কণী খাবলৈয়ো হ’ব লাগিব ধনী !

কণী খাবলৈয়ো হ’ব লাগিব ধনী !

author-image
Asomiya Pratidin
New Update
কণী খাবলৈয়ো হ’ব লাগিব ধনী !

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

কিমান লাগিব মাল ?- হিন্দীতে মানুহজনে সুধিলে।

১০ হাজাৰ মান হ'লেই হৈ যাব।– তেওঁক উত্তৰ দিলোঁ। তাৰপাছত আহিল অন্য কথা। দাম-দৰ ঠিক হ’ল। এটাত তেওঁলোকে দাম ল’ব ২.৮০ টকাকৈ। মুঠ টকাৰ ৩০ শতাংশ আগতীয়াকৈ পঠাব লাগিব। বস্তু দিয়াৰ পাছত বাকী ৭০ শতাংশ টকা লাগিব তেওঁলোকক।

২.৮০ টকাতে যাতায়তৰ খৰচো সোমাই আছে। যিজন মানুহে মোৰ সৈতে কথা পাতি আছিল তেওঁ থাকে মুম্বাইত। গুৱাহাটীত তেওঁলোকৰ নেটৱৰ্ক আছে। দুদিনৰ ভিতৰত ডেলিভাৰী হৈ যাব বুলিও তেওঁ জনালে। মানুহজনৰ নাম শচীন কুমাৰ।

অলপ সময় পাছতে তেওঁক যোগাযোগ কৰা নম্বৰত এটা হোৱাটছ-আপ মেছেজ আহিল। তাত কিমান কণী লাগিব আৰু কেতিয়া লাগিব সেই বিষয়ে জানিব বিচাৰিলে।

৭ টকাকৈ কিনি থকা ফাৰ্মৰ কণীৰ মূল্য হঠাৎ ৭.৫০ টকা হ’ল। কোনো কোনোৱে ৮ টকাকৈয়ো বিক্ৰী কৰিছে। কণীৰ দাম কিয় এনেদৰে হঠাৎ বৃদ্ধি হ’ল সেই বিষয়ে জানিবলৈকে গুৱাহাটীত কণীৰ হোলচেলত বিক্ৰী কৰা প্ৰতিষ্ঠান বিচাৰি ইণ্টাৰনেটত চাৰ্চ কৰা হৈছিল। তাতেই পোৱা গংগা-যমুনা প্ৰাইভেট লিমিটেডৰ কন্টেক্ট নম্বৰত যোগাযোগ কৰাত তেওঁলোকে জনাইছিল ২.৮০ টকাত কণী ঘৰত দি যাব। অৱশ্যে ক্ৰয় কৰা কণীৰ পৰিমাণ বেছি হ’ব লাগিব।

সেয়েহে তেওঁক ১০হাজাৰ কণীৰ প্ৰয়োজন বুলি কোৱা হৈছিল। তাৰপাছত বামুণীমৈদামত থকা কণীৰ হোলচেলৰ এজন ব্যৱসায়ীক সোধা হ’ল কণীৰ দাম। তেওঁ জনালে- এসপ্তাহৰ আগত কণীৰ দাম এক কাৰ্টুনত ১২৪০ টকা আছিল। কিন্তু দাম বাঢ়িছে। বৰ্তমান তেওঁ ১৩৫০ টকাত এক কাৰ্টুন কণী বিক্ৰী কৰি আছে।

ঠায়ে-ঠায়ে সেই দাম হেনো কাৰ্টুনে প্ৰতি ১৪০০ টকালৈকে উঠিছে। এক কাৰ্টুন কণীত ৭দিনত ১১০টকা বাঢ়িছে। এটা কাৰ্টুনত ২১০ টা কণী থাকে। মুঠ ৭খন প্লেটত প্ৰতিখনত ৩০টাকৈ থাকে কণীসমূহ।

