দালাল সাজি মেডিয়াইও কৰিলে মোক হালাল...

এতিয়া সকলোতে কেৱল সন্ত্ৰাস। কেতিয়াবা একাংশ সংবাদ মাধ্যমে প্ৰচাৰ কৰা ভুল বাতৰিৰ বাবে শেষ হৈ যায় সকলো। হত্যা কৰা হয় মানসকিভাৱে।

author-image
Asomiya Pratidin
New Update
দালাল সাজি মেডিয়াইও কৰিলে মোক হালাল...

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

সন্ত্ৰাস চলিছে সৰ্বত্ৰে। এতিয়াতো কেমেৰাৰ সন্ত্ৰাস। বাতৰিৰ নামত ব্ৰেকিং নিউজৰ সন্ত্ৰাস। মোৰ কি ভুল আছিল নাছিল সেয়া বিচাৰিবলৈ কাৰ সময় আছে। মই কিন্তু নিজৰ কামটোহে কৰিছিলো। এই কাম মোৰ বাবে কেৱল এটা চাকৰি নহয়, এয়া এক মানৱ সেৱা- এইদৰে নৱদ্বীপ বৰাই কৈ গৈছিল কথাবোৰ।

প্ৰায় ১ সপ্তাহ কাৰাগাৰত থাকি জামিনত তেওঁ ওলাই আহিছে। এতিয়া তেওঁ মানসিকভাৱে বিধ্বস্ত। স্বল্পভাষী যুৱকজনে সেই অভিজ্ঞতাৰ কথা কৈ যাঁওতে বৰ্তমানৰ ছবিখন চকুৰ আগত ভাহি উঠিছিল। নিজকেও দোষী দোষী অনুভৱ হৈছিল।

কথাবোৰ তেওঁ ক'বলৈ আমাক মতা নাছিল। তেওঁৰ সৈতে কি হৈছিল আন এজন ব্যক্তিয়ে আমাক কৈছিল। সেয়েহে তেওঁৰ কাষলৈ গৈছিলো প্ৰকৃততে কি হৈছিল সেয়া জানিবলৈ।

বহু খবৰ আমি দিও। তাৰ পাছত সেই খবৰবোৰ পাহৰো। এই খবৰবোৰে কাক কি দিলে তাক লৈ আমাৰ কোনো আগ্ৰহ নাথাকে। কেতিয়াবা এনেকুৱা একোটা খবৰে এজন মানুহক মানসিক ভাৱে হত্যা কৰে। এয়াও জানো এক প্ৰকাৰৰ এনকাউন্টাৰ নহয়।

২০ বছৰ ধৰি ঔষধ কোম্পানীত কাম কৰি আহিছে তেওঁ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মলিকুলাৰ বায়লজীত স্নাতকোত্তৰ ডিগ্ৰী লৈ কোম্পানীৰ চাকৰিৰে এক ভাল সময় কটাইছিল। তেওঁৰ পত্নী এগৰাকী আদৰ্শবান শিক্ষয়ত্ৰী।

স্বামী-স্ত্ৰী দুয়ো নীতিৰ মাজেৰে চলা সৎ দম্পত্তী। কিন্তু হঠাৎ টিভিৰ পৰ্দাত, নিউজ পৰ্টেলত ভাইৰেল হৈ পৰিছিল এটা খবৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত এজন তেজৰ দালাল ধৰা হৈছে।

প্ৰচাৰমুখী তাড়নাৰে আক্ৰান্ত এতিয়া সমাজ। দুজন মানুহে তেওঁক ধৰি লৈ গৈছিল চিকিৎসা মহাবিদ্যালয় খনৰ অধীক্ষকৰ কাষলৈ। সংবাদ মাধ্যমৰ লোকক মতা হ'ল। ভিজুৱেল ল'লে সাংবাদিকে, তাৰ পাছত আৰক্ষীক গটাই দিয়া হ'ল নৱদ্বীপ বৰাক।

কেইদিন মানৰ পূৰ্বেহে তেওঁ নতুন কোম্পানীটোত যোগদান কৰিছিল। জেনেটিক লেব নামৰ এই কোম্পানীটোৱে মলিকুলাৰ জেনেটিক ৰোগৰ বিভিন্ন পৰীক্ষা কৰে। কিছু কিছু পৰীক্ষাৰ বাবে এতিয়াও গুৱাহাটীত পৰীক্ষাগাৰ নাই ।

বিশেষকৈ কৰ্কট ৰোগৰ পৰীক্ষা, বন মেৰুৰ পৰীক্ষা কৰিবলৈ এই কোম্পানীৰ জৰিয়তে তেজৰ নমুনা পঠাব লাগে। চিনিয়ৰ বিজনেজ ডেভেলপমেন্ট মেনেজাৰ হিচাপে কৰ্মৰত নৱদ্বীপ বৰাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পাতালত থকা এজন ৰোগীৰ তেজৰ নমুনা প্ৰেৰণ কৰিছিল এনে এক পৰীক্ষাৰ বাবে।

