মই গুণ্ডা আছিলো ছাৰ, ৰাজু গুণ্ডা...

মই গুণ্ডা আছিলো ছাৰ, ৰাজু গুণ্ডা...

কেতিয়াবা এদিনো, এবাৰো লগ নোপোৱা মানুহজন হৈ পৰে চিনাকী! হৈ পৰে আপোনৰো আপোন। তেওঁক লগ নাপালেও তেওঁৰ জৰিয়তে ৰূপায়ন হোৱা চৰিত্ৰবোৰেৰে মানুহজনক জনপ্ৰিয় আৰু পৰিচিত কৰি তোলে।

অসমৰ দৰ্শকৰ বাবে, অসমৰ মানুহৰ বাবে চিনাকী হৈ পৰা এখন পৰিচিত মুখ আছিল তেওঁ। দৰ্শকৰ মনত স্থায়ী সাঁচ বহুৱাই যাব পৰাকৈ কৰিব পৰা নিঁখুত অভিনয় আছিল তেওঁৰ দক্ষতা।

সেয়েহে এই দুখৰ খবৰটো অহাৰ পাছত সকলোৱে আবেগিক হৈ পৰিছে। মুহুৰ্তৰ বাবে হুমুনিয়াহ কাঢ়িছে। এখন চিনাকী মুখ চিৰকাললৈ হেৰাই যোৱাৰ দুখ ম্ৰিয়মাণ হৈছে। সেই দুখে তেওঁৰ চিনাকী-অচিনাকী সকলোকে চুই গৈছে। কিয়নো তেওঁৰ অচিনাকীজনৰ বাবেও তেওঁ চিনাকী আছিল সদায়।

দেখি আহিছিল তেওঁক টেলিভিশ্যনৰ পৰ্দাত, চিনেমাত, নাটকত। যি চৰিত্ৰত তেওঁ অভিনয় কৰিছিল সেই চৰিত্ৰৰ মাজতেই তেওঁ নিজৰ পৰিচয় এৰি দিছিল। বহুমত্ৰিক এনে চৰিত্ৰৰ ৰাসায়নত বিলীন হৈ যাব পৰা অভিনেতানো আছে কেইজন।

তেওঁৰ মৃত্যুৰ পাছত সেয়েহে তেওঁ মুনীন বৰুৱাৰ 'নায়ক' ছবিত কৰা অভিনয়ৰ কথা সুঁৱৰিলে প্ৰৱীণ অভিনেতা বিষ্ণু খাৰঘৰিয়াই। প্ৰৱীণ অভিনেতাগৰাকীয়ে ক'লে, 'নায়ক' ছবিত তেওঁ যিটো চৰিত্ৰত অভিনয় কৰিছিল সেয়া কেৱল এটা হহুৱাবলৈ কৰা চৰিত্ৰ নাছিল।এই চৰিত্ৰটো বৰ জটিল আছিল। ইয়াক সুন্দৰভাৱে ৰূপায়ন কৰিছিল তেওঁ।

তেওঁৰ অবৰ্তমানত তেওঁৰ অভিনয়ৰ নিজস্বশৈলীৰ কথা ক'বলৈ গৈ বিষ্ণু খাৰঘৰীয়াই ক'লে- এনে চৰিত্ৰত অভিনয় কৰিবলৈ এজনেই আছিল, তেওঁ আৰু আজিৰ পৰা নাই। এজন সফল অভিনেতাৰ দৃষ্টিত তেওঁৰ মূল্যায়ন এয়া।

ক্ৰিকেটৰ সৈতে প্ৰথম তেওঁৰ পৰিচয় ঘটিছিল যদিও অভিনয়ৰ মাজতেই তেওঁ ৰৈ গৈছিল। অভিনয়ৰ প্ৰতি থকা হেঁপাহ আৰু আগ্ৰহে তেওঁক এজন সফল অভিনেতা কৰি তুলিছিল।

তেওঁৰ প্ৰচুৰ জীৱনবোধ, স্পষ্টবাদীতাই মানুহক আকৰ্ষণ কৰিছিল। আনকি হোমেন বৰগোঁহাঞিৰ দৰে মুখত হাঁহি নথকা মানুহজনেও তেওঁৰ সাক্ষাৎকাৰ ল'বলৈ গৈ মুখ টিপি প্ৰাণ খুলি হাঁহিবলৈ বাধ্য হৈছিল।

