/asomiyapratidin/media/media_files/2025/04/20/mvf34uJCIo6bI1ymEBvz.jpg)
মৃদুল কুমাৰ সন্দিকৈ
"সেইদিনা মই মৰ্ণিং ৱাক কৰিবলৈ যাওঁতে কংগ্ৰেছৰ এজন ডাঙৰ নেতাক লগ পালো। আপুনি হয়তো জানে কে চি বেনুগোপালক। দিল্লীত আমি প্ৰায় ওচৰা-ওচৰিকৈ থাকো। তেওঁৰ সৈতে মই চিনাকী হ'লো। অসমৰ কথা ওলাল। তেখেতক বহুবোৰ কথা মই জনালো। আপোনালোকে দুৰ্নীতি-কেলেংকাৰীৰ বিৰুদ্ধে দি থকা যুঁজখনৰ কথাও চুমকৈ কৈছিল। বৰ ভদ্ৰ লোক বেনুগোপাল। তেখেতে মোক এটা পৰামৰ্শ দিলে। আপোনালোকৰ এই কথাবোৰ ৰাহুল গান্ধীক পোনপটীয়াকৈ জনাবৰ বাবে ক'লে। মোক তেওঁ ৰাহুল গান্ধীৰ এটা ইমেইল আই ডি দিছিল। যিটো মেইল ৰাহুল গান্ধীয়ে নিজেই চেক কৰে। মই আপোনালৈ ৱাটচ্ আপত তেখেতৰ সেই অতি ব্যক্তিগত ইমেইল আই ডি টো পঠিয়াই দিম। আপুনি গোটেই কথাবোৰ তেখেতলৈ মেইল কৰি পঠিয়াই দিবচোন..."- এইদৰে ২০২৪ ৰ জুলাইত অসমৰ এজন বিশেষ ব্যক্তিৰ সৈতে দিল্লীৰ পৰা কথা পাতিছিল পৰিধি শৰ্মাই।
তাৰ পাছত দুনীৰ্তিৰ বিৰুদ্ধে দীৰ্ঘ দিন ধৰি সাহসেৰে যুঁজ দি থকা এখন মঞ্চৰ মূল ব্যক্তিজনৰ ৱাটচ্ আপত পৰিধি শৰ্মাই প্ৰেৰণ কৰিছিল সেই বিশেষ মেইল আই ডি। যিটো মেইল আই ডি আছিল-communications@rahulgandhi।
ব্যক্তিগৰাকীয়ে ধন্যবাদ জনাই পৰিধি শৰ্মাক অতি বিনম্ৰতাৰে ভদ্ৰতাৰ খাতিৰত শীঘ্ৰেই ৰাহুল গান্ধীলৈ ই মেইল কৰিম বুলি উত্তৰ দিছিল। ১০ জুলাই ২০২৪ ত ৱাটচ্ আপযোগে সেই বাৰ্তা দিনৰ ১২ বাজি ৮ মিনিটত প্ৰেৰণ কৰিছিল পৰিধিয়ে।
ৰাজনীতিৰ পৰা আঁতৰত থাকি দুৰ্নীতিৰ বিৰুদ্ধে যুঁজা ব্যক্তিজনে ৰাহুল গান্ধীলৈ তেনে কোনো মেইল প্ৰেৰণ নকৰিলে যদিও মনে মনে ভাৱিছিল অসমৰ কাকত আলোচনীত ইমান তথ্য সমৃদ্ধ আৰু শক্তিশালী লেখা লিখা পৰিধি শৰ্মাৰ নেটৱৰ্ক কিন্তু কম নহয়।
তাৰ পাছতো বহুবাৰ তেওঁ এই ব্যক্তিজনলৈ ফোন কৰিছিল। মাজে মাজে ফোনত কথা পাতি থাকোতে আপুনি অকনমান ৰ'ব বুলি কৈ কৈছিল- মাইনাজনীয়ে ইমান কান্দিছে।ফোনৰ ইপাৰে থকা ব্যক্তিজনে সৰু ছোৱালীৰ কান্দোনো শুনা পাইছিল।