চুৰাটত থকা সেই পৰীক্ষাগাৰলৈ তেজৰ নমুনা প্ৰেৰণ কৰাৰ পাছত দুই তিনিদিনৰ ভিতৰত ইয়াৰ ফলাফল আহে। তেনে পৰীক্ষাৰ বাবে চিকিৎসকেই পৰামৰ্শ দিয়ে আৰু এই কোম্পানী সমূহৰ জৰিয়তে পৰীক্ষাৰ বাবে কেনেদৰে প্ৰেৰণ কৰিব পাৰি তাৰো যোগাযোগৰ আধাৰ হয় চিকিৎসক সকল।

এজন প্ৰশিক্ষিত চিকিৎসা কৰ্মীৰ দ্বাৰাই সেই তেজৰ নমুনা সংগ্ৰহ কৰি পঠাইছিল নৱদ্বীপে। মৌল্লা উপাধিধাৰী ৰোগী জনৰ অভিভাৱকৰ সৈতে সকলো যোগাযোগ হৈছিল। এনেদৰে সমগ্ৰ দেশতে তেওঁ কাম কৰা কোম্পানীটোৱে ৰোগীৰ বিভিন্ন পৰীক্ষাৰ বাবে তেজৰ নমুনা সংগ্ৰহ কৰে।

সেই দোষতে এজন তৃতীয় ব্যক্তিৰ উপস্থিতিত তেওঁক আটক কৰি লৈ যোৱা হৈছিল। চাকৰিৰ সকলো নথি পত্ৰ,আউ কাৰ্ড আদি দেখুওৱাৰ পাছতো কোনো কথায়েই হেনো শুনিব বিচৰা নাছিল চিকিৎসালয় কৰ্তৃপক্ষই।

আৰক্ষীয়েও তেওঁক জেললৈ প্ৰেৰণ কৰিলে। যি সকল চিকিৎসকৰ সৈতে তেওঁৰ যোগাযোগ আছিল তেওঁলোকে পুলিচৰ মেৰপাকত সোমোৱাৰ ভয়ত নৱদ্বীপ বৰাক নিচিনাৰ অভিনয় কৰিলে।

তাৰ পাছত পাল পৰিল সংবাদ মাধ্যমৰ। বাৰে বাৰে দালাল সজাই পৰিৱেশন কৰা হ'ল খবৰ। বাতৰিত তেওঁক এনেদৰে হালাল কৰি সংবাদ মাধ্যমে বাকী থকা খিনিও সম্পূৰ্ণ কৰি পেলালে।

সেই প্ৰভাৱ তেওঁৰ ঘৰখনত পৰিছে।তেওঁৰ প্ৰশ্ন আদালতৰ পৰা তেওঁ দোষ মুক্ত হৈ ওলাই আহিব। কিন্তু সংবাদ মাধ্যমে তেওঁৰ বিৰুদ্ধে কৰা এই খবৰ জানো ঘূৰাই ল'ব পাৰিব। পাৰিব জানো তেওঁক দিব হেৰাই যোৱা আত্মসন্মান।

যি সকলে জানে তেওঁক তেওঁলোক আচৰিত। জি এম চি এইছত অন্তত মলিকুলাৰ বায়লজিত মাষ্টাৰ ডিগ্ৰী লৈ নৱদ্বীপে তেজৰ দাললি কৰিব নাযায়। সেই প্ৰত্যয় আৰু বিশ্বাস ৰখা সকলো নাৰাজ একাংশ সংবাদ মাধ্যমৰ ওপৰত।

সঁচাকৈয়ে এতিয়া সন্ত্ৰাস চলিছে একাংশ সংবাদ মাধ্যমৰ। নৱদ্বীপে বিচাৰে আদালতে ন্যায় দিয়াৰ পাছত এই খবৰো সংবাদ মাধ্যমে প্ৰকাশ কৰিব লাগে। খবৰ এটা দিয়াৰ সময়ত সঁচা-মিছা বিচাৰ কৰি চাব পৰাকৈ সাংবাদিক সকল দায়বদ্ধ হ'ব লাগে।

এতিয়াতো আমি ক্ষমতাবান সকলক চুবই নোৱাৰো। এনে সৰু মানুহৰ কিবা এটা খবৰ পালে জপিয়াই পৰো। এইদৰেই নেকি অস্তিত্ব জীয়াই ৰাখিছো আমি। নৱদ্বীপৰ সৈতে হোৱা ঘটনাতো কাৰোবাৰ বাবে সৰু ঘটনা হব পাৰে কিন্তু ভাবিব পৰা সকলৰ বাবে ই এক শিক্ষা হোৱা উচিত।

Also Read: পৰীক্ষা অনুষ্ঠিত নকৰাকৈ চৰকাৰৰ চৰ্ত! আছে চাকৰি নাই যোগ্যতা সম্পন্ন আবেদনকাৰী...

gmch news