খুচুৰা বেপাৰীয়ে গুৱাহাটী কণী হোলচেলাৰৰ পৰা এসপ্তাহৰ আগলৈকে এটা কণী ৫.৯০ টকাত ক্ৰয় কৰিছিল। এতিয়া সেই দাম হৈছেগৈ প্ৰতিটো কণীত ৬.৬০টকা। এটা কণীত প্ৰায় ৭০ পইচাকৈ বেছিকৈ খুচুৰা বেপাৰীসকলে কিনিব লগা হৈছে।

সেয়েহে তেওঁলোকৰ কোনোৱে এটা কণীত ১টকাকৈ আৰু আন কোনোৱে ৫০ পইচাকৈ বঢ়াবলৈ বাধ্য হৈছে। কিন্তু কণীৰ দাম মূল উৎসত বঢ়া নাই। আজিও অসমত পাইকাৰী বজাৰত কণীৰ দাম ৪.৮০ টকা হৈয়ে আছে। অৰ্থাৎ পাইকাৰী বেপাৰীয়ে এই দামত কণী বিক্ৰী কৰি আছে বুলি চৰকাৰী তথ্যত দেখুওৱা হৈছে।

অসমত প্ৰতিদিনে ৩৫-৪০লাখটা কণী প্ৰয়োজন হয়। ইয়াৰ প্ৰায় এক তৃতীয়াংশ কণীহে উৎপাদন হয় অসমত। বাকী কণী আমদানি হয় বহিঃৰাজ্যৰ পৰা। তেলেংগানা,অন্ধ্ৰপ্ৰদেশ,তামিলনাডুৰ পৰা মূলতঃ কণী আহে অসমলৈ।

বছৰি কণীৰ বাবদ অসমৰ পৰা ১৫শ কোটি টকা বহিঃৰাজ্যলৈ যায়। এতিয়াও আমি স্বাৱলম্বী হ’ব পৰা নাই মাছ,কণী উৎপাদনত। কণী বিক্ৰী দিনক-দিনে বাঢ়ি গৈ আছে। সেই সুযোগ এচাম লোকে গ্ৰহণ কৰি ৰাজ্যত ছিণ্ডিকেট স্থাপনৰ উদাহৰণ আছে।

আকৌ সেই ছিণ্ডিকেটে গা কৰি উঠিছে নেকি ? ২.৮০ টকাত বিক্ৰী হৈ থকা কণী আমি কিয় কিনিব লগা হৈছে ৮ টকাত ? হঠাৎ কিয় এনেদৰে কণীৰ দাম বৃদ্ধি পাইছে ? ইয়াৰ আঁৰৰ কাৰণ কি ?

এটা কণীৰ পৰা ৭০পইচাকৈ কোনোবা মধ্যভোগীয়ে মাজত সৰকাইছে নেকি ? যদি সেয়াই হয় তেন্তে এটা দিনত ৩৫লাখ কণীৰ পৰা এই মধ্যভোগী শ্ৰেণীটোৱে উপাৰ্জন কৰিছে ২৪ লাখ ৫০ হাজাৰ টকা। এই হিচাপত এমাহত ৭কোটি ৩৫লাখ আৰু বছৰত প্ৰায় ৯০ কোটি টকা কণীৰ ছিণ্ডিকেট চলিছে।

নহ’লে কেনেকৈ বৃদ্ধি হ’ব মাজত কণীৰ মূল্য ? সাধাৰণ মানুহৰ পৰা আৰম্ভ কৰি অৰ্থৱান জনৰ বাবে কণীৰ স্থান খাদ্য তালিকাত গুৰুত্বপূৰ্ণ। ধনীজনে কণীৰ দামবঢ়াত গুৰুত্ব নিদিলেও সাধাৰণ দৰিদ্ৰ শ্ৰেণীৰ লোকৰ বাবে কণীও হৈ পৰিছে ক্ৰমশঃ ভাৰি।

Also Read: এছিয়ান গেমছত অসমীয়া

Egg