তাৰ পাছত কাৰ সন্দেহ হ'ব পাৰে। পৰিধি নামৰ এই মহিলা গৰাকী যে ধ্ৰুৱজ্যোতি শইকীয়া। ৰাহুল গান্ধীৰে নহয় কংগ্ৰেছৰ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু নেতাৰ নাম তেওঁ লৈছিল। ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ এগৰাকী মহিলা কংগ্ৰেছ নেত্ৰীৰ সৈতে তেওঁ সঘন যোগাযোগ ৰাখিছিল।
গুৱাহাটী লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰা মীৰা বৰঠাকুৰক তেওঁ আৰ্থিকভাৱে সহায় কৰিব বিচাৰিছিল। একেই পৰিধি শৰ্মাৰ নামত বৰঠাকুৰৰ সৈতে যোগাযোগ কৰি তেওঁ বেংক একাউন্ট নম্বৰ বিচাৰিছিল।
বৰঠাকুৰক পৰিধিয়ে কৈছিল তেওঁৰ স্বামী এজন উচ্চ পৰ্যায়ৰ বন বিষয়া। ইফালে এই পৰিধিৰ নাম লৈ ছদ্ম ৱেশ ধৰি থকা ধ্ৰুৱজ্যোতিয়ে তেওঁৰ সৈতে ঘনিষ্ঠ সকলক আহ্বান জনাইছিল, নিৰ্বাচন যিহেতু ব্যয় বহুল এক কাৰবাৰ, সেয়ে সকলোৱে লগ লাগি সন্মিলিতভাৱে মীৰা বৰঠাকুৰক আৰ্থিকভাৱে সহায় কৰিব লাগে।
মীৰা বৰঠাকুৰে পৰিধি শৰ্মাৰ অনুৰোধ প্ৰত্যাখান কৰিছিল যদিও সেই নিৰ্বাচনৰ বতৰতে মীৰা বৰঠাকুৰৰ নামত বিভিন্ন জনৰ পৰা লক্ষাধিক ধন সংগ্ৰহ কৰিছিল। আনকি ৱাটচ্ আপ গ্ৰুপ খুলি আৰ্তজনক সহায় কৰাৰ মানসেৰে ফাণ্ড ক্ৰিয়েচন কৰিছিল পৰিধি শৰ্মাৰ নামত।
ফেচবুক,ৱাটচ্ আপ আৰু কাকত-আলোচনীত প্ৰকাশিত লেখাবোৰৰ আলম লৈ পৰিধি শৰ্মাই বিভিন্ন উৎসৰ পৰা অতি কৌশলেৰে ধন সংগ্ৰহ অভিযানত নামি পৰিছিল। সাধাৰণ দৃষ্টিত সেয়া আছিল কাৰোবাক সহায় কৰাৰ প্ৰয়াস।
কটনৰ এগৰাকী প্ৰাক্তন অধ্যক্ষৰ নামতো এদিন প্ৰৱঞ্চনাৰ জাল মেলিছিল। প্ৰাক্তন অধ্যক্ষ গৰাকীৰ পুত্ৰৰ সৈতে যোগাযোগ কৰি তেওঁ পিতৃৰ ছাত্ৰী আছিল বুলি পৰিচয় দি দান-বৰঙণি বিচাৰিছিল। আনকি কটনৰ প্ৰায়বোৰ অধ্যাপক-অধ্যাপিকাৰ কথা তেওঁ ইমান সুন্দৰভাৱে কৈছিল সন্দেহ কৰাৰ কোনো সুযোগে ৰখা নাছিল।
সেইবাৰ অৱশ্যে তেওঁ নিজৰ নাম শংখলীনা শৰ্মা চৌধুৰী ৰাখিছিল। ২০২০ চনত এই প্ৰৱঞ্চনা পোহৰলৈ আহিছিল কিয়নো ফেচবুক একাউন্টত শংখলীনাৰ নামত যিখন ফ'টো ব্যৱহাৰ কৰিছিল সেই ফ'টোখন কৰ্ণাটকৰ আইপিএচ বিষয়া দি ৰূপাৰ আছিল।
সেইবাৰো শংখলীনাৰ নাম লৈ এইগৰাকী প্ৰৱঞ্চকে ফেচবুক জৰিয়তে বিভিন্ন লোকৰ সৈতে সম্পৰ্ক গঢ়ি মোবাইল নম্বৰ সংগ্ৰহেৰে ৱাটচ্ আপ গ্ৰুপ খুলিছিল। মহিলাৰ কন্ঠৰে তেতিয়াও মানুহৰ সৈতে ফোনত যোগাযোগ কৰিছিল।
