপ মৰম,অকণমান সহায়। তাৰ বিপৰীতে গোৱাৰ পৰাহে আহিল কিছু সহায়। কথমপি সম্ভাৱনাৰ বাট বন্ধ নোহোৱাকৈ ৰৈ গ’ল।

মানুহজনৰ নাম ৰবিজ্যোতি ডেকা। তেওঁৰ লগত আছে-প্ৰীয়েস এছ ডাবলকাৰ,ৰবিচন বড়ো আৰু প্ৰণৱ দাস। এয়াই তেওঁৰ টীম।

অসমৰ বাঁহকলৈ পৃঠক চিন্তা কৰিছিল ৰবিজ্যোতি ডেকাই। ২০১৭ চনতেই ইয়াৰ প্ৰকল্প হাতত লৈ ঘূৰিছিল চৰকাৰী অফিছে-অফিছে। বানপানীয়ে গৰকা ৰাজ্য অসম। নদী-পুখুৰীৰে ভৰপূৰ ৰাজ্য এইখন। তেওঁ কৈছিল নাও বনাব বাঁহেৰে।

এই নাওবোৰ পৰিৱেশৰ প্ৰতি অনূকুল,কম খৰচী,কম ইন্ধন ব্যয় আৰু কম পানীতে চলাব পৰা নাও হ’ব। ইয়াৰোপৰি আন পৰম্পৰাগত নাৱৰ তুলনাত এইবোৰ হ’ব নিৰাপদ।

কিমান প্ৰচুৰ সম্ভাৱনা আছিল এই কামত। নাই তেওঁক কোনোৱেই এইখন ৰাজ্যত উৎসাহিত কৰিবলৈ আগবাঢ়ি নাহিল। চৰকাৰী সাহাৰ্য বা অনুদান নাপালেও তেওঁ ২০২০ আৰম্ভ কৰিলে এটা ষ্টাৰ্টআপ।

নাম দিলে-Akvotransiro Tech Pvt Ltd. তেওঁৰ হেঁপাহ আৰু ইচ্ছা আছিল জল পৰিবহনত বাঁহৰ নাৱৰ জৰিয়তে বিপ্লৱৰ সূচনা কৰা। এক অৰ্থত এয়া আছিল-গ্ৰীণ ৱাটাৰ মবিলিটি চল্যুচন।

এই নাৱবোৰ ভুটভুটীৰ বিকল্প হ’ব পাৰে। এই নাৱবোৰে কৃত্ৰিম বানৰ সময়ত মহানগৰীত আৰু বানপানীৰ সময়ত আন ঠাইত উদ্ধাৰ আৰু চলাচলৰ বিজ্ঞানসন্মত আধাৰ হোৱাৰ থল আছে।

গৱেষণাত লাগিছিল ৰবিজ্যোতি ডেকাই। তেওঁলোকে বনাই উলিয়াইছিল বেম্বো-কম্পোজিত চেণ্ডউইজ। বাঁহেৰে বনোৱা নাৱৰ ৮৫ শতাংশই বাঁহ,১০ শতাংশ পলিমাৰ আৰু ৫ শতাংশ ফাইবাৰ গ্লাছ।

পৰম্পৰাগত নাৱতকৈ আধা হ’ব এই নাৱৰ ওজন। কিবা কাৰণত নাৱবোৰ দুৰ্ঘটনাত পতিত হ’লেও বুৰ নাযায় পানীত। বাঁহৰ সেই উপাদানক বিশেষভাৱে পৰিশোধিত কৰি এৰোপ্লেন,হেলিকপ্তাৰত ব্যৱহাৰ কৰা এপোক্সিৰে জোৰা লগোৱা হয়।

বহু পৰীক্ষা-নিৰীক্ষাৰ অন্তত সাজু হৈ উঠিছে ৪খন নাও। তাৰে এখনৰ ওজন ৬৫০ কেজি। যিখন নাৱৰ দৈৰ্ঘ ৮.৫ মিটাৰ আৰু প্ৰস্থ ২.৫মিটাৰ। ১৮জন মানুহ যাব পাৰিব বয়-বস্তুসহ এই নাৱত।

চেল’ৱাটাৰ ব’ট নিৰ্মাণ কৰিছে তেওঁলোকে। এইখন নাৱৰ ওজন মাত্ৰ ১৩০ কেজি,৮জন মানুহ যাব পাৰে ইয়াত। বনবিভাগৰ তহল,ইক’ টুৰিজিম আদিৰ বাবে হ’ব এইখন সুবিধাদায়ক। মাত্ৰ ৪.৫ইঞ্চি পানী থাকিলে চলাব পৰা হয় এই নাও।

