Advertisment

মালামাল প্ৰিন্সিপালঃ ১০১টা অভিযোগ, চৰকাৰৰ নাই মনোযোগ...

কিছুমান মানুহৰ বিষয়ে বেয়াকৈ লিখিবলৈ অসুবিধা হয়। সেই লোকসকল যি পদবীত থাকে তেনে পদবীৰ গৰাকী হোৱা গৰিষ্ঠ সংখ্যক লোককেই সমাজৰ অতি সচেতন আৰু সন্মানীয় ব্যক্তিৰূপে গণ্য কৰা হয়।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
মালামাল পিঞ্চিপালঃ ১০১টা অভিযোগ, চৰকাৰৰ নাই মনোযোগ...

চৰকাৰৰ নাই মনোযোগ...

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

কিছুমান মানুহৰ বিষয়ে বেয়াকৈ লিখিবলৈ অসুবিধা হয়। সেই লোকসকল যি পদবীত থাকে তেনে পদবীৰ গৰাকী হোৱা গৰিষ্ঠ সংখ্যক লোককেই সমাজৰ অতি সচেতন আৰু সন্মানীয় ব্যক্তিৰূপে গণ্য কৰা হয়।

এখন মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীক সেই অঞ্চলটোৰ এজন বিশিষ্ট আৰু সন্মানীয় ব্যক্তি হিচাপে মানুহে শ্ৰদ্ধা কৰে। তেনে এজন মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিষয়ে এই লেখা। কিন্তু পৰিতাপৰ কথা যে, তেখেতৰ বিষয়ে এই লেখাত তেখেতৰ দুৰ্নীতিৰ দস্তাবেজৰ বাখ্যাহে দিব লগা হব।

২০১২চনৰ পৰা সন্মানীয় এখন কলেজৰ অধ্যক্ষ হিচাপে বৰ্তমানলৈকে দায়িত্বত থকা এই অধ্যক্ষগৰাকীৰ দুৰ্নীতিৰ কাহিনী কৈ শেষ কৰিব নোৱাৰি। তেওঁৰ বিৰুদ্ধে অভিযোগ দি দি ভাগৰি পৰিছে স্থানীয় লোক, ছাত্ৰ-ছাত্ৰী, সহকৰ্মী শিক্ষক, দল-সংগঠন আদি।

লখিমপুৰ জিলাৰ এখন পুৰণি মহাবিদ্যালয় নৰ্থ বেংক কলেজ। তোষেশ্বৰ চেতিয়াৰ দৰে লোকে অধ্যাপনা কৰা এই মহাবিদ্যালয়খনৰ অৱস্থা এতিয়াও তথৈবচ। এনে নহয় যে, মহাবিদ্যালয়খনলৈ উন্নয়নৰ বাবে ধন অহা নাই। কিন্তু সেই ধন হেৰাই যায়। সেই ধন সোমাই খোদ মহাবিদ্যালয়খনৰ অধ্যক্ষ যুগল শইকীয়াৰ জেপত। 

অতি শেহতীয়াকৈ উচ্চ শিক্ষা সঞ্চালকালয়ৰ যুটীয়া সঞ্চালকৰ পৰা তেওঁলৈ এখন পত্ৰ গৈছে। ই চি এফ নং- ৫৮৮৫৫৯/১ এই চিঠিখনত যুটীয়া সঞ্চালকগৰাকীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগনামা তেওঁলৈ প্ৰেৰণ কৰি ৭দিনৰ ভিতৰত তাৰ উত্তৰ দিবলৈ কৈছে।

৭ জানুৱাৰী, ২০২৫ত প্ৰেৰণ কৰা এইখন পত্ৰ লাভ কৰাৰ পাছতো তেওঁৰ দপদপনি কমা নাই। এইবোৰ চিঠিত হেনো তেওঁ বিশেষ গুৰুত্ব নিদিয়ে। ইয়াতকৈ বহু গুৰুতৰ স্থানত তেওঁৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিও কোনেও তেওঁক একো কৰিব পৰা নাই।

শিক্ষক-শিক্ষাৰ্থী, কৰ্মচাৰী কাৰোৰ পৰা সহযোগিতা নোপোৱাকৈ মইমতালিৰে তেওঁ কলেজখন পৰিচালনা কৰিছে। নিযুক্তিৰ নামত যি ইচ্ছা তাকে কৰি এই ক্ষমতা প্ৰদৰ্শন কৰাৰ আঁৰত আছে হেনো এজন শাসকীয় দলৰ সাংসদৰ আশীৰ্বাদ।

