/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/4f50dbaf-d907-475f-8645-7901960cff3b/AP_FOR_WEB_NEW____bikhekh_lekha_1.jpg)
মৃদুল কুমাৰ সন্দিকৈ
মাজুলীত গধুলি! সত্ৰীয়া সংস্কৃতিৰ পীঠভূমি মাজুলী সকলোৰে আগ্ৰহ। নদীদ্বীপৰ আকাৰ লোৱাৰ আগতে দিহিং আৰু ব্ৰহ্মপুত্ৰৰ এই মাজৰ ঠাইখনক মাজালী বোলা হৈছিল। নৈৰ মাজৰ এই বৃহৎ চাপৰিটোত চলে লোক সংস্কৃতিৰ চৰ্চা।
মিচিং লোক সকলৰ উপৰিও আন জাতি-জনগোষ্ঠীৰ লোক বাস কৰা মাজুলীৰ ঐতিহ্যৰ কথা আমি সকলোৱে জানো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ উদ্যোগত স্থাপন কৰা বৈষ্ণৱ ধৰ্মৰ অন্যতম অভিকেন্দ্ৰ এই ঠাই।
সত্ৰ-সংস্কৃতিৰ মাজুলীৰ ভূষণ। গুৰু দুজনাই অসমীয়া সমাজ জীৱনক স্বাৱলম্বী হোৱাৰ বাৰ্তা বিলাই যি নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল তাৰ প্ৰতিফলন ঘটে এই সত্ৰ সমূহত। সাহিত্য -সংগীত, নৃত্য-স্থাপত্য অনুশীলন হয় ইয়াত।
পৰ্যটনৰ দৃষ্টিকোনেৰেও সত্ৰ সমূহ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। সত্ৰৰ বৰঘৰ মাজুলী। এটা সময়ত মাজুলীত বহু সত্ৰ আছিল। এতিয়াও সেই সত্ৰ সমূহে আমাৰ সমাজ জীৱনক নিয়ন্ত্ৰণ কৰি আহিছে। সত্ৰ সমূহ আছিল সাৰ্বজনীন। গুৰু দুজনাৰ সেই আদৰ্শ কৰবাত নহয় কৰবাত বিচ্যুতি ঘটিছে।
উচ্চ-নীচৰ ধাৰণাৰ অভিযোগ উত্থাপন হৈ আহিছিল।যাৰ পৰিণতিত বহু জনগোষ্ঠীয় লোকে সত্ৰীয় সামন্তবাদী নিয়ন্ত্ৰণৰ পৰা আঁতৰি আহি বেলেগ ধৰ্মত দীক্ষিত হৈছে। সেই দিশটো বহু সময়ত অনুধাৱন কৰা হৈছিল। অতি শেহতীয়াকৈ মাজুলী সন্দৰ্ভত এগৰাকী সত্ৰাধিকাৰে কৰা মন্তব্যক লৈ চৰ্চা চলিছে।
দক্ষিণ পাট সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন গোস্বামীয়ে মাজুলীত কেৰলৰ শব্দ যদি শুনিব পাৰে তেনে দুৰ্গাৰ বন্দনাও এদিন চলিব বুলি কৰা মন্তব্যই মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই বিতৰ্কৰ আঁত ধৰি তেখেতে শ্ৰীমন্ত শংকৰদেৱ সন্দৰ্ভতো আন কিছু মন্তব্য কৰিলে।
তেখেতৰ মতে শ্ৰীমন্ত শংকৰদেৱ ধৰ্ম নিৰপেক্ষ নাছিল। লগতে তেখেতে কয় শংকৰদেৱ এজন মহাপুৰুষ, বিজ্ঞানী আৰু অসমৰ প্ৰথম গৰাকী ক্ৰীড়াবিদ। এখন সত্ৰৰ সত্ৰাধিকাৰে এনে মন্তব্য কৰাৰ পাছত মাজুলীবাসী জাঙুৰ খাই উঠিছে।
আনকি সত্ৰাধিকাৰ গৰাকীৰ বিৰুদ্ধে গড়মূৰ থানাত গোচৰো তৰিছে।শ্ৰীমন্ত শংকৰদেৱ সাঁতোৰবিদ, শ্ৰী মন্ত শংকৰদে মল্ল যোদ্ধা- এই মন্তব্য কৰি বা মাজুলীত দুৰ্গাপূজা পতাৰ সাপেক্ষে যুক্তি দৰ্শাই যি অনৰ্থক বিতৰ্কৰ সৃষ্টি কৰা হ'ল সেয়া ইচ্ছাকৃত নেকি?
