বিধায়ক ৰূপক শৰ্মাৰ বাহনত ট্ৰাকৰ খুন্দা

নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত ৷ বিধায়ক শৰ্মাৰ ই’নভা বাহনত খুন্দা মাৰে এখন ট্ৰাকে ৷ খুন্দাত বিধায়কজনৰ গাড়ীখনৰ পিছফালে ক্ষতি সাধন হয় ৷
বিধায়ক ৰূপক শৰ্মাৰ বাহনত ট্ৰাকৰ খুন্দা

ডিজিটেল সংবাদ,নগাঁও : নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত ৷ বিধায়ক শৰ্মাৰ ই’নভা বাহনত খুন্দা মাৰে এখন ট্ৰাকে ৷ খুন্দাত বিধায়কজনৰ গাড়ীখনৰ পিছফালে ক্ষতি সাধন হয় ৷

জানিব পৰা মতে এ এছ ০২ ডব্লিউ ৬৩৯৩ নম্বৰৰ ই’নভাৰে বিধায়ক শৰ্মা গুৱাহাটীলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয় ৷ ৰহা জোঙালবলহুত মুখ্যমন্ত্ৰী উপস্থিত থকা সভাত বিধায়কজনে অংশ লৈ গুৱাহাটীলৈ ৰাওনা হোৱাৰ সময়তে ঘটনাটো সংঘটিত হয় ৷

দুৰ্ঘটনাটো সংঘটিত কৰা ট্ৰাক খনৰ নম্বৰ হৈছে এ এছ ০১ চি চি ৮৭১৩ ৷ ৰহা নামগাঁৱত সংঘটিত কৰা ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰিছে ৷ ঘটনাটোত বিধায়ক ৰূপক শৰ্মা আঘাতপ্ৰাপ্ত হোৱা নাই ৷

আৰু পঢ়ক: ঢকুৱাখনাত তথ্য জনাৰ আইন উলংঘাৰে পঞ্চায়ত সচিবৰ দৌৰাত্ম্য,৫ মাহেও নাপালে তথ্য

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in