'নেতা'ই নহয়, ন'টাও আছে...

'নেতা'ই নহয়, ন'টাও আছে...

নিৰ্বাচনত ভোট দিবলৈ যাঁওতে কেতিয়াবা বৰ বিবুধিত পৰা যায়। নিজস্ব বিচাৰতেই ভোট দিব লগা কোনো এজন প্ৰাৰ্থীকেই ভোট দিবলৈ ইচ্ছা নাযায়। তথাপিও অপচন্দ প্ৰাৰ্থীবোৰৰ মাজৰ পৰাই কোনোবা এজনক ভোট দিব লগা হয়।

গণতন্ত্ৰত এয়া এক চৰম বিড়ম্বনা। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ৰাজনৈতিক দলবোৰে তেওঁলোকৰ ইচ্ছা অনুযায়ী প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰে। এতিয়া অপৰাধ আৰু দুৰ্নীতি নিমজ্জিত প্ৰাৰ্থীয়ে সহজতেই প্ৰাৰ্থীত্ব লাভ কৰে।

ৰাজনৈতিক দলবোৰে ৰাইজৰ সন্মুখলৈ ঠেলি দিয়া প্ৰাৰ্থীগৰাকীক ভোট দিবলৈ বাধ্য নহ'বও পাৰে। ভোটাৰৰ সেই অধিকাৰ সন্দৰ্ভত ২০০৯ চনত উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ গোচৰ ৰুজু হৈছিল।

পিপুলচ ইউনিয়ন ফৰ চিভিল লিবাৰিটিছ বনাম ভাৰত চৰকাৰৰ এই গোচৰৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে ২০১৩ চনৰ ২৭ ছেপ্টেম্বৰত ৰায় প্ৰদান কৰিছিল। অপচন্দৰ প্ৰাৰ্থী সন্দৰ্ভত বেলট বা ইভিএমত ভোটাৰে সেই অধিকাৰ সাব্যস্ত কৰিব পৰা এক ব্যৱস্থা প্ৰয়োগ কৰিবলৈ দেশৰ নিৰ্বাচন আয়োগক নিৰ্দেশ দিছিল।

সেই নিৰ্দেশৰ পাছতেই ২০১৩ চনতেই দেশৰ নিৰ্বাচন আয়োগে ৫খন ৰাজ্যত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত ইভিএমত ন'টা নামৰ এক বিকল্প ব্যৱস্থা ৰাখিছিল। ন'টা অৰ্থাৎ নান অৱ দ্যা এভোভ- এই বুটাম টিপি এজনে ভোটাৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কোনো এজন প্ৰাৰ্থীয়েই পচন্দ নহয় বুলি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিছিল।

২০১৪ চনত অনুষ্ঠিত লোকসভা নিৰ্বাচনত সমগ্ৰ দেশতেই ৬০ লাখ ভোটাৰে ন'টাৰ বুটাম টিপি তেওঁলোকৰ পচন্দৰ প্ৰাৰ্থী নাই বুলি ভোট দান কৰিছিল। সেইবাৰ ন'টাত পৰা ভোটাৰৰ শতকৰা হাৰ আছিল ১.১ শতাংশ।

২০১৫ চনত ন'টাৰ এটা চিম্বলো নিৰ্বাচন আয়োগে গ্ৰহণ কৰে। ক'লা ৰঙৰ ক্ৰছ চিনৰ এই সংকেতযুক্ত বুটাম তাৰ পাছতেই নিৰ্বাচনৰ এক অংশ হৈ পৰিল। পৰৱৰ্তী সময়ত ৰাজনৈতিক দলবোৰৰ প্ৰক্ষেপিত প্ৰাৰ্থীৰ বিৰুদ্ধে দেশৰ বহু ভোটাৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল ন'টাত ভোট দি।

২০১৭ চনৰ গুজৰাট নিৰ্বাচনত দেখা পোৱা গৈছিল বিজেপি আৰু কংগ্ৰেছৰ পাছতেই ন'টাত তৃতীয় সৰ্বাধিক ভোটদান কৰিছিল ভোটাৰে। ২০১৮ চনৰ কৰ্ণাটক বিধানসভা নিৰ্বাচনত বিএছপি আৰু চিপিআইএমে লাভ কৰা মুঠ ভোটৰ সংখ্যা ০.১ শতাংশ আছিল। সেইবাৰ ন'টাত ৰাজ্যখনত এই দলবোৰে লাভ কৰা ভোটতকৈ বেছি ভোট দান কৰিছিল।

২০১৮ চনৰ মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু বিজেপিৰ ভোটৰ পাৰ্থক্য ন'টাত পৰা ভোটতকৈ কম আছিল। লোকসভা নিৰ্বাচনতো দক্ষিণ গোৱালিয়াৰ সমষ্টিত নাৰায়ন সিং কৌশোৱাই ১২১ টা ভোটত পৰাজয় বৰণ কৰিছিল। সেইবাৰ এই সমষ্টিটোত ন'টাত ভোটদান কৰিছিল ১৫৫০ জন ভোটাৰে।

২০১৪ চনত বিধানসভা নিৰ্বাচনত টু জি স্পেকটাম কেলেংকাৰীৰ নাম সাঙোৰ খাই পৰাত এ ৰাজাৰ বিৰুদ্ধে যথেষ্ঠ সংখ্যক ভোটাৰে ন'টাত ভোট দি প্ৰতিবাদ সাব্যস্ত কৰিছিল।

