অ’ চাচা,অ’ চাচী; ভোট এইবাৰ কাক দিবি...

অ’ চাচা,অ’ চাচী; ভোট এইবাৰ কাক দিবি...

স্থান বেলতলা বজাৰ। বজাৰলৈ অহা কেইবাজনো বেপাৰী সোধা হৈছিল এটা প্ৰশ্ন- চাচা, এইবাৰ ইলেকচন কি হ’ব,কোন জিকিব ? অসমীয়া প্ৰতিদিন ডিজিটেলৰ সাংবাদিক ডিম্পুল বৰগোঁহাই আৰু ভাস্কৰ শৰ্মাই সোধা এই প্ৰশ্নৰ উত্তৰত কণী বিক্ৰী কৰি থকা ষাঠিৰ ঊৰ্ধৰ মুছলমান সম্প্ৰদায়ৰ বেপাৰীজনৰ উত্তৰ আছিল- বিজেপি জিকিব।

মুখত সেই উত্তৰ দিলেও অন্তৰৰ পৰা যে তেওঁ এই প্ৰশ্নৰ উত্তৰ দিয়া নাই সেয়া ধৰিব পাৰি। এয়া আছিল নিৰ্বাচনী খবৰ সংগ্ৰহ কৰিবলৈ যোৱা দুই সাংবাদিকে লাভ কৰা অভিজ্ঞতাৰ কিছু নমুনা।

সেই একেখন বজাৰতে তেওঁলোকে এগৰাকী মুছলমান মহিলাক একেটা প্ৰশ্নই কৰিছিল। মহিলাগৰাকীয়ে কোনো উত্তৰ দিব নিবিচাৰিলে। তেওঁৰ মতে, কোন জিকে,কোন হাৰে তাৰ কোনো মতলব নাই।

বাতৰি সংগ্ৰহ কৰিবলৈ গৈ লাভ কৰা এই অভিজ্ঞতাৰ কথা কাৰ্যালয়ত তেওঁলোকে সহজভাৱে কৈছিলহি। তাৰ দুদিনমানৰ পাছত মাছ বিক্ৰী কৰিবলৈ অহা বেপাৰীজনক ঘৰুৱাভাৱেই নিৰ্বাচনৰ কথা সোধোতে তেওঁ বৰ স্পষ্টকৈ কৈছিল- বিজেপিয়ে টেটুচেপা দিছে। ক’ত, কি কৰি দিয়ে কোনোও গমেই নাপায়। বেছি হৈছে বিজেপিৰ। ভাল শিক্ষা এটা দিয়াৰ সময় আহিছে যদিও মানুহবোৰেচোন বিজেপিকে ভোট দিয়ে।

চৰ-চাপৰিৰ পৰা অহা মাছৰ বেপাৰীজনে তেওঁৰ গণ্ডীৰ ভিতৰত কৰিব পৰা ব্যাখ্যাৰে আৰু বহু কথায়েই কৈ গ’ল। তেওঁৰ বক্তব্য এজন অৰাজনৈতিক লোকৰ ৰাজনৈতিক বক্তব্য আছিল।

কথাখিনিৰ পৰা এইটো বুজিব পাৰি যে, শাসকীয় বিজেপিৰ নীতিকলৈ পূববংগীয় মূলৰ এই লোকসকল নাৰাজ। তেওঁলোকে উপলব্ধি কৰে- বৰ্তমান ক্ষমতাত থকা সকলে তেওঁলোকক ভাৰতীয় হিচাপে জ্ঞান নকৰে।

সুবিধা পালেই এই লোকসকলক যে ঠাট্টা-মস্কৰা কৰে, সেয়া তেওঁলোকে ভালদৰে বুজি উঠিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো লোকসভা নিৰ্বাচনৰ কেইবামাহমানৰ পূৰ্বে মুকলিকৈ কৈ দিছিল- তেওঁলোকক মিঞা ভোট নালাগে।

কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সাক্ষাতকাৰ দি মুখ্যমন্ত্ৰীয়ে কৈছিল- আগৰ দৰে ২০২৪তো আমাক মিঞা অৰ্থাৎ বঙালী মুছলমানৰ ভোট নালাগে। মুখ্যমন্ত্ৰীক সাংবাদিকে সুধিছিল- কিয় তেওঁ এনেদৰে কৈছে।

মুখ্যমন্ত্ৰীয়ে উত্তৰত কৈছিল- তেওঁলোকে আমাক কেতিয়াও ভোট নিদিয়ে। তেওঁলোকে মোৰ মৰম-ভালপোৱাক অস্বীকাৰ কৰাৰ আগতে মই তেওঁলোকক ভোট নালাগে বুলি অস্বীকাৰ কৰিছো।