তেওঁ প্ৰদান কৰা সেই আশীৰ্বাদেই তেওঁক এনেদৰে কেলেংকাৰী কৰি যাবলৈ অৰিহনা যোগাইছে। অতিষ্ঠ হৈ পৰা মহাবিদ্যালয়খনৰ শিক্ষক শিক্ষয়ত্ৰীয়ে মুখ্যমন্ত্ৰীলৈ চিঠি লিখিছে, শিক্ষামন্ত্ৰীলৈ চিঠি লিখিছে, চৰকাৰী বিষয়ালৈ পত্ৰ দিছে। নাই, কেনোৱে তেওঁক একো কৰিব পৰা নাই।

মুখ্যমন্ত্ৰীলৈ নৰ্থ বেংক মহাবিদ্যালয়ৰ শিক্ষক গোটে লিখা পত্ৰত মহাবিদ্যালয়খনৰ ভিতৰত হোৱা বিত্তীয় খেলিমেলিৰ সন্দৰ্ভত তদন্ত বিচাৰিছিল। ২০১৭চনৰ পৰা ২০২২চনৰ লৈকে ডাৰেক্টৰেট অৱ অডিট(লোকেল ফাণ্ড), অসমে এই মহাবিদ্যালয়খনত সংঘটিত বহুতো বিত্তীয় খেলিমেলি ধৰা পেলাইছিল।

মহাবিদ্যালয়খনৰ একাউন্ট পৰীক্ষা কৰি দিয়া প্ৰতিবেদনত উল্লেখ আছে ২০১৭ৰ ৰ পৰা ২০১৯চনলৈ উচ্চ শিক্ষা সঞ্চালকালয়ে ছাত্ৰ-ছাত্ৰীৰ সুবিধাসমূহ ৰক্ষাণাবেক্ষণ আৰু মানকৰণৰ বাবে দৰিদ্ৰ সীমা ৰেখা তলৰ ছাত্ৰ-ছাত্ৰীক মাচুল ৰেহাই দিছিল।

এই দুটা বৰ্ষত ২০লাখ টকা মহাবিদ্যালয়খনে মাচুল ৰেহাই দিয়াৰ বাবে লাভ কৰিছিল। যি ধন মহাবিদ্যালয়খনে ইউ জি চিৰ একাউণ্টলৈ হস্তান্তৰ কৰিব নোৱাৰে। কিন্তু অধ্যক্ষ যুগল শইকীয়াই চেক নং- ৪১৪৪৩০ৰ যোগে ২৮/০৩/২০১৯ত কোনো অনুমোদন নোলোৱাকৈ নীতি বৰ্হিভূতভাৱে সেই ধন হস্তান্তৰ কৰে। 

প্ৰশ্ন হয়, এনে অনীতিৰ কথা তথ্যসহ দাঙি ধৰাৰ পাছতো তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহল। তেওঁ সংঘটিত কৰা অনিয়ম তথা দুৰ্নীতিৰ পৰিমাণ লাখ নহয় কেইবা কোটি টকা হৈছেগৈ। সেই ধনেৰে তেওঁ এটা সুন্দৰ ঘৰ বনাইছে। গোগামুখৰ মহৰি কেম্প নামৰ ঠাইত ৩-৪বিঘা মাটি কিনি পুখুৰী খান্দিছে।

কেৱল এয়াই নে! ধেমাজি জিলাৰ মিংমাং অঞ্চলৰ বদতি বগীপুং অঞ্চলত তেওঁ এখন চাহ বাগিছাও খুলিছে। সেইখন ৮০-১০০বিঘা মানৰ হব। তেওঁৰ উন্নতি ঠিকেই হৈছে। উন্নতি হোৱা নাই মহাবিদ্যালয়খনৰ, নাই ক্লাছ ৰূমত বেঞ্চ-ডেস্ক, বিশুদ্ধ খোৱা-পানী, প্ৰস্ৰাৱাগাৰ, শ্ৰেণীকোঠাত ফেনৰ ব্যৱস্থা আদি।

পূৰ্বতে মহাবিদ্যালয়খনত নাক (NAAC)ৰ এচেচমেন্টত বি প্লাছ গ্ৰেড পাইছিল। সেয়া উন্নতি হ'ব লাগিছিল যদিও ২০২৪ত চি গ্ৰেডলৈ নামিল। চৰকাৰী জান এটাকে পুখুৰী খন্দা দেখুৱাই তেওঁ চৰকাৰী ধন আত্মসাত কৰাৰ অভিযোগো আছে।