সেই কথা-বৰ্তা নামৰ সাক্ষাৎকাৰটোত হোমেন বৰগোঁহাঞিয়ে তেওঁক সুধিছিল- অভিনেতা হোৱাতো জীৱনৰ প্ৰধান উদ্দেশ্য আছিল নেকি? ইয়াৰ উত্তৰত তেওঁ কৈছিল- মোৰ কোনো লক্ষ্য নাছিল। মই অতি অসভ্য, বৈজ্জাতৰ হাৰ্দি আছিলো। মোৰ নিচিনা অসভ্য গুৱাহাটীত নাছিল। নাম আছিল মোৰ ছাৰ, ৰাজু গুণ্ডা বুলি...(হোমেন বৰগোঁহাঞিয়ে লোৱা সাক্ষাৎকাৰত তেওঁ কোৱা কথাখিনিৰ সাৰংশ)।

হাতত থকা কাগজখন মুখলৈ নি হোমেন বৰগোঁহাঞিয়ে হাঁহি হাঁহি তেওঁক কৈছিল- নিজেই নিজৰ বিষয়ে যি এইবোৰ কথা ক'ব পাৰে, তেওঁনো কেনেকৈ গুণ্ডা হ'ব। সেয়াই তেওঁৰ বিশেষত্ব।সেয়াই তেওঁৰ ব্যক্তিত্ব। যি ভাৱে, যি কৰে মুকলিকৈ কৈ দিব পাৰে।

অসমীয়া বহু ছবিত তেওঁ অভিনয় কৰিছিল। সেই ছবিবোৰত কৰা অভিনয়ৰ একো একোটা চৰিত্ৰই তেওঁক স্মৰণীয় কৰি ৰাখিব। ১৯৬২ চনৰ ৮ জুনত জন্ম গ্ৰহণ কৰিছিল তেওঁ। পিতৃ আছিল অসমৰ ক্ৰীড়াজগতৰ আন এক নক্ষত্ৰ বিশিষ্ট ক্ৰীড়াবিদ পুলিন দাস।

পুলক গগৈয়ে ১৯৮৪ চনত নিৰ্মাণ কৰা 'সেন্দুৰ' নামৰ চলচ্চিত্ৰৰ জৰিয়তে তেওঁৰ ৰূপালী পৰ্দাত প্ৰৱেশ ঘটিছিল। তাৰ পাছত নায়ক, কন্যাদান, বুকুৰ মাজত জ্বলে, ভূমিপুত্ৰ,পিতা-পুত্ৰ, শকুন্তলা আৰু শংকৰ-যোচেফ আলী, অজলা ককাই, উত্তৰ কাল, প্ৰভাতী পক্ষীৰ গান, হলধৰ, সপোন, উৰ্বশী, মহাৰথী , অগ্নিসাক্ষী, কাদাম্বৰী আদি বহু ছবিত অভিনয় কৰিছিল।

নাটক, ৰূপালী পৰ্দা, সৰু পৰ্দাত তেওঁ আছিল অত্যন্ত ব্যস্ত আৰু জনপ্ৰিয় অভিনেতা। কোনে পাহৰিব পাৰে 'ভাড়াঘৰ' নামৰ ধাৰাবাহিকখনত তেওঁ কৰা অভিনয়ৰ কথা। গাঁৱে-ভূঁঁঞে তেওঁ 'হেমন্ত কাকতি' হৈয়ে ৰৈ গ'ল।

তেওঁক দেখিলেই মানুহে হাঁহে, তেওঁক দেখিলেই দৰ্শকে কিবা এটা নতুনত্ব তেওঁৰ অভিনয়ৰ মাজত পাবলৈ বিচাৰে। দৰ্শকৰ সেই বিশ্বাস তেওঁৰ ওপৰত আছিল। তেওঁ কেতিয়াও দৰ্শকৰ সেই আস্থাত বিমুখ কৰা নাছিল।

১৬ ডিচেম্বৰ,২০২৩। এপ'ল' হাস্পতালৰ পৰা নিশা ৮.৪১ বজাত আহিছিল এই দুঃখবৰ। অভিনেতা জয়ন্ত দাস আৰু নাই। অভিয়নৰ এক সত্বা শেষ হৈ গ'ল। অভিনয়ৰ এটা অধ্যায় উটি গ'ল মৃত্যু নামৰ চিৰ প্ৰবাহিত সুঁতিত ।

নশ্বৰ দেহ মিলি গ'ল পঞ্চভূতত। পৃথিৱীৰ ঠিকনা সামৰি তেওঁ গুচি গ'ল সৰগৰ ঠিকনা বিচাৰি। কিন্তু থৈ গ'ল আমাৰ মাজত তেওঁক বিচাৰিবলৈ হেমন্ত কাকতিৰ দৰে অনেক বৈচিত্ৰময় চৰিত্ৰ।

মই গুণ্ডা আছিলো ছাৰ, ৰাজু গুণ্ডা...
সুখ সুখ বুলি মানুহ বলিয়া...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in