আকৌ এজন জ্য়োতি প্ৰসাদ !

আকৌ এজন জ্য়োতি প্ৰসাদ !

 মৃদুল কুমাৰ সন্দিকৈ

 

তেওঁলোকৰ মতে একো ভুলেই হোৱা নাই। তেওঁলোকে বুজি পোৱা নাই ভুল হৈছিল ক'ত?  ভুল কৰি নুবুজা ভাও ধৰিলে কোনে তাক বুজাব পাৰে। প্ৰস্তুতি পৰাশৰ আৰু অভিজিৎ ভট্টাচাৰ্য নামৰ নাট্যকাৰ জনৰ সেয়াই হৈছে। বুজিও নুবুজা ভাও ধৰিছে।

জ্যোতিপ্ৰসাদৰ অমৰ সৃষ্টিৰাজিক লৈ ধেমালি কৰা অভিজিৎ ভট্টাচাৰ্য আৰু প্ৰস্তুতি পৰাশৰে এতিয়া সুধিছে ভুল হৈছে ক'ত? তেওঁলোকে ভ্ৰাম্যমাণত কি নাটক মঞ্চস্থ কৰে সেয়া তেওঁলোকৰ একান্ত নিজস্ব বিষয়।

কিন্তু জ্যোতি প্ৰসাদৰ দৰে এজন মহান অসমীয়া এখন ক্লাছিক নাটকক কটা-চিঙা কিয় কৰিলে। একেই নাম দি আলামত ৰচনা কৰা বুলি উল্লেখ কৰিলেই সকলো কৰিব পাৰি নেকি? ভ্ৰাম্যমাণত নাটকৰ নামত এইবোৰ কি কৰি আছে সেয়া তেওঁলোকে এতিয়াও বুজা নাই নে?

জ্যোতিপ্ৰসাদক যদি সঁচাকৈয়ে তেওঁলোকে নতুন প্ৰজন্মৰ মাজলৈ উলিয়াই অনাৰ চেষ্টা কৰিছিল তেনেহ'লে জ্যোতি প্ৰসাদ নামৰ এখন নাটক কিয় নকৰিলে? লভিতাৰ কাহিনী আৰু পটভূমিক ভ্ৰাম্যমাণলৈ মঞ্চস্থ্যৰ বাবে আনি অভিজিৎ ভট্টাচাৰ্যই লভিতাত নিজৰ মচলা মাৰিলে।

চৰিত্ৰ একেই, কাহিনী একেই, পটভূমি একেই। বহু সংলাপো জ্যোতি প্ৰসাদৰেই। তাৰ পাছত জ্যোতি প্ৰসাদৰে আন এখন নাটকৰে সংগীত ইয়াত সংযোজন কৰি ৰূপকোঁৱৰৰ সৃষ্টিৰ শ্ৰাদ্ধ্য পাতি দিলে প্ৰস্তুতি পৰাশৰ হতে। এতিয়া সেইখন মুখেৰে কৈছে তেওঁলোকৰ সামাজিক দায়বদ্ধতা আছে।এয়া কেনে দায়বদ্ধতা।

এই নাট্যকাৰ গৰাকীয়ে যদি ৪২' ৰ বা ভাৰতৰ স্বাধীনতা আন্দোলনৰ পটভূ্মিত নাটকখনৰ কাহিনী আগুৱাই নিছে। তেওঁ ইমান অকালপক্ক নে সেই সময়ত বন্দে মাতৰম কৈছিল নে ভাৰত মাতা কি জয় শ্লোগান দিছিল সেই কথাও নাজানে।

বুজাই নিশ্চয় বুজি পাইছে। এই শ্লোগান আজি কিয় দিছে তেওঁলোকে। এই সাধাৰণ কথা বুলি ভৱা ভুলবোৰেই জ্যোতিপ্ৰসাদৰ সৃষ্টিৰাজিক লৈ ল'ৰা-ধেমালি কৰাৰ ধৃষ্টতাৰ নমুনা নহয়নে?

চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।তাৰ পাছত নাটকৰ নামৰ আগত আৰু কিবা এটা নাম সংযোজন কৰিব খুজিছে থিয়েটাৰ কৰ্তৃপক্ষই। কেৱল তাতেই সমস্যা শেষ নেকি? প্ৰয়োজনত নাটক নতুনকৈ লিখক। জ্যোতিপ্ৰসাদৰ সংলাপ বাদ দি অভিজিৎ ভট্টাচাৰ্যই নিজৰ সংলাপ সংযোজন কৰক। জ্যোতিৰ সৃষ্টিৰে তেওঁ ধন্য হ'ব নালাগে।

পূৰ্বতেও ভ্ৰাম্যমাণৰ নাটকৰ নামত এনে বহু কু কৃৰ্তি গৰাকী হোৱা এই নাট্যকাৰ গৰাকীয়ে নিজৰ পক্ষত যি বোৰ যুক্তি দাঙি ধৰিছে । সেই যুক্তিবোৰে তেওঁৰ লক্ষ্য আৰু উদ্দেশ্যকে ফুটাই তুলিছে । জ্যোতি প্ৰসাদক কি স্তৰলৈ গৈ অপমানিত কৰিছে তাক বুজাই দিছে।

এটা কথাই সত্য যে জ্যোতিপ্ৰসাদৰ নাটক লভিতাক লৈ সম্পৰীক্ষাৰ নাম লৈ যি কৰিলে সি অক্ষমণীয় অপৰাধ।লভিতা নাটক জ্যোতিপ্ৰসাদৰ বাস্তৱ অভিজ্ঞতা আৰু চৰিত্ৰৰ কাহিনীৰে পৰিপুষ্ট। তাত আমোদ প্ৰমোদতকৈ দ্বিতীয় বিশ্বযুদ্ধই চুই যোৱা সময় আৰু স্বাধীনতা আন্দোলনৰ প্ৰেক্ষাপটক তুলি ধৰা হৈছিল।

জ্যোতিপ্ৰসাদক লৈ এখন মৌলিক নাটকেৰে শ্ৰদ্ধা নিবেদন কৰিব পাৰিলেহেতেন। তাকে নকৰি তেওঁৰ সৃষ্টিৰাজিক হানি খুচি অভিজিৎ ভট্টাচাৰ্য আৰু এই থিয়েটাৰ কৰ্তৃপক্ষই আমাক আমোদ দিয়াৰ নামত এই ভেকোঁভাওনা কৰিলে। আনফালে চৰকাৰী পক্ষক সন্তুষ্ট কৰিবলৈ জ্যোতিপ্ৰসাদৰ সৃষ্টিক বন্ধকত থৈ ব্যৱসায় আৰু মুনাফাৰ অদৃশ্য জাল পেলালে।

ভ্ৰাম্যমাণ লৈ ভাল দিন ঘূৰি আহক। নতুন নতুন মৌলিক, অনুবাদ আৰু বাস্তৱধৰ্মী নাটকেৰে এই উদ্যোগটোক সমৃদ্ধশালী কৰক। জাতীয় জীৱনৰ পদাঘাত কৰি বিতৰ্কৰে চৰ্চা লাভ কৰা সস্তীয়া প্ৰৱণতাৰ পৰা ভ্ৰাম্যমাণক ৰক্ষা নকৰিলে এই সংস্কৃতিও এদিন অপসংস্কৃতিলৈ পৰিণত হ'ব।

নাটক খনৰ সংগীতৰ সৈতে জড়িত তৰালী শৰ্মাই ইতিমধ্যে ৰাজহুৱা কৰিছে কিছু কথা। সেই কথাবোৰে প্ৰমাণ কৰে নাটক মঞ্চস্থ হোৱাৰ পূৰ্বে এই দিশবোৰ তৰালী শৰ্মাই আঙুলিয়াই দিছিল। কিন্তু থিয়েটাৰ কৰ্তৃপক্ষই নুশুনিলে।

এতিয়া কেৱল নাম সলনি কৰিলেই নহ'ব। জ্যোতিপ্ৰাসাদৰ লভিতাত থকা সংলাপ, চৰিত্ৰ আঁতৰাই তেনে কাম পুনৰ নকৰাৰ প্ৰতিশ্ৰুতিৰে আত্মশুদ্ধিৰ ব্যৱস্থা কৰক প্ৰস্তুতি পৰাশৰ আৰু অভিজিৎ ভট্টাচাৰ্যই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in