সেই বিষয়ত ব্যাখ্যা দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এন ডি টি ভিৰ সাংবাদিকক এই কথাও কৈছিল যে, ২০১৬ বা তাৰ পৰৱৰ্তী নিৰ্বাচনত এনে ভোটাৰ প্ৰভাৱ থকা ঠাইত তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা নাই।

মিঞা ভোট নালাগে বুলি ক’লেও এইসকল ভোটাৰক ২০২৪ৰ লোকসভা নিৰ্বাচনত কিন্তু বিজেপিয়ে অস্বীকাৰ কৰাৰ সাহস কৰিব পৰা নাই। খিলঞ্জীয়া মুছলমানৰ আন এখন ষ্টাম্পকাৰ্ড বিজেপিয়ে ভালদৰে ইতিমধ্যে খেলিছে।

নগাঁও লোকসভা সমষ্টিত মুছলমানৰ ভোটৰৰ কাষলৈ গৈ বিজেপি মন্ত্ৰীয়ে সেই ভোটাৰক আকৰ্ষিত কৰিবলৈ নিৰ্বাচনী ভাষণ আৰু প্ৰতিশ্ৰুতি দিয়া দেখা গৈছে। সমষ্টি পুনঃনিৰ্ধাৰণৰ পাছত বিজেপিয়ে দাবী কৰিছে মিঞা ভোটাৰে ভাগ্য নিৰ্ণয় কৰা বহু সমষ্টি সমীকৰণ সলনি হৈ যাব।

২০২১ৰ বিধানসভা নিৰ্বাচনত অসম বিধানসভালৈ ৩১জন মুছলমান বিধায়ক বিভিন্ন দলৰ পৰা নিৰ্বাচিত হৈ আহিছে। ২০২৬ত এই সংখ্যা ২২লৈ হ্ৰাস পাব বুলি বিজেপিৰ দায়িত্বশীল মন্ত্ৰীয়ে ভৱিষ্যতবাণী কৰিছে।

সমষ্টিসমূহৰ সীমা খিলঞ্জীয়া স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি সলনি কৰা লগতে অনুসূচিত জাতিৰ বাবে সংৰক্ষিত সমষ্টিত পূৰ্বৰ ৮টা পৰা ৯টালৈ,অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত সমষ্টি ১৬ৰ পৰা ১৯লৈ বৃদ্ধি কৰা হ’ল।

এনেবোৰ ৰাজনৈতিক কুচকাৱাজৰ পাছতো অসমত কোনোবাই মিঞা বা মুছলমানৰ ভোট অস্বীকাৰ কৰিব পাৰে নে? খিলঞ্জীয়াক বেলেগ এখন ছবি আৰু ৰাজনৈতিক ভাবমূৰ্তি প্ৰদৰ্শন কৰিবলৈ গৈ বিজেপিয়ে এই মিঞা ভোটৰ বচন আঁওৰাই আহিছে নেকি?

২০০১চনৰ লোকপিয়ল মতে, অসমত মুছলমান লোকৰ শতকৰা হাৰ আছিল ৩০.৯ শতাংশ। ২০১১চনৰ লোকপিয়লত সেই হাৰ ৩৪.২২ শতাংশলৈ বৃদ্ধি পায়। বৰ্তমান ৰাজ্যত মুছলমানৰ জনসংখ্যা ৪০ শতাংশৰো অধিক হ’ব।

ইমান বৃহৎ সংখ্যক লোকৰ ভোট নালাগে বুলি অস্বীকাৰ কৰিব পাৰিবনে কোনো ৰাজনৈতিক দলে ? ৰাজ্যত মুঠ মুছলমানৰ জনসংখ্যা ১কোটি ৪০লাখ। তেনেস্থলত সেই সকল ভোটাৰৰ ভোট নালাগে বুলি কোনোবাই ক’লেও সেয়া সাম্প্ৰদায়িক ৰাজনীতিৰ এক সূত্ৰৰ বাদে আন একো নহয়।

২০১১ৰ লোকপিয়ল মতে, দেশৰ মুছলমান জনসংখ্যাৰ শতকৰা হাৰ থকা দ্বিতীয় শীৰ্ষ ৰাজ্য অসম। প্ৰথম স্থানত আছিল জম্মু-কাশ্মীৰ।

