অশোক বাণী- 'ৰঙা পানী' !

অশোক বাণী- 'ৰঙা পানী' !
Published on
Updated on

মৃদুল কুমাৰ সন্দিকৈ

ধন্যবাদ, মন্ত্ৰী অশোক সিংহল ডাঙৰীয়া। কৃতজ্ঞতাও জ্ঞাপন কৰিব লাগিব আপোনাক। আন কৰিব নোৱাৰিলেও মন্ত্ৰী হিচাপে আপুনি কৃত্ৰিম বানত নৰক যন্ত্ৰণা ভোগ কৰা মহানগৰবাসীৰ দুখ যে উপলব্ধি কৰিব পাৰিছে।

কিমান বছৰ বাৰু হ’ল আপোনাৰ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰীৰ দায়িত্ব লোৱা ? ইমান অভিজ্ঞ হৈ পৰিল আপুনি যে মহানগৰীত হোৱা কৃত্ৰিম বানৰ পানীৰ ৰং চাই ক’ব পৰা হ’ল এই পানী ক’ৰ ?

আপোনাৰ প্ৰতিক্ৰিয়া শুনি, আপোনাৰ অভিজ্ঞতা দেখি গুৱাহাটীৰ কৃত্ৰিম বানৰ সেই পুৰণি ছবিবোৰ আকৌ চাব লগা হৈছে। ক’তা মহানগৰীত হোৱা কৃত্ৰিম বানৰ পানীৰ ৰং ক’লা দেখা নাই।

৫ আগষ্ট ২০২৪ত হোৱা মহানগৰীৰ বিভিন্ন স্থানৰ কৃত্ৰিম বানৰ পানীৰ ৰং আপুনি ৰঙা দেখিলে। সেইবোৰ পানী মেঘালয়ৰ পৰা নামি অহা বুলি আৰু ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা নাযায় বুলি অসহায় মন্তব্য কৰিলে।

ইমান অসহায় যে আপুনি মেঘালয়ৰ গাত দোষ দি ইমান দিনে মহানগৰীৰ কৃত্ৰিম বান নিয়ন্ত্ৰণৰ বাবে আপুনি কি কৰিলে তাৰ এটা শব্দও প্ৰকাশ কৰিব নোৱাৰিলে। চাডেন ভিজিট, হেলিকপ্টাৰৰে মহানগৰ পৰিদৰ্শন, উচ্ছেদৰ সময়ত কৰা মন্তব্যবোৰ ম্লান পৰিল আপোনাৰ।

আকৌ সেই পুৰণি ৰেকৰ্ড বজালে। ডিপিআৰ প্ৰস্তুত হৈ থকাৰ কথা ক’লে। মহানগৰীৰ এই কৃত্ৰিম বানৰ পানীবোৰ হেনো শিলসাঁকো, দীপৰ বিলত পেলাবগৈ। কিন্তু কেতিয়া ? কেতিয়া আহিব আপোনাৰ সেই ৩ মাহ ?

দুখ লাগিছে আপোনাৰ; মানুহবোৰৰ অৱস্থা দেখি। ইউ এছ টি এম, ডি পি এছ নিৰ্মাণ কৰোতে মেঘালয়ৰ পাহাৰ খন্দাৰ বাবে এই অৱস্থা হৈছে বুলি অনুভৱ কৰিছে। গুৱাহাটীত কি পাহাৰ খনন হোৱা নাই ? নলা-নৰ্দমাসমূহ সময়ত চাফা কৰা হয়নে ?

বাহিনী, ভৰলু, মৰা ভৰলু, বশিষ্ঠ, লখিমীজান আদি খন্দাৰ কথা আছিল। হ’লনে খন্দা এইবোৰ ? ডিভাইডাৰ ভাঙি আকৌ নিৰ্মাণ কৰা, পদপথৰ ওপৰত টাইলছ্ লগোৱা, প্ৰয়োজন নোহোৱাকৈয়ে ফুটব্ৰীজ নিৰ্মাণ কৰা, ইখনৰ পাছত সিখন উৰণীয়াসেঁতু নিৰ্মাণতে জানো স্মাৰ্ট চিটিৰ ৰূপ দিয়াৰ দায়িত্ব গুৱাহাটীত অন্ত পৰা নাই?

এতিয়া ঘৰিয়ালৰ চকুপানী টুকিলে কি হ’ব ? ৰুক্মিণীগাঁৱত বৰষুণ দিলেই সাগৰ হয়। নবীন নগৰ-অনিল নগৰতকৈ ভয়াৱহ হয় তাত কৃত্ৰিম বান পৰিস্থিতি। চানমাৰিত ক’ৰ পৰা আহি সোমাইহি মেঘালয়ৰ পানী ?