ফ্ৰীছ ব্ৰিডিং চেন্টাৰ স্থাপনৰ নামত লাখ লাখ টকা ব্যয় কৰা দেখালেও মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে বিচাৰি পোৱা নাই তেওঁ খন্দা পুখুৰীটো। অৱশ্যে কলেজৰ চৌহদতে লাগি আছে সাগৰিজান নামৰ পূৰ্বৰে পৰাই থকা জানটো।

মহাবিদ্যালয়খনত তেওঁৰ একনায়ত্ববাদ চলে। মহাবিদ্যালয়খনত যাক ভাল পায় তেওঁক ৰাখে আৰু যাক বেয়া পায় তেওঁক খেদে। এই অধ্যক্ষগৰাকীয়ে মহাবিদ্যালয়খনত এটি ভাৰ্মিকম্পছ প্লেন্টো খুলি লৈছে। তাৰ পৰা কিমান ধন আহে সেই হিচাপ নাই। এই ভাৰ্মিকম্পছ যায় হেনো তেওঁৰ বাগানলৈ।

বৰ্তমান মহাবিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ১৪০০ৰো অধিক। ইমানবোৰ ছাত্ৰ-ছাত্ৰী থকাৰ পাছতো মহাবিদ্যালয়খনত ১৩৮জোৰহে ডেস্ক-বেঞ্চ আছে। যিবোৰত ছাত্ৰ-ছাত্ৰী বহি লিখিব পাৰে। স্মাৰ্ট ক্লাছ ৰূম আৰু ডিজিটেল ক্লাছ ৰূম নামতহে আছে। প্ৰয়োজনীয় সামগ্ৰী তাত নাই।

এটা মাল্টি জিম গৃহও নিৰ্মাণ কৰিছিল। সেইটো কিন্তু ইমান বছৰে সম্পূৰ্ণ নহল। ইনডৰ ষ্টেডিয়ামটোও একেই আধৰুৱা। মুকলি মঞ্চটোও মুকলিয়েই নহল। অথচ এইবোৰত কেইবাকোটি টকা খৰছ হৈ গল।

২০১৫-১৬বৰ্ষৰ পৰা এই মহাবিদ্যালয়খনৰ বাৰ্ষিক আলোচনীখন প্ৰকাশ হোৱা নাই। আলোচনীৰ বাবে আৱন্টিত আৰু নিৰ্ধাৰিত ধন কত আছে কোনেও নাজানে। ছাত্ৰ-ছাত্ৰীৰ পৰা আলোচনী প্ৰকাশৰ বাবে নামভৰ্তি ধন লোৱাৰ লগতে ইউ ডি চিয়েও ইয়াৰ বাবে ধন প্ৰদান কৰে।

২০১৯চনৰ পৰা ২০২১চনলৈ হোৱা হিচাপ পৰীক্ষণৰ প্ৰতিবেদনত ৮লাখ ১৬হাজাৰ ১৩৬টকাৰ সঠিক বিল, চালান, এষ্টিমেন্টেই নাপালে। অগ্ৰিম ধন হিচাপে একেখন হিচাপ পৰীক্ষণত দাখিল কৰা নথিত ৪গৰাকী ব্যক্তিক দিয়াৰ কথা উল্লেখ আছে। মুঠৰ ওপৰত তেওঁ দুৰ্নীতিৰ এই দস্তাবেজৰ কথা লিখি শেষ কৰিব নোৱাৰি।

অসম চৰকাৰৰ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰলৈকেও তেওঁৰ এই দুৰ্নীতিৰ সবিশেষ লিখি দিয়া হৈছিল। কোনো ফল নধৰাত হতাশগ্ৰস্ত এতিয়া এই মহাবিদ্যালয়খনৰ ১৪০০ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী তথা অভিভাৱকসকল।

এনেকৈ কেনেকৈ পৰিচালিত হৈ আছে এখন মহাবিদ্যালয়। ক'ত তেওঁ ব্যয় কৰিছে মহাবিদ্যালয়ৰ উন্নয়নৰ বাবে অহা ধন। অথচ বিশ্ববিদ্যালয় অনুদান আয়োগে দিয়া  ধন ব্যয় কৰিব নোৱাৰাত ইউ জি চিয়ে F.5-2/2022 (NSQF)Misfile/dtd:-14/03/2024নং চিঠি যোগে ইউ জি চিৰ কমিউনিটি কলেজ আচঁনিৰ ৮লাখ ২হেজাৰ ৩৮৯লাখ টকা সুদসহ ঘূৰাই দিবলৈ নিৰ্দেশ দিয়াৰো উদাহৰণ আছে।