অসমৰ সৰ্বাধিক মুছলমান জনসংখ্যা থকা জিলা কেইখন হ’ল বৰপেটাত ৭০.৭৪ শতাংশ, বঙাইগাঁৱত ৫০.৫২ শতাংশ, দৰঙত ৬৪.৩৪ শতাংশ, ধুবুৰীত ৭৯.৬৭শতাংশ, গোৱালপাৰাত ৫৭.৫২ শতাংশ, হাইলাকান্দিত ৬০.৩১ শতাংশ, কৰিমগঞ্জত ৫৭.৩৬ শতাংশ,মৰিগাঁৱত ৫২.৫৬ শতাংশ, নগাঁৱত ৫৫.৩৬ শতাংশ, হোজাইত ৫৩.৬৫ শতাংশ আৰু দক্ষিণ শালমাৰাত ৯৮.০৩ শতাংশ।

ধুবুৰী লোকসভা সমষ্টিক বাদ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাকী ১৩টা সমষ্টিতে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাম বুলি ঘোষণা কৰিছিল। কিন্তু ৰাজ্যত ১৪টা সমষ্টিৰ ভিতৰত ৬টা সমষ্টিতে সংখ্যালঘু ভোটাৰে প্ৰাৰ্থী জয়-পৰাজয় নিৰ্ণয় কৰে।

সেই হেতু মিঞা ভোটা নালাগে বুলি মুখ্যমন্ত্ৰীয়ে দম্ভালি মাৰিলেও ভিতৰি-ভিতৰি সেই ভোট কেনেদৰে গোটাব পাৰি তাৰ ব্লু-প্ৰিণ্ট অনুসৰি বিজেপিয়ে নিৰ্বাচনী ৰণনীতি তৈয়াৰ কৰি থৈছে। এফালে খিলঞ্জীয়া লোকক দেখুৱাইছে মিঞা বিদ্বেষ,আনফালে সেই মিঞাৰ ভোটৰ বাবে তৃণমূল পৰ্যায়ত জোৰদাৰ কুচকাৱাজ চলাই গৈছে।

এটা দিন আছিল- কোনোবাই ক’ব পৰা পৰিৱেশ আছিল যে মিঞা বা মুছলমানৰ ভোট আমাক নালাগে। এতিয়া সেই পৰিৱেশ নাই। ১৯০১ চনত অসমত মুছলমান লোকৰ জনসংখ্যা আছিল ৩০৩১৭০জন। ১৯১১চনত ৰাজ্যত মুছলমানৰ জনসংখ্যা ১০৯.২ শতাংশ বৃদ্ধি হৈ হৈছিল গৈ ৬৩৪১০১জন।

তাৰপাছত মুছলমানৰ জনসংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি হৈছে। ১৯৫১চনৰ লোকপিয়লত অসমত মুছলমান জনসংখ্যা আছিল ১৯৯৫৯৩৬জন। ১৯৬১চনত ৩৮.৬শতাংশ মুছলমানৰ জনসংখ্যা বৃদ্ধি হৈ হৈছিল গৈ ২৭লাখৰো অধিক।

১৯৭১ত ৩৫৯৪০০৬জন, ১৯৮১ত ৪৭২২৪৬৭জন, ১৯৯১ত ৬৩৭৩২০৪জন আৰু ২০১১ত ১০৬৭৯৩৪৫জন মুছলমান জনসংখ্যা আছিল অসমত। ২০২৪ত সেই সংখ্যাই ১কোটি ৪০লাখৰ ঘৰ অতিক্ৰম কৰিলে।

ইয়াৰে খিলঞ্জীয়া মুছলমান বুলি ধৰা গৰিয়া-মৰিয়া, দেশী, চৈয়দ আদিৰ সংখ্যা মাত্ৰ ৪২লাখ। সেই হিচাপত ৩কোটি ৫০লাখ জনসংখ্যা থকা ৰাজ্যখনত ১কোটিৰো অধিক মিঞা।

এতিয়া প্ৰশ্ন হয়- এই মিঞা ভোট বিজেপিক সঁচাকৈ নালাগিবনে? চাচা-চাচীৰ ভোট বুলি উপলুঙা কৰি বিজেপিয়ে নিৰ্বাচনী বৈতৰণী তেওঁলোকৰ ভোটৰ অবিহনে পাৰ হ’ব পাৰিবনে ? নিৰ্বাচনত জয়-বিজয় সংখ্যাৰে নিৰ্ণয় কৰা হয়।

কোন ধৰ্মৰ ভোট সেয়া বিচাৰ্য বিষয় নহয়। এতিয়া ৰাজ্যত বিৰোধী অস্তিত্বহীন। এক ভয়ানক ৰাজনৈতিক পৰিৱেশ ভিতৰি-ভিতৰি। সেয়েহে হয়তো সংশয় বা বাধ্যত পৰি বহুতে বিজেপিকে ভোট দিব বা দিছো বুলি ক’ব।

অ’ চাচা,অ’ চাচী; ভোট এইবাৰ কাক দিবি...
সমালোচনাৰ অগনিত সোণ হৈ জিলিকিল ৰিয়ান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in