মাজুলীত এতিয়া সত্ৰতকৈ গীৰ্জাৰ সংখ্যা বেছি। সেয়া কিয় হৈছে। এইবোৰ কথাহে চিন্তা কৰা উচিত আছিল। সত্ৰীয়া সংস্কৃতিৰ অভিকেন্দ্ৰত যাতে আঘাত নপৰে তাৰ প্ৰতি লক্ষ্য দিয়া ভাল। শংকৰদেৱে পূজাৰ বিৰোধ কৰিছিল আৰু সেই দৃষ্টিৰেই মাজুলীত এক সত্ৰীয়া পৰিৱেশ বৰ্তাই ৰখাৰ বাবে এনে কিছু সিদ্ধান্ত বা নিয়ম মানি অহা হৈছে।
শংকৰদেৱক লঘু কৰি তেওঁ কৰা মন্তব্যৰ আঁৰত অতি হিন্দুত্ববাদী গোপন উদ্দেশ্য থাকিব পাৰে নেকি। কিয় শিষ্য সকলক মানুহৰ শ্ৰদ্ধা ভক্তি উদয় হ'ব পৰাকৈ আচৰণ কৰা নহয়।
মাজুলীত সমস্যাৰ অভাৱ নাই। যাতায়ত, চিকৎসা সকলো দিশৰ পৰাই পিছপৰা। এই আন্ত:গাঠনি উন্নয়নৰ বাবে মাজুলীৰ প্ৰতি চৰকাৰৰ বিশেষ ধ্যানৰ প্ৰয়োজন। বান, গৰাখহনীয়া মাজুলীৰ আন এক গুৰুতৰ সমস্যা।
মাজুলীত কেৰলৰ ধ্বনি শুনা যায়, মাজুলীত আজানো শুনিবলৈ পায়। প্ৰশ্ন উঠিছে মাজুলীত তেনেহ'লে কিয় দুৰ্গাপূজাৰ মন্ত্ৰ শুনাত আপত্তি আছে। যুক্তিৰে চালে সেয়া আপত্তি থকাৰ বিষয় নহয়।
এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰপ অন্তৰ্গত মাজুলীত সকলো ধৰ্মৰে আৰাধনা চলিব পাৰে। কিন্তু এখন সত্ৰৰ সত্ৰাধিকাৰে শংকৰদেৱৰ চিন্তা চেতনাক আঘাত কৰি কেনেকৈ দুৰ্গাপূজাপ পৃষ্ঠপোষকৰ নামত ভুমুকি মাৰিলে সেয়াহে ডাঙৰ কথা।
মানুহ কিয় ধৰ্মান্তৰিত হৈছে। সেই কথাবোৰ সত্ৰৰ সত্ৰাধিকাৰ সকলে ভাৱক। প্ৰয়োজনত নিজক সংশোধন কৰক। মাজুলীত সামাজিক, সাংস্কৃতিক বৈশিষ্ট ৰক্ষাৰ হ'কে কাম কৰাৰ সময় এয়া।
ইয়াৰ গৰিমাত চেকা লাগিবলৈ দিব নালাগে। সংস্কৃতি, ৰাজনীতি সত্ৰৰ পৰাই নিয়ন্ত্ৰণ হৈছিল। কিন্তু এতিয়া একাংশ সত্ৰাধিকাৰৰ দিছপুৰ প্ৰীতি, ৰাজ আতিথ্য গ্ৰহণ লক্ষ্যণীয়ভাৱে ধৰা দিছে।
মাজুলী সমন্বয়ৰ প্ৰতীক হ'ব পাৰে।সংস্কৃতি, আৰাধনা চলক তাত। অযথা বিতৰ্কৰে মাজুলীৰ পৰিৱেশ নষ্ট কৰাৰ প্ৰয়োজন আছে জানো। দুৰ্গা পূজা পতা-নপতা এই কথাবোৰ কিয় পাতিব লগা হ'ল। তেনে বিতৰ্কই ভৱিষ্যতে মাজুলীত দুৰ্গা পূজা পতাৰ বাট মুকলি কৰিব নেকি সেইটোহে চিন্তনীয়।
মাজুলীত সাতামপুৰুষীয়াত স্থান আছে শাৰদীয় উৎসৱ হিচাপে কাতি বিহু, ৰাস আৰু পাল নামৰ স্থান আছে। কোনোবাই এনে পৰম্পৰা অগ্ৰাহ্য কৰিব খুজিলে আমি কেতিয়াও গাজ্য আৰু গণ্য নকৰো। এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পিতাম্বৰ দেৱ গোস্বামীয়ে।
ইফালে তেওঁ কয় যে ভুল বুজা বুজিৰ বাবে কিছু লোকে ধৰ্মান্তৰ হৈছিল যদিও তেওঁলোকৰ বহুত ঘূৰি আহিছে আৰু বিশ্বাস আছে বাকী সকলো ঘূৰি আহিব। আনহাতে দুৰ্গাপূজাৰ পোষকতা কৰা জনাৰ্দন গোস্বামী সত্ৰাধিকাৰ নহয় বুলি মন্তব্য কৰিছে দক্ষিণ পাট সত্ৰাধিকাৰ ননীগোপাল দেৱ গোস্বামী।
তেওঁ এজন সত্ৰীয়াহে বুলি মন্তব্য কৰি দেৱ গোস্বামীয়ে কয় এখন সত্ৰত এখন জীৱিত সত্ৰাধিকাৰ থাকোতে দ্বিতীয়জন সত্ৰাধিকাৰ নাথাকে। সংবাদ মাধ্যম আৰু সত্ৰামহাশয়ে তেওঁক সত্ৰাধিকাৰ সজাইছে বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে।
সমগ্ৰ কথাবোৰে এতিয়া গণ্ডগোলীয়া হৈ পৰিছে। তাৰ মাজতে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰৰ মন্তব্যই মাজুলীত দুৰ্গাপূজা অনুষ্ঠিত কৰাৰ প্ৰাসংগিকতা নুই কৰিছে।