২০১৯ চনৰ লোকসভাত মুঠ ভোটদানৰ ১.০৬ শতাংশ ভোটাৰে ন'টাত ভোট দান কৰিছিল। এতিয়ালৈকে চট্টিশগড় বিধানসভা নিৰ্বাচনতেই সৰ্বাধিক ১.৯৮ শতাংশলোকে ন'টাত ভোট দান কৰিছে।

সমষ্টি হিচাপত মহাৰাষ্ট্ৰৰ লাতুৰ গ্ৰাম্য বিধানসভা সমষ্টিত ২৭,৫০০ ভোটাৰে ন'টাত ভোটদান কৰিছিল। ভোটাৰসকলে অভিযোগ কৰিছিল বিভিন্ন ৰাজনৈতিক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰি প্ৰাৰ্থীসকল বিভিন্ন অপৰাধজনিত গোচৰত অভিযুক্ত।

সেই সমষ্টিটোত এইবাৰ ন'টাত ভোট দিয়া লোকৰ শতকৰা হাৰ ১৩ শতাংশতকৈ অধিক আছিল। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিহাৰৰ গোপালগঞ্জ সমষ্টিত মুঠ ৫১,৬৬০ জন লোকে ন'টাত ভোট দি অভিলেখ গঢ়িছিল।

অসমতো ন'টাত ভোটদান কৰা লোকৰ সংখ্যা লাহে লাহে বৃদ্ধি পাইছে।২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত মুঠ ভোটদান কৰা ভোটাৰৰ সংখ্যা আছিল ১৬৯১৯৩৬৪ জন। সেই সকল ভোটাৰৰ ভিতৰত ১,৮৯,০৮৫ জন ভোটাৰে ন'টাত ভোট দিছিল। সেই ভোট দানৰ হাৰ আছিল ১.১২ শতাংশ।

২০২১ চনত অসমত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত ভোটাৰৰ সংখ্যা আছিল প্ৰায় ১.৯২ কোটি । ইয়াৰে ন'টাত ভোটদান কৰা ভোটাৰৰ সংখ্যা আছিল ২.১৯ লাখ। অৰ্থাৎ ১.১৪ শতাংশ লোকে ন'টাত ভোট দিয়ে এই নিৰ্বাচনত।

২০১৯ চনৰ লোকসভা নিৰ্বাচনত ১৫ টা ৰাজনৈতিক দলে সমগ্ৰ দেশত লাভ কৰা মুঠ ভোটৰ সংখ্যা ন'টাতকৈ কম আছিল। ৰামবিলাস পাছৱানৰ লোক জনশক্তি দলে এই নিৰ্বাচনত ০.৫২ শতাংশ, চিপিআইএমে ০.০১ শতাংশ, জম্মু-কাশ্মীৰৰ নেশ্যনেল কনফাৰেন্সে ০.০৫ শতাংশ, ইণ্ডিয়ান ইউনিয়ম মুছলিম লীগে ০.২৬ শতাংশ ভোট পাইছিল। এই নিৰ্বাচনত ন'টাত ভোট পৰিছিল ১.০৬ শতাংশ।

যদি ন'টাত কোনো এক সমষ্টিত প্ৰাৰ্থীয়ে লাভ কৰা ভোটতকৈ বেছি ভোট পৰে তেন্তে ৰাজ্যিক নিৰ্বাচনী আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত এই সমষ্টিটোত নতুনকৈ ভোট গ্ৰহণ অনুষ্ঠিত কৰাৰ বিধান আছে।

মহাৰাষ্ট্ৰত স্থানীয় নিৰ্বাচনত তেনে ঘটনা সংঘটিত হোৱা উদাহৰণ বিৰল নহয়। কিন্তু লক্ষণীয়ভাৱে ন'টাৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে যি প্ৰচাৰ আৰু জনমত গঠন কৰিব লাগিছিল সেয়া আজিও কৰা দেখিবলৈ পোৱা নাযায়। ফলত বহু ভোটাৰে ন'টাৰ বিষয়ে আজিও সজাগ আৰু সচেতন নহয়।

ন'টাৰ জৰিয়তে নিৰ্বাচন আয়োগে স্বচ্চ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ এক সুবৰ্ণ সুযোগ লাভ কৰাৰ থল আছিল। এনে আলোচনাও হয় যে যদি কোনো ৰাজনৈতিক দলে ভোটাৰৰ অপচন্দৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰে তেন্তে ন'টাতকৈ সেই প্ৰাৰ্থীয়ে ভোট কমকৈ লাভ কৰিলে নতুনকৈ অনুষ্ঠিত কৰিব লগা নিৰ্বাচনত তেনে প্ৰাৰ্থীক প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বঞ্চিত কৰি ৰাখিব লাগে । নতুনকৈ অনুষ্ঠিত কৰিব লগা নিৰ্বাচনৰ বাবে নিৰ্বাচনী ব্যয় আদায় কৰিব লাগে সেই ৰাজনৈতিক দলবোৰৰ পৰা।

এনেবোৰ দিশত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিলে সাম্প্ৰতিক সময়ত নিৰ্বাচনী ব্যৱস্থাক অপৰাধমুক্ত কৰাৰ বাবে ন'টা হ'ব এক বিশেষ মাধ্যম। সাধাৰণ ভোটাৰে ন'টাই দিয়া তেওঁৰ অধিকাৰৰ প্ৰতি সচেতন হ'লে প্ৰাৰ্থী প্ৰক্ষেপৰ ক্ষেত্ৰতো ৰাজনৈতিক দলবোৰৰো বাধ্যবাধকতা থাকিব।

'নেতা'ই নহয়, ন'টাও আছে...
ইতি/ আপোনাৰ ভোটাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in