চেৰিটিৰ নামত ধন ঘটা এইজন প্ৰৱঞ্চকৰ বিষয়ে অসমৰ পৰাই কৰ্ণাটক আইপিএচ বিষয়া গৰাকীক জনোৱা হৈছিল। এই সন্দৰ্ভত এক গোচৰো ৰুজু কৰা হৈছিল। সেই বিষয়ে এক খবৰো ২০২০ ৰ ২৫ ডিচেম্বৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছিল।
এনেকৈয়ে ইটোৰ পাছত সিটো প্ৰৱঞ্চনাৰ তথ্য এতিয়া পোহৰলৈ আহিয়ে আছে। প্ৰশ্ন হয় শিৱসাগৰৰ সেই ধ্ৰুৱজ্যোতি শইকীয়াই অকলে এইবোৰ কৰাতো সম্ভৱ নে? গণিতত স্নাতক ধ্ৰুৱজ্যোতিয়ে প্লাজমাৰ ফিজিকচ্ৰ পৰা আৰম্ভ কৰি ৰাজনীতি,সাহিত্য,আইন,সমাজ বিজ্ঞান,অৰ্থনীতি,সমালোচনা আদি এই গভীৰ তত্ত্বমূলক লেখাবোৰ লিখিছিল বুলি বিশ্বাস কৰিব টান হয়।
ধ্ৰুৱজ্যোতিক সন্মুখত ৰাখি কোনো এক চক্ৰই এই বৌদ্ধিক কেলেংকাৰী সংঘটিত কৰি আৰ্থিক,সামাজিক, ৰাজনৈতিক মুনাফা লুটিছিল নেকি? কিয়নো চিআইডি তদন্তত পৰিধি শৰ্মা বুলি ধ্ৰুৱজ্যোতিৰ পৰিচয় ফাদিল হোৱাত তেওঁ সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল।
সেই সময়তে ধ্ৰুৱজ্যোতিয়ে কৈছিল- তেওঁৰ কোনো বেয়া "ইন্টিমেচন" নাছিল। "ইন্টেনচন"ৰ ঠাইত "ইন্টিমেচন" শব্দ ব্যৱহাৰ কৰা ধ্ৰুৱজ্যোতিৰ জ্ঞানৰ গভীৰতাৰ উমান পাব পাৰি। ৰাহুল গান্ধী লৈকে গৈ পোৱা পৰিধি শৰ্মা নামৰ ছদ্মবেশী চৰিত্ৰটোৱে আৰু কি পৰ্যায়ত কি কৰি থৈছে সেয়া তদন্তত হে পোহৰলৈ আহিব।
এতিয়া তদন্তকাৰী সন্থা চিআইডি আৰু আৰক্ষীৰ দায়িত্ব অধিক বৃদ্ধি পাইছে। চৰকাৰ বিৰোধী লেখা-মেলাই কৰিছিল পৰিধি শৰ্মাই। সেই পৈনত লেখাবোৰক এক প্ৰতিবাদী আৰু বাস্তৱমুখী কন্ঠৰূপে মানুহে গ্ৰহণ কৰিছিল।
মানুহৰ এনে ভাল পোৱা আৰু সমৰ্থনকে সম্বল কৰি লৈ সহজতে মেলা প্ৰৱঞ্চনাৰ জালখনৰ আঁৰত কেৱল ধ্ৰুৱজ্যোতিয়েই আছে বুলি মনে নকয়। কোনো ব্যক্তিৰ সৈতে যোগাযোগ কৰাৰ পূৰ্বে সেই ব্যক্তিজনৰে সবিশেষ অধ্যয়ণ কৰি লৈছিল।
বিষয়-বস্তু সন্দৰ্ভতো পতিয়ন নিয়াব পৰাকৈ গৱেষণা,তথ্য যোগাৰ কৰি লৈছিল। ধ্ৰুৱজ্যোতিক অধিক জেৰা কৰিলেই হয়তো ওলাই পৰিব জুলুঙাৰ মেকুৰি। কোনে জানে এয়া হ'ব পাৰে অসমৰে নহয় দেশৰ ইতিহাসৰ সৰ্ববৃহৎ বৌদ্ধিক ভণ্ডামি।