আপুনি কোৱাৰ দৰেই কৃত্ৰিম বানৰ বাবে দায়ী প্ৰকৃতি। ডেৰ ঘণ্টাত ১৩৬ মিলি মিটাৰ বৰষুণ গুৱাহাটীত হোৱাৰ বাবে এই ভয়াৱহ কৃত্ৰিম বান হৈছে বুলি স্বীকাৰ কৰি লৈছে। সেই পানী নিৰ্গত হ’বলৈ মহানগৰীত নলা-নৰ্দমাৰ ব্যৱস্থা নাই বুলিও আপুনি জানে।

প্ৰকৃতিৰ সৈতে যুঁজিব বাৰু নোৱাৰি। কিন্তু সাম্ভাৱ্য বিপদ আৰু পৰিস্থিতিৰ বাবে বিভাগীয় মন্ত্ৰী হিচাপে কি পদক্ষেপ লৈছিল ইমান দিনে ? বৰষুণটো গুৱাহাটীত এদিনেই হোৱা নাই। কৃত্ৰিম বানতো মহানগৰীত এইবাৰেই প্ৰথম নহয়।

দিনক দিনে এই সমস্যা ভয়াৱহ ৰূপত বাঢ়ি গৈছে। আপুনি মহানগৰবাসীক ককবকাই থাকিবলৈ দি দূৰৈত অৱস্থান লৈছে। যদিও ৰাতি ২-০০ বজালৈকে ৰিভিউ মিটিং পতাৰ কথা কৈছে, তাৰ ফলফলনো মহানগৰবাসীয়ে কি পাইছে ?

গুৱাহাটী পৌৰ নিগমৰ মেয়ৰগৰাকীৰো দেখা-সাক্ষাৎ নাই। কৰ সংগ্ৰহৰ সময়তহে তেঁওৰ তৎপৰতা দেখা যায়। এনেবোৰ বিপদৰ সময়ত মৃগেন শৰণীয়াও আপোনাৰ দৰে নাপাত্তা হৈ যায়।

কৃত্ৰিম বানত ককবকাই থকা মানুহবোৰৰ আপদ-বিপদৰ সময়ত এষাৰ মাত দিবলৈ আজৰি নহয় আপোনালোকৰ। বৰষুণ দিলে কৃত্ৰিম বান গুৱাহাটীত হ’ব। কৃত্ৰিম বান ক’ত নহয় বুলি দম্ভালি মাৰিব, এনেকৈয়ে আপোনালোক চলি থাকিব।

কৃত্ৰিম বানৰ কাৰণবোৰেই আপোনালোকে বিচাৰি উলিয়াব পৰা নাই। সমাধান কি কৰিব ? বহুৱাৰ দৰে উত্তৰ নিদি কৰিবনো কি? গুৱাহাটীক অত্যাধুনিক আৰু বানমুক্ত কৰাৰ নামত কিমান হাজাৰ কোটি ব্যয় হ’ল তাৰ হিচাপ মহানগৰবাসীয়ে কেতিয়াও ল’বলৈ নাযায়।

খোৱাপানীৰ অভাৱ হয় মহানগৰীত। কৃত্ৰিম বানত ককবকাই মৰে গুৱাহাটীৰ আবাসী। আপোনালোকৰ দৰে নেতাই সুযোগ পালেই দিয়ে মহানগৰীত কৃত্ৰিম বান নিয়ন্ত্ৰণৰ মিছা প্ৰতিশ্ৰুতি।

ৰাইজে সেয়াই সঁচা বুলি ভাবে। আপোনালোকেও ৰাইজৰ বৰ দুখ হৈছে বুলি কেমেৰাৰ আগত কান্দে। এনেকৈয়ে চলি আছে মহানগৰীত কৃত্ৰিম বানৰ সমস্যা। আৰু আপোনালোকৰ দৰে বিশেষজ্ঞ মন্ত্ৰীয়ে কৃত্ৰিম বানৰ পানীৰ ৰং চাই মানুহক প্ৰবোধ দিয়ে- উপাই নাই ৰাইজ, এয়া আমাৰ গুৱাহাটীৰ পানী নহয়, মেঘালয়ৰ পানী।

ৰাতি ১২-০০ বজালৈকে মানুহ ঘৰ পোৱা নাছিল। ৮/১০ ঘণ্টা ধৰি ৰাজপথত মানুহ জলবন্দী হৈ থাকিল। ব্যৱসায়িক প্ৰতিষ্ঠান, ঘৰ-দুৱাৰ পানীত বুৰিল। একেই দৃশ্য পূৰ্বতকৈও ভয়াৱহ ৰূপত দেখিবলৈ পোৱা গ’ল মহানগৰীত। আন কৰিব নোৱাৰিলেও মহানগৰবাসীৰ এই দুখত আপুনি হ’ল সমভাগী।

অশোক বাণী- 'ৰঙা পানী' !
'কুকুৰ'ৰ পৰা সাৱধান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in