তেওঁ চকুৰ কেৱল চৰকাৰী পুঁজি বা মহাবিদ্যালয়খনলৈ অহা ধনৰ ওপৰতে নহয়। মহাবিদ্যালয়খনৰ চৌহদতে এখন পুৰণি চেগুন বাৰী আছে। ৩০-৪০জোপা পুৰণি চেগুন গছে চৌহদটো এসময়ত ভৰি আছিল যদিও এতিয়া সেইবোৰ নোহোৱা হল। কোনে নিলে সেই চেগুন! স্থানীয় ৰাইজে সেই চেগুন চোৰৰ সন্ধান বিচাৰিছে।

অমৃত বৃক্ষৰ ৰোপন কাৰ্যসূচী ৰূপায়নৰ বাবে বন বিভাগে ২০০জোপা মেহগনি গছৰ পুলি দিছিল। কলেজৰ চৌহদত এতিয়া সেই পুলি নাই। কত তেওঁ সেই পুলি ৰুলেগৈ, সেয়াও তেওঁৰ বাদে আনে নাজানে।

নামত এখন পৰিচালনা সমিতি আছে মহাবিদ্যালয়খনত। সেই সমিতিখনৰ কোনো কথাই তেওঁ নামানে বা অনুমোদন নোলোৱাকৈয়ে যি ইচ্ছা তাকেই কৰি যায়। অসম চৰকাৰৰ ডাৰেক্টৰট অৱ অডিট (লোকেল ফাৰ্ম)অসম, ৰ পৰা তেওঁলৈ পঠোৱা অডিট ৰিৰ্পটতে অনিয়মৰ তথ্যৰে ভৰি আছে।

নং- ডি ডি এ ইউ ডি আই টি – III/৬৭/২০২১-২৩/৭৩ পত্ৰখনত সংলগ্ন কৰা এই অডিট প্ৰতিবেদনত পৃষ্ঠাই পৃষ্ঠাই ভৰি আছে অনিয়মৰ তথ্য। প্ৰতিবেদনৰ পাৰ্ট-৩ ত উল্লেখ আছে ২০লাখ টকা তেওঁ ইউ জি চিৰ ফাণ্ডলৈ অনীতিগতভাৱে হস্তান্তৰ কৰাৰ কথা।

এই প্ৰতিবেদনৰ শেষত উল্লেখ কৰিছে যে, তেওঁ ব্যয় কৰা ধনৰ সবিশেষ তথ্য দিয়াত তেওঁ বিফল হোৱাৰ কথা। চৰকাৰীভাৱে তদন্ত কৰিলেই তেওঁৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগ সমূহৰ সত্য-সত্যতা প্ৰমাণ হব। কিন্তু সেই তদন্তহে হোৱা নাই এতিয়াও। লোৱা নাই তেওঁৰ বিৰুদ্ধে কোনো কঠোৰ ব্যৱস্থা।

ইমান দুৰ্নীতিৰে কেনেকৈ সম্ভৱ এখন মহাবিদ্যালয়ত। কিয় ব্যৱস্থা কৰা হোৱা নাই এইজন দুৰ্নীতিগ্ৰস্ত অধ্যক্ষৰ বিৰুদ্ধে। দুৰ্নীতিৰ বিৰুদ্ধে সততে সৰৱ হোৱা মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰীয়ে তেওঁ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰাতো কম পৰিতাপ কথানে! 

আজি তেওঁ এই দায়িত্বত আছে। কালিলৈ গুছিঁ যাব সেই দায়িত্ব এৰি। কিন্তু এই মহাবিদ্যালয়খন তথা অঞ্চলটোৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত তেওঁ ধ্বংস কৰি থৈ নাযাবনে।

নিযুক্তিৰ ক্ষেত্ৰত তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আৰু তথ্য-প্ৰমাণবোৰ মানুহৰ হাতে হাতে। সেইবোৰো হব আন এক অধ্যায়। শূণ্য দুৰ্নীতিৰ কথা কোৱা মুখ্যমন্ত্ৰীৰ জ্ঞাতাৰ্থে এইবোৰ তথ্য আৰু খবৰ দিয়াৰ উদ্দেশ্য হল ঘিলামৰাবাসীয়ে বিচাৰিছে এই অধ্যক্ষজনৰ পৰা পৰিত্ৰাণ। যদি তেওঁক ৰাজনৈতিক সুৰক্ষা কোনোবাই দি আছে, তাৰো তদন্ত হব লাগে। নহলে তেওঁ মহাবিদ্যালয়লৈ অহা ধনেৰে মালামাল হৈ বহি থাকিব আৰু এই উচ্চ শিক্ষানুষ্ঠানখনো এদিন মৃত্যু পথৰ যাত্ৰী হৈ পৰিব...

 

 

ঘিলামৰা