তেওঁলোকৰ লক্ষ্য আছে আৰু বহুত। সৌৰশক্তিৰ দ্বাৰাই চলাব পৰা যাব নাও। এই নাৱত ব্যৱহাৰ কৰা বাঁহবোৰ অসমতে উৎপাদিত। বিশাল তৰ্জাৰ শ্বীটবোৰ কম্পেজ কৰি যোগান ধৰে তেওঁলোকক। এই ছেমিফিনিছ বাঁহৰ কেচাঁসামগ্ৰী তেওঁলোকে নাও বনোৱা উপযোগী কৰি লয়।

৬প্ৰকাৰৰ নাৱৰ পৰীক্ষা-নিৰীক্ষা তেওঁলোকে সম্পূৰ্ণ কৰিছে। এই নাৱবোৰ ৫ কেজি ওজনৰ হাতুৰিৰে কোবাইও ভাগিব নোৱাৰি। চৰ অঞ্চলৰ পৰা সামগ্ৰী পৰিবহনৰ ক্ষেত্ৰত ই হ’ব ডাঙৰ সহায়ক। দীপৰ বিলত তেওঁলোকে তেনেকেুৱা নাও চলাই এতিয়া পৰীক্ষা সম্পন্ন কৰিছে।

দেশ-বিদেশত এই নাৱকলৈ আলোচনা আৰু চৰ্চা হৈছে। এই কামৰ বাবে ৰবিজ্যোতি ডেকাৰ কোম্পানীয়ে নেকটাৰ(নৰ্থ-ইষ্ট চেণ্টাৰ ফৰ টেকন’লজি এপ্লিকেশ্ব্যন এণ্ড ৰিচাৰ্ছ)আৰু আই আই টি গুৱাহাটীৰ সৈতে বুজাবুজিৰ চুক্তি কৰিছে।
এই নাৱসমূহৰ ডিজাইনৰ ক্ষেত্ৰত সহায় কৰিছে ৰাষ্ট্ৰসংঘৰ ফুড এণ্ড এগ্ৰিকালচাৰ অৰগেনাইজেচনে।

সহায়ৰ সলনি অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে বাধাহে দিয়াৰ পৰিলক্ষিত হৈছে। এই ভাল কামবোৰৰ বাবে তেওঁলোকৰ কোনো আগ্ৰহ নাই। নাৱবোৰ চলাচলৰ বাবে দিব লগা অনুমতি এতিয়াও লাভ কৰা নাই। প্ৰতিখন নাৱৰ বাবে অনুমতি বিচাৰি চলিত বৰ্ষৰ এপ্ৰিলতে জনাইছিল আবেদন।

এখন-এখন নাৱৰ বাবে একোজন পৃথক নাও চালকৰ মাষ্টাৰ চাৰ্টিফিকেটৰ প্ৰয়োজন বুলি জনাইছে বিভাগটোৱে। তাৰবাবে নাও চালকক প্ৰশিক্ষণ দিবলৈ অনুৰোধ কৰাত সেয়া কৰিবলৈয়ো মানুহৰ অভাৱ বুলি গা এৰা দিছে সংশ্লিষ্ট বিভাগটোৱে।

এয়া এক কৃষি সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল উদ্যোগ। পৰ্যটনৰ দৃষ্টিৰ এই উদ্যোগৰ আছে বহু সম্ভাৱনা। তেওঁলোকৰ এনে কামৰ এটা-দুটা নহয়,২২টা প্ৰকল্প ইতিমধ্যে চৰকাৰী বৰঘৰত নাকচ হৈছে। তাৰপাছতো তিনিচুকীয়া,ৰঙিয়াৰ পৰা বাঁহৰ কেঁচা সামগ্ৰী আনি নিৰ্মাণ কৰি গৈছে নাও।

এইখনেই অসম। এয়াই এজন উদ্যোগী মানুহৰ অৱস্থা। ২০১৭ৰ পৰা চৰকাৰী অনুদান বিচাৰি বিফল হোৱা মানুহৰ কাহিনী। যোগ্য নহয় জানো তেওঁ ৰাজসাহাৰ্য বা অনুদান পোৱা। তথাপি অ’ৰ-ত’ৰ অলপ সহায় লৈ আগবাঢ়ি গৈছে এই উদ্যোগীগৰাকী। নিৰ্মাণ কৰিছে বাঁহৰ পৰা নাও। চালুকীয়াকৈ হ’লেও স্থাপন কৰিছে এই উদ্যোগ।

ৰাজসাহাৰ্য লাগিছিল এওঁক...
সীমাৰ পৰিধি ভাঙি জ্ঞান খেপিয়াই ফুৰা মানুহজন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in