Advertisment

অফিচে-অফিচে ঘূৰি অসহায় জুৰি....

মন গ'লেই ফোন কৰে। দিনে-নিশাই ৱাটচ্ আপত মেছেজ কৰে পত্নীলৈ। স্বামীক চাকৰিটো দিয়াৰ প্ৰলোভনেৰে এক সম্পৰ্ক ৰক্ষা কৰাৰ চেষ্টা কৰিলে। ভীমকাইৰ পত্নীয়ে ধৰিব পাৰিলে তেওঁৰ উদ্দেশ্য।

author-image
Asomiya Pratidin
New Update
cgfdvcv

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

এগৰাকী অসহায় মহিলা। ন্যায়ৰ হকে যুঁজি ভাগৰি পৰিল তেওঁ। দুৰ্নীতি নিৰ্মূলৰ বাবে মুখ্যমন্ত্ৰীয়ে লোৱা পদক্ষেপৰ অংশ হিচাপে ৰাজহুৱা কৰা হৈছিল এটা ফোন নম্বৰ। কোনোবাই উৎকোচ বিচাৰিলে বা দুৰ্নীতি সংঘটিত কৰিলে অভিযোগ দাখিল কৰিবলৈ ৰাজহুৱা কৰিছিল সেই নম্বৰ।

প্ৰায় দুবছৰৰ পূৰ্বে সেই নম্বৰতে তেওঁ ফোন কৰিছিল। জনাইছিল তেওঁৰ অভিযোগ। মহিলাগৰাকীয়ে নিজ মুখে কৈ গৈছিল এই কথা- "মই সেই নম্বৰটোত ফোন কৰোতে মোক স্থানীয় জিলা আৰক্ষী অধীক্ষক বা থানাত যোগাযোগ কৰিবলৈ ক'লে। মই তাৰ পাছত ঘিলামৰা থানালৈ গৈছিলো। 

মহিলাগৰাকীয়ে যাৱতীয় তথ্য আৰু এগৰাকী বিশেষ ব্য়ক্তিৰ সৈতে হোৱা এই সংক্ৰান্তীয় বাৰ্তালাপৰ তথ্য লগত নিছিল। স্থানীয় থানাই গোচৰ ৰুজু নকৰি হাত দাঙি দিলে। তাৰপাছতো এই যুঁজ চলি থাকিল। আদালতো পালেগৈ। 

উচ্চ শিক্ষা সঞ্চালকালয়লৈ আহি অভিযোগ দিলে। তাৰ পৰাও কোনো ফলাফল নোলাল। মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মালৈ চিঠি লিখিলে। কিন্তু ন্যায় নাপাই হতাশ মনেৰে সকলো আশা বাদ দি ঘিলামৰাৰ মেডিকেল চাৰিআলিত এখন সৰু দোকান খুলিলে।

নিজৰ নহয়, এটা আত্ম সহায়ক গোটৰ পৰা চলাবলৈ লোৱা এই দোকানখনৰ নাম "ত্ৰিবেণী চিএলএফ"। এতিয়া এই দোকানতে ব্যস্ত তেওঁ আৰু তেওঁৰ স্বামী। হতাশ হৈ পৰা স্বামীক তেওঁ দোকানলৈকে লৈ আহে। বেমাৰী হৈ পৰা মানুহজনক ব্যস্ত কৰি ৰাখিবলৈ যত্ন কৰে। 

মানুহগৰাকীৰ নাম জুৰি গগৈ। তেওঁৰ স্বামীৰ নাম দীপক গগৈ। ঘিলামৰাৰ চৌকামঘাটত তেওঁৰ ঘৰ। আজিৰ পৰা ১৯ বছৰ আগৰ কথা। দীপক গগৈক ২৭ চেপ্তেম্বৰ ২০০৬ ত ঘিলামৰা নৰ্থবেংক কলেজত নৈশ চকীদাৰ হিচাপে ঠিকাভিত্তিক নিযুক্তি দিছিল মহাবিদ্যালয় পৰিচালনা সমিতিয়ে।

দৰমহা ঠিক কৰিছিল মাত্ৰ ১০০০ টকা। চাকৰিটো তেওঁ কৰি আছিল। মহাবিদ্যালয়খনৰ অধ্যক্ষ হৈ আহিল যুগল শইকীয়া। ২০১২ চনত তেওঁ অধ্যক্ষ হৈয়ে দীপক গগৈক দিনৰ চকীদাৰ হিচাপেও নিয়োগ কৰালে। দৰমহা বঢ়াই দিলে ৫০০০ টকালৈ।

দীপক গগৈক মানুহবোৰে ভীমকাই বুলি মাতে। যুগল শইকীয়াই ভীমকাইক চাকৰিটো স্থায়ী কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিলে। ভীমকাই সহজ-সৰল মানুহ। লেখা-পঢ়াও বৰ নাছিল। সেয়েহে ভীমকাইৰ পত্নীৰ সৈতে যোগাযোগ ৰক্ষা কৰাৰ চেষ্টা কৰিলে অধ্যক্ষ যুগল শইকীয়াই। 

মন গ'লেই ফোন কৰে। দিনে-নিশাই ৱাটচ্ আপত মেছেজ কৰে পত্নীলৈ। স্বামীক চাকৰিটো দিয়াৰ প্ৰলোভনেৰে এক সম্পৰ্ক ৰক্ষা কৰাৰ চেষ্টা কৰিলে। ভীমকাইৰ পত্নীয়ে ধৰিব পাৰিলে তেওঁৰ উদ্দেশ্য। তথাপিও স্বামীৰ চাকৰিটো হোৱাৰ আশাত সেইবোৰ এৰাই চলিলে।

যুগল শইকীয়াই এটা বিজ্ঞাপন দিয়ালে কাকতত। চিঠিৰ নম্বৰ-DHE/C/49/2021/135 dtd. 25.04.2022. মহাবিদ্যালয়খনৰ চতুৰ্থবৰ্গৰ অসংৰক্ষিত এটা পদৰ বাবে আছিল এই বিজ্ঞাপন। যুগল শইকীয়াই নিশ্চয়তা দিলে যে তেৱেই পাব এই চাকৰি। কেৱল গুৱাহাটীৰ কাহিলিপাৰালৈ অহা-যোৱা কৰিবৰ বাবে দিব লাগিব এটা খৰচ।

জুৰি গগৈয়ে সুধিলে কিমান পৰিব খৰচ? খোদ প্ৰিন্সিপালে যেতিয়া কৈছে চাকৰিটো নিশ্চিত বুলি ধৰি ল'লে তেওঁলোকে।  প্ৰিন্সিপাল শইকীয়াই টকা ৫০০০০ দিবলৈ ক'লে প্ৰথম। চাকৰিটোৰ আশাত ঘৰৰ মাটি অলপ বিক্ৰী কৰি ৫০০০০ টকা প্ৰিন্সিপাল শইকীয়াৰ হাতত তুলি দিলে।

আশা কৰা ধৰণে কলিং লেটাৰো আহিল। "NBC/AP/GD-IV/9/pt-11-22/4488" পত্ৰযোগে তেওঁক জনোৱা হ'ল যে এই পদৰ বাবে ১৪ অক্টোবৰৰ ২০২২ ত পুৱা ১০ বজাত সাক্ষাতকাৰ হ'ব। দৰিদ্ৰ পৰিয়ালটোৱে আশাৰ ৰেঙণি দেখিলে।

৮ অক্টোবৰ ২০২২ ত প্ৰেৰণ কৰা এই কলিং লেটাৰ লৈ তেওঁলোকে বহু সপোন দেখিছিল। কিন্তু তাৰ ৩ দিনৰ পাছতে আন এখন পত্ৰ আহিল। ১১ অক্টোবৰ ২০২২ ত তেওঁক জনোৱা হ'ল যে এই সাক্ষাতকাৰ বাতিল কৰা হৈছে। টেকনিকেল কাৰণত সাক্ষাতকাৰ বাতিল হোৱা বুলি জনাই আৰু এই পদৰ বাবে যোৱা ৩ বছৰে কোনো সাক্ষাতকাৰ অনুষ্ঠিত নকৰিলে।

দীপক গগৈ অৰ্থাৎ ভীমকাইৰ পত্নীক তেওঁৰ ৱাটচ্ আপত ইয়াৰ কাৰণ বাখ্যা কৰিলে। লগতে দিলে আন কিছু ইংগিত।মাতি পঠিয়ালে তেওঁৰ গোগামুখত নিৰ্মিত ঘৰলৈ। এইবোৰ কথা কৈ গৈছিল জুৰি গগৈয়ে। তেওঁৰ সৈতে পতা কথাৰ টেলিফোনিক ৰেকৰ্ড,ধন দিয়া তথ্য,ধন ঘূৰাই দিম বুলি প্ৰতিশ্ৰুতি দি প্ৰেৰণ কৰা মেছেজ থকাৰ পাছতো আজিলৈকে তেওঁ সেই ধন ঘূৰাই নাপালে।

অবাঞ্চিত পৰিস্থিতিত পৰি বৰঞ্চ অস্থায়ী চাকৰিটোৰ পৰা আঁতৰি আহিব লগা হ'ল দীপক গগৈ নামৰ লোকজন। ভীমকাই নামে জনাজাত এই লোকজনৰ সৈতে হোৱা এই কাহিনীতে যুগল শইকীয়াৰ কুকৰ্ম শেষ হোৱা নাই।

তৃতীয় বৰ্গৰ এটা চাকৰিৰ ক্ষেত্ৰটো তেওঁৰ অনুৰূপ কৰ্মই সংঘটিত কৰি থৈছে। আনে নালাগে নিযুক্তি ক্ষেত্ৰত অসমীয়া বিভাগৰ এগৰাকী সহকাৰী অধ্যাপকক তেওঁ টকাৰ বাবে কেনেদৰে নিযুক্তি দিছিল সেই কাহিনী এতিয়াও মানুহে পাহৰা নাই।

সেইগৰাকী মহিলা সহকাৰী অধ্যাপিকা এতিয়াও মহাবিদ্যালয়খনত কৰ্মৰত। জুৰি গগৈয়ে বিচাৰিছিল চাকৰি নাপালেও টকা কেইটা তেওঁক ঘূৰাই লাগে। সেয়াও পোৱা নাই এতিয়াও। কিমান তলৰ স্তৰৰ এইজন যুগল শইকীয়া তাৰ উদাহৰণ এয়া।

সকলোৱে জানে এইবোৰ কথা। জানে তেওঁ কেনেকৈ আত্মীয়ক ঠিকাদাৰ সজাই লুটিলে কোটি কোটি টকা।মুখ্যমন্ত্ৰী মহোদয় গাঁৱৰ এই সহজ-সৰল মহিলাগৰাকীকো ন্যায় দিব নোৱাৰিব নে? নোৱাৰিব নে জুৰি গগৈক যুগল শইকীয়াৰ পৰা টকা ৫০০০০ উলিয়াই দিবলৈ।

যুগল শইকীয়া